NDRF pre-positions 46 teams, 13 teams being airlifted today
Indian Coast Guard and the Navy have deployed ships and helicopters for relief, search and rescue operations.
PM directs officers to ensure timely evacuation of those involved in off-shore activities.
PM asks officials to minimise time of outages of power, telephone networks
Involve various stakeholders like coastal communities, industries, etc by directly reaching out to them and sensitising them: PM

‘য়াছ’ ঘূৰ্ণি প্ৰবাহে সৃষ্টি কৰিব পৰা সংকট প্ৰশমিত কৰাৰ বাবে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট মন্ত্ৰালয় তথা সংস্থাসমূহে গ্ৰহণ কৰা প্ৰস্তুতি আৰু পৰিকল্পনাৱলী পৰ্যালোচনাৰ বাবে আজি অনুষ্ঠিত এখন উচ্চ স্তৰীয় সভাৰ অধ্যক্ষতা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

‘ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰ’(আইএমডি)ই তথ্য দাঙি ধৰি কয় যে ‘য়াছ’ ঘূৰ্ণীয়ে ১৫৫ৰ পৰা ১৬৫কিলোমিটাৰপ্ৰতিঘণ্টা গতিবেগৰে অহা ২৬মে’ৰ দিনা আবেলিৰ ভাগত পশ্চিম বংগ আৰু উত্তৰ ওড়িশাৰ উপকূল অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। এইখিনি সময়ত ঘূৰ্ণীজাকৰ গতিবেগ ১৮৫ কিলোমিটাৰপ্ৰতিঘণ্টা হোৱাৰো সম্ভাৱনা আছে বুলি ‘আইএমডি’য়ে আংশকা প্ৰকাশ কৰিছে। ইয়াৰ ফলত ওড়িশা আৰু পশ্চিম বংগৰ উপকূলবৰ্তী জিলাসমূহত মূষলধাৰ বৰষুণ হ’ব পাৰে। ঘূৰ্ণীৰ ফলত পশ্চিম বংগ আৰু ওড়িশা উপকূলত সাগৰত ২-৪ মিটাৰ পৰ্যন্ত জোৱাৰ উঠিব পাৰে। এই সন্দৰ্ভত ‘আইএমডি’য়ে নিয়মীয়া ভাবে বুলেটিন প্ৰকাশৰ লগতে বতৰৰ শেহতীয়া স্থিতি সন্দৰ্ভত কৰা পূৰ্বানমান প্ৰকাশ কৰি সংশ্লিষ্ট ৰাজ্যসমূহলৈ দাৰৰ বাতৰি দাৰে দিয়াৰ দিহা কৰিছে বুলিও তথ্য দাঙি ধৰা হয়।

ইফালে, কেবিনেট সচিবে, যোৱা ২২মে’, ২০২১ৰ দিনা উপকূল বৰ্তি ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্য সচিব, কেন্দ্ৰীয় মন্ত্ৰালয় তথা সংস্থাসমূহৰে ‘নেশ্যনেল ক্ৰাইচিচ মেনেজমেণ্ট কমিটি’(এনচিএমচি)ৰ এখন সভা অনুষ্ঠিত কৰি পৰিস্থিতিৰ বিশদ আলোচনা কৰিছে বুলিও প্ৰধানমন্ত্ৰীক অৱগত কৰা হৈছে।

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে পৰিস্থিতিৰ ২৪x৭ পৰ্যালোচনা কৰি থকাৰ লগতে সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰসমূহৰে যোগাযোগ অব্যাহত ৰাখিছে। গৃহ মন্ত্ৰালয়ে ইতিমধ্যে ৰাজ্যসমূহলৈ ‘এছডিআৰএফ’-ৰ প্ৰথমটো কিস্তি আগতীয়াকৈ মোকলাই দিয়াৰ ব্যৱস্থা কৰিছে। সেইদৰে, আজি ‘এনডিআৰএফ’-ৰ ৪৬টা গোটক আগতীয়াকৈ মোতায়েন, ১৩টাক বিমানৰে স্থানান্তৰণ আৰু ১০টা গোটক যিকোনো পৰিস্থিতি চম্ভালিব পৰাকৈ সাজু কৰি ৰখাৰ দিহা কৰা হৈছে।

 

সাহায্য, অনুসন্ধান আৰু উদ্ধাৰৰ বাবে ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু নৌসেনা বাহিনীৰ জাহাজ আৰু হেলিকাপ্টাৰ মোতায়েন কৰা হৈছে। আনহাতে, বায়ুসেনা বাহিনী আৰু স্থল সেনা বাহিনীৰ আভিযান্ত্ৰিক গোটক যিকোনো পৰিস্থিতিতে কাম নামিব পৰাকৈ সাজু কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে। মানৱীয় সহযোগিতা তথা দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে সাহায্য গোটসহ সাতখন জাহাজো পশ্চিম উপকূলত সাজু কৰি ৰখা হৈছে।

