প্ৰধানমন্ত্ৰীয়ে ৯,৭০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক আন্তঃগাঁথনি আৰু উন্নয়ন প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন কৰে
হাজাৰ-হাজাৰ বছৰ ধৰি জনজাতীয় গৌৰৱ ভাৰতৰ চেতনাৰ এক অবিচ্ছেদ্য অংশ হৈ আহিছে; ৰাষ্ট্ৰৰ সন্মান, আত্ম-সন্মান আৰু স্বাধীনতা বিপদাপন্ন হোৱা মাত্ৰেকে আমাৰ জনজাতীয় সমাজসমূহে সন্মুখৰ শাৰীত থিয় দিছিলঃ প্ৰধানমন্ত্ৰী
আমি স্বাধীনতা আন্দোলনত জনজাতীয় সমাজখনৰ অৱদানৰ কথা পাহৰিব নোৱাৰোঁঃ প্ৰধানমন্ত্ৰী
আজি জনজাতীয় ভাষা প্ৰসাৰ কেন্দ্ৰৰ শ্ৰী গোবিন্দ গুৰু আসনো উদ্বোধন কৰা হৈছে; এই কেন্দ্ৰত ভীল, গমিত, বাসৱ, গৰাচিয়া, কোকানী, চাঁওতাল, ৰাথৱা, নায়ক, ডাবলা, চৌধাৰী, কোকনা, কুম্ভি, ৱাৰলী আৰু ডোদিয়া আদি জনজাতীয় সমাজৰ উপভাষা সম্পৰ্কে অধ্যয়ন কৰা হ’ব; এই সমাজসমূহৰ সৈতে জড়িত কাহিনী আৰু গীতসমূহক সংৰক্ষণ কৰা হ’বঃ প্ৰধানমন্ত্ৰী
দীৰ্ঘদিন ধৰি ছিকল চেল ৰোগ জনজাতীয় সমাজৰ বাবে গুৰুতৰ ভাবুকি হৈ আহিছে আৰু ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ জনজাতীয় অঞ্চলত ডিচপেনচেৰী, চিকিৎসা কেন্দ্ৰ আৰু চিকিৎসালয়ৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে; বৰ্তমান ছিকল চেল ৰোগৰে ফলপ্ৰসূভাৱে মোকাবিলা আৰু পৰিচালনাৰ বাবে এক ৰাষ্ট্ৰজোৰা অভিযান অব্যাহত আছেঃ প্ৰধানমন্ত্ৰী
ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তীৰ পবিত্ৰ উপলক্ষত আমি সবকা সাথ, সবকা বিকাশৰ মন্ত্ৰক সুদৃঢ়কৰণৰ সংকল্প গ্ৰহণ কৰিব লাগিবঃ প্ৰধানমন্ত্ৰী
কোনোৱেই যাতে প্ৰগতিৰ ক্ষেত্ৰত পিছ পৰি নাথাকে, কোনোৱেই যাতে উন্নয়নৰ পৰা আঁতৰি নাথাকে; এয়াই হৈছে শ্ৰদ্ধেয় ভূমি পুত্ৰ ধৰতী আবাৰ চৰণত প্ৰকৃত শ্ৰদ্ধাঞ্জলিঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ডেদিয়াপাড়াত ধৰতী আবা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াতে তেওঁ ৯,৭০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মা নৰ্মদাৰ পবিত্ৰ ভূমি আজি আন এক ঐতিহাসিক অনুষ্ঠানৰ সাক্ষী হৈ পৰিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ৩১ অক্টোবৰত ভাৰতৰ ঐক্য আৰু বৈচিত্ৰ্যক উদযাপনৰ বাবে একেটা স্থানতে চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উদযাপন কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তীৰ বিশাল উদযাপনৰ লগে-লগে আমি ভাৰত পৰ্বৰ শিখৰত উপনীত হৈছোঁ। এই পবিত্ৰ অনুষ্ঠানত তেওঁ ভগৱান বীৰছা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই অনুষ্ঠানলৈ গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু সমগ্ৰ জনজাতীয় বেল্টত স্বাধীনতাৰ মনোভাৱক জাগ্ৰত কৰা গোবিন্দ গুৰুৰ আশীৰ্বাদো আছে। তেওঁ মঞ্চৰ পৰাই গোবিন্দ গুৰুলৈ শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ আৰু কয় যে কিছু সময়ৰ পূৰ্বে তেওঁ দেৱমোগৰা মাতাৰ মন্দিৰ দৰ্শনৰ সৌভাগ্য লাভ কৰিছিল আৰু পুনৰবাৰ তেওঁৰ চৰণত প্ৰণাম জনাইছিল।

