গোৱাৰ প্রাক্তন ৰাজ্যপাল শ্রীমতী মৃদুলা সিনহাৰ বিয়োগত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে শোক প্রকাশ কৰিছে৷
টুইটাৰযোগে এক শোকবার্তাত প্রধানমন্ত্রীয়ে কয়, “শ্রীমতী মৃদুলা সিনহাজী জনসেৱাৰ ক্ষেত্ৰত তেওঁৰ প্ৰচেষ্টাৱলীৰ বাবে সকলোৱে স্মৰণ কৰিব৷ তেওঁ আছিল এগৰাকী বিখ্যাত লেখিকা, যিগৰাকীয়ে সাহিত্য আৰু সংস্কৃতি জগতত উল্লেখযোগ্য অৱদান আগবঢ়াই গৈছে৷ তেওঁৰ বিয়োগত মই মর্মাহত হৈছো। তেওঁৰ পৰিয়ালৰ লগতে অনুৰাগীসকলৰ প্ৰতি সমবেদনা জনাইছো৷ ঔম শান্তি।”
Smt. Mridula Sinha Ji will be remembered for her efforts towards public service. She was also a proficient writer, making extensive contributions to the world of literature as well as culture. Anguished by her demise. Condolences to her family and admirers. Om Shanti. pic.twitter.com/EmYWcFEb5g
— Narendra Modi (@narendramodi) November 18, 2020