Launches multi language and braille translations of Thirukkural, Manimekalai and other classic Tamil literature
Flags off the Kanyakumari – Varanasi Tamil Sangamam train
“Kashi Tamil Sangamam furthers the spirit of 'Ek Bharat, Shrestha Bharat”
“The relations between Kashi and Tamil Nadu are both emotional and creative”.
“India's identity as a nation is rooted in spiritual beliefs”
“Our shared heritage makes us feel the depth of our relations”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত কাশী তামিল সংগমম, ২০২৩ উদ্বোধন কৰে। শ্ৰী মোদীয়ে কন্যাকুমাৰী – বাৰাণসী তামিল সংগমম ৰেলৰ ফ্লেগ অফ কৰি এই উপলক্ষেই থিৰুক্কুৰাল, মণিমেকালাই আৰু আন-আন ধ্ৰুপদী তামিল সাহিত্যৰ বহু ভাষিক আৰু ব্ৰেইল অনুবাদ উন্মোচন কৰে। তেখেতে প্ৰদৰ্শনী পৰিভ্ৰমণেৰে সাংস্কৃতিক অনুষ্ঠান প্ৰত্যক্ষ কৰে। কাশী তামিল সংগমমৰ লক্ষ্য হৈছে দেশৰ দুই গুৰুত্বপূৰ্ণ আৰু প্ৰাচীন শিক্ষা কেন্দ্ৰ, তামিলনাডু আৰু কাশীৰ মাজত যুগে-যুগে অব্যাহত সংযোগৰ উদযাপন, পুনৰাই দৃঢ় কৰা আৰু পুনৰ আৱিষ্কাৰ কৰা।

 

সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে অতিথি হিচাপে নহয়, বৰং পৰিয়ালৰ একো-একোজন সদস্য হিচাপে আদৰণি জনায়। তেখেতে কয় যে তামিলনাডুৰপৰা কাশীত উপস্থিত হোৱাৰ অৰ্থ এয়ে যে কেৱল ভগৱান মহাদেৱৰ এটা বাসস্থানৰপৰা আনটো বাসস্থান অৰ্থাৎ মাদুৰাই মীনাক্ষী তথা কাশী বিশালাক্ষীলৈ যাত্ৰা কৰা। তামিলনাডু আৰু কাশীবাসীৰ অনন্য স্নেহ আৰু সংযোগক আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কাশীৰ নাগৰিকৰ অতিথিপৰায়ণতাৰ শলাগ লয়। ভগৱান মহাদেৱৰ আশীৰ্বাদৰ লগতে ইয়াত অংশগ্ৰহণকাৰীসকলে কাশীৰ সংস্কৃতি, সুস্বাদু খাদ্য আৰু স্মৃতি সামৰি তামিলনাডুলৈ উভতি যাব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰদান কৰা ভাষণৰ পোন-প্ৰথমবাৰৰ বাবে তামিল ভাষাত ‘ৰিয়েল টাইম’ অনুবাদৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰত আলোকপাতেৰে ভৱিষ্যতৰ অনুষ্ঠানতো ইয়াৰ ব্যৱহাৰৰ কথা পুনৰবাৰ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কন্যাকুমাৰী – বাৰাণসী তামিল সংগমম ৰেলৰ ফ্লেগ-অফ কৰি এই উপলক্ষে তিৰুক্কুৰাল, মণিমেকালাই আৰু আন-আন ধ্ৰুপদী তামিল সাহিত্যৰ বহু ভাষিক আৰু ব্ৰেইল অনুবাদ উন্মোচন কৰে। সুব্ৰহ্মণ্য ভাৰতীৰ উদ্ধৃতিৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কাশী-তামিল সংগমমৰ স্পন্দন সমগ্ৰ দেশ আৰু বিশ্বতে বিয়পি পৰিছে।

 

