There is so much that we share: Shared Values & Ideals, Shared Spirit of Enterprise & Innovation, Shared Opportunities & Challenges, Shared Hopes & Aspirations, says PM at #NamasteTrump
India and the US are natural partners: PM Modi at #NamasteTrump
Not only the Indo-Pacific region, partnership between India and US augurs well for peace, progress and security for the entire world: PM Modi at #NamasteTrump

ধন্যবাদ মিঃ প্রেছিডেণ্ট,

আপুনিএইমাত্ৰ ভাৰত সম্পর্কে যিখিনি কথা কৈছে, আপুনি যিদৰে মহাত্মা গান্ধী, স্বামী বিবেকানন্দ আৰুচর্দাৰবল্লভ ভাই পেটেলক শ্রদ্ধাৰে স্মৰণ কৰিলে, ভাৰতৰ জনগণৰ ক্ষমতাৰ বিষয়ে ক’লে, সাফল্য আৰু সংস্কৃতিৰ বিষয়ে যিবোৰ কথা আপুনি ক’লে, মোৰ বিষয়েও আপুনি বহু কথা ক’লে, এই সকলোবোৰৰ বাবে দেশবাসীৰ হৈ আপোনাক  বহু বহু ধন্যবাদ জনাইছো।প্ৰেছিডেণ্ট ট্রাম্পে কেৱল ভাৰতৰেই গৌৰৱ বৃদ্ধি কৰা নাই, বৰঞ্চ আমেৰিকাত বসবাস কৰি থকা প্ৰবাসী ভাৰতীয়সকলৰ প্ৰতিও সম্মান জনালে।

মিঃ প্ৰেছিডেণ্টআপুনি ভাৰতীয়সকলৰ উদ্দেশ্যেযিটো স্থানৰ পৰা বক্তব্য ৰাখিলে, সেয়া হৈছে পৃথিৱীৰসবাতোকৈ ডাঙৰ ক্ৰীড়াষ্টেডিয়াম। ইয়াত ক্রীড়া সম্বন্ধীয় ভালেমান সুযোগ-সুবিধা সৃষ্টিৰ কাম এতিয়াও চলি আছে। কাম চলি থকা সত্ত্বেও আপুনি ইয়ালৈ আহিছে। ইয়াৰ ফলশ্ৰুতিত ক্রীড়া জগতৰ সৈতে জড়িত লোকসকল যথেষ্ট উৎসাহিত হৈছে। মই এই ছেগতে গুজৰাট ক্রিকেট সন্থাকো ধন্যবাদ জনাইছো। তেওঁলোকে এই সুন্দৰঠাইখিনি আমাৰ এই অনুষ্ঠান আয়োজনৰ বাবে আগবঢ়াই দিছে। সম্ভৱতঃ ইয়াৰ বাবে তেওঁলোকৰ নির্মাণ কাৰ্যৰ সময়সূচী কিছু সালসলনি কৰিবলগীয়া হৈছে। কিন্তু মোৰ বিশ্বাস যে তেওঁলোকে এইখিনি সুন্দৰকৈ চম্ভালি ল’ব পাৰিব।

বন্ধুগণ,

দুজন ব্যক্তি অথবা দুখন দেশৰ মাজৰ সম্পর্কৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ বিষয়টোৱেই হৈছে বিশ্বাস। পৰস্পৰে পৰস্পৰৰ প্ৰতি থকা বিশ্বাস। আমি যাক কওঁ – ‘তন মিত্রম যত্র বিশ্বাসঃ।।’ অর্থাৎ, য’তেই বিশ্বাস অটুট থাকে, তাতেই থাকে বন্ধুত্ব।

বিগত কেবাবছৰ ধৰি ভাৰত আৰু আমেৰিকাৰমাজত বিশ্বাসৰ ভেটি এক নতুন উচ্চতালৈ উপনীত হৈছে। যি এতিয়া হৈ পৰিছে সুদৃঢ় আৰু ঐতিহাসিক। আমেৰিকাৰ এই যাত্রাতমই এই বিশ্বাসক প্রতিদিনে আৰু অধিক মজবুত হোৱা দেখিবলৈ পাইছো।

