কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সকলো সম্ভৱপৰ সাহাৰ্য আগবঢে়াৱা হ’ব বুলিও তেওঁ কেৰালাৰ মুখ্যমন্ত্ৰীক আশ্বাস দিয়ে
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহাৰ্য পুঁজিৰ পৰা অনুদান ঘোষণা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালাৰ ৱায়ানাডৰ কিছু অঞ্চলত হোৱা ভূমিস্খলনৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ কেৰালাৰ মুখ্যমন্ত্ৰী শ্ৰী পিনাৰাই বিজয়নৰ সৈতে কথা পাতি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সম্ভৱপৰ সাহাৰ্যৰ আশ্বাস দিয়ে।

প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহাৰ্য পুঁজিৰ তৰফৰ পৰা প্ৰতিজন মৃতকৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰীয়ে ২ লাখকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ অনুদান ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে;

"ৱায়ানাডৰ কিছু অঞ্চলত হোৱা ভূমিস্খলনৰ ঘটনাত দুখিত হৈছো। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জনাইছো আৰু আঘাতপ্ৰাপ্ত সকলৰ আশু আৰোগ্য কামনা কৰিছো। এই ঘটনাত ক্ষতিগ্ৰস্ত সকলক সহায়ৰ অৰ্থে বৰ্তমান উদ্ধাৰ অভিযান চলি আছে। কেৰালাৰ মুখ্যমন্ত্ৰী শ্ৰী পিনাৰাই বিজয়নৰ সৈতে কথা পাতি কেন্দ্ৰৰ পৰা সকলো সম্ভৱপৰ সাহাৰ্যৰ  আশ্বাস দিছো।"

 

 

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰিছে;

"প্ৰধানমন্ত্ৰীয়ে ৱায়ানাডৰ কিছু অঞ্চলত হোৱা ভূমিস্খলনৰ ঘটনাত মৃত্যু হোৱা প্ৰতিজন লোকৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহাৰ্য পুঁজিৰ তৰফৰ পৰা ২ লাখকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ অনুদান ঘোষণা কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony

Media Coverage

Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi calls upon people to celebrate National Handloom Day by showcasing India's rich handloom heritage
August 06, 2026

The Prime Minister, Shri Narendra Modi, has called upon citizens to celebrate National Handloom Day on 7th August by promoting India's rich and diverse handloom traditions.

“Share your videos with your favourite handloom products, including GRWM videos on social media”, Shri Modi said.

Shri Modi posted on X;

Tomorrow, 7th August is National Handloom Day. Let’s make India’s handloom diversity popular.

Share your videos with your favourite handloom products, including GRWM videos on social media.

Don’t forget to use #NationalHandloomDay.