শ্ৰী মোদীয়ে উল্লেখ কৰে যে মঠৰ মুৰব্বী, ছাত্ৰ-ছাত্ৰী, শিল্পী, লেখক, কাৰিকৰ আৰু পেছাদাৰীসকলকে প্ৰমুখ্য কৰি লাখ-লাখ লোকে কাশী তামিল সংগমমত আৰম্ভণিৰে পৰাই অংশগ্ৰহণ কৰি আহিছে আৰু এয়া আলোচনা তথা চিন্তাৰ আদান-প্ৰদানৰ এক ফলপ্ৰসূ মঞ্চত পৰিণত হৈছে। তেখেতে বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু চেন্নাই, আইআইটিৰ যৌথ পদক্ষেপত সন্তোষ প্ৰকাশ কৰে। উল্লেখযোগ্য যে আইআইটি, চেন্নাইয়ে বিদ্যা শক্তি পদক্ষেপৰ অধীনত বাৰাণসীৰ হাজাৰ-হাজাৰ ছাত্ৰ-ছাত্ৰীক বিজ্ঞান আৰু গণিত বিষয়ত অনলাইন সহায় আগবঢ়াইছে। শেহতীয়া এনে কাম-কাজসমূহ কাশী আৰু তামিলনাডুৰ জনসাধাৰণৰ মাজৰ আৱেগিক আৰু সৃজনিশীল বন্ধনৰ সাক্ষ্য বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “কাশী তামিল সংগমমে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱক আগুৱাই নিছে।“ একেই মনোভাৱ কাশী তেলেগু সংগমম আৰু সৌৰাষ্ট্ৰ কাশী সংগমমৰ আয়োজনৰ আঁৰতো আছিল বুলিও তেখেতে কয়। দেশৰ সকলো ৰাজভৱনত আন-আন ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰ নতুন পৰম্পৰাৰপৰাই ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱে অধিক শক্তি লাভ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে নতুন সংসদত আদিনাম সন্তসকলৰ তত্বাৱধানত ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ একে মনোভাৱ প্ৰতিফলিত কৰা পবিত্ৰ চেংগোল প্ৰতিষ্ঠাৰ কথাও ব্যক্ত কৰে। “‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ এই আত্মাৰ প্ৰবাহে আজি আমাৰ ৰাষ্ট্ৰক সমৃদ্ধ কৰিছে”, তেখেতে কয়।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ বৈচিত্ৰ্য, আধ্যাত্মিক চেতনাৰ আধাৰত গঢ় লৈ উঠিছে। মহান পাণ্ডিয়ান ৰজা পৰক্ৰম পাণ্ডিয়ানে কৈছিল যে ভাৰতৰ প্ৰতি টোপাল পানী গংগাজল আৰু দেশৰ প্ৰতিটো ভৌগোলিক অৱস্থানেই কাশী। উত্তৰ ভাৰতৰ বিশ্বাসৰ কেন্দ্ৰসমূহ বিদেশী শক্তিৰ অহৰহ আক্ৰমণৰ বলি হৈ থকা সময়ৰ কথা ব্যক্তকৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেনকাশী আৰু শিৱকাশী মন্দিৰ নিৰ্মাণৰ জৰিয়তে কাশীৰ ঐতিহ্যক জীয়াই ৰাখিবলৈ ৰজা পৰক্ৰম পাণ্ডিয়ানৰ প্ৰচেষ্টাৰাজি সম্পৰ্কে আলোকপাত কৰে। শ্ৰী মোদীয়ে ভাৰতৰ বৈচিত্ৰ্যৰ প্ৰতি জি-২০ সন্মিলনত অংশগ্ৰহণ কৰা বিশিষ্ট ব্যক্তিসকলৰ আকৰ্ষণৰ কথাও কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আন দেশত ৰাষ্ট্ৰক ৰাজনৈতিকভাৱে সংজ্ঞায়িত কৰাৰ বিপৰীতে ভাৰত এখনি ৰাষ্ট্ৰ হিচাপে, আধ্যাত্মিক বিশ্বাসৰপৰা গঢ় লৈ উঠিছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতক আদি শংকৰাচাৰ্য্য আৰু ৰমঞ্জুৱামৰ দৰে সন্তসকলে একত্ৰিত কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে শিৱস্থানলৈ আদিনা সন্তসকলৰ যাত্ৰাৰ ভূমিকাকো স্মৰণ কৰে। “এই যাত্ৰাসমূহৰ বাবে ভাৰত এখনি ৰাষ্ট্ৰ হিচাপে চিৰন্তন আৰু অদম্য হৈ আছে”, শ্ৰী মোদীয়ে লগতে কয়।

 

প্ৰধানমন্ত্ৰী মোদীয়ে তামিলনাডুৰপৰা কাশী, প্ৰয়াগ, অযোধ্যা আৰু আন-আন তীৰ্থস্থানলৈ গৰিষ্ঠ সংখ্যক লোক, ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীয়ে যাত্ৰা কৰাৰ কথা উল্লেখেৰে প্ৰাচীন পৰম্পৰাৰ প্ৰতি দেশৰ যুৱক-যুৱতীসকল আস্থাৰ শিখৰত উপনীত হোৱা আগ্ৰহত সন্তুষ্টি প্ৰকাশ কৰে। “ভগৱান মহাদেৱৰ সৈতে ৰামেশ্বৰম প্ৰতিষ্ঠা কৰা ভগৱান ৰামক অযোধ্যাত দৰ্শন ঐশ্বৰিক”, কাশী তামিল সংগমমত অংশগ্ৰহণ কৰাসকলৰ অযোধ্যা ভ্ৰমণৰ বাবেও বিশেষ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰস্পৰে-পৰস্পৰৰ সংস্কৃতি সম্পৰ্কে জনাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপেৰে কয় যে ইয়াৰ ফলত বিশ্বাস বৃদ্ধি পায় আৰু সম্পৰ্ক গঢ় লৈ উঠে। কাশী আৰু মাদুৰাইৰ উদাহৰণ দি শ্ৰী মোদীয়ে কয় যে তামিল সাহিত্যত বগাই আৰু গংগাই (গংগা) উভয়ৰে কথা কোৱা হয়। “আমি এই ঐতিহ্যৰ বিষয়ে জানিব পৰা মাত্ৰেকে, আমি আমাৰ সম্পৰ্কৰ গভীৰতা অনুভৱ কৰোঁ”, তেখেতে কয়।