মোৰ মনত পৰিছে, যেতিয়া মই প্ৰথমবাৰৰ বাবে ৱাশ্বিংটনতপ্ৰেছিডেণ্ট ট্রাম্পৰসৈতে সাক্ষাৎ হৈছিলো, তেতিয়া তেওঁ কৈছিল, “হোৱাইট হাউছত ভাৰতৰ এজন প্রকৃত বন্ধু আছে।”

প্ৰেছিডেণ্ট ট্রাম্প ভাৰতৰ প্রতি তেওঁৰ বিশেষ ভালপোৱা সকলো সময়তেই দেখিবলৈ পাইছো। হোৱাইট হাউছত দীপাৱলী উদযাপনৰমাজেৰেও আমেৰিকাৰ সমৃদ্ধি আৰু প্রগতিত আমেৰিকাত বসবাস কৰি থকা ৪০ লক্ষ ভাৰতীয়ৰঅংশগ্ৰহণক স্বীকৃতি দিয়া হৈছে।

বন্ধুগণ,

আমেৰিকাৰদৰেকৈ আজি ভাৰতেও পৰিবর্তনৰবাবে অত্যন্ত উদগ্রীৱ। আজি ১৩০ কোটি ভাৰতবাসীয়ে একেলগে নৱ ভাৰত নির্মাণৰ কাম কৰিছে।

আমাৰ যুৱশক্তিৰ উচ্চাকাঙ্ক্ষা প্রবল। উচ্চ লক্ষ্য ৰাখে তেওঁলোকে, আৰু সেই লক্ষ্যআহৰণ কৰি আজি নৱ ভাৰতৰ পৰিচয় দাঙি ধৰিছে।

· আজি ভাৰতত বিশ্বৰআটাইতকৈ ডাঙৰ ক্রিকেট ষ্টেডিয়ামেই কেৱল নহয়, বৰঞ্চআজি ভাৰততে বিশ্বৰসৰ্ববৃহৎ স্বাস্থ্যবীমা কার্যকৰী কৰা হৈছে।

· আজি ভাৰতত বিশ্বৰআটাইতকৈ ডাঙৰ সৌৰশক্তি-চালিত উদ্যান নিৰ্মাণ কৰা হৈছে, কেৱল সেয়াই নহয়, বৰঞ্চ আজি ভাৰততসৰ্ববৃহৎ পয়ঃপ্রণালীৰকাৰ্যসূচীওৰূপায়িত হৈছে।

· আজি ভাৰতেএকেলগেআটাইতকৈ বেছি কৃত্রিম উপগ্রহ প্ৰেৰণ কৰি বিশ্ব অভিলেখ গঢ়িছে, কেৱল সেয়াই নহয়, আজি ভাৰতেআটাইতকৈক্ষীপ্ৰতাৰে আর্থিক সমন্বয়ৰ কাম কৰিও বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

একবিংশ শতিকাত আমাৰআন্তঃগাঁথনিয়েই হওঁক, অথবা সামাজিক ক্ষেত্রই হওঁক, আমি আন্তর্জাতিক মানৰ কথা চিন্তা কৰিয়েই আগবাঢ়ি গৈছো।

অতি কম সময়ৰ ভিতৰতে ভাৰতে ১,৫০০ খনকৈ নিস্ক্ৰিয় হৈ থকা আইন বাতিল কৰিছে, তাৰ লগতে সমাজৰ ক্ষমতা উন্নয়নৰ লক্ষ্যৰেও নতুন আইন সৃষ্টি কৰা হৈছে।

তৃতীয় লিঙ্গৰব্যক্তিয়েই হওঁক, তিনি তালাকৰ সন্দৰ্ভত নতুন আইন সৃষ্টি কৰি মুছলমান মহিলাসকলৰ সন্মান ৰক্ষা কৰাই হওঁক, বিশেষবাৱে সক্ষম লোকসকলক সুবিধা প্ৰদানৰ দিশেৰেই হওঁক, অথবা মহিলাসকলৰ গর্ভধাৰণৰপিছৰ ২৬ সপ্তাহ বেতনসহ মাতৃত্বকালীন ছুটি মঞ্জুৰেই হওঁক – এনেধৰনৰভালেমান অধিকাৰ আমি সমাজৰভিন ভিন স্তৰৰ লোকৰ বাবে সুনিশ্চিত কৰিছো।

