কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সহযোগিতা অত্যন্ত গুৰুত্বপূৰ্ণঃ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসমূহক পিএলআই যোজনাৰ সম্পূৰ্ণ সুযোগ ল'বলৈ আৰু অধিকতম বিনিয়োগ আকৰ্ষিত কৰিবলৈ আহ্বান জনায়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত নীতি আয়োগৰ ৬ষ্ঠ প্ৰশাসনিক পৰিষদৰ বৈঠকৰ উদ্বোধনী সন্মিলনত ভাষণ দিয়ে।

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ প্ৰগতিৰ আধাৰ সহকাৰী ঐক্যবদ্ধতা আৰু আজিৰ বৈঠক ইয়াক আৰু বেছি সাৰ্থক কৰি তোলা আৰু প্ৰতিদ্বন্দ্বিতামূলক সহকাৰী ঐক্যবদ্ধতাৰ দিশত অগ্ৰসৰ হোৱাৰ ওপৰত আলোচনা-বিলোচনা কৰিবলৈ আয়োজন কৰা হৈছে। তেওঁ কয় যে ক'ৰোণা মহামাৰীৰ সময়ত যেতিয়া ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰসমূহে একত্ৰিত হৈ কাম কৰিলে তেতিয়াই সমগ্ৰ দেশে সফলতা লাভ কৰিলে। তেওঁ কয় যে আজিৰ বৈঠকৰ এজেণ্ডা দেশৰ সৰ্বোচ্চ প্ৰাথমিকতাক মনত ৰাখি প্ৰস্তুত কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰত্যেক দুখীয়াক পকাঘৰ উপলব্ধ কৰোৱাৰ অভিযানো চলি আছে। নগৰ আৰু গাঁওসমূহক মিলাই ২০১৪ৰ পৰা এতিয়ালৈকে ২ কোটি ৪০ লাখতকৈও অধিক গৃহ নিৰ্মাণ কৰা হৈছে। তেওঁ কয় যে জলজীৱন মিছন আৰম্ভ হোৱাৰ ১৮ মাহৰ ভিতৰত ৩.৫ লাখতকৈ অধিক গ্ৰামীণ ঘৰত পাইপেৰে খোৱাপানীৰ সুবিধা উপলব্ধ কৰোৱা হৈছে। তেওঁ কয় যে গাঁওসমূহত ইণ্টাৰনেটৰ সুবিধাৰ বাবে ভাৰত নেট যোজনা এক বৃহৎ পৰিৱৰ্তনৰ মাধ্যম হৈ আছে। যি সময়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে এনেকুৱা সকলো যোজনাত একত্ৰিত হৈ কাম কৰিব তেতিয়া কামৰ গতি বাঢ়িব আৰু লাভ অন্তিম ব্যক্তিলৈকে প্ৰাপ্ত হ'ব।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে এই বছৰৰ বাজেটত পোৱা সকাৰাত্মক প্ৰতিক্ৰিয়াই ৰাষ্ট্ৰৰ ভাবনাক ব্যক্ত কৰিছে। দেশে নিজৰ মন সাজু কৰিছে, দেশ দ্ৰুতগতিত আগুৱাই যাব বিচাৰে আৰু সময় নষ্ট কৰিব বিচৰা নাই। তেওঁ কয় যে দেশৰ ব্যক্তিগত ক্ষেত্ৰ এই বিকাশ যাত্ৰাত আৰু অধিক উৎসাহৰ সৈতে আগুৱাই আহিছে। এখন চৰকাৰ হিচাপে আমি ব্যক্তিগত ক্ষেত্ৰৰ এই উৎসাহ শক্তিৰ সন্মান কৰা দৰকাৰ আৰু তেওঁলোকক আত্মনিৰ্ভৰ ভাৰত অভিযানত অধিকৰ পৰা অধিক সুযোগ দিয়া দৰকাৰ। তেওঁ কয় যে আত্মনিৰ্ভৰ ভাৰত অভিযান এনে এটা ভাৰত বিকশিত কৰাৰ মাধ্যম, যি কেৱল নিজৰ প্ৰয়োজন পূৰাব, বৰং বিশ্বৰ বাবেও উৎপাদন কৰিব আৰু এই সামগ্ৰী বৈশ্বিক পৰীক্ষাতো থিয় দিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ দৰে যুৱ দেশৰ আকাংক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আধুনিক আন্তঃগাঁথনিৰ নিৰ্মাণ কৰা দৰকাৰ। নৱোন্মেষণক উদগণি দিয়া দৰকাৰ আৰু শিক্ষা তথা দক্ষতাৰ উন্নত সুযোগৰ বাবে প্ৰযুক্তিৰ অধিক ব্যৱহাৰ কৰা দৰকাৰ। তেওঁ আমাৰ ব্যৱসায়, এমএছএমই আৰু ষ্টাৰ্ট আপক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে। তেওঁ কয় যে দেশৰ অগণন জিলাৰ সামগ্ৰীৰ বিশেষত্বৰ আধাৰত চিনাক্ত কৰা হৈছে, যাৰ ফলত সিবিলাকে উদগণি লাভ কৰিছে আৰু ৰাজ্যসমূহৰ মাজত সুস্থ প্ৰতিযোগিতাও বাঢ়িছে। তেওঁ ইয়াক মাণ্ডলিক ভিত্তিলৈ লৈ যোৱা, ৰাজ্যসমূহৰ সম্পদৰ সম্পূৰ্ণ ব্যৱহাৰ কৰা আৰু ৰাজ্যসমূহৰ পৰা ৰপ্তানি বঢ়োৱাৰ আহ্বান জনায়। তেওঁ কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত উন্নত সমন্বয় আৰু নীতিগত আন্তঃগাঁথনিৰ মহত্বৰ ওপৰত জোৰ দিয়ে।

