India has shown remarkable resilience in this pandemic, be it fighting the virus or ensuring economic stability: PM
India offers Democracy, Demography, Demand as well as Diversity: PM Modi
If you want returns with reliability, India is the place to be: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰ্চুৱেল গ্ল'বেল ইনভেষ্টৰ ৰাউণ্ডটেবুলৰ অধ্যক্ষতা কৰে। এই ৰাউণ্ডটেবুলত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে চলিত বছৰত ভাৰতে বিশ্বজোৰা মহামাৰীৰ সৈতে সাহসিকতাৰে যুঁজি থকা বাবে, বিশ্বই ভাৰতৰ ৰাষ্ট্ৰীয় চৰিত্ৰ আৰু ইয়াৰ প্ৰকৃত শক্তি দেখা পালে। তেওঁ কয় যে এই মহামাৰীয়ে সফলতাৰে দায়বদ্ধতাৰ এটা ধাৰণা, ইয়াৰ সহানুভূতিৰ উদ্যম, ৰাষ্ট্ৰীয় একতা আৰু নৱোন্মেষণৰ উজ্জ্বলতাৰ দৰে কাৰ্যবিলাক উলিয়াই আনিলে, যাৰ বাবে ভাৰতীয় লোক পৰিচিত।

 

প্ৰধানমন্ত্ৰীয়ে সোঁৱৰাই দিয়ে যে ভাৰতে এই মহামাৰীৰ সময়ত অৰ্থনৈতিক স্থিৰতা বৰ্তাই ৰখাৰ সমান্তৰালকৈ ভাইৰাছৰ বিৰুদ্ধে যুঁজি উল্লেখযোগ্য তৎপৰতা প্ৰদৰ্শন কৰিলে। তেওঁ এই সাৰ্থক প্ৰতিৰোধৰ বাবে ভাৰতৰ প্ৰণালীসমূহৰ শক্তি, জনসাধাৰণৰ সমৰ্থন আৰু চৰকাৰী নীতিৰ স্থিৰতাৰ বিষয়ে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে পুৰণি অনুশীলনৰ পৰা মুক্ত নতুন ভাৰত নিৰ্মাণ কৰি থকা হৈছে, অধিক উন্নতিৰ বাবে আজি ভাৰতৰ পৰিৱৰ্তন হৈ আছে। তেওঁ লগতে কয় যে আত্মনিৰ্ভৰ হ'বলৈ ভাৰতে চলোৱা প্ৰচেষ্টা কেৱল এটা দৃষ্টিভংগী নহয়, বৰং এটা সু পৰিকল্পিত অৰ্থনৈতিক ৰণনীতি। তেওঁ জোৰ দি কয় যে ই হৈছে ভাৰতক এক গোলকীয় নিৰ্মাণ শক্তি ৰূপে গঢ়ি তুলিবলৈ এটা ৰণনীতি যাৰ লক্ষ্য ভাৰতৰ বাণিজ্যৰ সক্ষমতা আৰু ইয়াৰ কৰ্ম শক্তিৰ দক্ষতাৰ ব্যৱহাৰ কৰা। শ্ৰী মোদীয়ে কয় যে প্ৰযুক্তিৰ ক্ষেত্ৰখনত নৱোন্মেষণৰ বাবে এটা গোলকীয় কেন্দ্ৰৰ ৰূপত ভাৰতক গঢ়ি তুলিবলৈ দেশৰ শক্তিৰ ব্যৱহাৰ কৰা আৰু ইয়াৰ বিশাল মানৱ সম্পদ তথা প্ৰতিভাৰ ব্যৱহাৰ কৰি বিশ্বৰ উন্নয়নৰ দিশত অৰিহণা যোগোৱাটো ইয়াৰ লক্ষ্য।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি বিনিয়োগকাৰীসকল কোম্পানীৰ প্ৰতি আকৰ্ষিত হৈছে, যাৰ এক উচ্চ পৰিৱেশগত, সামাজিক আৰু প্ৰশাসনীয় (ইএছজি) স্ক'ৰ আছে। তেওঁ ভাৰতক এনেকুৱা উন্নত কাৰ্য প্ৰনালীযুক্ত দেশ হিচাপে তুলি ধৰে আৰু কোম্পানীসমূহে ইএছজি স্ক'ৰত উচ্চ স্তৰত স্থান দিয়াৰ কথা উল্লেখ কৰে। তেওঁ কয় যে ইএছজিৰ ওপৰত সমানে আলোকপাত কৰি ভাৰতে বিকাশৰ পথত অগ্ৰসৰ হোৱাত বিশ্বাস কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে বিনিয়োগকাৰীসকলক গণতন্ত্ৰ, জনগাঁথনি, চাহিদাৰ লগতে বৈচিত্ৰ্য প্ৰদান কৰে। তেওঁ কয়, ''আমাৰ এনে বৈচিত্ৰ্যৰ বাবেই আপুনি এখন বজাৰৰ ভিতৰতে কেইবাখনো বজাৰ গঢ়ি তুলিব পাৰে। ই একাধিক অগ্ৰাধিকাৰসহ একাধিক ক্ষুদ্ৰাকাৰত আছে। ই বিভিন্ন বতৰ আৰু উন্নয়নৰ বিভিন্ন স্তৰত আছে।''