ডেদিয়াপাড়া আৰু সাগবাৰা অঞ্চল সন্ত কবীৰৰ শিক্ষাৰ দ্বাৰা অনুপ্ৰাণিত হৈছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ সন্ত কবীৰৰ ভূমি বাৰাণসীৰ পৰা সাংসদ হৈছে আৰু সেইবাবেই তেওঁৰ জীৱনত সন্ত কবীৰে এক বিশেষ স্থান দখল কৰি আহিছে। তেওঁ মঞ্চৰ পৰাই সন্ত কবীৰলৈয়ো শ্ৰদ্ধাঞ্জলি জনায়।

শ্ৰী মোদীয়ে কয় যে আজি ৰাষ্ট্ৰীয় উন্নয়ন আৰু জনজাতীয় কল্যাণৰ সৈতে জড়িত একাধিক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হৈছে। পিএম-জনমান (PM-JANMAN) আৰু আন-আন আঁচনিৰ অধীনত অঞ্চলটোৰ এক লাখ গৃহস্থীলৈ স্থায়ী ঘৰৰ ব্যৱস্থা কৰা হৈছে। ভালে সংখ্যক একলব্য আদৰ্শ বিদ্যালয় আৰু আশ্ৰম বিদ্যালয়ো উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে বীৰছা মুণ্ডা জনজাতীয় বিশ্ববিদ্যালয়ত শ্ৰী গোবিন্দ গুৰু আসন প্ৰতিষ্ঠা কৰা হৈছে। স্বাস্থ্য, পথ, পৰিবহণৰ সৈতে জড়িত আন কেইবাটাও প্ৰকল্পৰো আৰম্ভ কৰা হৈছে। এই উন্নয়ন আৰু সেৱা পদক্ষেপৰ বাবে তেওঁ সকলোকে অভিনন্দন জনায়।

 

২০২১-ৰ পৰাই ভগৱান বীৰছা মুণ্ডাৰ জয়ন্তীক আনুষ্ঠানিকভাৱে জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰা হৈ আহিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে হাজাৰ-হাজাৰ বছৰ ধৰি জনজাতীয় গৌৰৱ ভাৰতৰ চেতনাৰ এক অবিচ্ছেদ্য অংশ হৈ আহিছে; ৰাষ্ট্ৰৰ সন্মান, আত্ম-সন্মান আৰু স্বাধীনতা বিপদাপন্ন হোৱা মাত্ৰেকে আমাৰ জনজাতীয় সমাজসমূহে সন্মুখৰ শাৰীত থিয় দিছিল। তেওঁ কয় যে ভাৰতৰ স্বাধীনতা সংগ্ৰাম তেওঁলোকৰ এনে মনোভাৱৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উদাহৰণ। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে জনজাতীয় সমাজৰ অগণিত সাহসী যোদ্ধাই স্বাধীনতাৰ শিখাক আগুৱাই নিছিল। তেওঁ তিলকা মাঝি, ৰাণী গাইডিনলিউ, সিদ্ধু-কানহু, ভৈৰৱ মূৰ্মু, বুধু ভগত আৰু অল্লুৰী সীতাৰামা ৰাজুক জনজাতীয় সমাজৰ প্ৰেৰণাদায়ী ব্যক্তি হিচাপে অভিহিত কৰে। তেওঁ লগতে মধ্যপ্ৰদেশৰ তান্তিয়া ভীল, ছত্তীশগড়ৰ বীৰ নাৰায়ণ সিং, ঝাৰখণ্ডৰ তেলেংগা খড়িয়া আৰু ওড়িশাৰ লক্ষ্মণ নায়কক ভাৰতৰ স্বাধীনতাৰ বাবে সৰ্বস্ব ত্যাগ কৰা বীৰ ব্যক্তি হিচাপে অভিহিত কৰে। তেওঁ কয় যে জনজাতীয় সমাজে অগণন বিদ্ৰোহৰ নেতৃত্ব প্ৰদান কৰিছিল আৰু ৰাষ্ট্ৰৰ স্বাধীনতাৰ বাবে প্ৰাণ-আহুতি দিছিল।

