প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাট চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ভাগুভাই পেটেলৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। জনসেৱাৰ ক্ষেত্ৰত শ্ৰী পেটেলৰ অৱদান সদায়েই স্মৰণীয় হৈ থাকিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰেঃ
"গুজৰাট চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ভাগুভাই পেটেলৰ দেহাৱসানত মৰ্মাহত হৈছো। জনসেৱাৰ ক্ষেত্ৰত তেওঁৰ অৱদান সদায়েই স্মৰণীয় হৈ থাকিব। তেওঁৰ আত্মাৰ সদগতি কামনা কৰিছো আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনালো ... ঔম শান্তি।"
ગુજરાત સરકારના પૂર્વ મંત્રી શ્રી ભગુભાઈ પટેલના અવસાનથી દુ:ખ થયું. જનસેવા ક્ષેત્રે તેઓનું પ્રદાન હંમેશાં યાદ રહેશે. સદ્ગતના આત્માની શાંતિ માટે પ્રાર્થના તથા શોકગ્રસ્ત પરિવારને સાંત્વના....... ૐ શાંતિ: ||
— Narendra Modi (@narendramodi) June 26, 2022


