আজি নাছিক ধাম - পঞ্চৱতীৰ পৰা এই কাৰ্যসূচী শুভাৰম্ভ কৰিব
"মই আৱেগত আপ্লুত হৈ পৰিছো! মোৰ জীৱনত প্ৰথমবাৰৰ বাবে, মই এনে অনুভূতিৰ মাজেৰে পাৰ হৈছো"
"ঈশ্বৰে মোক ভাৰতৰ সকলো লোকক প্ৰতিনিধিত্ব কৰাৰ সঁজুলি হিচাপে তৈয়াৰ কৰিছে। এইটো এটা বৃহৎ দায়িত্ব"
"প্ৰাণ প্ৰতিষ্ঠাৰ মুহূৰ্তটো আমাৰ সকলোৰে বাবে এক অংশীদাৰী অভিজ্ঞতা হ'ব। মই মোৰ লগতে ৰাম মন্দিৰৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা অগণন ব্যক্তিৰ অনুপ্ৰেৰণা মোৰ সৈতে লৈ যাম"
সেয়েহে, আধ্যাত্মিক যাত্ৰাৰ কেতবোৰ ধাৰ্মিক আত্মা আৰু মহাপুৰুষৰ পৰা মই লাভ কৰা পৰামৰ্শ অনুসৰি আৰু তেওঁলোকে পৰামৰ্শ দিয়া 'যম-নিয়াম' অনুসৰি, মই আজিৰে পৰা ১১ দিনৰ এক বিশেষ ধৰ্মীয় ৰীতি-নীতি আৰম্ভ কৰিছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ জানুৱাৰীত অযোধ্যা ধামৰ মন্দিৰত শ্ৰী ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে ১১ দিনীয়া বিশেষ অনুষ্ঠানৰ শুভাৰম্ভ কৰিছে। "এইটো এটা বৃহৎ দায়িত্ব। আমাৰ শাস্ত্ৰত কোৱাৰ দৰে, আমি যজ্ঞ আৰু ঈশ্বৰৰ উপাসনাৰ বাবে নিজৰ মাজত ঐশ্বৰিক চেতনা জাগ্ৰত কৰিব লাগিব। ইয়াৰ বাবে শাস্ত্ৰত উপবাস আৰু কঠোৰ নিয়ম নিৰ্ধাৰণ কৰা হৈছে, যিসমূহ অভিশেষৰ পূৰ্বে পালন কৰিব লাগিব। সেয়েহে, আধ্যাত্মিক যাত্ৰাৰ কেতবোৰ ধাৰ্মিক আত্মা আৰু মহাপুৰুষৰ পৰা মই লাভ কৰা পৰামৰ্শ অনুসৰি আৰু তেওঁলোকে পৰামৰ্শ দিয়া 'যম-নিয়াম' অনুসৰি, মই আজিৰে পৰা ১১ দিনৰ এক বিশেষ ধৰ্মীয় ৰীতি-নীতি আৰম্ভ কৰিছোঁ।"

এটা আৱেগিক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে ৰাম ভক্তিয়ে সমগ্ৰ দেশক নিমজ্জিত কৰাৰ অনুভূতিৰ কথা উল্লেখ কৰিছে। এই মুহূৰ্তক সৰ্বশক্তিমানৰ আশীৰ্বাদ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "মই আৱেগত আপ্লুত হৈ পৰিছো! মোৰ জীৱনত প্ৰথমবাৰৰ বাবে, মই এনে অনুভূতিৰ মাজেৰে পাৰ হৈছো, মই ভক্তিৰ এক অনন্য অনুভূতি অনুভৱ কৰি আছো। মোৰ আভ্যন্তৰীণ আত্মাৰ এই আৱেগিক যাত্ৰাটো কোনো অভিব্যক্তিৰ সুযোগ নহয় বৰং অভিজ্ঞতাৰ বাবেহে। মই বিচৰা ধৰণে, মই ইয়াৰ গভীৰতা আৰু তীব্ৰতা শব্দৰে প্ৰকাশ কৰিবলৈ অপাৰগ। আপোনালোকে মোৰ পৰিস্থিতিও ভালদৰে বুজিব পাৰিব।"

প্ৰধানমন্ত্ৰী মোদীয়ে এই সুযোগৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে, "বহু প্ৰজন্মই তেওঁলোকৰ হৃদয়ত বহু বছৰ ধৰি এক সংকল্পৰ দৰে জীয়াই থকাৰ সপোনটো পূৰণ হ’বলৈ যোৱাৰ শুভক্ষণত উপস্থিত থাকিবলৈ পোৱাতো মোৰ সৌভাগ্য। ঈশ্বৰে মোক ভাৰতৰ সকলো লোকক প্ৰতিনিধিত্ব কৰাৰ এটা সঁজুলি হিচাপে তৈয়াৰ কৰিছে। এইটো এটা বৃহৎ দায়িত্ব।"

