আজি অসমৰ গুৱাহাটীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশাল আয়োজনেৰে অনুষ্ঠিত কৰা  ঝুমইৰ বিনন্দিনী  ২০২৫ অনুষ্ঠানত  অংশগ্ৰহণ কৰে। এই উপলক্ষ্যে আয়োজিত বিশাল সভাত  ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে  কয় যে এই অনুষ্ঠানটোৱে  শক্তি, উৎসাহ আৰু উত্তেজনাৰ  প্ৰতিধ্বনিৰে ভৰা  এক  পৰিৱেশৰ সৃষ্টি  কৰিছে । চাহ বাগিচাৰ সুগন্ধি আৰু সৌন্দৰ্য্য প্ৰতিফলিত কৰা ঝুমইৰ নৃত্যৰ বাবে সকলো শিল্পীয়ে কৰা আকৰ্ষণীয় প্ৰস্তুতিৰ কথাও তেওঁ লক্ষ্য কৰে। প্ৰধানমন্ত্ৰীয়ে  উল্লেখ কৰে যে ঝুমইৰ  আৰু চাহ বাগিচাৰ সংস্কৃতিৰ সৈতে ৰাইজৰ যিদৰে বিশেষ সম্পৰ্ক আছে, ঠিক তেনেদৰে তেওঁৰো ইয়াৰ সৈতে একেধৰণৰ সংযোগ আছে। তেওঁ লগতে কয় যে আজি ইমান বৃহৎ সংখ্যক শিল্পীয়ে একেলগে  ঝুমইৰ নৃত্য পৰিবেশন কৰি অভিলেখ গঢ়িলে। ২০২৩ চনত ১১ হাজাৰ শিল্পীয়ে বিহু নৃত্য পৰিবেশন কৰি  অভিলেখ ৰচনা কৰাৰ  সময়ত অসম ভ্ৰমণৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া তেওঁৰ বাবে এক অবিস্মৰণীয় স্মৃতি । এনে এক  সুন্দৰ  সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে  অসম চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে আজি অসমৰ বাবে গৌৰৱৰ দিন, এই বৃহৎ উদযাপনত চাহ জনগোষ্ঠীৰ ৰাইজে অংশগ্ৰহণ কৰিছে। এই বিশেষ দিনটোতে  তেওঁ সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। এনে অনুষ্ঠান কেৱল অসমৰ গৌৰৱৰেই  সাক্ষ্য নহয়,  ই ভাৰতৰ মহান বৈচিত্ৰ্যও প্রদর্শন কৰা বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয়  যে উন্নয়ন আৰু সংস্কৃতিৰ দিশৰ পৰা  অসম তথা উত্তৰ-পূর্বাঞ্চল  অৱহেলিত  হৈ আছিল ৷ তেওঁ লগতে  এইবুলিও কয় যে এতিয়া তেওঁ নিজেই উত্তৰ-পূবৰ সংস্কৃতিৰ ব্ৰেণ্ড এম্বেছাদৰ হৈ পৰিছে। তেওঁ উল্লেখ কৰে যে তেওঁ অসমৰ কাজিৰঙাত থাকি ইয়াৰ জৈৱ বৈচিত্ৰ্যক বিশ্বৰ আগত প্ৰচাৰ কৰা প্ৰথমজন প্ৰধানমন্ত্ৰী। তেওঁ লগতে উল্লেখ কৰে যে কেইমাহমানৰ পূৰ্বে  অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছিল, যিটো স্বীকৃতিৰ বাবে অসমৰ জনসাধাৰণে দশক দশক ধৰি অপেক্ষা কৰি আছিল। ইয়াৰ উপৰি চৰাইদেউ মৈদামক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এয়া চৰকাৰৰ প্ৰচেষ্টাৰ বলতেই লাভ কৰা এক উল্লেখযোগ্য কৃতিত্ব বুলি তেওঁ  উল্লেখ কৰে।

 

মোগলৰ বিৰুদ্ধে অসমৰ সংস্কৃতি আৰু পৰিচয় ৰক্ষা কৰাৰ অৰ্থে বীৰত্বৰে যুঁজ দিয়া  বীৰ যোদ্ধা লাচিত বৰফুকনৰ কথা উল্লেখ কৰি শ্ৰীযুত মোদীয়ে লাচিত বৰফুকনৰ ৪০০ সংখ্যক  জন্ম জয়ন্তী  উদযাপনৰ বিষয়ত  আলোকপাত কৰে। শ্ৰীযুকত মোদীয়ে কয় যে  গণৰাজ্য দিৱসৰ পেৰেডত বীৰ যোদ্ধাগৰাকীৰ  টেবলোও অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে  উল্লেখ কৰে যে অসমত লাচিত বৰফুকনৰ ১২৫ ফুট উচ্চতাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। জনজাতীয় সমাজৰ ঐতিহ্য উদযাপনৰ বাবে জনজাতীয় গৌৰৱ দিৱসৰ কথাও তেওঁ উল্লেখ কৰে। জনজাতীয় সাহসী ব্যক্তিসকলৰ  অৱদানক অমৰ কৰি ৰাখিবলৈ  সমগ্ৰ দেশতে জনজাতীয় সংগ্ৰহালয় স্থাপন কৰা হৈছে বুলিও তেওঁ লগতে কয়।

 

