প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু অন্যান্য আৱাস যোজনাৰ অধীনত সমগ্ৰ গুজৰাটত নিৰ্মিত ১.৩ লাখৰো অধিক ঘৰৰ উদ্বোধন আৰু ভূমি পূজন সম্পন্ন কৰে
“ইমান বৃহৎ সংখ্যক আপোনালোকৰ আশীৰ্বাদে আমাৰ সংকল্পক আৰু অধিক শক্তিশালী কৰে”
“আজিৰ সময় ইতিহাস ৰচাৰ সময়”
“আমাৰ চৰকাৰৰ প্ৰচেষ্টা যাতে সকলোৰে মূৰৰ ওপৰত পকা ছাদ থাকে।”
“প্ৰতিজন নাগৰিকে বিচাৰে যে আগন্তুক ২৫ বছৰত ভাৰত এখন বিকশিত ৰাষ্ট্ৰ হওক, ইয়াৰ বাবে সকলোৱে সম্ভৱপৰ অৱদান আগবঢ়াইছে।”
“দ্ৰুত গতিত ঘৰ নিৰ্মাণ কৰিবলৈ আমাৰ আৱাস যোজনাসমূহত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰি থকা হৈছে”
তেওঁ এনে ভব্য বিনিয়োগ কাৰ্যসূচী অৰ্থাৎ ভাইব্ৰেণ্ট গুজৰাটৰ আয়োজন কৰাৰ বাবে গুজৰাটৰ প্ৰশংসা কৰে।
তেওঁ অলপতে সম্পন্ন ভাইব্ৰেণ্ট গুজৰাটত নিজৰ অংশগ্ৰহণৰ কথা স্মৰণ কৰে, যি ২০ বছৰ সম্পূৰ্ণ কৰিছে
তেওঁ কয় যে ব্ৰিটিছ যুগৰ পৰা বাকী থকা আহমেদাবাদৰ পৰা আবু ৰোডলৈ ব্ৰডগজ লাইনে বৃহৎ সংখ্যক কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘বিকশিত ভাৰত বিকশিত গুজৰাট’ কাৰ্যসূচীত ভাষণ দিয়ে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু অন্যান্য আৱাস যোজনাৰ অধীনত সমগ্ৰ গুজৰাটত নিৰ্মিত ১.৩ লাখৰো অধিক ঘৰৰ উদ্বোধন আৰু ভূমি পূজন সম্পন্ন কৰে। তেওঁ আৱাস যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময়ো কৰে।

সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সুখ প্ৰকাশ কৰে যে গুজৰাটৰ প্ৰতিটো প্ৰান্তৰ লোক গুজৰাটৰ বিকাশ যাত্ৰাৰ সৈতে জড়িত হৈ আছে। তেওঁ অলপতে সম্পন্ন ভাইব্ৰেণ্ট গুজৰাটত নিজৰ অংশগ্ৰহণৰ কথা স্মৰণ কৰে, যি ২০ বছৰ সম্পূৰ্ণ কৰিছে। তেওঁ এনে ভব্য বিনিয়োগ কাৰ্যসূচী অৰ্থাৎ ভাইব্ৰেণ্ট গুজৰাটৰ আয়োজন কৰাৰ বাবে গুজৰাটৰ প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে দুখীয়াৰ বাবে তেওঁলোকৰ নিজা ঘৰ থকাটোৱেই তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ গেৰাণ্টী। কিন্তু সময় পাৰ হোৱাৰ লগে লগে আৰু পৰিয়াল বাঢ়িবলৈ আৰম্ভ কৰাত প্ৰধানমন্ত্ৰীয়ে প্ৰতিজন দৰিদ্ৰৰ বাবে নতুনকৈ ঘৰ নিৰ্মাণৰ চৰকাৰৰ প্ৰচেষ্টাত গুৰুত্ব আৰোপ কৰে আৰু সেই ১.২৫ লাখ লোকৰ কথা উল্লেখ কৰে যাৰ ভূমি পূজন আজি কৰা হয়। তেওঁ আজি নতুন ঘৰ পোৱা সকলো পৰিয়ালকে অভিনন্দন জ্ঞাপন কৰে আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে। শ্ৰী মোদীয়ে কয়, "যেতিয়া ইমান বৃহৎ পৰিসৰৰ কাম সম্পূৰ্ণ হয়, তেতিয়া দেশখনে ইয়াক ‘মোদী কি গেৰাণ্টী' বুলি কয়, যাৰ অৰ্থ হৈছে গেৰাণ্টী সম্পূৰ্ণ হোৱাৰ গেৰাণ্টী।"