 

প্ৰধানমন্ত্ৰীয়ে ব্যাখ্যা কৰে যে বিনিয়োগকাৰীক ধন বিনিয়োগৰ বাবে বিশ্বাসযোগ্য বাতাবৰণ সৃষ্টি কৰিবলৈ, সৰ্বোত্তম আৰু সুৰক্ষিত দীৰ্ঘকালীন ওৱাপোচ লাভ কৰিবলৈ চৰকাৰে কিদৰে দীৰ্ঘস্থায়ী সমাধানৰ বাবে কাম কৰি আছে। প্ৰস্তুতকৰণৰ সম্ভাৱনাৰ উন্নতি কৰাৰ লগতে ব্যৱসায় কৰিবলৈ উন্নত পৰিৱেশ সৃষ্টিৰ বাবে তেওঁ চৰকাৰৰ বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰে।

 

তেওঁ কয়, ''আমাৰ প্ৰস্তুতকৰণ সম্ভাৱনা উন্নত কৰিবলৈ আমি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছো, আমি জিএছটিৰ ৰূপত এক দেশ এক টেক্স ছিষ্টেমৰ পথত অগ্ৰসৰ হৈছো, যিটো সবাতোকৈ কম কৰ্পৰেট টেক্স ৰে'টযুক্ত আৰু নতুন মেনুফেকচাৰিঙৰ বাবে বিভিন্ন উদগণি আছে, আই টি এছেছমেণ্ট আৰু এপীলৰ বাবে ফেইচলেছ ৰিজাইম, কৰ্মীৰ কল্যাণৰ সৈতে ভাৰসাম্য ৰাখি এক নতুন শ্ৰম আইন আৰু কৰ্মচাৰীৰ বাবে ব্যৱসায় কৰাৰ উদগণি সৃষ্টি কৰা হৈছে। নিৰ্দিষ্ট খণ্ডত উৎপাদনৰ সৈতে সংযুক্ত উদগণিমূলক আঁচনি আৰু হাতত থকা বিনিয়োগকাৰীসকলৰ বাবে শক্তিশালী প্ৰতিষ্ঠানিক ব্যৱস্থাপনা।''

 

প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে যে নেচনেল ইনফ্ৰাষ্ট্ৰাকচাৰ পাইপলাইন আঁচনিৰ অধীনত ১.৫ ট্ৰিলিয়ন ডলাৰ বিনিয়োগ কৰাৰ এক অভিলাষ ভাৰতৰ আছে। পাইপলাইনৰ অধীনত বিভিন্ন সামাজিক আৰু অৰ্থনৈতিক আন্তঃগাঁথনি প্ৰকল্প ভাৰতত পৰিকল্পনা কৰাৰ বিষয়ে তেওঁ উল্লেখ কৰে, যাৰ লক্ষ্য হৈছে দ্ৰুত অৰ্থনৈতিক বিকাশ সাধন কৰাৰ লগতে ভাৰতৰ পৰা দৰিদ্ৰতা নিপাত কৰা। ভাৰতে ঘাইপথ, ৰে'লপথ, মেট্ৰ', জলপথ, বিমান বন্দৰ নিৰ্মাণৰ এক বিশাল আন্তঃগাঁথনি নিৰ্মাণ তৎপৰতা অব্যাহত ৰাখিছে। তেওঁ লগতে কয় যে নব্য মধ্য শ্ৰেণীৰ বাবে এবিধ বহনযোগ্য গৃহও নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। কেৱল ডাঙৰ মহানগৰৰ বাবে নহয়, বৰং সৰু সৰু চহৰ-নগৰত তেওঁ বিনিয়োগ কৰিবলৈ আহ্বান জনায় আৰু কয় যে ইবিলাকৰ ক্ষেত্ৰত অভিযান ভিত্তিক আঁচনি বলৱৎ কৰা হৈছে।