বন্ধুসকল,

এই কথা জানিবলৈ পাই মই নথৈ আনন্দিত হৈছো যে ভাৰতত এই ধৰনৰ পৰিবর্তনৰপৰিপ্রেক্ষিততে আজি আমেৰিকাই ভাৰতক আস্থাভাজন বিশ্বাসভাজন অংশীদাৰ হিচাপে আদৰি লৈছে।

আজিযিখন দেশ ভাৰতৰ সর্ববৃহৎ বাণিজ্যিক অংশীদাৰ, সেইখনেই হ’ল আমেৰিকা।

আজি ভাৰতৰ সৈন্যইযিখন দেশৰসৈতে আটাইতকৈ বেছি যুদ্ধৰপ্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে, সেইখনেই হ’ল আমেৰিকা।

আজিযিখন দেশৰসৈতে ভাৰতৰআটাইতকৈ বেছি গৱেষণা আৰু উন্নয়নৰ অংশীদাৰীত্ব আছে, সেইখনেই হ’ল আমেৰিকা।

প্রতিৰক্ষা, বিদ্যুৎক্ষেত্র, স্বাস্থ্য, তথ্য-প্রযুক্তি – প্রতিটো ক্ষেত্রতেই আমাৰ সম্পর্ক প্রতিনিয়ত বৃদ্ধি পাইছে।

বন্ধুসকল,

একবিংশ শতিকাৰ এই দশকত নৱভাৰতে পুনৰুজ্জীৱিত আমেৰিকাৰবাবেভালেমান সুযোগ কঢ়িয়াই আনিছে।

উন্নয়নৰ প্রতিটো ক্ষেত্রতেই দুয়োখন দেশৰ হাততেই যথেষ্ট সুযোগ আছে।

ভাৰতৰ উৎপাদন ক্ষেত্রৰ প্রসাৰআৰু আন্তঃগাঁথনিৰ বিস্তাৰৰ যোগেদি আমেৰিকাৰবাবে নতুন সম্ভাৱনাৰ সৃষ্টি হৈছে।

চতুর্থ পর্যায়ৰ শিল্প বিপ্লৱৰ সন্ধিক্ষণত ভাৰতৰ ডিজিটেল অর্থনীতিৰ বিস্তাৰত আমেৰিকাৰ বিনিয়োগৰভালেমান সুযোগ সৃষ্টে হৈছে।

মিঃ প্ৰেছিডেণ্ট,

বিগত দশকটোত ডিজিটেল প্রযুক্তি ক্ষেত্রত ভাৰত আৰু আমেৰিকাৰমাজৰ সম্পর্কৰ মাধ্যেমেৰে নতুন গুৰুত্বপূর্ণ উদ্যোগ সৃষ্টি হৈছে।

ভাৰতীয় মেধা আৰু আমেৰিকাৰ প্রযুক্তিয়ে এই ক্ষেত্রত নেতৃত্ব দিছে।

আৰু আমি বিশ্বাস কৰো, একবিংশ শতিকাত ভাৰত আৰু আমেৰিকাইএকত্ৰিতভাৱে এই ডিজিটেল যুগৰ চতুর্থ পর্যায়ৰ শিল্প বিপ্লৱক নেতৃত্ব দিবলৈ সক্ষম হ’ব।

বন্ধুসকল,

একবিংশ শতিকাত নতুন চুক্তি স্বাক্ষৰে, প্রতিযোগিতা, প্ৰত্যাহ্বানআৰু সুযোগ পৰিবর্তনৰআধাৰৰচনা কৰিছে।

এইধৰণেই ভাৰত আৰু মার্কিন যুক্তৰাষ্ট্রৰমাজৰ সম্পর্ক আৰু সহযোগিতাই একবিংশ শতিকাত বিশ্বক নতুন দিক নিৰ্দেশনা কৰাত গুৰুত্বপূর্ণ ভুমিকা পালন কৰিব।