 

প্ৰধানমন্ত্ৰীয়ে আজিৰ অনুষ্ঠানৰ আয়োজনৰ শলাগ লয় য'ত ৰাজ্যৰ ১৮০ৰো অধিক স্থানৰ পৰা বহু লোক একত্ৰিত হয়। তেওঁ কয়, “আপোনালোকৰ ইমান বৃহৎ সংখ্যক আশীৰ্বাদে আমাৰ সংকল্পক আৰু অধিক শক্তিশালী কৰে।" অঞ্চলটোত পানীৰ অভাৱৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে ‘প্ৰতিটোপালত অধিক শস্য’ আৰু ড্ৰিপ জলসিঞ্চনৰ দৰে পদক্ষেপৰ কথা উল্লেখ কৰে, যাৰ ফলত বানাস্কান্তা, মেহছানা, আম্বাজী আৰু পাতনত খেতি কৰাত সহায় হৈছে। তেওঁ কয় যে আম্বাজীত উন্নয়নৰ দিশত যি প্ৰচেষ্টা চলোৱা হৈছে, তাৰ ফলত তীৰ্থযাত্ৰীৰ সংখ্যা ব্যাপকভাৱে বৃদ্ধি পাব। তেওঁ কয় যে ব্ৰিটিছ যুগৰ পৰা বাকী থকা আহমেদাবাদৰ পৰা আবু ৰোডলৈ ব্ৰডগজ লাইনে বৃহৎ সংখ্যক কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব।

নিজৰ গাঁও বদনগৰৰ বিষয়ে কৈ প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকৈ উদ্ধাৰ হোৱা ৩ হাজাৰ বছৰ পুৰণি প্ৰাচীন সামগ্ৰীৰ কথা উল্লেখ কৰে যিয়ে বৃহৎ সংখ্যক পৰ্যটকক আকৰ্ষণ কৰি আছে। তেওঁ হাটকেশ্বৰ, আম্বাজী, পাতন আৰু তৰংগাজীৰ দৰে ঠাইৰ কথা উল্লেখ কৰি কয় যে উত্তৰ গুজৰাট ক্ৰমান্বয়ে ষ্টেচু অৱ ইউনিটিৰ দৰে পৰ্যটন কেন্দ্ৰলৈ পৰিণত হৈছে।

নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সফল আয়োজন, য'ত মোদীৰ গেৰাণ্টীৰ গাড়ী দেশৰ লাখ লাখ গাঁৱলৈ গৈছে সেই কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গুজৰাটৰ কোটি কোটি জনসাধাৰণে এই যাত্ৰাত যোগদান কৰক। তেওঁ দেশত ২৫ কোটি জনসাধাৰণক দৰিদ্ৰতাৰ পৰা উলিয়াই অনাত সহায় কৰা বাবে চৰকাৰৰ প্ৰচেষ্টাক শলাগ লয় আৰু লগতে আঁচনিসমূহৰ সুবিধা ল’বলৈ, বুদ্ধিমানৰূপে ধন পৰিচালনা কৰিবলৈ আৰু দৰিদ্ৰতা নিৰ্মূলৰ সৈতে জড়িত আঁচনি অনুসৰি, নিজৰ জীৱন গঢ়া লোকসকলৰো প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰি হিতাধিকাৰীসকলক আগবাঢ়ি আহি এই পদক্ষেপক সমৰ্থন কৰিবলৈ আৰু দৰিদ্ৰতা নিৰ্মূলত অৰিহণা যোগাবলৈ আহ্বান জনায়। আজি পুৱা হিতাধিকাৰীসকলৰ সৈতে হোৱা নিজৰ বাৰ্তালাপৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ আত্মবিশ্বাসৰ শলাগ লয়। এই আত্মবিশ্বাস তেওঁলোকৰ নতুন ঘৰখনে বৃদ্ধি কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয়, “আজিৰ সময় ইতিহাস ৰচাৰ সময়।” তেওঁ এই কালখণ্ডৰ তুলনা স্বদেশী আন্দোলন, ভাৰত ত্যাগ আন্দোলন আৰু দাণ্ডি মাৰ্চৰ কালখণ্ডৰ সৈতে কৰে, যেতিয়া স্বাধীনতা প্ৰাপ্তি প্ৰতিজন নাগৰিকৰ লক্ষ্য হৈ পৰিছিল। তেওঁ কয় যে বিকশিত ভাৰতৰ নিৰ্মাণ দেশৰ বাবে এক উমৈহতীয়া সংকল্পত পৰিণত হৈছে। তেওঁ ‘ৰাজ্যৰ প্ৰগতিৰ জৰিয়তে ৰাষ্ট্ৰীয় বিকাশ’ৰ গুজৰাটৰ দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে আজিৰ এই কাৰ্যসূচী বিকশিত ভাৰতৰ বাবে বিকশিত গুজৰাটৰ এক অংশ।

প্ৰধানমন্ত্ৰীয়ে পিএম আৱাস যোজনাত গুজৰাটে কৰা অগ্ৰগতিৰ বিষয়ে আলোচনা কৰি কয় যে ৰাজ্যখনৰ নগৰ অঞ্চলত ৯ লাখৰো অধিক ঘৰ নিৰ্মাণ কৰা হৈছে। প্ৰধানমন্ত্ৰী আৱাস-গ্ৰামিনৰ অধীনত গ্ৰামাঞ্চলত ৫ লাখৰো অধিক ঘৰ নিৰ্মাণ কৰা হৈছে। তেওঁ কয় যে গুণগত মান আৰু ক্ষীপ্ৰ নিৰ্মাণ সুনিশ্চিত কৰিবলৈ নতুন প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে। তেওঁ লাইটহাউছ প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা প্ৰায় ১১০০ ঘৰৰ কথাও কয়।