 

 বিত্তীয় খণ্ডৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা উপযোগী ৰণকৌশলৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে বিশদ ব্যাখ্যা দাঙি ধৰে। বেংক সেৱা খণ্ডৰ সামগ্ৰিক সংস্কাৰ, বিত্তীয় বজাৰ সবলীকৰণ, ইণ্টাৰনেচনেল ফাইনেঞ্চিয়েল ছাৰ্ভিচ চেণ্টাৰৰ বাবে সংযুক্ত কৰ্তৃপক্ষ, অত্যন্ত উদাৰ এফডিআই ব্যৱস্থা, বিদেশী মূলধনৰ বাবে এক উপযোগী কৰ ব্যৱস্থা,  ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট ট্ৰাষ্টৰ আৰু ৰিয়েল এষ্টেট ইনভেষ্টমেণ্ট ট্ৰাষ্টৰ বাবে সুচল নীতি,ইনছ'লভেঞ্চী আৰু বেংক্ৰাপ্টচী ক'ডৰ প্ৰয়োগ ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰৰ জৰিয়তে বিত্তীয় সবলীকৰণ আৰু ৰুপে' কাৰ্ড আৰু ভিম ইউপিআইৰ দৰে ফিন-টেক ভিত্তিক ধনাদায় ব্যৱস্থা আদিৰ দৰে বিত্তীয় খণ্ডৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা কেতবোৰ পৰিকল্পনাৰ কথা তেওঁ উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে নৱোন্মেষণ আৰু ডিজিটেল ব্যৱস্থাৰ ক্ষেত্ৰত সদায়ে চৰকাৰে আগস্থান দি আহিছে আৰু ই হৈছে চৰকাৰী নীতি তথা সংস্কাৰৰ মূল। তেওঁ আঙুলিয়াই দিয়ে যে ভাৰত হৈছে বিশ্বৰ সৰ্বাধিক ষ্টাৰ্ট আপ আৰু ইউনিকৰ্ণ থকা দেশৰ অন্যতম আৰু এতিয়াও দ্ৰুতগতিত বিকশিত হৈ আছে। বেচৰকাৰী প্ৰতিষ্ঠানসমূহক সমৃদ্ধিশালী কৰি তুলিবলৈ চৰকাৰে ৰূপায়ণ কৰি থকা বিভিন্ন প্ৰচেষ্টাৰ কথাও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে আজি ভাৰতত প্ৰস্তুত কৰণ, আন্তঃগাঁথনি, প্ৰযুক্তি, কৃষি, বিত্ত আৰু আনকি স্বাস্থ্য আৰু শিক্ষাৰ দৰে সামাজিক খণ্ডসমূহো লক্ষণীয় হৈ পৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে কৃষি খণ্ডত হোৱা শেহতীয়া সংস্কাৰসমূহে ভাৰতৰ কৃষকৰ সৈতে জড়িত অংশীদাৰসকলৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি দিছে। প্ৰযুক্তি আৰু আধুনিক উপায়বিলাকৰ জৰিয়তে ভাৰত শীঘ্ৰেই এক এগ্ৰিকালচাৰ এক্সপৰ্ট হাবত পৰিণত হ'ব বুলি তেওঁ ভৱিষ্যদ্বাণী কৰে। তেওঁ আঙুলিয়াই দিয়ে যে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে গ্ৰহণ কৰা আঁচনিৰ জৰিয়তে ইয়াত বিদেশী বিশ্ববিদ্যালয়ৰ চৌহদ প্ৰতিষ্ঠা কৰাৰ সুযোগ সৃষ্টি কৰিছে। বিশ্বৰ বিনিয়োগকাৰী সম্প্ৰদায়ে ভাৰতৰ ভৱিষ্যতৰ ওপৰত বিশ্বাস ব্যক্ত কৰাত তেওঁ আনন্দ প্ৰকাশ কৰে। তেওঁ লগতে কয় যে যোৱা ৫ মাহত এফডিআইৰ প্ৰবাহ যোৱা বছৰৰ তুলনাত ১৩% বৃদ্ধি পাইছে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বস্ততাৰে ওৱাপোচ বিচৰা, গণতান্ত্ৰিক চাহিদা দাবী কৰা, দীৰ্ঘস্থায়িত্ব থকা বিকাশ বিচৰা বিনিয়োগকাৰীৰ বাবে ভাৰত এখন সেউজীয়া দলিচা। তেওঁ বিনিয়োগকাৰীসকলক আশ্বাস দিয়ে যে ভাৰতক গোলকীয় বিকাশৰ শক্তিত পৰিণত কৰিবৰ বাবে চৰকাৰে কৰণীয় সকলো কৰিব।

