নৱৰাত্ৰীৰ সময়ত আমাৰ সামজৰ প্ৰতিগৰাকী ব্যক্তিৰ মনত ভাতৃত্ববোধ আৰু কৰুণাৰ ভাৱনা বৰ্দ্ধিত কৰাৰ আৱাহনৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভক্তসকলৰ বাবে আশীৰ্বাদ বিচাৰি আই কাত্যায়নীৰ ওচৰত প্ৰণিপাত জনায়।
এক বাৰ্তাত, প্ৰধানমন্ত্ৰীয়ে কয়,
“মই আই কাত্যায়নীৰ ওচৰত সশ্ৰদ্ধ প্ৰণিপাত জনাইছো। আমাৰ সকলোৰে ওপৰত যেন তেওঁ আশীস বৰষি থাকে আৰু সেই আশীৰ্বাদৰ জোৰতে আমাৰ সমাজত ভাতৃত্ববোধ আৰু কৰুণাৰ ধাৰা প্ৰবাহিত হৈ ৰয়”।
I bow to Maa Katyayani. May her blessings remain upon us and may they further the spirit of brotherhood and compassion in our society. pic.twitter.com/5G8UFKfrUJ
— Narendra Modi (@narendramodi) October 11, 2021


