প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ ফালোদী জিলাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে দুৰ্ঘটনাটোত আহতসকলৰ আশু-আৰোগ্য কামনা কৰে।
প্ৰধানমন্ত্ৰীয়ে পিএমএনআৰএফ-ৰ পৰা প্ৰতিজন মৃতকৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০ হাজাৰ টকাকৈ সাহায্য ঘোষণা কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছে;
“ৰাজস্থানৰ ফালোদী জিলাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোকাহত হৈছোঁ। মই এই কঠিন সময়ত ভুক্তভোগীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছোঁ। মই আহতসকলৰ আশু-আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনালোঁ।
পিএমএনআৰএফ-ৰ পৰা প্ৰতিজন মৃতকৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০ হাজাৰ টকাকৈ সাহায্য আগবঢ়োৱা হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi”
Saddened by the loss of lives due to a mishap in Phalodi district, Rajasthan. My thoughts are with the affected people and their families during this difficult time. Praying for the speedy recovery of the injured.
— PMO India (@PMOIndia) November 2, 2025
An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next…


