পিপ্ৰহৱাৰ অৱশেষৰ প্ৰদৰ্শনী আমাৰ ভগৱান বুদ্ধৰ উদাৰ চিন্তাধাৰাক অধিক জনপ্ৰিয় কৰাৰ অংগীকাৰেৰে সংগতিপূৰ্ণঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬-ৰ ৩ জানুৱাৰীত দিনৰ ১১ বজাত নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক কমপ্লেক্সত “দ্য লাইট এণ্ড দ্য লটাছঃ ৰেলিক্স অৱ দ্য এৱেকেণ্ড ওৱান” শীৰ্ষক পবিত্ৰ পিপ্ৰহৱাৰ অৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে আজি সংস্কৃতি আৰু বৌদ্ধ ধৰ্মৰ প্ৰতি আগ্ৰহী সকলোকে প্ৰদৰ্শনীখন দৰ্শনেৰে পিপ্ৰহৱাৰ পবিত্ৰ ঐতিহ্যৰ অভিজ্ঞতা লাভ কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰদৰ্শনীত এশ বছৰৰো অধিক সময়ৰ পাছত ঘূৰাই অনা পিপ্ৰহৱাৰ অৱশেষসমূহ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয় আৰু কলকাতাৰ ভাৰতীয় সংগ্ৰহালয়ত সংৰক্ষিত পিপ্ৰহৱাৰ প্ৰামাণিক অৱশেষ আৰু প্ৰত্নতাত্ত্বিক সমলসমূহ প্ৰদৰ্শিত কৰা হ’ব।

এক্স-ৰ এলানি প’ষ্টত শ্ৰী মোদীয়ে কয়ঃ

“কাইলৈ অৰ্থাৎ ৩ জানুৱাৰী হৈছে ইতিহাস, সংস্কৃতি আৰু ভগৱান বুদ্ধৰ আদৰ্শৰাজিৰ প্ৰতি আগ্ৰহীসকলৰ বাবে এটা অতিশয় বিশেষ দিন।

মই কাইলৈ দিনৰ ১১ বজাত দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক কমপ্লেক্সত “দ্য লাইট এণ্ড দ্য লটাছঃ ৰেলিক্স অৱ দ্য এৱেকেণ্ড ওৱান” শীৰ্ষক ভগৱান বুদ্ধৰ স্মৃতি বিজড়িত পবিত্ৰ পিপ্ৰহৱাৰ অৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰিম।

এই প্ৰদৰ্শনীত প্ৰদৰ্শিত হ’বঃ

এশ বছৰৰো অধিক সময়ৰ পাছত ঘূৰাই অনা পিপ্ৰহৱাৰ অৱশেষসমূহ।

নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয় আৰু কলকাতাৰ ভাৰতীয় সংগ্ৰহালয়ত সংৰক্ষিত পিপ্ৰহৱাৰ প্ৰামাণিক অৱশেষ আৰু প্ৰত্নতাত্ত্বিক সমলসমূহ।”

“পিপ্ৰহৱাৰ অৱশেষৰ প্ৰদৰ্শনী আমাৰ ভগৱান বুদ্ধৰ উদাৰ চিন্তাধাৰাক অধিক জনপ্ৰিয় কৰাৰ অংগীকাৰেৰে সংগতিপূৰ্ণ। আমাৰ যুৱক-যুৱতী আৰু আমাৰ চহকী সংস্কৃতিৰ মাজৰ বন্ধনক অধিক গভীৰ কৰাৰ অৰ্থে এই প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। মই এই অৱশেষসমূহ ঘূৰাই অনাৰ ক্ষেত্ৰত কাম কৰা প্ৰতিজন ব্যক্তিৰে শলাগ লৈছো।”

“মই ইয়াত দিল্লীত আয়োজিত পবিত্ৰ পিপ্ৰহৱাৰ অৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ আভাস দাঙি ধৰিছো। মই সংস্কৃতি আৰু বৌদ্ধ ধৰ্মৰ প্ৰতি আগ্ৰহী সকলোকে এই প্ৰদৰ্শনীলৈ আহিবলৈ আহ্বান জনাইছো।”

 

 

“Here are glimpses from the Grand International Exposition of Sacred Piprahwa Relics in Delhi. I call upon all those passionate about culture and Buddhism to come to this Exposition.”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Boost to small exporters, MSMEs as govt removes Rs 10-lakh cap on courier trade

Media Coverage

Boost to small exporters, MSMEs as govt removes Rs 10-lakh cap on courier trade
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 এপ্ৰিল 2026
April 03, 2026

India’s Sweet, Fast & High-Tech Revolution: FY26 Milestones That Signal Viksit Bharat Has Arrived