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে পুনৰ কয় যে ২০১৪ চনৰ আগৰ তুলনাত দুখীয়াৰ বাবে গৃহ নিৰ্মাণ অধিক দ্ৰুত হাৰত কৰা হৈছে। দৰিদ্ৰ লোকৰ বাবে গৃহ নিৰ্মাণৰ বাবে পূর্বে কম পুঁজি আৰু কমিচন আদিৰ ৰূপত লিকেজ হোৱাৰ কথা আঙুলিয়াই প্ৰধানমন্ত্ৰীয়ে কয় যে দৰিদ্ৰ লোকৰ ঘৰৰ বাবে হস্তান্তৰ কৰা ধনৰাশি এতিয়া ২.২৫ লাখতকৈ অধিক আৰু মধ্যভোগী নোহোৱা কৰি ধন পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হৈছে। তেওঁ লগতে শৌচাগাৰ, টেপৰ পানী সংযোগ, বিদ্যুৎ আৰু গেছ সংযোগৰ যোগানৰ লগতে পৰিয়ালসমূহৰ প্ৰয়োজন অনুসৰি ঘৰ নিৰ্মাণৰ স্বাধীনতাৰ বিষয়েও কয়। তেওঁ কয়, "এই সুবিধাসমূহে দৰিদ্ৰ লোকসকলক ধন সঞ্চয় কৰাত সহায় কৰিছে।" প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে এই কথাতো জোৰ দি কয় যে এতিয়া মহিলাৰ নামত ঘৰ পঞ্জীয়ন কৰা হৈছে, যাৰ ফলত তেওঁলোক গৃহিণী হৈ পৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে দৰিদ্ৰ, যুৱক-যুৱতী, কৃষক আৰু মহিলাসকল বিকশিত ভাৰতৰ আধাৰ স্তম্ভ, সেয়েহে তেওঁলোকৰ সৱলীকৰণ চৰকাৰৰ সৰ্বোচ্চ দায়বদ্ধতা। তেওঁ জোৰ দি কয় যে ‘দৰিদ্ৰ’ত প্ৰতিটো সম্প্ৰদায়কে সামৰি লোৱা হৈছে। কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ আঁচনিসমূহৰ সুফল সকলোৰে মাজলৈ গৈ আছে। তেওঁ কয়, "মোদী সেইসকল লোকৰ বাবে গেৰাণ্টী হৈ পৰিছে যাৰ ওচৰত কোনো গেৰাণ্টী নাছিল।" তেওঁ মুদ্ৰা যোজনাৰ কথাও উল্লেখ কৰে য’ত প্ৰতিটো সম্প্ৰদায়ৰ উদ্যোগীয়ে গেৰাণ্টী অবিহনে ঋণ লাভ কৰিব পাৰে। একেদৰে বিশ্বকৰ্মা আৰু ৰাজপথৰ ব্যৱসায়ীসকলকো আৰ্থিক সাহায্য আৰু দক্ষতা প্ৰদান কৰা হৈছে। তেওঁ কয়, "প্ৰতিটো গৰীব কল্যাণ যোজনাৰ সৰ্ববৃহৎ হিতাধিকাৰী হৈছে দলিত, অন্যান্য পিছপৰা শ্ৰেণী আৰু জনজাতীয় পৰিয়াল। যদি মোদীৰ গেৰাণ্টীৰ পৰা কাৰোবাৰ আটাইতকৈ বেছি লাভ হৈছে, তেন্তে এই পৰিয়ালসমূহৰ হৈছে।"

প্ৰধানমন্ত্ৰীয়ে কয়, "মোদীয়ে লাখপতি দিদি সৃষ্টি কৰাৰ গেৰাণ্টী দিছে।" তেওঁ কয় যে ইতিমধ্যে দেশত ১ কোটি লাখপতি দিদিৰ ঘৰ আছে, য’ত গুজৰাটৰ বহু সংখ্যক মহিলাও অন্তৰ্ভুক্ত। তেওঁ আগন্তুক কেইটামান বছৰত ৩ কোটি লাখপতি দিদি সৃষ্টিৰ বাবে চৰকাৰৰ প্ৰচেষ্টাক পুনৰবাৰ উল্লেখ কৰি কয় যে ইয়াৰ দ্বাৰা দৰিদ্ৰ পৰিয়ালসমূহ বহু পৰিমাণে সবল হৈ উঠিব। তেওঁ আশা আৰু অংগনৱাড়ী কৰ্মীসকলৰ কথাও উল্লেখ কৰে যাক এইবাৰৰ বাজেটত আয়ুষ্মান আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছে।

 

