প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ সাগৰ জিলাত সংঘটিত এক দুৰ্ভাগ্যজনক ঘটনাত শোক প্ৰকাশ কৰে, য’ত এখন দেৱাল ভাঙি প্ৰায় ৯টা শিশুৰ মৃত্যু হয়।

শ্ৰী মোদীয়ে দুৰ্ঘটনাত নিহত প্ৰতিজন মৃত ব্যক্তিৰ ওচৰৰ আত্মীয়ৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ পৰা ২ লাখ টকাৰ এককালীন সাহায্যও ঘোষণা কৰে। তেওঁ শিশুসকলৰ শোকসন্তপ্ত পৰিয়ালসমূহৰ বাবে প্ৰাৰ্থনাও কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

"মধ্যপ্ৰদেশৰ সাগৰত সংঘটিত হোৱা দুৰ্ঘটনাটোত মৃত্যু হোৱা শিশুসকলৰ আত্মীয়লৈ প্ৰধানমন্ত্ৰীয়ে পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে। ইফালে আহতসকললৈ ৫০ হাজাৰ টকাৰ সাহায্য দিয়া হ'ব।"

"মধ্যপ্ৰদেশৰ সাগৰত দেৱাল ভাঙি পৰা ঘটনাটো বৰ হৃদয় বিদাৰক। প্ৰাণ হেৰুৱা শিশুসকলৰ শোকসন্তপ্ত পৰিয়াললৈ মোৰ গভীৰ সমবেদনা। ভগৱানে তেওঁলোকক এই যন্ত্ৰণা সহ্য কৰিব পৰা শক্তি প্ৰদান কৰক। ইয়াৰ লগতে আটাইকেইজন আহতৰ আশু আৰোগ্য কামনা কৰিলোঁ।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modi Govt’s 12 years are transformational for industry’

Media Coverage

‘Modi Govt’s 12 years are transformational for industry’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 জুন 2026
June 12, 2026

Breaking Barriers, Building Bharat: PM Modi’s Historic Push for Gender Equality and Inclusive Growth