চৰকাৰে অসমৰ উন্নয়ন আৰু ‘চাহ জনজাতি’ জনগোষ্ঠীক সেৱা আগবঢ়োৱাৰ  অৰ্থে নিৰন্তৰ কাম কৰি থকা বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে অসম চাহ নিগমৰ শ্ৰমিকসকলৰ আয় বৃদ্ধিৰ বাবে বোনাচ ঘোষণাৰ  বিষয়ত আলোকপাত কৰে। তেওঁ চাহ বাগিচাত থকা প্ৰায় ১.৫ লাখ মহিলাক প্ৰদান কৰা সহায়ৰ বিষয়তো  গুৰুত্ব আৰোপ কৰে। যিসকল মহিলাই গৰ্ভাৱস্থাত আৰ্থিক চিন্তা দূৰ কৰিবলৈ ১৫,০০০  টকা  লাভ কৰিছে । ইয়াৰ উপৰি অসম চৰকাৰে পৰিয়ালসমূহৰ স্বাস্থ্যৰ উন্নয়নৰ বাবে চাহ বাগিচাত ৩৫০ৰো অধিক আয়ুষ্মান আৰোগ্য মন্দিৰ মুকলি কৰিছে বুলিও তেওঁ লগতে কয়। শ্ৰী মোদীয়ে উল্লেখ কৰে যে চাহ জনগোষ্ঠীৰ শিশুসকলৰ বাবে ১০০খনতকৈও অধিক   চাহ বাগিচাৰ  মডেল বিদ্যালয় মুকলি কৰা হৈছে, আৰু ১০০খন বিদ্যালয়ৰ পৰিকল্পনা কৰা হৈছে। তেওঁ চাহ জনগোষ্ঠীৰ যুৱক-যুৱতীসকলৰ বাবে অ’বিচি কোটাত ৩% সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে অসম চৰকাৰে আত্মসংস্থাপনৰ বাবে   প্ৰদান কৰা ২৫ হাজাৰ টকাৰ সাহায্যৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে চাহ উদ্যোগ আৰু ইয়াৰ শ্ৰমিকসকলৰ উন্নয়নে অসমৰ সামগ্ৰিক বৃদ্ধিত সহায় কৰিব আৰু উত্তৰ-পূৰ্বাঞ্চলক নতুন উচ্চতালৈ উন্নীত কৰিব। তেওঁ ঝুমুইৰ নৃত্যত অংশগ্ৰহণ কৰা  সকলো অংশগ্ৰহণকাৰীকে   কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে  শুভেচ্ছা জনায়।

 

আজিৰ এই অনুষ্ঠানত অসমৰ ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য, অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী ড° এছ জয়শংকৰ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী, ড° মাণিক সাহা, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

পৃষ্ঠভূমি

 

আজি অনুষ্ঠিত অভিলেখ সৃষ্টিকাৰী  ঝুমইৰ বিনন্দিনী ২০২৫  অনুষ্ঠানত  অসমৰ চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ  ৮,০০০ গৰাকী লোকনৃত্য শিল্পীয়ে  অংশগ্ৰহণ কৰে। এই অনুষ্ঠানে অন্তৰ্ভুক্তি, একতা আৰু সাংস্কৃতিক গৌৰৱৰ আত্মাক মূৰ্ত কৰি তোলাৰ লগতে  অসমৰ সংমিশ্ৰিত  সাংস্কৃতিক  বৈচিত্ৰতাৰ  প্ৰতীক হিচাবে পৰিগণিত হৈছে। এই বিশাল ঝুমইৰ অনুষ্ঠানটো  অসমৰ  চাহ উদ্যোগৰ ২০০  বছৰীয়া  ঔদ্যোগিকৰণৰ প্ৰতীক হিচাবেও চিহ্নিত হৈছে।

 

পৃষ্ঠভূমি

 

আজি অনুষ্ঠিত অভিলেখ সৃষ্টিকাৰী  ঝুমইৰ বিনন্দিনী ২০২৫  অনুষ্ঠানত  অসমৰ চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ  ৮,০০০ গৰাকী লোকনৃত্য শিল্পীয়ে  অংশগ্ৰহণ কৰে। এই অনুষ্ঠানে অন্তৰ্ভুক্তি, একতা আৰু সাংস্কৃতিক গৌৰৱৰ আত্মাক মূৰ্ত কৰি তোলাৰ লগতে  অসমৰ সংমিশ্ৰিত  সাংস্কৃতিক  বৈচিত্ৰতাৰ  প্ৰতীক হিচাবে পৰিগণিত হৈছে। এই বিশাল ঝুমইৰ অনুষ্ঠানটো  অসমৰ  চাহ উদ্যোগৰ ২০০  বছৰীয়া  ঔদ্যোগিকৰণৰ প্ৰতীক হিচাবেও চিহ্নিত হৈছে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Ayushman Bharat Crosses 90 Cr ABHA Accounts: How Modi govt is building the world’s largest digital health ecosystem

Media Coverage

Ayushman Bharat Crosses 90 Cr ABHA Accounts: How Modi govt is building the world’s largest digital health ecosystem
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the qualities of an ideal teacher
June 01, 2026

The Prime Minister, Shri Narendra Modi, said that some people are highly skilled at performing a task themselves, while others are particularly adept at imparting that knowledge or skill to others. He noted that a person who possesses both these qualities-self-mastery and the ability to teach others-deserves to be regarded among the finest of teachers.

The Prime Minister shared a Sanskrit Subhashitam-

“श्लिष्टा क्रिया कस्यचिदात्मसंस्था सङ्क्रान्तिरन्यस्य विशेषयुक्ता।

यस्योभयं साधु स शिक्षकाणां धुरि प्रतिष्ठापयितव्य एव।। ”

The Subhashitam conveys that while some excel in practice and others in teaching, the one who combines both mastery of a subject and the ability to effectively impart it to others is worthy of being placed in the foremost rank of teachers.

The Prime Minister wrote on X;

“श्लिष्टा क्रिया कस्यचिदात्मसंस्था सङ्क्रान्तिरन्यस्य विशेषयुक्ता।

यस्योभयं साधु स शिक्षकाणां धुरि प्रतिष्ठापयितव्य एव।।”