গুজৰাট জনজাতীয় সমাজৰ একাধিক বীৰ দেশপ্ৰেমিকৰো গৃহভূমি হোৱা কথাটো উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে ভগত আন্দোলনৰ নেতৃত্ব প্ৰদান কৰা গোবিন্দ গুৰু; পঞ্চমহলত ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে দীৰ্ঘদিনে যুঁজ কৰা ৰাজা ৰূপসিং নায়ক; একী আন্দোলনৰ গুৰু ধৰোঁতা মতিলাল তেজৱাট আৰু জনজাতীয় সমাজত গান্ধীজীৰ নীতি বিলোৱা দশ্ৰিবেন চৌধাৰীৰ কথা ব্যক্ত কৰে। তেওঁ কয় যে স্বাধীনতা সংগ্ৰামৰ ভালেখিনি অধ্যায় জনজাতীয় গৌৰৱ আৰু শৌৰ্য্যৰে সমৃদ্ধ হৈ আছে।

শ্ৰী মোদীয়ে স্বাধীনতা আন্দোলনত জনজাতীয় সমাজৰ অৱদানৰাজি সম্পৰ্কে ভৱিষ্যৎ প্ৰজন্মৰ মাজত সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰে। তেওঁ অৱগত কৰে যে সমগ্ৰ দেশতে কেইবাটাও জনজাতীয় সংগ্ৰহালয় স্থাপন কৰা হৈছে। গুজৰাটত ৰাজপিপ্লাত ২৫ একৰ ভূমিত এটা বিশাল জনজাতীয় সংগ্ৰহালয় স্থাপনৰ কাম অব্যাহত আছে। তেওঁ লগতে কয় যে কেইদিনমান পূৰ্বে তেওঁ ছত্তীশগড় ভ্ৰমণেৰে তাত শ্বহীদ বীৰ নাৰায়ণ সিং জনজাতীয় সংগ্ৰহালয় উদ্বোধন কৰিছিল। বীৰছা মুণ্ডা বন্দী হৈ থকা কাৰাগাৰখনকে ৰাঁচীৰ জনজাতীয় সংগ্ৰহালয় হিচাপে গঢ়ি তোলাৰ কথাও তেওঁ উল্লেখ কৰে।

 

