দেশত ১৫০০ৰো অধিক ‘পিএছএ অক্সিজেন প্ৰকল্প’ থন্ ধৰি উঠিছে
‘পিএম কেয়াৰ্ছ’ৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা ‘পিএছএ অক্সিজেন প্ৰকল্প’ই ৪লাখৰো অধিক অক্সিজেনৰ ব্যৱস্থা সম্বলিত বিচনাক সহযোগিতা আগবঢ়াব
অনতি বিলম্বে প্ৰকল্পসমূহ কাৰ্যক্ষম কৰি তোলাৰ বাবে দিহা কৰিবলৈ সংশ্লিষ্ট বিষয়া-বৰ্গক নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰীয়ে
অক্সিজেন প্ৰকল্পসমূহৰ পৰিচালনা আৰু চোৱা-চিতা কৰিব পৰাকৈ চিকিত্সা-কৰ্মীসকলক পৰ্যাপ্ত প্ৰশিক্ষণ প্ৰদানত গুৰুত্ব দিয়ক : প্ৰধানমন্ত্ৰী
অক্সিজেন প্ৰকল্পসমূহৰ কৰ্ম-কুশলতা আৰু পাৰদৰ্শিতা নিৰীক্ষণ কৰিব পৰাকৈ ‘আইঅ’টি’-ৰ দৰে উন্নত প্ৰযুক্তি মোতায়েন কৰক : প্ৰধানমন্ত্ৰী

দেশত অক্সিজেনৰ পৰ্যাপ্ততা তথা ইয়াৰ যোগন বৃদ্ধিৰ বাবে গ্ৰহণ কৰা বিশেষ আয়োজনৰ আজি সমীক্ষা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

সভাত সংশ্লিষ্ট বিষয়াবৰ্গই দেশত স্থাপন কৰা ‘পিএছএ অক্সিজেন প্ৰকল্প’ৰ অগ্ৰগতি সন্দৰ্ভত বিস্তৃত তথ্য অৱগত কৰে। প্ৰধানমন্ত্ৰীক দিয়া তথ্য অনুসৰি ‘প্ৰধানমন্ত্ৰী কেয়াৰ্ছ পুঁজি’ৰ লগতে বিভিন্ন মন্ত্ৰালয় তথা কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱাখণ্ডৰ প্ৰতিষ্ঠানসমূহৰ পৃষ্ঠপোষকতাৰে স্থাপিত ১৫০০ৰো অধিক ‘পিএছএ অক্সিজেন প্ৰকল্প’ই থন্ ধৰি উঠিছে।

দেশৰ প্ৰতিখন ৰাজ্যৰ, প্ৰতিখন জিলাতে ‘পিএম কেয়াৰ্ছৰ সাহায্য’ৰে নিৰ্মিত ‘পিএছএ অক্সিজেন প্ৰকল্প’ গঢ়ি তোলা হ’ব। এইসমূহ অক্সিজেন প্ৰকল্পই কাম আৰম্ভ কৰিলেই ৪ লাখৰো অধিক অক্সিজেনৰ ব্যৱস্থা সম্বলিত বিচনালৈ সহযোগিতা আগবঢ়াব পৰা যাব বুলি প্ৰধানমন্ত্ৰীক তথ্য অৱগত কৰা হয়।

সভাত প্ৰধানমন্ত্ৰীয়ে অনতি বিলম্বে প্ৰকল্পসমূহ কাৰ্যক্ষম কৰি তোলাৰ বাবে দিহা কৰিবলৈ সংশ্লিষ্ট বিষয়া-বৰ্গক নিৰ্দেশ দিয়ে। ইফালে প্ৰকল্পসমূহ কাৰ্যক্ষম কৰি তোলাৰ বাবে ৰাজ্যচৰকাৰসমূহৰ বিষয়া-বৰ্গৰে ঘনিষ্ঠ সম্পৰ্ক ৰাখি কাম কৰি থকাৰ কথা প্ৰধানমন্ত্ৰীক অৱগত কৰা হৈছে।

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে অক্সিজেন প্ৰকল্পসমূহৰ পৰিচালনা আৰু চোৱা-চিতা কৰিব পৰাকৈ চিকিত্সা-কৰ্মীসকলক পৰ্যাপ্ত প্ৰশিক্ষণ প্ৰদানত গুৰুত্ব আৰোপ কৰে।

আনহাতে, অক্সিজেন প্ৰকল্পসমূহৰ কৰ্ম-কুশলতা আৰু পাৰদৰ্শিতা নিৰীক্ষণ কৰিব পৰাকৈ ‘আইঅ’টি’-ৰ দৰে উন্নত প্ৰযুক্তি মোতায়েন কৰৰো পোষকতা কৰে প্ৰধানমন্ত্ৰীয়ে।

সভাত প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব, কেবিনেট সচিব, স্বাস্থ্য সচিবৰ লগতে অন্যান্য গুৰুত্বপূৰ্ণ পদাধিকাৰীসকলো উপস্থিত থাকে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India remains among best-performing major economies: S&P Global

Media Coverage

India remains among best-performing major economies: S&P Global
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 এপ্ৰিল 2026
April 19, 2026

Building a Stronger Bharat: Infrastructure Revolution, Economic Resilience & Inclusive Welfare Under PM Modi