প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ বাবে শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে পীড়িতসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ (পিএমএনআৰএফ) পৰা অনুদান ঘোষণা কৰিছে।
এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;
“উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত এখন ট্ৰেক্টৰ নদীত পৰি সংঘটিত হোৱা দুৰ্ঘটনাটো অত্যন্ত বেদনাদায়ক। এই দুৰ্ঘটনাত আপোনজনক হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁঃ প্ৰধানমন্ত্ৰী”।
"শ্বাহজাহানপুৰৰ এই শোকাৱহ দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় প্ৰশাসন সম্পূৰ্ণৰূপে সাহায্য আৰু উদ্ধাৰৰ কামত নিয়োজিত হৈ আছে। ভুক্তভোগীক সকলো সম্ভৱপৰ সহায় আগবঢ়োৱা হৈছে: প্ৰধানমন্ত্ৰী"।
"উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিজন লোকৰ নিকটাত্মীয়ক ২ লাখ টকাৰ অনুদান প্ৰদান কৰা হ'ব। আহতসকলক ৫০,০০০ টকা আগবঢ়োৱা হ'বঃ প্ৰধানমন্ত্ৰী"
उत्तर प्रदेश के शाहजहांपुर में ट्रैक्टर ट्रॉली के नदी में गिरने से हुई दुर्घटना अत्यंत आहत करने वाली है। इस हादसे में जिन लोगों ने अपने प्रियजनों को खोया है, उनके प्रति गहरी संवेदना प्रकट करने के साथ ही मैं सभी घायलों के शीघ्र स्वस्थ होने की कामना करता हूं: PM @narendramodi
— PMO India (@PMOIndia) April 15, 2023
An ex gratia of Rs. 2 lakh would be given to the next of kin of each of those who lost their lives in the mishap in Shahjahanpur, UP. The injured would be given Rs. 50,000: PM @narendramodi
— PMO India (@PMOIndia) April 15, 2023


