প্ৰধানমন্ত্ৰীয়ে ৭ খন ৰাজ্যত বিস্তৃত প্ৰায় ৩১,০০০ কোটি টকা মূল্যৰ ৮টা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ পৰ্যালোচনা কৰে
‘’ইউএছঅ'এফ’ প্ৰকল্পৰ অধীনত 'ম'বাইল টাৱাৰ আৰু ৪জি কভাৰেজ' সন্দৰ্ভত পৰ্যালোচনা কৰে, প্ৰধানমন্ত্ৰীয়ে চলিত বিত্তীয় বৰ্ষৰ ভিতৰত সকলো অনাবৃত গাঁৱত মোবাইল টাৱাৰ স্থাপন কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক অন্তৰ্ভুক্ত কৰি সক্ৰিয় শাসন আৰু সময়মতে আঁচনিসমূহ ৰূপায়ণৰ বাবে ‘আইচিটি-আধাৰিত মাল্টি-মডেল প্লেটফৰ্ম’ ‘প্ৰগতি’ৰ আজি অনুষ্ঠিত ৪৩ সংখ্যক সংস্কৰণৰ বৈঠকত সভাপতিত্ব কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক অন্তৰ্ভুক্ত কৰি সক্ৰিয় শাসন আৰু সময়মতে আঁচনিসমূহ ৰূপায়ণৰ বাবে ‘আইচিটি-আধাৰিত মাল্টি-মডেল প্লেটফৰ্ম’ ‘প্ৰগতি’ৰ আজি অনুষ্ঠিত ৪৩ সংখ্যক সংস্কৰণৰ বৈঠকত সভাপতিত্ব কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

বৈঠকত মুঠ ৮টা প্ৰকল্পৰ পৰ্যালোচনা কৰা হয়। ইয়াৰ ভিতৰত চাৰিটা প্ৰকল্প পানী যোগান আৰু জলসিঞ্চন, ৰাষ্ট্ৰীয় ঘাইপথ সংক্ৰন্তীয়, সংযোগ সম্প্ৰসাৰণৰ বাবে দুটা প্ৰকল্প আৰু ৰে'ল আৰু মেট্ৰ' ৰে'ল সংযোগৰ সম্পৰ্কীয় দুটা প্ৰকল্প আছে। এই প্ৰকল্পসমূহৰ মুঠ ব্যয় প্ৰায় ৩১,০০০ কোটি টকা আৰু ৭ খন ৰাজ্য- বিহাৰ, ঝাৰখণ্ড, হাৰিয়ানা, উৰিষ্যা, পশ্চিম বংগ, গুজৰাট আৰু মহাৰাষ্ট্ৰৰে সম্পৰ্কিত।

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে ‘প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন পৰ্টেল’ৰ সৈতে ‘ছেটেলাইট ইমেজাৰী’-ৰ দৰে প্ৰযুক্তিৰ সংযুক্ত কৰাৰ ফলত প্ৰকল্পসমূহৰ অৱস্থান আৰু ভূমিৰ প্ৰয়োজনীয়তা সম্পৰ্কীয় ৰূপায়ণ আৰু পৰিকল্পনাৰ বিভিন্ন সমস্যা সমাধানত সহায়ক হৈ উঠিব।

ভাষণৰ মাজতে তেওঁ উচ্চ জনসাংখ্যিক-ঘনত্বৰ নগৰাঞ্চলত প্ৰকল্প ৰূপায়ণ কৰা সকলো অংশীদাৰে ‘নোডেল বিষয়া’ নিয়োগ কৰিব পাৰে আৰু উন্নত সমন্বয়ৰ বাবে ‘কৰ্মগোট’ গঠনৰ পৰামৰ্শ আগবঢ়ায়।

পুনৰ্সংস্থাপন আৰু পুনৰ্নিৰ্মাণৰ কাম যাতে সফলতাৰে সম্পন্ন কৰিব পৰা যায় সেয়া নিশ্চিত কৰাৰ বাবে জলসিঞ্চন প্ৰকল্পসমূহৰ অংশীদাৰসকলৰ ভ্ৰমণৰ আয়োজন কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে। এনে প্ৰকল্পৰ পৰিৱৰ্তনশীল প্ৰভাৱো দেখুওৱাব পৰা যাব। এই পদক্ষেপে অংশীদাৰসকলক প্ৰকল্পসমূহৰ খৰতকীয়া কাৰ্যকৰীকৰণৰ বাবে অনুপ্ৰাণিত কৰিব পাৰে। 

বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে 'ইউএছঅ'এফ প্ৰকল্প’ৰ অধীনত ‘মোবাইল টাৱাৰ আৰু ৪জি কভাৰেজ'ৰ পৰ্যালোচনা কৰে। ‘ইউনিভাৰ্ছেল ছাৰ্ভিচ অব্লিগেশ্যন ফাণ্ড’ (ইউএছওএফ)ৰ অধীনত সম্পূৰ্ণ ৰূপে মোবাইল সংযোগ সম্ভৱ কৰিবলৈ ২৪,১৪৯টা টাৱাৰৰে ৩৩,৫৭৩ খন গাঁও সামৰি ল’ব লাগিব। প্ৰধানমন্ত্ৰীয়ে চলিত বিত্তীয় বৰ্ষৰ ভিতৰতে সকলো অনাবৃত গাঁৱত সংশ্লিষ্ট সকলো অংশীদাৰৰ সৈতে নিয়মীয়া বৈঠকৰ জৰিয়তে ‘মোবাইল টাৱাৰ’ স্থাপন কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়। ই দূৰৱৰ্তী অঞ্চলবোৰসমূহত পূৰ্ণ শতাংশ হাৰত মোবাইলৰ ‘কভাৰেজ’ নিশ্চিত কৰিব।

‘প্ৰগতি’ৰ ৪৩ সংখ্যক সংস্কৰণৰ বৈঠক পৰ্যন্ত  মুঠ ১৭.৩৬ লাখ কোটি টকা ব্যয়সাপেক্ষ ৩৪৮টা প্ৰকল্পৰ পৰ্যালোচনা কৰা হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches ORV Sagar Manthan, boosting ocean research fleet

Media Coverage

India launches ORV Sagar Manthan, boosting ocean research fleet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 ছেপ্টেম্বৰ 2026
September 10, 2026

Beyond Metros, Beyond Borders: How India Is Rewriting Its Growth Story Under PM Modi