এই ভয়ংকৰ ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্ট্ৰেলিয়াৰ বণ্ডি বিচত ইহুদীসকলৰ হানুক্কা উৎসৱৰ প্ৰথমটো  দিন  উদযাপনত অংশগ্ৰহণ কৰা লোকসকলক লক্ষ্য কৰি  সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা  ভয়ংকৰ আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে ।

এই মৰ্মান্তিক ঘটনাত  লৈ গভীৰ শোক প্ৰকাশ কৰি শ্ৰী মোদীয়ে ভাৰতবাসীৰ হৈ আপোনজনক হেৰুওৱা পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে।

 

তেওঁ দৃঢ়তাৰে কয় যে ভাৰতে অষ্ট্ৰেলিয়াৰ জনসাধাৰণৰ সৈতে এই গভীৰ দুখৰ মুহূৰ্তত সম্পূৰ্ণ আত্মীয়তাৰে  থিয় দিছে।

 

এই বিষয়ত ভাৰতৰ অদম্য স্থিতি পুনৰবাৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতৰ স্থিতিতে  আছে আৰু সন্ত্ৰাসবাদৰ সকলো ধৰণৰ প্ৰকাশৰ বিৰুদ্ধে বিশ্বজুৰি চলা  যুঁজখনক দৃঢ়ভাৱে সমৰ্থন কৰে।

 

এক্সৰ  এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছে-

“আজি অষ্ট্ৰেলিয়াৰ বণ্ডি বীচত ইহুদীসকলৰ হানুক্কা উৎসৱৰ প্ৰথম দিনৰ উদযাপনত অংশগ্ৰহণ  কৰা লোকসকলক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা ভয়ংকৰ আক্ৰমণক তীব্ৰ গৰিহণা দিওঁ।

আপোনজনক হেৰুওৱা পৰিয়াললৈ ভাৰতবাসীৰ হৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ।

আমি এই শোকৰ সময়ত অষ্ট্ৰেলিয়াৰ জনসাধাৰণৰ সৈতে আত্মীয়তাৰে থিয় দিছো। ভাৰতে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ স্থিতিত অটল আছে আৰু সন্ত্ৰাসবাদৰ সকলো ধৰণ আৰু প্ৰকাশৰ বিৰুদ্ধে চলি থকা  যুঁজখনক সমৰ্থন কৰে।”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi makes India stand tall

Media Coverage

PM Modi makes India stand tall
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister visits Dera Sachkhand Ballan
February 01, 2026

The Prime Minister, Shri Narendra Modi visited Dera Sachkhand Ballan, in Punjab, today. Shri Modi stated that it was a very special feeling to be at Dera Sachkhand Ballan on the Jayanti of Shri Guru Ravidass Maharaj Ji.

Shri Modi posted on X:

"It was a very special feeling to be at Dera Sachkhand Ballan on the Jayanti of Shri Guru Ravidass Maharaj Ji.”

“ਸ੍ਰੀ ਗੁਰੂ ਰਵਿਦਾਸ ਮਹਾਰਾਜ ਜੀ ਦੀ ਜਯੰਤੀ 'ਤੇ ਡੇਰਾ ਸੱਚਖੰਡ ਬੱਲਾਂ ਵਿਖੇ ਆਉਣਾ ਬਹੁਤ ਹੀ ਖ਼ਾਸ ਅਹਿਸਾਸ ਸੀ।”