প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে দেশত নিৰ্মাণক উৎসাহিত কৰাৰ ধাৰাবাহিকতাত বিভিন্ন ক্ষেত্ৰৰ বাবে পিএলআই যোজনাৰ আৰম্ভ কৰে। তেওঁ ৰাজ্যসমূহক এই যোজনাৰ সম্পূৰ্ণ সুযোগ ল'বলৈ, অধিক বিনিয়োগ আকৰ্ষিত কৰিবলৈ আৰু কৰ্পৰেট টেক্সৰ নিৰিখ কম হোৱাৰ সুযোগ ল'বলৈ আহ্বান জনায়।

এই বাজেটত আন্তঃগাঁথনিৰ বাবে আৱণ্টিত ধনৰাশিৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত দেশৰ অৰ্থনৈতিক ব্যৱস্থা কেইবাটাও স্তৰত আগবঢ়াই নিয়াত সহায় হ'ব। তেওঁ ৰাজ্যসমূহক আত্মনিৰ্ভৰ কৰি তোলা আৰু তেওঁলোকৰ বাজেটত বিকাশক গতি দিয়াৰ মহত্বৰ ওপৰত জোৰ দিয়ে। তেওঁ ঘোষণা কৰে যে ১৫তম বিত্ত আয়োগৰ অধীনত স্থানীয় নিকায়সমূহৰ অৰ্থনৈতিক সম্পদৰ ওপৰত গুৰুত্বপূৰ্ণ বৃদ্ধি হ'ব। স্থানীয় শাসন সংস্কাৰত প্ৰযুক্তিৰ ব্যৱহাৰৰ লগতে সাৰ্বজনীন অংশগ্ৰহণো অত্যন্ত মহত্বপূৰ্ণ।

প্ৰধানমন্ত্ৰীয়ে কয় যে খোৱা তেলৰ আমদানিত প্ৰায় ৬৫,০০০ কোটি টকা খৰছ হয়, যি আমাৰ কৃষকৰ ওচৰলৈ যোৱা উচিত। এনেকুৱা বহু কৃষি সামগ্ৰী আছে, যাৰ যোগান কেৱল দেশৰ বাবেই নহয়, বৰং বিশ্বৰ বাবেও কৰিব পৰা যায়। ইয়াৰ বাবে আৱশ্যক সকলো ৰাজ্যই নিজৰ কৃষি-জলবায়ু ক্ষেত্ৰীয় যোজনা ৰণনীতি প্ৰস্তুত কৰক। তেওঁ কয় যে কৃষিৰ পৰা আৰম্ভ কৰি পশু পালন আৰু মৎস্য পালনলৈকে সমগ্ৰ দৃষ্টিভংগী প্ৰয়োগ কৰা হৈছে। পৰিণামস্বৰূপে, ক'ৰোণাৰ সময়তো দেশৰ কৃষি ৰপ্তানি যথেষ্ট বৃদ্ধি হৈছে।

প্ৰধানমন্ত্ৰীয়ে কৃষি সামগ্ৰীৰ অপচয় কম কৰিবলৈ ভাণ্ডাৰন আৰু প্ৰক্ৰিয়াকৰণৰ ওপৰত মনোযোগ কেন্দ্ৰীভূত কৰিবলৈ আহ্বান জনায়। তেওঁ মুনাফা বঢ়াবলৈ কেঁচা খাদ্য সামগ্ৰীৰ সলনি প্ৰক্ৰিয়াকৃত খাদ্য সামগ্ৰী ৰপ্তানি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে। তেওঁ কয় যে সংস্কাৰ অত্যন্ত জৰুৰী, যাতে আমাৰ কৃষকসকলে আৱশ্যকীয় অৰ্থনৈতিক সম্পদ, উন্নত আন্তঃগাঁথনি আৰু আধুনিক টেকনিক পোৱাত সুবিধা হয়।

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে শেহতীয়াকৈ অ'এছপি নিয়মাৱলীৰ সংশোধন কৰা হৈছে, যি যুৱক-যুৱতীসকলক যিকোনো ঠাইৰ পৰা কাম কৰাৰ সুবিধা প্ৰদান কৰে আৰু আমাৰ প্ৰযুক্তি ক্ষেত্ৰ ইয়াৰ ফলত যথেষ্ট লাভবান হৈছে। কেইবাটাও প্ৰতিবন্ধকতা আঁতৰোৱা হৈছে। তেওঁ কয় যে অলপতে ভূ-স্থানীয় ডাটা উদাৰ কৰি তোলা হৈছে। ইয়াৰ জৰিয়তে আমাৰ ষ্টাৰ্ট আপ আৰু টেকনিকেল ক্ষেত্ৰই সহায় পাব আৰু ই সাধাৰণ মানুহৰ জীৱন যাপনকো সহজ কৰি তুলিব।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India remains fastest-growing major economy, domestic investors power market resilience

Media Coverage

India remains fastest-growing major economy, domestic investors power market resilience
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 মাৰ্চ 2026
March 15, 2026

Empowering Bharat: From Loans to Global Leadership Under PM Modi