‘ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য মিছন’(এনডিএইচএম)ৰ কাৰ্যক্ৰমনিকাৰ অগ্ৰগতিৰ খটিয়ান লোৱাৰ উদ্দেশ্যে অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ সভাত সভাপতিত্ব কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। স্মৰ্তব্য যে, ২০২০চনৰ ১৫ আগষ্টৰ স্বাধীনতা দিৱস উপলক্ষে প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰীয়ে ‘এনডিএইচএম’ৰ শুভাৰম্ভ ঘোষণা কৰিছিল। তেতিয়াৰে পৰাই ‘ডিজিটেল মডিউল’ আৰু পঞ্জীয়ণবিধি আদি বিকশিত কৰাৰ লগতে ছখন কেন্দ্ৰীয় শাসিত অঞ্চলত এই অভিযান আৰম্ভ কৰা হৈছিল। মঞ্চটোত এই পৰ্যন্ত প্ৰায় ১১.৯লাখ স্বাস্থ্য পৰিচয় পত্ৰ যুগুতাই উলিওৱাৰ লগতে ৩১০৬গৰাকী চিকিত্সক তথা ১৪৯০টা সেৱা-সুবিধাৰ পঞ্জীয়ণ কৰা হৈছে।

ইফালে, ডিজিটেল স্বাস্থ্যৰ বাবে ‘ইউনিফাইড হেল্থ ইণ্টাৰফেচ’(ইউএইচআই) শীৰ্ষক এটা মুক্ত আৰু আন্তঃসঞ্চালনযোগ্য তথ্য-প্ৰযুক্তিৰ নেটৱৰ্ক অচিৰেই মুকলি কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে। এই ‘ইণ্টাৰফেচে’ ৰাজহুৱা আৰু ব্যক্তিগত সমস্যাৰ সমাধান আগবঢ়াব আৰু ‘এপ্’-টো ‘ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য পৰিৱেশ-তন্ত্ৰ’ৰ অংশ হৈ উঠিব। ইয়াৰ জৰিয়তে ব্যৱহাৰকৰোতাসকলে কিতাপ-পত্ৰৰ অনুসন্ধান কৰা, টেলি-মেডিচিন সেৱা কিম্বা পৰীক্ষাগাৰ-সেৱা গ্ৰহণৰ দৰে প্ৰয়োজনীয় স্বাস্থ্য সেৱা গ্ৰহণ কৰিব পাৰিব। উদ্ভাৱন আৰু নাগৰিকৰ বাবে বিভিন্ন সেৱাৰে ই ডিজিটেল স্বাস্থ্য প্ৰযুক্তি বিপ্লৱৰ সূচনা কৰিব। সেইদৰে, সমগ্ৰ ৰাষ্ট্ৰতে স্বাস্থ্যসেৱা, চিকিত্সা আন্তঃগাঁথনি আৰু ইয়াৰ সৈতে জড়িত মানৱ-সম্পদসমূহক অধিক পাৰদৰ্শী ভাবে ব্যৱহাৰ কৰিব পৰা যাব বুলি আশা কৰা হৈছে।

সভাত ‘নেশ্যনেল পেইমেণ্ট কৰ্পোৰেশ্যন অব ইণ্ডিয়া’(এনপিচিআই)ই বিকশিত কৰা ‘ইউপিআই ই-ভাউচাৰ’-ৰ ধাৰণা সন্দৰ্ভতো বিশদ আলোচনা কৰা হয়। ‘ডিজিটেল পেইমেণ্ট’ৰ বিকল্পক ইচ্ছুক ব্যৱহাৰকাৰীয়েহে কেৱল ব্যৱহাৰ কৰিব পৰাকৈ বিশেষ উদ্দেশ্যৰে সম্পৰ্কিত বিত্তীয় লেন-দেন সম্ভৱ যোগ্য কৰি তুলিব পৰা যাব। চৰকাৰী আঁচনিসমূহ লক্ষ্য নিৰ্দ্ধাৰিত আৰু পাৰদৰ্শী ভাবে ৰূপায়ণৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰিব পৰা যাব আৰু স্বাস্থ্যসেৱাখণ্ডত এই ‘ইউপিআই ই-ভাউচাৰ’ক তত্ক্ষণিকভাবে ব্যৱহাৰ কৰিব পৰা যাব।

সভাত প্ৰধানমন্ত্ৰীয়ে ‘এনডিএইচএম’ৰ অধীনত কাৰ্যক্ৰমনিকাৰ পৰিসৰ সম্প্ৰসাৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়ে।

প্ৰসংগক্ৰমে তেওঁ, বৃহত্ পৰিসৰৰ স্বাস্থ্য সেৱা গ্ৰহণৰ সুযোগ প্ৰদান কৰি ‘এনডিএইচএম’-য়ে নাগৰিকসকলৰ জীৱনলৈ স্বাচ্ছন্দ্য কঢ়িয়াই আনিব বুলিও আশা প্ৰকাশ কৰে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Move from endless war to end of war': PM Modi to Russian President Putin

Media Coverage

Move from endless war to end of war': PM Modi to Russian President Putin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates the nation on achieving 7.8% GDP growth; highlights surging economic confidence
September 01, 2026

Prime Minister Shri Narendra Modi today congratulated the nation on achieving a Gross Domestic Product (GDP) growth rate of 7.8% in the first quarter of the financial year. Sharing a video message, the Prime Minister highlighted the strong economic numbers, emphasizing that these figures reflect a surging economic confidence.

In a post on X, the Prime Minister shared:

"7.8% growth.

Strong numbers.

Even stronger confidence."