খনি, ৰে’লৱে, জলসম্পদ, ঔদ্যোগিক কৰিডৰ আৰু শক্তি খণ্ডৰ সৈতে জড়িত আঠটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ পৰ্যালোচনা প্ৰধানমন্ত্ৰীৰ
পৰ্যালোচনা কৰা প্ৰকল্পসমূহ ১৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বিস্তৃত আৰু ইয়াৰ মুঠ বিনিয়োগ ৬৫ হাজাৰ কোটি টকাতকৈ অধিক
পৰ্যালোচনাৰ গুৰুত্ব: স্পষ্ট সময়সীমা, ফলপ্ৰসূ আন্তঃসংস্থা সমন্বয় আৰু অসুবিধাসমূহৰ তৎকালীন সমাধান
প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে কাৰ্যকৰীকৰণত বিলম্ব হ’লে দুগুণ খৰচ হয়-প্ৰকল্পৰ ব্যয় বৃদ্ধি আৰু নাগৰিকসকলক অত্যাৱশ্যকীয় সেৱাসমূহৰ সময়মতে লাভৰ পৰা বঞ্চিত কৰা হয়
বিষয়াসকলক ফলাফলকেন্দ্ৰিক পদ্ধতি গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি পূৱা দক্ষিণ ব্লকত প্ৰগতি-সক্ৰিয় শাসন আৰু সময়ানুৱৰ্তী ৰূপায়ণৰ বাবে আইচিটি-সক্ষম বহুমুখী মঞ্চ-প্ৰগতিৰ ৪৯সংখ্যক বৈঠক অনুষ্ঠিত হয়। এই মঞ্চই কেন্দ্ৰ আৰু ৰাজ্যসমূহক একত্ৰিত কৰি বৃহৎ প্ৰকল্পসমূহ দ্ৰুতগতিত আগুৱাই লৈ যোৱাৰ লগতে বিভিন্ন অসুবিধাৰ সমাধান কৰে আৰু কাম সময়মতে সম্পন্ন হোৱাটো নিশ্চিত কৰে।

বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীয়ে খনি, ৰে’লৱে, জলসম্পদ, ঔদ্যোগিক কৰিডৰ আৰু শক্তিকে ধৰি বিভিন্ন খণ্ডৰ আঠটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ পৰ্যালোচনা কৰে। এই প্ৰকল্পসমূহে দেশজুৰি বিস্তৃত ১৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সামৰি লৈছে, য’ত ৬৫,০০০ কোটি টকাতকৈ অধিক সঞ্চিত বিনিয়োগ কৰা হৈছে। অৰ্থনৈতিক বৃদ্ধি আৰু জনকল্যাণৰ গুৰুত্বপূৰ্ণ চালক হিচাপে স্বীকৃতি পোৱা প্ৰকল্পসমূহ স্পষ্ট সময়সীমা, ফলপ্ৰসূ আন্তঃসংস্থা সমন্বয়  আৰু বিভিন্ন অসুবিধাৰ তৎকালীন সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰি পৰ্যালোচনা কৰা হয়।

প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে কাৰ্যকৰীকৰণত পলম হোৱাৰ ফলত দুগুণ খৰচ হয়-প্ৰায়ে প্ৰকল্পৰ ব্যয় বৃদ্ধি পায় আৰু লগতে নাগৰিকসকলক অত্যাৱশ্যকীয় সেৱা আৰু আন্তঃগাঁথনিৰ সময়মতে লাভৰ পৰা বঞ্চিত কৰে। তেওঁ কেন্দ্ৰীয় আৰু ৰাজ্যিক দুয়োটা পৰ্যায়ৰ বিষয়াসকলক ফলাফলকেন্দ্ৰিক পন্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়, সুযোগসমূহক মানুহৰ জীৱনৰ উন্নত মানদণ্ডলৈ অনুবাদ কৰাৰ লগতে নাগৰিকৰ বাবে সহজ জীৱন-যাপন আৰু উদ্যোগসমূহৰ বাবে ব্যৱসায় কৰাত সহজতাৰ লক্ষ্যসমূহো আগুৱাই নিয়াৰ বাবে আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহেও ধ্বজাবাহী প্ৰকল্পসমূহৰ নিয়মীয়া পৰ্যালোচনা আৰু নিৰীক্ষণৰ বাবে নিজৰ পৰ্যায়ত ব্যৱস্থাসমূহ প্ৰতিষ্ঠানিকৰণ কৰিবলৈ গুৰুত্ব আৰোপ কৰে, যাতে সময়মতে ৰূপায়ণ আৰু অসুবিধাৰ ফলপ্ৰসূ সমাধান নিশ্চিত হয়। তেওঁ সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলকে প্ৰতিযোগিতামূলক ক্ষমতা উন্নত কৰা, দক্ষতা শক্তিশালী কৰা আৰু বিভিন্ন খণ্ডত উদ্ভাৱনক লাভান্বিত কৰাৰ লক্ষ্যৰে সংস্কাৰৰ ওপৰত তীব্ৰ গুৰুত্ব দিবলৈ আহ্বান জনায় আৰু এই সংস্কাৰৰ জৰিয়তে উন্নত প্ৰস্তুতিৰ দ্বাৰা আমি উদীয়মান সুযোগসমূহ ক্ষিপ্ৰতাৰে গ্ৰহণ কৰিবলৈ সক্ষম হ’ব বুলি দৃঢ়তাৰে কয়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Sanand 2.0's swift semicon wave accelerates India's chip ambitions

Media Coverage

Sanand 2.0's swift semicon wave accelerates India's chip ambitions
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates successful candidates of Civil Services Examination, 2025
March 06, 2026

The Prime Minister, Shri Narendra Modi has congratulated all those who have successfully cleared the Civil Services Examination, 2025. He said that their dedication, perseverance and hard work have enabled them to achieve this significant milestone.

The Prime Minister noted that clearing the Civil Services Examination marks the beginning of an important journey of public service. He wished the successful candidates the very best as they embark on the path of serving the nation and fulfilling the aspirations of the people.

The Prime Minister also conveyed his message to those who may not have secured the desired outcome in the examination. He acknowledged that such moments can be difficult, but emphasised that this is only one step in a larger journey.

Highlighting that many opportunities lie ahead, both in future examinations and in the many avenues through in which individuals can contribute to the nation, the Prime Minister extended his best wishes to them for the road ahead.

The Prime Minister wrote on X;

“Congratulations to all those who have successfully cleared the Civil Services Examination, 2025. Their dedication, perseverance and hard work have led to this significant milestone.

Wishing them the very best as they embark on a journey of serving the nation and fulfilling the aspirations of the people.”

“To those who may not have secured the desired outcome in the Civil Services Examination, I understand that such moments can be difficult. However, this is only one step in a larger journey. Many opportunities lie ahead, both in future examinations and in the many avenues through which you can contribute to our nation. My best wishes for the road ahead.”