 

অনুষ্ঠানৰ শেষত চিপিপি ইনভেষ্টমেণ্টৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী মাৰ্ক মেচিনে স্মৰণ কৰে যে ভিজিআইআৰ ২০২০ ৰাউণ্ড টেবুল এক অত্যন্ত সৃজনীশীল আৰু সহায়ক অনুষ্ঠান আছিল যি আমাক ভাৰতীয় অৰ্থনীতি গঢ়ি তুলিবলৈ চৰকাৰৰ দৃষ্টিভংগীৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰে আৰু ভাৰতত আন্তৰ্জাতিক প্ৰতিষ্ঠানিক বিনিয়োগ কৰাৰ বিকাশ সন্দৰ্ভত অৱগত কৰিলে। বিকাশৰ বজাৰৰ ওপৰত আলোকপাত কৰি আমাৰ দীৰ্ঘকালীন বিনিয়োগ ৰণনীতিৰ বাবে ভাৰত সুচল, আৰু আন্তঃগাঁথনি, ঔদ্যোগিক আৰু উপভোক্তা খণ্ডত বিনিয়োগ কৰিবলৈ আমি খুবেই আগ্ৰহী।

 

চিডিপিকিউৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী চাৰ্লছ এমণ্ডে ভাৰতৰ বিষয়ে উল্লেখ কৰি কয়, ''চিডিপিকিউৰ বাবে ভাৰত এখন গুৰুত্বপূৰ্ণ বজাৰ, ৰিনিউৱেবলছ, লজিষ্টিক, ফাইনেঞ্চিয়েল ছাৰ্ভিচ আৰু প্ৰযুক্তিগত সেৱাৰ দৰে বিভিন্ন খণ্ডত আমি কেইবা বিলিয়ন বিনিয়োগ কৰিছো আৰু অহা বছৰবিলাকত আমি আমাৰ উপস্থিতি শক্তিশালী কৰিবলৈ লক্ষ্য স্থিৰ কৰিছো। এই ৰাউণ্ডটেবুলৰ আয়োজন কৰাত নেতৃত্ব লোৱা বাবে মই প্ৰধানমন্ত্ৰী মোদী আৰু তেওঁৰ চৰকাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।''

 

ইউ এছ এৰ টিচাৰ ৰিটায়াৰমেণ্ট ছিষ্টেম অফ টেক্সাছৰ মুখ্য বিনিয়োগ বিষয়া শ্ৰী জেইছ অবিয়ে ভাৰতৰ প্ৰতি থকা তেওঁৰ দৃষ্টিভংগী আৰু এই ৰাউণ্ডটেবুলত তেওঁৰ অংশগ্ৰহণৰ উপলব্ধি ব্যক্ত কৰি কয়, ''২০২০ ভাৰ্চুৱেল গ্ল'বেল ইনভেষ্টৰ ৰাউণ্ডটেবুলত ভাগ লৈ মই আনন্দিত। বিকাশশীল অৰ্থনীতি আৰু বজাৰৰ পৰা লাভবান হ'বলৈ আশা কৰা সম্পদৰাজিৰ ক্ষেত্ৰত পেঞ্চন ফাণ্ড ইনভেষ্টৰসকলে এটা বৃহৎ অংশ খটুৱায়। ভাৰতে গ্ৰহণ কৰা গাঁথনিগত সংস্কাৰে ভৱিষ্যতৰ বাবে এনে বৃহৎ বিকাশৰ আধাৰ গঢ়ি তুলিছে।''

 

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt

Media Coverage

EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi receives a telephone call from the US Vice President
August 08, 2026
PM and Vice President Vance review progress in the India-U.S. Strategic Partnership.
PM and Vice President Vance exchange views on regional and global developments.
PM warmly congratulates Vice President Vance and Ms. Usha Vance on the birth of their son.

Prime Minister Shri Narendra Modi received a telephone call today from the Vice President of the United States, Mr. J.D. Vance.

Prime Minister and Vice President Vance reviewed progress in the India-U.S. Comprehensive Global Strategic Partnership. They noted the sustained momentum in the high-level engagements and reaffirmed their commitment to further strengthening cooperation in trade, defence, critical and emerging technologies, energy security and critical minerals.

They also exchanged views on regional and global developments of mutual interest.

Prime Minister warmly congratulated Vice President Vance and Ms. Usha Vance on the birth of their son and conveyed best wishes to the family.