প্ৰধানমন্ত্ৰীয়ে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ খৰচ হ্ৰাস কৰাত চৰকাৰে গুৰুত্ব দিয়াৰ কথা বিশেষভাৱে কয়। তেওঁ বিনামূলীয়া ৰেচন, চিকিৎসালয়ত সস্তা চিকিৎসাৰ সুবিধা, কম খৰচী ঔষধ, সস্তা মোবাইল ফোন বিল, উজ্জ্বলা আঁচনিৰ অধীনত গেছ চিলিণ্ডাৰ আৰু বিদ্যুতৰ বিল হ্ৰাস কৰা এলইডি বাল্বৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে বিদ্যুতৰ বিল হ্ৰাস কৰা আৰু অতিৰিক্ত বিদ্যুতৰ পৰা উপাৰ্জন কৰিবলৈ ১ কোটি ঘৰৰ বাবে ৰুফটপ ছ'লাৰ যোজনাৰ কথাও কয়। তেওঁ কয় যে এই আঁচনিৰ অধীনত প্ৰায় ৩০০ ইউনিট বিদ্যুৎ বিনামূলীয়া হ’ব আৰু চৰকাৰে প্ৰতি বছৰে হাজাৰ হাজাৰ টকাৰ বিদ্যুৎ ক্ৰয় কৰিব। মধেৰাত নিৰ্মিত সৌৰ গাঁওখনৰ বিষয়ে আলোচনা কৰি প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে এনে বিপ্লৱ এতিয়া সমগ্ৰ দেশতে দেখা যাব। তেওঁ বন্যাৰ্ত মাটিত সৌৰ পাম্প আৰু সৰু সৰু সৌৰ উদ্যোগ স্থাপনৰ ক্ষেত্ৰত কৃষকসকলক চৰকাৰে সহায় কৰা সন্দৰ্ভতো আলোচনা কৰে। তেওঁ কয় যে গুজৰাটতো সৌৰশক্তিৰ জৰিয়তে কৃষকসকলক সুকীয়াকৈ ফিডাৰ দিয়াৰ কাম চলি আছে, যাতে কৃষকসকলে দিনৰ ভাগতো জলসিঞ্চনৰ বাবে বিদ্যুৎ লাভ কৰিব পাৰে।

এই কথাৰ ওপৰত বিশেষ জোৰ দি কয় যে গুজৰাটক এখন ব্যৱসায়িক ৰাজ্য হিচাপে চিনাক্ত কৰা হৈছে আৰু ইয়াৰ উন্নয়ন যাত্ৰাই ঔদ্যোগিক বিকাশৰ বাবে নতুন গতি লাভ কৰিছে, প্ৰধানমন্ত্ৰীয়ে কয় যে গুজৰাটৰ যুৱক-যুৱতীসকলৰ ওচৰত এক ঔদ্যোগিক শক্তি হোৱাত অভূতপূৰ্ব সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰীয়ে ভাষণৰ সামৰণিত কয় যে আজি গুজৰাটৰ যুৱক-যুৱতীসকলে ৰাজ্যখনক প্ৰতিটো ক্ষেত্ৰতে নতুন উচ্চতালৈ লৈ গৈছে আৰু তেওঁ সকলোকে প্ৰতিটো পদক্ষেপতে ডাবল ইঞ্জিন চৰকাৰৰ সমৰ্থনৰ আশ্বাস প্ৰদান কৰে।

পৃষ্ঠভূমি

এই কাৰ্যক্ৰম গুজৰাটৰ আটাইকেইখন জিলাত ১৮০টাতকৈও অধিক স্থানত আয়োজন কৰা হৈছে, য'ত মূল অনুষ্ঠানটো বানাস্কান্তা জিলাত আয়োজন কৰা হৈছে। ৰাজ্যজোৰা এই অনুষ্ঠানত আৱাস যোজনাসহ বিভিন্ন চৰকাৰী আঁচনিৰ হাজাৰ হাজাৰ হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্রী, গুজৰাট চৰকাৰৰ অন্যান্য মন্ত্রী, সাংসদ, বিধায়ক আৰু স্থানীয় পর্যায়ৰ প্রতিনিধিসকল উপস্থিত থাকে৷

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Second consignment of 37.5 tonnes HADR aid reaches flood-hit Nepal; India sends 47.5 tonnes of relief material in total

Media Coverage

Second consignment of 37.5 tonnes HADR aid reaches flood-hit Nepal; India sends 47.5 tonnes of relief material in total
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 আগষ্ট 2026
August 28, 2026

India’s Growth Story, Grounded: Inclusion, Exports, and Infrastructure Under One Vision of PM Modi