প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কানাডাৰ গুলীচালনাৰ ঘটনাত প্ৰিয়জনক হেৰুওৱা পৰিয়ালসমূহলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে লগতে আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰে। ‘গভীৰ শোকৰ এই মুহূৰ্তত ভাৰত কানাডাৰ জনসাধাৰণৰ সৈতে একাত্মতাৰে থিয় দিছে’, শ্ৰী মোদীয়ে কয়।
শ্ৰী মোদীয়ে এক্সত পোষ্ট কৰিছেঃ
‘কানাডাত সংঘটিত ভয়ংকৰ গুলীচালনাত গভীৰভাৱে মৰ্মাহত হৈছো। মই তেওঁলোকৰ প্ৰিয়জনক হেৰুওৱা পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো আৰু আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছো। গভীৰ শোকৰ এই মুহূৰ্তত ভাৰত কানাডাৰ জনসাধাৰণৰ সৈতে একাত্মতাৰে থিয় দিছে।’
@MarkJCarney
Deeply shocked by the horrendous shooting in Canada. I extend my heartfelt condolences to the families who have lost their loved ones and wish a speedy recovery to the injured. India stands in solidarity with the people of Canada in this moment of profound grief. @MarkJCarney
— Narendra Modi (@narendramodi) February 11, 2026