এই প্ৰতিশ্ৰুতিৰ বাবে প্ৰধানমন্ত্ৰীয়ে দেশৰ জনসাধাৰণক, ঋষি আৰু ভগৱানৰ আশীৰ্বাদ বিচৰাৰ লগতে আনন্দ প্ৰকাশ কৰি কয় যে তেওঁ নাছিক ধাম- পঞ্চৱতীৰ পৰা এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব য'ত ভগৱান ৰামে জীৱনৰ গুৰুত্বপূৰ্ণ সময় অতিবাহিত কৰিছিল। তেওঁ আজি স্বামী বিবেকানন্দ আৰু মাতা জিজাবাইৰ জয়ন্তীৰ কাকতালীয় ঘটনাৰ কথাও উল্লেখ কৰে আৰু ৰাষ্ট্ৰীয় চেতনাৰ দুয়োগৰাকী বিশিষ্ট ব্যক্তিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে এই মুহূৰ্তত তেওঁৰ নিজৰ মাতৃকো স্মৰণ কৰে যি সদায় সীতা-ৰামৰ প্ৰতি ভক্তিৰে পূৰ্ণ হৈ আছিল।

ভগৱান ৰামৰ ভক্তসকলৰ বলিদানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, "শাৰীৰিকভাৱে মই সেই পৱিত্ৰ মুহূৰ্তটোৰ সাক্ষী হ'ম, কিন্তু মোৰ মনত, মোৰ হৃদয়ৰ প্ৰতিটো স্পন্দনত ১৪০ কোটি ভাৰতীয় মোৰ সৈতে থাকিব। আপোনালোক সকলো মোৰ সৈতে থাকিব... প্ৰতিগৰাকী ৰাম ভক্ত মোৰ সৈতে থাকিব। আৰু সেই শুভক্ষণটো আমাৰ সকলোৰে বাবে বিশেষ অভিজ্ঞতা হ'ব। মই মোৰ সৈতে লম ৰাম মন্দিৰৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা অগণন ব্যক্তিত্বৰ অনুপ্ৰেৰণা মোৰ সৈতে থাকিব।"

প্ৰধানমন্ত্ৰীয়ে দেশবাসীক তেওঁৰ সৈতে জড়িত হ'বলৈ আহ্বান জনাই আৰু জনসাধাৰণৰ আশীৰ্বাদ বিচাৰে। "আমি সকলোৱে এই সত্য জানো যে ঈশ্বৰ 'নিৰাকাৰ'। কিন্তু ঈশ্বৰে শাৰীৰিক ৰূপতো আমাৰ আধ্যাত্মিক যাত্ৰা শক্তিশালী কৰে। মই ব্যক্তিগতভাৱে দেখিছোঁ আৰু অনুভৱ কৰিছো যে মানুহৰ মাজতো ঈশ্বৰৰ প্ৰকাৰ আছে। কিন্তু যেতিয়া মোৰ বাবে ঈশ্বৰৰ দৰে লোকসকলে তেওঁলোকৰ অনুভূতিবোৰ শব্দত প্ৰকাশ কৰে আৰু আশীৰ্বাদ দিয়ে, তেতিয়া মোৰ মাজত নতুন শক্তি সঞ্চাৰিত হয়। আজি মোক আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন", প্ৰধানমন্ত্ৰীয়ে কয়।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From SHGs to drone technology: Inside India's growing push for women's economic empowerment

Media Coverage

From SHGs to drone technology: Inside India's growing push for women's economic empowerment
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Team India on winning the ICC Men’s T20 World Cup
March 08, 2026

The Prime Minister, Shri Narendra Modi, has congratulated the Indian cricket team on winning the ICC Men’s T20 World Cup. Shri Modi said that remarkable triumph reflects exceptional skills, determination and teamwork. He noted that the team showed outstanding grit through the tournament.

The Prime Minister added that the victory has filled every Indian heart with pride and joy.

In a post on X, the Prime Minister said;

“Champions!

Congratulations to the Indian team on winning the ICC Men’s T20 World Cup!

This remarkable triumph reflects exceptional skills, determination and teamwork. They have shown outstanding grit through the tournament.

This victory has filled every Indian heart with pride and joy.

Well done, Team India!”