আজি জনজাতীয় ভাষা প্ৰসাৰ কেন্দ্ৰৰ শ্ৰী গোবিন্দ গুৰু আসনো প্ৰতিষ্ঠা কৰা হৈছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে এই কেন্দ্ৰত ভীল, গমিত, বাসৱ, গৰাচিয়া, কোকানী, চাঁওতাল, ৰাথৱা, নায়ক, ডাবলা, চৌধাৰী, কোকনা, কুম্ভি, ৱাৰলী আৰু ডোদিয়া আদি জনজাতীয় সমাজৰ উপভাষা সম্পৰ্কে অধ্যয়ন কৰা হ’ব; এই সমাজসমূহৰ সৈতে জড়িত কাহিনী আৰু গীতসমূহক সংৰক্ষণ কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে কয় যে জনজাতীয় সমাজৰ হাজাৰ-হাজাৰ বছৰৰ অভিজ্ঞতাৰ জৰিয়তে আহৰণ কৰা জ্ঞান আছে। তেওঁ কয় যে তেওঁলোকৰ জীৱনশৈলীয়ে বিজ্ঞানক মূৰ্ত কৰি তুলিছে, তেওঁলোকৰ কাহিনীত দৰ্শন প্ৰতিফলিত হৈছে আৰু তেওঁলোকৰ ভাষাই পৰিবেশ সম্পৰ্কে বুজাবুজিক কঢ়িয়াই লৈ ফুৰে। তেওঁ দৃঢ়তাৰে কয় যে শ্ৰী গোবিন্দ গুৰু আসনে এই চহকী পৰম্পৰাৰ সৈতে নতুন প্ৰজন্মক সংযুক্ত কৰিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে জনজাতীয় গৌৰৱ দিৱসৰ উপলক্ষই আমাৰ কোটি-কোটি জনজাতীয় ভাই-ভনীৰ ওপৰত কৰা অন্যায়ৰ কথাও আমাক সোঁৱৰাই দিয়ে। তেওঁ কয় যে ছটা দশক ধৰি দেশখন শাসন কৰা বিৰোধী দলটোৱে জনজাতীয় সমাজখনক নিজৰ ভাগ্যৰ ওপৰত এৰি দিছিল। তেওঁ কয় যে জনজাতীয় অঞ্চলসমূহ পুষ্টিহীনতা, স্বাস্থ্যসেৱাৰ অভাৱ, অপৰ্য্যাপ্ত শিক্ষা ব্যৱস্থা আৰু অনুন্নত যোগাযোগ ব্যৱস্থাৰ মাজত আবদ্ধ হৈ পৰিছিল। এই অভাৱসমূহ জনজাতীয় অঞ্চলৰ উল্লেখযোগ্য বৈশিষ্ট্য হৈ পৰিছিল যদিও পূৰ্বৰ চৰকাৰসমূহ নিষ্ক্ৰিয় হৈ থাকিছিল। ইয়াৰ বিপৰীতে শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে তেওঁলোকৰ দলৰ বাবে জনজাতীয় কল্যাণ সদায় সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয় হৈ আহিছে। তেওঁ জনজাতীয় সমাজসমূহে সন্মুখীন হোৱা অন্যায়ৰ অৱসান ঘটোৱা আৰু তেওঁলোকক উন্নয়নৰ সুবিধাসমূহে স্পৰ্শ কৰাটো নিশ্চিতকৰণৰ ক্ষেত্ৰত চৰকাৰৰ অটল সংকল্পৰ কথা দোহাৰে।

অটল বিহাৰী বাজপায়ী জীৰ শাসন কালত তেওঁলোকৰ দলে জনজাতীয় পৰিক্ৰমাৰ বাবে এটা সুকীয়া মন্ত্ৰালয় স্থাপন কৰিছিল বুলি উল্লেখেৰে তেওঁ কয় যে অৱশ্যে অটল জীৰ কাৰ্য্যকালৰ পিছত পৰৱৰ্তী সময়ছোৱাত এই মন্ত্ৰালয়ক দহ বছৰ ধৰি অৱহেলা কৰা হৈছিল। তেওঁ কয় যে ২০১৩-ত তেতিয়াৰ চৰকাৰে জনজাতীয় কল্যাণৰ বাবে মাত্ৰ কেইহাজাৰ মান কোটি টকাহে আবন্টন দিছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ চৰকাৰ ক্ষমতালৈ অহাৰ পিছত জনজাতীয় স্বাৰ্থৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শনেৰে মন্ত্ৰালয়লৈ বাজেট আবন্টন বৃদ্ধি কৰা হৈছিল। তেওঁ কয় যে আজি জনজাতীয় জনসাধাৰণৰ কল্যাণৰ বাবে জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ বাজেট বহুগুণে বৃদ্ধি পাইছে।

 

