প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ ঢোলপুৰত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰে। তেওঁ আশ্বাস দিয়ে যে ৰাজ্য চৰকাৰৰ তদাৰকীত স্থানীয় প্ৰশাসনে ভুক্তভোগীসকলক সম্ভৱপৰ সকলোধৰণৰ সাহায্য প্ৰদানৰ কামত নিয়োজিত হৈ আছে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এটা পোষ্টত তেওঁ লিখিছে:

‘ৰাজস্থানৰ ঢোলপুৰত সংঘটিত হোৱা দুৰ্ঘটনাটো হৃদয় বিদাৰক। নিৰীহ শিশুকে ধৰি প্ৰাণ হেৰুওৱা লোকসকলৰ শোকসন্তপ্ত পৰিয়াললৈ মোৰ সমবেদনা। ভগৱানে তেওঁলোকক এই কঠিন সময়ত মানসিক শক্তি দিয়ক। লগতে আটাইকেইজন আহতৰ আশুআৰোগ্য কামনা কৰিলোঁ। ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্ৰশাসনে ভুক্তভোগীসকলক সম্ভৱপৰ সকলোধৰণৰ সাহায্য প্ৰদানৰ কামত নিয়োজিত হৈছে:’ - প্ৰধানমন্ত্ৰী

উল্লেখ্য যে ৰাজস্থানৰ ঢোলপুৰত সংঘটিত হোৱা দুৰ্ঘটনাত নিহত হোৱা প্ৰতিজনৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাৰ এককালীন আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। লগতে, আহতসকলৰ প্ৰতিজনকে ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰিছে।

আজি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সযোগে প্ৰকাশ কৰিছে যে,

"ৰাজস্থানৰ ঢোলপুৰত সংঘটিত হোৱা দুৰ্ঘটনাত নিহত প্ৰতিজন ব্যক্তিৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য ঘোষণা কৰিছে। দুৰ্ঘটনাটোত আহতসকলকো ৫০ হাজাৰকৈ টকা দিয়া হ’ব।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Foreign traveller calls India's Vande Bharat sleeper a “Five-Star Hotel on Rails”; and the Internet agrees

Media Coverage

Foreign traveller calls India's Vande Bharat sleeper a “Five-Star Hotel on Rails”; and the Internet agrees
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Eminent industry leader Shri Ravi Kant meets the Prime Minister
July 18, 2026

Eminent industry leader Shri Ravi Kant met Prime Minister, Shri Narendra Modi earlier today and presented a copy of his book 'Leading from the Back - To Achieve the Impossible'.

The Prime Minister posted on X;

Eminent industry leader Shri Ravi Kant met PM @narendramodi earlier today and presented a copy of his book 'Leading from the Back - To Achieve the Impossible'.