প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ নীলগিৰি জিলাত এক বাছ দুৰ্ঘটনাত হোৱা প্ৰাণ হানিত শোক প্ৰকাশ কৰি কৈছে যে তেওঁৰ প্ৰাৰ্থনা আৰু সমবেদনা শোক সন্তপ্ত পৰিয়ালসমূহৰ সৈতে আছে।
প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ পৰা প্ৰতিজন মৃতকৰ নিকটাত্মীয়ক ২ লাখ টকাকৈ আৰু আহতসকলক ৫০,০০০ টকাকৈ অনুগ্ৰহ ৰাশি দিয়াৰ কথা ঘোষণা কৰিছে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইট কৰিছে:
"তামিলনাডুৰ নীলগিৰি জিলাত কুন্নূৰৰ ওচৰত এটা বাছ দুৰ্ঘটনাৰ বাবে হোৱা প্ৰাণ হানিত দুখিত। মোৰ সমবেদনা শোক সন্তপ্ত পৰিয়ালসমূহৰ সৈতে আছে। মই আহতসকল শীঘ্ৰে সুস্থ হোৱাৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। পিএমএনআৰএফৰ ফালৰ পৰা প্ৰত্যেক মৃতকৰ পৰিজনক ২ লাখকৈ টকাৰ অনুগ্ৰহ ৰাশি দিয়া হ'ব। প্ৰত্যেক আহতক ৫০,০০০কৈ টকা দিয়া হ'ব: পিএম @narendramodi"
Pained by the loss of lives due to a bus accident near Coonoor in Nilgiris district, Tamil Nadu. My thoughts are with the bereaved families. I pray that the injured recover soon. An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. Those…
— PMO India (@PMOIndia) October 1, 2023


