প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰগতি বৈঠকত পৌৰহিত্য কৰে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ জড়িতকৰণেৰে অধিক-সক্ৰিয় শাসনকাৰ্য্য আৰু সময়োচিত ৰূপায়ণৰ অৰ্থে আইচিটি নিৰ্ভৰ মাল্টি-মডেল প্লেটফৰ্ম প্ৰগতিত এয়া প্ৰধানমন্ত্ৰীৰ তেত্ৰিশ সংখ্যক বাৰ্তালাপ।

আজিৰ প্ৰগতি বৈঠকত, বহু প্ৰকল্প, অভিযোগ আৰু কাৰ্য্যক্ৰম সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। এই প্ৰকল্পসমূহ ৰেল মন্ত্ৰালয়, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয় (MORTH), উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্য প্ৰোৎসাহন মন্ত্ৰালয় (DPIIT) আৰু শক্তি মন্ত্ৰালয়ে ৰূপায়ণ কৰিছে। ১.৪১ লাখ কোটি টকা মুঠ ব্যয় সাপেক্ষে এই প্ৰকল্পসমূহ দহ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে জড়িত যথাঃ উৰিষ্যা, মহাৰাষ্ট্ৰ, কৰ্ণাটক, উত্তৰ প্ৰদেশ, জম্মু-কাশ্মীৰ, গুজৰাট, হাৰিয়ানা, মধ্য প্ৰদেশ, ৰাজস্থান আৰু দাদৰা-নগৰ হাভেলী। প্ৰধানমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাখনৰ সংশ্লিষ্ট সচিব আৰু ৰাজ্য চৰকাৰসমূহৰ মুখ্য সচিবসকলক নিৰ্ধাৰিত সময়ৰ পূৰ্বেই কাম সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়।

বৈঠকৰ মাজতে, ক’ভিড-১৯ আৰু প্ৰধান মন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ) সম্পৰ্কীয় অভিযোগসমূহৰ প্ৰসংগই ঠাই পায়। প্ৰধান মন্ত্ৰী স্বনিধি, কৃষি সংস্কাৰ আৰু ৰপ্তানি কেন্দ্ৰ হিচাপে জিলাসমূহৰ উন্নয়ন সাধনৰ প্ৰসংগত পৰ্যালোচনা কৰা হয়। প্ৰধানমন্ত্ৰীয়ে তদুপৰি ৰাজ্যসমূহক ষ্টেট এক্সপ’ৰ্ট ষ্ট্ৰেটেজী যুগুত কৰি উলিয়াবলৈ কয়।

প্ৰধানমন্ত্ৰীয়ে অভিযোগ নিষ্পত্তিৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে আৰু কয় যে এনে নিষ্পত্তিসমূহৰ মাথো পৰিমাণতেই নহয়, ইয়াৰ মানতো সমানেই গুৰুত্ব প্ৰদান কৰা উচিত। তেখেতে তদুপৰি উল্লেখ কৰে যে কাৰ্যকৰীকৰণৰ যোগেদিহে মাথো সংস্কাৰ লাভজনক হৈ উঠে আৰু দেশখনক ৰূপান্তৰিত কৰিবলৈ ইয়াৰ প্ৰয়োজনীয়তা অধিক।

পূৰ্বৰ ৩২ খন এনে বৈঠকত, ১২.৫ লাখ কোটি টকা মূল্যৰ মুঠ ২৭৫ টি প্ৰকল্পৰ পৰ্যালোচনা কৰা যায়, য’ত ৪৭ কাৰ্যক্ৰম/আঁচনি আৰু ১৭ টা খণ্ডৰ অভিযোগসমূহে স্থান লাভ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
 PLI schemes attract over Rs 2.16 lakh crore investment, generate 14.39 lakh jobs

Media Coverage

PLI schemes attract over Rs 2.16 lakh crore investment, generate 14.39 lakh jobs
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 মাৰ্চ 2026
March 27, 2026

Relief, Revival & Rise: How PM Modi is Building a Modern, Rooted & Self-Reliant India