প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰখ্যাত শাস্ত্ৰীয় কণ্ঠশিল্পী পণ্ডিত ছান্নুলাল মিশ্ৰ জীক ভাৰতীয় কলা-সংস্কৃতিৰ আজীৱন ভক্ত বুলি অভিহিত কৰি তেওঁৰ মৃত্যুত  গভীৰ শোক প্ৰকাশ কৰে।

 

কাশীৰ পৰম্পৰাত গভীৰভাৱে শিপাই থকা হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ বিদ্যালয় বানাৰস ঘৰানাৰ অন্যতম আগশাৰীৰ প্ৰতিষ্ঠাপক আছিল পণ্ডিত জী। তেওঁৰ পৰিবেশনে চহৰখনৰ সংগীত ঐতিহ্যৰ সাৰমৰ্ম কঢ়িয়াই লৈ ফুৰিছিল। তেওঁ কাশীৰ অগণন ছাত্ৰ-ছাত্ৰীক পথ দেখুৱাইছিল , চহৰখনৰ সংগীত পৰম্পৰা যাতে সংৰক্ষণ আৰু প্ৰবাহিত হৈ থকাটো  নিশ্চিত কৰিছিল, যাৰ ফলত বাৰাণসীত তেওঁৰ ঘৰখন হৈ পৰিছিল  শিক্ষণ, ভক্তি আৰু কলাত্মক উৎকৰ্ষতাৰ কেন্দ্ৰবিন্দু।

 

বিশেষকৈ ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত পণ্ডিত জীয়ে বাৰাণসী সমষ্টিৰ পৰা তেওঁৰ প্ৰস্তাৱক হিচাপে দায়িত্ব পালন কৰাৰ সময়ত তেওঁৰ আশীৰ্বাদ আৰু সমৰ্থন লাভ কৰাৰ সৌভাগ্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে পণ্ডিত জীৰ সৈতে তেওঁৰ  ব্যক্তিগত সম্পৰ্কৰ কথা  স্মৰণ কৰে।  যি কথা চহৰখনৰ প্ৰতি তেওঁৰ মনত গভীৰভাবে শিপাই থকা দায়বদ্ধতা আৰু ইয়াৰ বিৱৰ্তনশীল উত্তৰাধিকাৰৰ প্ৰতীক হিচাপে পৰিগণিত হৈছে ।

শ্ৰী মোদীয়ে প্ৰায়ে পণ্ডিত জীৰ মৰম আৰু আশীৰ্বাদৰ কথা কৈ আহিছে, তেওঁ ইয়াক ব্যক্তিগত সৌভাগ্য বুলি অভিহিত কৰিছে। তেওঁলোকৰ সম্পৰ্কই ভাৰতৰ ধ্ৰুপদী পৰম্পৰা, আধ্যাত্মিক গভীৰতা় আৰু সংস্কৃতিৰ পৰিৱৰ্তনশীল শক্তিৰ প্ৰতি থকা শ্ৰদ্ধাকেই  প্ৰতিফলিত কৰে।

 

ভাৰতীয় শাস্ত্ৰীয় সংগীতলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে পণ্ডিত ছান্নুলাল মিশ্ৰ জীক ২০২০ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ বঁটা প্ৰদান কৰে বৰ্তমানৰ চৰকাৰে।

 

শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে পণ্ডিত জীৰ উত্তৰাধিকাৰে সংগীতজ্ঞ, শিল্পী আৰু সাংস্কৃতিক অনুৰাগীৰ প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।

 

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছে-

"প্ৰখ্যাত শাস্ত্ৰীয় গায়ক পণ্ডিত ছান্নুলাল মিশ্ৰৰ বিয়োগত মই গভীৰ শোক প্ৰকাশ কৰিছো। তেওঁ ভাৰতীয় শিল্প আৰু সংস্কৃতিৰ সমৃদ্ধিৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁ কেৱল শাস্ত্ৰীয় সংগীতক জনসাধাৰণৰ মাজলৈ নিয়াই নহয়, ভাৰতীয় পৰম্পৰাক বিশ্ব মঞ্চত প্ৰতিষ্ঠা কৰাত অমূল্য অৱদান আগবঢ়াইছিল। মই সৌভাগ্যৱান যে তেওঁৰ মৰম আৰু আশীৰ্বাদ সদায়ে পাইছো। ২০১৪ চনত বাৰাণসী আসনৰ বাবেও তেওঁ মোৰ প্ৰস্তাৱক আছিল।এই দুখৰ সময়ত তেওঁৰ পৰিয়াল আৰু অনুৰাগীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। ওম শান্তি!”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian coffee exports reach 140 countries in FY2025–26

Media Coverage

Indian coffee exports reach 140 countries in FY2025–26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
নিঃস্বাৰ্থ সেৱাৰ মনোভাবৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
August 07, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিঃস্বাৰ্থ সেৱা আৰু ইয়াৰ বিনিময়ত একো আশা নকৰাকৈ আনৰ কল্যাণৰ বাবে কাম কৰাৰ মহান আদৰ্শৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছেঃ

"किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥"

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