‘পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে’ সাগৰত থকা তেওঁলোকৰ তৈল খাদসমূহৰ সকলো সংস্থাপন সুৰক্ষিত ৰখাৰ লগতে ‘শ্বিপিং ভেছেল’ আৰু ‘ছেফ হাৰবাৰ’সমূহ পাৰলৈ ওভতাই অনাৰ বাবে বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে। সেইদৰে শক্তি মন্ত্ৰালয়ে ‘ইমাৰ্জেন্সী ৰেছপন্স ছীষ্টেম’সমূহ সক্ৰিয় কৰাৰ লগতে ট্ৰেন্সফৰ্মাৰসমূহ সাজু কৰি তুলিছে। একেদৰে, দূৰসংযোগ মন্ত্ৰালয়ে সকলো টাৱাৰ আৰু বিনিময় কেন্দ্ৰ ওপৰত সতৰ্ক দৃষ্টি নিবদ্ধ কৰিছে আৰু নেটৱৰ্কসমূহ সম্পূৰ্ণৰূপে সক্ৰিয় কৰি ৰখাৰ বাবে যথোচিত প্ৰবন্ধনৰ দিহা কৰিছে। ইফালে, সাম্ভাব্য পৰিস্থিতিত যাতে ক’ভিড বিৰোধী অভিযান তথা জন-স্বাস্থ্য সম্পৰ্কীয় অভিযান যাতে প্ৰভাৱিত হ’বলগীয়া নহয় সেয়া নিশ্চিত কৰাৰ বাবে স্বাস্থ্য মন্ত্ৰালয়ে বিধি-নিৰ্দেশনা জাৰি কৰিছে। ‘বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে’ সকলো জাহাজৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে যাৱতীয় পদক্ষেপ লোৱাৰ লগতে জৰুৰীকালীন জাহাজ মোতায়েন কৰাৰ ব্যৱস্থা কৰিছে।   

সাগৰৰ মাজত কৰ্মৰতসকলক স্থানান্তৰিত কৰাৰ বাবে ব্যৱস্থা কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে প্ৰধানমন্ত্ৰীয়ে।

বিজুলি কিম্বা টেলিফোন নেটৱৰ্কত কৰা কৰ্তনৰ সময় ন্যূনতম কৰাৰ বাবেও প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায়।

ইফালে, স্থানীয় নিবাসীসকলৰে প্ৰত্যক্ষ সম্পৰ্ক স্থাপনৰ লগতে তেওঁলোকক সজাগ-সচেতন কৰাৰ বাবে উপকূলবাসী, উদ্যোগ আদিৰ দৰে পক্ষসমূহক জড়িত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে।

সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব, গৃহ পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী, কেবিনেট সচিব, দূৰ-সংযোগ, মীন, অসামৰিক বিমান পৰিবহণ, শক্তি, বন্দৰ-জাহাজ পৰিবহণ তথা জলপথ, ধৰা বিজ্ঞানকে ধৰি বিভিন্ন মন্ত্ৰালয়-গৃহ বিভাগৰ সচিবসকল, ৰে’ল বৰ্ডৰ অধ্যক্ষ তথা সদস্যমণ্ডলী, ‘এনচিএমএ’ৰ সদস্য সচিব, ‘আইএমডি’ আৰু ‘এনডিআৰএফ’-ৰ সঞ্চালক প্ৰধানদ্বয় আৰু ‘পিএমঅ’, গৃহ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Womaniya' initiative of GeM, sees 27.6% growth, Rs 28,000 crore contracts awarded to women MSEs

Media Coverage

Womaniya' initiative of GeM, sees 27.6% growth, Rs 28,000 crore contracts awarded to women MSEs
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives in a mishap in Katihar, Bihar
April 11, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed profound grief over the tragic mishap in Katihar, Bihar, describing the incident as extremely painful.

The Prime Minister extended his heartfelt condolences to the families who have lost their loved ones and prayed for the earliest recovery of those who sustained injuries. Shri Modi further announced an ex-gratia of Rs. 2 lakh from the Prime Minister’s National Relief Fund (PMNRF) for the next of kin of each deceased, noting that Rs. 50,000 would be provided to those injured in the accident.

The Prime Minister wrote on X:

"The mishap in Katihar, Bihar, is extremely painful. Condolences to those who have lost their loved ones. May the injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000."