মই দৃঢ়তাৰে বিশ্বাস কৰো যে ভাৰত আৰু আমেৰিকা এক উমৈহতীয়া অংশীদাৰ।

আমি কেৱল ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰেই নহয়, বৰঞ্চ সমগ্ৰ বিশ্বৰ শান্তি, প্রগতি আৰু নিৰাপত্তাৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ ভুমিকা পালন কৰিব পাৰো।

আমেৰিকাই সন্ত্ৰাসবাদ দমন কৰিবলৈ অঙ্গীকাৰবদ্ধ আৰুপ্ৰেছিডেণ্ট ট্রাম্পৰ নেতৃত্বত মানৱতাৰসবাৰো উৰ্ধ্বত। মই বিশ্বাস কৰো যে, প্ৰেছিডেণ্ট ট্রাম্পৰদৰে বিচক্ষণ নেতা আৰু ভাৰতৰ অন্যতম বন্ধুৱে এই দশকৰআৰম্ভণিতে ভাৰতলৈ অহাটো এক অত্যন্ত গুৰুত্বপূর্ণ বিষয়।

আগন্তুক সময়ছোৱাত ভাৰত আৰু আমেৰিকাৰমাজৰ সম্পর্কক আৰু অধিক দৃঢ় কৰিবলৈযি পদক্ষেপ আমি গ্ৰহণ কৰিছিলো, আজিসেই যাত্ৰাৰ যোগেদিয়েই আৰু ভালেমান পৰ্যায় আৰম্ভ কৰিবলৈ ওলাইছো আমি।

আমি এক দীর্ঘম্যাদী দৃষ্টিভঙ্গীত বিশ্বাসী। স্বল্পম্যাদী চিন্তাভাৱনাৰ স্থান নাই আমাৰ মাজত। আমি দ্বিপাক্ষিক সম্পর্ক বৃদ্ধি কৰিব লাগিব, অর্থনৈতিক অংশীদাৰীত্বৰ বিস্তাৰকৰিবলাগিবআৰু আমি ডিজিটেল সহযোগিতা বৃদ্ধি কৰিব লাগিব।

আৰু মোৰ বিশ্বাস, নতুন উচ্চতাত উপনীত হোৱাৰ বাবে ভাৰতেযি স্বপ্ন দেখিছে, আমেৰিকাইযি স্বপ্ন দেখিছে, সেয়া আমি একত্ৰিত হৈ পূৰণ কৰিম। আজি আমাৰ সৌভাগ্য যে ৰাষ্ট্রপতি ট্রাম্প আৰুতেওঁৰ সমগ্ৰ পৰিয়ালে আমাক অভ্যর্থনা জনোৱাৰ সুযোগ দিছে। আমি পুনৰ এবাৰ ‘নমস্তে ট্রাম্প’-ৰ এই অনুষ্ঠানৰ শেষত আপোনালোক সকলোৰে সৈতে পুনৰ এবাৰ ক’বলৈ বিচাৰিছো – ভাৰতমাতা কি জয়, ভাৰতমাতা কি জয়, ভাৰতমাতা কি জয়।

ভাৰত-মার্কিন সম্পর্ক দীর্ঘজীৱী হোক, দীর্ঘজীৱী হোক।

সকলোকে অশেষ ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
GST completes nine years with stronger revenues and compliance

Media Coverage

GST completes nine years with stronger revenues and compliance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Sachin Siwach on winning Gold in Men’s 60 kg Boxing
August 02, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Sachin Siwach on winning the Gold medal in the Men’s 60 kg Boxing event at the Commonwealth Games 2026 in Glasgow.

The Prime Minister said that Sachin Siwach’s achievement will inspire several young boxers.

Shri Modi extended his best wishes to him for his future endeavours and expressed hope that he would continue to make India proud.

The Prime Minister wrote on X;

“Sachin Siwach strikes Gold at Glasgow!

Congrats to him for the success in the Men's 60 kg Boxing event. He will motivate several young boxers. All the best for his endeavours ahead. May he always make India proud.

#CWG2026”