পূৰ্বে গুজৰাটৰ জনজাতীয় অঞ্চলসমূহৰ অৱস্থা বৰ উন্নত নাছিল বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে আম্বাজীৰ পৰা উমৰগামলৈকে জনজাতি বেল্টত এখনো বিজ্ঞান বিদ্যালয় নাছিল। ডেদিয়াপাড়া, সাগবাৰাৰ দৰে অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষা গ্ৰহণৰ সুযোগ লাভ কৰা নাছিল। গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্য্যকালৰ কথা স্মৰণেৰে তেওঁ কয় যে তেওঁ নিজেই ডেদিয়াপাড়াৰ পৰাই কন্যা কেলবণী মহোৎসৱৰ শুভাৰম্ভ কৰিছিল। তেওঁ কয় যে সেই সময়ছোৱাত তেওঁ বহু শিশুক লগ পাইছিল— তেওঁলোকৰ একাংশই চিকিৎসক হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল, কোনোবাই অভিযন্তা বা বিজ্ঞানী হোৱাৰ আকাংক্ষা কৰিছিল। তেওঁ তেওঁলোকক আগুৱাই যাবলৈ উৎসাহিত কৰিছিল বুলি উল্লেখেৰে সপোন পূৰণৰ পথত থকা যিকোনো বাধা দূৰ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছিল বুলি কয়।

প্ৰচলিত পৰিস্থিতিৰ পৰিৱৰ্তন সাধন কৰিবলৈ অদম্য প্ৰচেষ্টা গ্ৰহণ কৰা হৈছিল বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ইয়াৰ ফলশ্ৰুতিত এতিয়া গুজৰাটৰ জনজাতীয় বেল্টত ১০ হাজাৰৰো অধিক বিদ্যালয় আছে। যোৱা দুটা দশকত জনজাতীয় অঞ্চলত ভালে সংখ্যক বিজ্ঞান, বাণিজ্য, কলা মহাবিদ্যালয় স্থাপন কৰা হৈছে। তেওঁ লগতে কয় যে তেওঁলোকৰ চৰকাৰে জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শ-শ হোষ্টেল নিৰ্মাণৰ লগতে গুজৰাটত দুখন জনজাতীয় বিশ্ববিদ্যালয় স্থাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে এনে প্ৰচেষ্টা গ্ৰহণৰ ফলশ্ৰুতিত অঞ্চলটোৰ যথেষ্ট পৰিৱৰ্তন সাধন হৈছে। তেওঁ স্মৰণেৰে কয় যে বিশ বছৰ পূৰ্বে শিশুসকলৰ সপোনৰ উমান পাইছিল— কোনোৱে চিকিৎসক হোৱাৰ আকাংক্ষা কৰিছিল, কোনোবাই অভিযন্তা বা বিজ্ঞানী হোৱাৰ আকাংক্ষা কৰিছিল। আজি সেই শিশুসকলৰ বহুতেই ডাক্তৰ, অভিযন্তা আৰু গৱেষক হৈ পৰিছে। জনজাতীয় শিশুসকলৰ এটি উজ্জ্বল ভৱিষ্যৎ নিশ্চিতকৰণৰ বাবে চৰকাৰে দিনে-নিশাই কাম কৰি আছে বুলি তেওঁ কয়। কেৱল যোৱা পাঁচ-ছবছৰতে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ বাবে ১৮,০০০ কোটিৰো অধিক টকা আবন্টন জনাইছে। কন্যাসকলৰ বাবে বিদ্যালয়সমূহত অত্যাৱশ্যকীয় সা-সুবিধাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলশ্ৰুতিত এনে বিদ্যালয়সমূহত নামভৰ্তি কৰা জনজাতীয় শিশুৰ সংখ্যা ৬০ শতাংশ বৃদ্ধি পাইছে।

জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলক সুযোগ প্ৰদান কৰা মাত্ৰেকে তেওঁলোকে প্ৰতিটো ক্ষেত্ৰতে পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হয় বুলি দৃঢ়তাৰে উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে তেওঁলোকে সাহস, কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্য পৰম্পৰাগতভাৱে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰে। তেওঁ কয় যে আজি ক্ৰীড়া ক্ষেত্ৰখন স্পষ্ট আদৰ্শ হিচাপে পৰিগণিত হৈছে, জনজাতীয় যুৱক-যুৱতীসকলে সমগ্ৰ বিশ্বতে ত্ৰিৰংগাৰ সন্মান বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। তেওঁ উল্লেখ কৰে যে মেৰী কম, থোনাকল গোপী, দ্যুতি চান্দ, বাইচুং ভুটিয়াৰ দৰে নাম সুপৰিচিত আছিল যদিও এতিয়া প্ৰতিখন গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাতে জনজাতীয় অঞ্চলৰ উদীয়মান খেলুৱৈসকলক দেখা যায়। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ মহিলা ক্ৰিকেট দলে শেহতীয়াকৈ বিশ্বকাপ জয়েৰে ইতিহাস ৰচনা কৰিছে আৰু এনেদৰে জয়লাভৰ ক্ষেত্ৰত জনজাতীয় সমাজৰ এগৰাকী কন্যাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ দৃঢ়তাৰে কয় যে চৰকাৰে জনজাতীয় অঞ্চলত নতুন প্ৰতিভা চিনাক্ত কৰা আৰু প্ৰসাৰৰ বাবে ধাৰাবাহিকভাৱে কাম কৰি আহিছে। তেওঁ লগতে কয় যে জনজাতীয় অঞ্চলতো ক্ৰীড়াৰ সুবিধা সম্প্ৰসাৰণ কৰা হৈছে।

 

তেওঁলোকৰ চৰকাৰে বঞ্চিতসকলক অগ্ৰাধিকাৰ প্ৰদানৰ দৃষ্টিভংগীৰে কাম কৰে বুলি উল্লেখেৰে তেওঁ নৰ্মদা জিলাক এক গুৰুত্বপূৰ্ণ উদাহৰণ হিচাপে অভিহিত কৰে, যিখন জিলাক এসময়ত পিছপৰা বুলি গণ্য কৰা হৈছিল। তেওঁ কয় যে জিলাখনক অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছিল, আকাংক্ষী জিলা হিচাপে ঘোষণা কৰা হৈছিল আৰু ইয়াৰ ফলশ্ৰুতিত আজি জিলাখনে ভিন্ন উন্নয়ন পৰিমাপত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। এই পৰিৱৰ্তনে অঞ্চলটোৰ জনজাতীয় সমাজক যথেষ্ট উপকৃত কৰিছে বুলি তেওঁ কয়। শ্ৰী মোদীয়ে আৰু কয় যে জনজাতীয় প্ৰধান ৰাজ্য আৰু বঞ্চিত শ্ৰেণীৰ মাজত পোনপটীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ কেইবাখনো আঁচনি ৰূপায়ণ কৰা হৈছে। ২০১৮-ত বিনামূলীয়া চিকিৎসাৰ বাবে আয়ুষ্মান ভাৰতৰ শুভাৰম্ভ কৰাৰ কথা উল্লেখেৰে তেওঁ কয় যে এই আঁচনিখন ঝাৰখণ্ডৰ ৰাঁচীৰ পৰা আৰম্ভ কৰা হৈছিল। আজি সমগ্ৰ দেশৰ কোটি-কোটি জনজাতীয় ভ্ৰাতৃ-ভগ্নীয়ে এই আঁচনিৰ অধীনত ৫ লাখ টকা পৰ্য্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিছে। তেওঁ লগতে কয় যে আয়ুষ্মান আৰোগ্য মন্দিৰৰ পদক্ষেপো জনজাতীয় প্ৰধান ছত্তীশগড়ৰ পৰা আৰম্ভ হৈছিল আৰু ই জনজাতীয় জনসাধাৰণৰ বাবে উল্লেখযোগ্য সুবিধা প্ৰশস্ত কৰিছে।

