প্ৰধানমন্ত্ৰীৰ পিএমএনআৰএফৰ পৰা এককালীন সাহায্য ঘোষণা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ মালৱীয় নগৰত সংঘটিত এটা অগ্নিকাণ্ডৰ ঘটনাত হোৱা প্ৰাণহানিক দুখজনক বুলি অভিহিত কৰে। তেওঁ প্ৰিয়জনক হেৰুওৱাসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰে। তেওঁ উল্লেখ কৰে যে এই ঘটনাত প্ৰভাৱিত লোকসকলক কৰ্তৃপক্ষই সকলো সম্ভৱপৰ সহায় আগবঢ়াই আছে।

প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ পৰা প্ৰধানমন্ত্ৰীয়ে প্ৰতিজন মৃতকৰ নিকট আত্মীয়ৰ বাবে ২ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে। শ্ৰী মোদীয়ে লগতে কয় যে ঘটনাত আহত লোকসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

‘দিল্লীৰ মালৱিয়া নগৰত সংঘটিত এটা অগ্নিকাণ্ডৰ ঘটনাত প্ৰাণ হানি হোৱা ঘটনা অতি দুখজনক। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ আশু আৰোগ্য কামনা কৰিলো। কৰ্তৃপক্ষই ক্ষতিগ্ৰস্ত লোকসকলক সকলো সম্ভৱ সহায় আগবঢ়াই আছে।

প্ৰতিজন মৃতকৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰ পৰা ২ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ’ব। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi’

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Foreign traveller calls India's Vande Bharat sleeper a “Five-Star Hotel on Rails”; and the Internet agrees

Media Coverage

Foreign traveller calls India's Vande Bharat sleeper a “Five-Star Hotel on Rails”; and the Internet agrees
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 18 জুলাই 2026
July 18, 2026

From Solar Canals to Hydrogen Mobility: Hon’ble PM Modi’s Blueprint for a Sustainable & Self-Reliant India