প্ৰধানমন্ত্ৰীয়ে ঘূৰ্ণীবতাহৰ প্ৰভাৱ হ্ৰাস কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ বিষয়ে অৱগত কৰে
স্পৰ্শকাতৰ স্থানত বাস কৰা লোকসকলক সুৰক্ষিতভাৱে স্থানান্তৰ কৰাটো সুনিশ্চিত কৰিবলৈ সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰকঃ প্ৰধানমন্ত্ৰী
ক্ষতিৰ ক্ষেত্ৰত সেইবোৰৰ তাৎক্ষণিক পুনৰুদ্ধাৰৰ বাবে প্ৰস্তুতিৰ সৈতে সকলো অত্যাৱশ্যকীয় সেৱাৰ তত্বাৱধান নিশ্চিত কৰকঃ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আসন্ন ঘূৰ্ণীবতাহ 'বিপৰ্যয়’ৰ ফলত উদ্ভৱ হ’ব পৰা পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে বিভিন্ন মন্ত্ৰালয়/গুজৰাট আৰু কেন্দ্ৰৰ সংস্থাসমূহৰ প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ আজি এক উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আসন্ন ঘূৰ্ণীবতাহ 'বিপৰ্যয়’ৰ ফলত উদ্ভৱ হ’ব পৰা পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে বিভিন্ন মন্ত্ৰালয়/গুজৰাট আৰু কেন্দ্ৰৰ সংস্থাসমূহৰ প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ আজি এক উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে।

প্ৰধানমন্ত্ৰীয়ে অসুৰক্ষিত স্থানত বাস কৰা লোকসকলক ৰাজ্য চৰকাৰে যাতে সুৰক্ষিতভাৱে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিব পাৰে আৰু শক্তি, দূৰসংযোগ, স্বাস্থ্য, খোৱা পানী আদিৰ দৰে সকলো অত্যাৱশ্যকীয় সেৱা অব্যাহত থকাটো সুনিশ্চিত কৰা আৰু ঘূৰ্ণীবতাহৰ ফলত ক্ষতি হোৱাসকলৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ জ্যেষ্ঠ বিষয়াসকলক নিৰ্দেশ দিয়ে। প্ৰধানমন্ত্ৰীয়ে লগতে জন্তুৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়ে। তেওঁ লগতে নিয়ন্ত্ৰণ কক্ষ ২৪ ঘণ্টাই খোলা ৰখাৰ বাবেও নিৰ্দেশনা দিয়ে।

বৈঠকত ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিয়ে যে ঘূৰ্ণীবতাহ 'বিপৰ্যয়’ গুজৰাটৰ মাণ্ডৱীৰ মাজেৰে সৌৰাষ্ট্ৰ আৰু কচ্ছ আৰু গুজৰাটৰ জাখৌ বন্দৰৰ কাষেৰে পাকিস্তানৰ কৰাচী ১৫ জুনৰ দুপৰীয়াৰ ভিতৰত অতিক্ৰম কৰাৰ সম্ভাৱনা আছে আৰু প্ৰতি ঘণ্টাত সৰ্বাধিক ১২৫-১৩৫ কিলোমিটাৰ বেগত বতাহ বলিব। ইয়াৰ ফলত গুজৰাটৰ উপকূলীয় জিলাসমূহত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে, যাৰ ভিতৰত আছে কচ্ছ, দেৱভূমি দ্বাৰকা আৰু জামনগৰত অত্যাধিক ধাৰাসাৰ বৰষুণ আৰু ১৪-১৫ জুনত গুজৰাটৰ পোৰবন্দৰ, ৰাজকোট, মৰবি আৰু জুনাগড় জিলাৰ কিছু ঠাইত ধাৰাসাৰ বৰষুণ হব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনাইছে যে ৬ জুনত ঘূৰ্ণীবতাহ আৰম্ভ হোৱাৰ পিছৰে পৰাই নিয়মীয়া বুলেটিন জাৰী কৰি আহিছে আৰু সংশ্লিষ্ট সকলো ৰাজ্য আৰু সংস্থাক শেহতীয়া পূৰ্বানুমান জনাইছে।

বৈঠকত জনোৱা হয় যে গৃহ মন্ত্ৰালয়ে ২৪ ঘণ্টাই পৰিস্থিতি পৰ্যালোচনা কৰি আছে আৰু ৰাজ্য চৰকাৰ আৰু সংশ্লিষ্ট কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে যোগাযোগ কৰি আছে। এনডিআৰএফৰ ১২টা দলক নাও, গছ কটা সঁজুলি, টেলিকম সঁজুলি আদিৰে সজ্জিত কৰি ৰাখিছে আৰু ১৫ টা দলক জৰুৰী অৱস্থাৰ বাবে ৰাখিছে।

ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু নৌসেনাই সাহায্য, অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ বাবে জাহাজ আৰু হেলিকপ্টাৰ সাজু কৰি ৰাখিছে। নাও আৰু উদ্ধাৰ সঁজুলিৰ সৈতে বায়ু সেনা আৰু সেনাৰ অভিযন্তা টাস্ক ফ'ৰ্চ গোটসমূহ জৰুৰী অৱস্থাৰ সাজু হৈ আছে। নিৰীক্ষণ বিমান আৰু হেলিকপ্টাৰে উপকূলত ধাৰাবাহিক নিৰীক্ষণ চলাই আছে। সেনা, নৌ সেনা আৰু উপকূলৰক্ষী বাহিনীৰ দুৰ্যোগ সাহায্য দল (ডিআৰটি) আৰু চিকিৎসা দল (এমটি) সাজু হৈ আছে।

ঘূৰ্ণীবতাহৰ মোকাবিলা কৰিবলৈ গুজৰাট চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়েও প্ৰধানমন্ত্ৰীক অৱগত কৰা হয়। জিলা প্ৰশাসনৰ সৈতে মুখ্যমন্ত্ৰী পৰ্যায়ত পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হৈছে আৰু যিকোনো আৱশ্যকীয় পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সমগ্ৰ ৰাজ্য প্ৰশাসনৰ যন্ত্ৰপাতি প্ৰস্তুত কৰা হৈছে। লগতে, কেবিনেট সচিব আৰু গৃহ সচিবে গুজৰাটৰ মুখ্য সচিব আৰু সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰালয়/সংস্থাসমূহৰ সৈতে নিৰন্তৰ যোগাযোগ কৰি আছে।

বৈঠকত গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব, কেবিনেট সচিব আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's $13 billion semiconductor mission: Boosting domestic chip manufacturing and design

Media Coverage

India's $13 billion semiconductor mission: Boosting domestic chip manufacturing and design
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 ছেপ্টেম্বৰ 2026
September 08, 2026

Viksit Bharat, Many Engines: Defence, Diplomacy, Growth & Green Power Under PM Modi