প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ যোশীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। শ্ৰী যোশী ২০০২ চনৰ পৰা ২০০৪ চনলৈ লোকসভাৰ অধ্যক্ষও আছিল। শ্ৰী মোদীয়ে কয় যে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শ্ৰী মনোহৰ যোশীয়ে ৰাজ্যখনৰ প্ৰগতিৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল। লোকসভাৰ অধ্যক্ষ হিচাপে তেওঁৰ কাৰ্যকালত শ্ৰী যোশীয়ে আমাৰ সংসদীয় প্ৰক্ৰিয়াসমূহক অধিক জীৱন্ত আৰু অংশীদাৰিত্বমূলক কৰি তুলিবলৈ চেষ্টা কৰিছিল বুলি প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

X-তএটাপোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

"শ্ৰী মনোহৰ যোশীজীৰ মৃত্যুত দুখ পাইছো। তেওঁ এজন প্ৰবীণ নেতা আছিল,তেওঁ বহু বছৰ ৰাজহুৱা সেৱাত জড়িত আছিল আৰু পৌৰ নিগম, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন দায়িত্ব পালন কৰিছিল। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ ৰাজ্যখনৰ প্ৰগতিৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল। তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হিচাপেও উল্লেখনীয় অৱদান আগবঢ়াই গৈছে। লোকসভাৰ অধ্যক্ষ হিচাপে তেওঁৰ কাৰ্যকালত, তেওঁ আমাৰ সংসদীয় প্ৰক্ৰিয়াবোৰঅধিক জীৱন্ত আৰু অংশীদাৰিত্বমূলক কৰি তুলিবলৈ চেষ্টা কৰিছিল। মনোহৰ যোশীজীক এজন বিধায়ক হিচাপে তেওঁৰ অধ্যৱসায়ৰ বাবেও স্মৰণ কৰা হ'ব, তেওঁ চাৰিওখন বিধান মণ্ডলত সেৱা আগবঢ়োৱাৰ সন্মান লাভ কৰিছিল। তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। ওম শান্তি।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PLI 2.0: India bets big on making more of the smartphone at home

Media Coverage

PLI 2.0: India bets big on making more of the smartphone at home
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 মে’ 2026
May 29, 2026

Every Sector, Every Citizen: How PM Modi’s Vision is Transforming India Across All Fronts