 

প্ৰধানমন্ত্ৰী মোদীয়ে আস্থা প্ৰকাশেৰে কয় যে কাশী - তামিল সংগমমৰ এই অনুষ্ঠানে ভাৰতৰ ঐতিহ্যক সবল কৰি ৰাখিব আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মনোভাৱক সুদৃঢ় কৰি তুলিব। সম্বোধনৰ সামৰণিত প্ৰধানমন্ত্ৰীগৰাকীয়ে কাশী দৰ্শনাৰ্থীসকলৰ বাবে সুচল বাসস্থানৰ আশা প্ৰকাশৰ লগতে প্ৰখ্যাত গায়ক শ্ৰীৰামক তেওঁৰ প্ৰদৰ্শনেৰে সমূহ দৰ্শকক মোহিতকৰণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

এই কাৰ্য্যসূচীত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ডঃ এল মুৰুগানকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট লোকসকল উপস্থিত থাকে।

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s jewellery exports rise 2.4% to $9.17 billion; studded gold emerges as bright spot

Media Coverage

India’s jewellery exports rise 2.4% to $9.17 billion; studded gold emerges as bright spot
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
বিভাজনৰ বিভীষিকাময় স্মৃতি দিৱসত বিভাজনে প্ৰভাৱিত কৰা লোকসকলৰ সাহসক স্মৰণ প্ৰধানমন্ত্ৰীৰ
August 14, 2026
কঠোৰ পৰিশ্ৰম আৰু মানৱীয় প্ৰচেষ্টাৰ শক্তিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে আমি বিভাজন বিভীষিকাময় স্মৃতি দিৱস উদযাপন কৰাৰ সময়ত এই বিভাজনৰ দ্বাৰা প্ৰভাৱিতসকলৰ সাহসক স্মৰণ কৰিছো। তেওঁ কয় যে এয়া ইতিহাসৰ এনে এটা মুহূৰ্ত, য’ত বহুতো জীৱন ছিন্ন-ভিন্ন হৈ পৰিছিল, য’ত পৰিয়ালসমূহ উৎখাত হৈছিল, বহুতে প্ৰিয়জনক হেৰুৱাইছিল আৰু অপৰিসীম কষ্ট সহ্য কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে একে সময়তে এই বিভীষিকাময় সময় অতিক্ৰম কৰি জনসাধাৰণে শূন্যৰ পৰা পুনৰ তেওঁলোকৰ জীৱন আৰম্ভ কৰিছিল, প্ৰতিকূল অৱস্থাক সাফল্যলৈ ৰূপান্তৰিত কৰিছিল আৰু ৰাষ্ট্ৰৰ প্ৰগতিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছিল। তেওঁ কয় যে তেওঁলোকৰ জীৱন যাত্ৰাই আমাক অপৰিসীম মানসিক শক্তিৰ কথা সোঁৱৰাই দিয়ে। শ্ৰী মোদীয়ে আশা প্ৰকাশ কৰে যে এই দিনটোৱে ৰাষ্ট্ৰত সম্প্ৰীতি আৰু ভাতৃত্ববোধ বৰ্তাই ৰখাৰ বাবে আমাৰ সংকল্পক গভীৰ কৰাৰ লগতে এখন বিকশিত ভাৰত গঢ়ি তোলাৰ দিশত সামূহিকভাৱে কাম কৰিব পাৰে।

সেই দুৰ্বিসহ সময়ৰ পৰা ওলাই আহি দেশৰ প্ৰগতিৰ বাবে অমূল্য অৱদান আগবঢ়োৱা সকলো দেশবাসীলৈ প্ৰধানমন্ত্ৰীয়ে আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে নিজৰ সাহস আৰু সামৰ্থ্যৰ জৰিয়তে তেওঁলোকে দেখুৱাইছে যে প্ৰতিকূল পৰিস্থিতিতো কেনেদৰে সংকল্প সম্পূৰ্ণ কৰা হয়। শ্ৰী মোদীয়ে সদিচ্ছা আৰু সংহতিৰ ৰাষ্ট্ৰীয় মনোভাৱ অধিক শক্তিশালী কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।

এটা সুভাশিতম শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কঠোৰ পৰিশ্ৰম, উদ্যম আৰু সমৰ্পিত প্ৰচেষ্টাৰ জৰিয়তে বিভিন্ন কলা, বিজ্ঞান, প্ৰযুক্তিগত দক্ষতা, কাৰুশিল্প আৰু উদ্ভাৱন বিকশিত হয়, যাৰ ফলত সফলতাৰ পথ প্ৰশস্ত হয়। তেওঁ লগতে কয় যে সেয়েহে সকলোৱে ভাগ্যৰ ওপৰত নিৰ্ভৰশীল হৈ নাথাকি সাহস, অধ্যৱসায় আৰু নিৰন্তৰ প্ৰচেষ্টাৰে নিজৰ লক্ষ্যৰ দিশত স্থিৰভাৱে আগবাঢ়িব লাগে, কিয়নো মানৱীয় প্ৰচেষ্টাই ভাগ্য গঢ় দিয়ে।

এক্সৰ এলানি পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছেঃ

‘আজি আমি #PartitionHorrorsRemembranceDay সোঁৱৰণ কৰিছো। বিভাজনৰ ফলত প্ৰভাৱিত সকলোৰে সাহসক আমি স্মৰণ কৰিছো। এইটো ইতিহাসৰ এনে এটা মুহূৰ্ত আছিল, য’ত বিভিন্ন জীৱন ছিন্ন-ভিন্ন হৈ পৰিছিল, পৰিয়ালবোৰ উৎখাত হৈছিল, বহু লোকে প্ৰিয়জনক হেৰুৱাইছিল আৰু অপৰিসীম কষ্ট সহ্য কৰিছিল।

একে সময়তে এইসমূহ অতিক্ৰম কৰি মানুহে তেওঁলোকৰ জীৱন শূন্যৰ পৰা পুনৰ আৰম্ভ কৰিছিল, প্রতিকূলতাক সাফল্যলৈ ৰূপান্তৰিত কৰিছিল আৰু ৰাষ্ট্ৰৰ প্ৰগতিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছিল। তেওঁলোকৰ জীৱন যাত্ৰাই আমাক অপৰিসীম মানসিক শক্তিৰ কথা সোঁৱৰাই দিয়ে।

এই দিনটোৱে ৰাষ্ট্ৰত সম্প্ৰীতি আৰু ভাতৃত্ববোধ বৰ্তাই ৰখাৰ বাবে আমাৰ সংকল্প গভীৰ কৰাৰ লগতে এখন বিকশিত ভাৰত গঢ়ি তোলাৰ দিশত সামূহিকভাৱে কাম কৰাত সহায় কৰক।’

‘বিভাজন বিভীষিকাময় স্মৃতি দিৱসত সেই ভয়ংকৰ সময়ৰ পৰা ওলাই অহাৰ পিছত দেশৰ প্ৰগতিৰ ক্ষেত্ৰত অমূল্য অৱদান আগবঢ়োৱা সকলো দেশবাসীলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁলোকে নিজৰ সাহস আৰু শক্তিৰে দেখুৱাইছিল যে কেনেকৈ প্ৰতিকূল পৰিস্থিতিতো সংকল্পবোৰ ৰূপায়ণ কৰিব পৰা যায়। আহক, আমি সদিচ্ছা আৰু সংহতিৰ ৰাষ্ট্ৰীয় মনোভাৱ অধিক শক্তিশালী কৰো।

उद्यमस्य प्रसादेन दृश्यन्ते विविधाः कलाः।
कातरा एव जल्पन्ति यद् भाव्यं तद् भविष्यति॥’

কঠোৰ পৰিশ্ৰম, উদ্যম আৰু সমৰ্পিত প্ৰচেষ্টাৰ জৰিয়তে বিভিন্ন কলা, বিজ্ঞান, প্ৰযুক্তিগত দক্ষতা, কাৰুশিল্প আৰু উদ্ভাৱন বিকশিত হয়, যাৰ ফলত সফলতাৰ পথ প্ৰশস্ত হয়। সেয়েহে সকলোৱে ভাগ্যৰ ওপৰত নিৰ্ভৰশীল হৈ নাথাকি সাহস, অধ্যৱসায় আৰু নিৰন্তৰ প্ৰচেষ্টাৰে নিজৰ লক্ষ্যৰ দিশত স্থিৰভাৱে আগবাঢ়িব লাগে, কিয়নো মানৱীয় প্ৰচেষ্টাই ভাগ্য গঢ় দিয়ে।