তেওঁলোকৰ চৰকাৰে জনজাতীয় সমাজৰ আটাইতকৈ পিছপৰা লোকসকলক বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰিছে বুলি উল্লেখেৰে তেওঁ কয় যে স্বাধীনতাৰ কেইবা দশক পিছতো বহু অঞ্চলত বিদ্যুৎ, পানী যোগান ব্যৱস্থা, পথ, চিকিৎসালয়ৰ সুবিধাৰ অভাৱ আছিল। এনে অঞ্চলসমূহৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি ঝাৰখণ্ডৰ খুঁটিৰ পৰা পিএম-জনমান আঁচনিৰ শুভাৰম্ভ কৰা হৈছিল। তেওঁ জনোৱা মতে এই পদক্ষেপত ২৪ হাজাৰ কোটি টকা ব্যয় কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযানৰ ফলশ্ৰুতিতো পিছপৰা জনজাতীয় গাঁওসমূহত উন্নয়নৰ এক নতুন অধ্যায় ৰচনা হৈছে। তেওঁ কয় যে সমগ্ৰ দেশৰ ৬০ হাজাৰৰো অধিক গাঁৱে এই অভিযানত যোগদান কৰিছে। ইয়াৰে কেইবা হাজাৰ গাঁৱে পোন-প্ৰথমবাৰৰ বাবে পাইপেৰে খোৱাপানী লাভ কৰিছে আৰু শ-শ গাঁৱে এতিয়া টেলিমেডিচিন সেৱা লাভ কৰিছে। তেওঁ কয় যে এই অভিযানৰ অধীনত গ্ৰাম সভাক উন্নয়নৰ ভেটি হিচাপে গঢ়ি তোলা হৈছে। স্বাস্থ্য, শিক্ষা, পুষ্টি, কৃষি আৰু জীৱিকাৰ ওপৰত গুৰুত্ব আৰোপেৰে গাঁওসমূহত সমাজ-চালিত পৰিকল্পনা যুগুত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই অভিযানে দৃঢ়তাৰে অতি অসম্ভৱ লক্ষ্যও পূৰণ কৰিব পৰা কথাটোকে প্ৰতিপন্ন কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে জনজাতীয় লোকসকলৰ জীৱন যাত্ৰাৰ প্ৰতিটো দিশৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এক ব্যাপক দৃষ্টিভংগীৰে কাম কৰি আছে। তেওঁ জনোৱা মতে, ক্ষুদ্ৰ-ক্ষুদ্ৰ বনজ সামগ্ৰীৰ সংখ্যা ২০-ৰ পৰা প্ৰায় ১০০-লৈ বৃদ্ধি কৰা হৈছে আৰু বনজ উৎপাদনৰ ক্ষেত্ৰত এমএছপি বৃদ্ধি কৰা হৈছে। তেওঁ কয় যে চৰকাৰে সক্ৰিয়ভাৱে মোটা খাদ্যশস্য— শ্ৰী অন্নক প্ৰচাৰ কৰি আহিছে, যিয়ে জনজাতীয় সমাজক উপকৃত কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে গুজৰাটত বনবন্ধু কল্যাণ যোজনাৰ শুভাৰম্ভ কৰা হৈছিল, যিয়ে জনজাতীয় জনসাধাৰণক নতুন অৰ্থনৈতিক শক্তি প্ৰদান কৰিছিল। ইয়াৰ পৰা অনুপ্ৰাণিত হৈ এতিয়া জনজাতীয় কল্যাণ যোজনা আৰম্ভ কৰা হৈছে।

দীৰ্ঘদিন ধৰি ছিকল চেল ৰোগ জনজাতীয় সমাজৰ বাবে গুৰুতৰ ভাবুকি হৈ আহিছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ জনজাতীয় অঞ্চলত ডিচপেনচেৰী, চিকিৎসা কেন্দ্ৰ আৰু চিকিৎসালয়ৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে; বৰ্তমান ছিকল চেল ৰোগৰে ফলপ্ৰসূভাৱে মোকাবিলা আৰু পৰিচালনাৰ বাবে এক ৰাষ্ট্ৰজোৰা অভিযান অব্যাহত আছে। এই পদক্ষেপৰ অধীনতে ইতিমধ্যে সমগ্ৰ দেশৰ ছয় কোটি জনজাতীয় ভাই-ভনীৰ পৰীক্ষা সম্পন্ন হৈছে।

 

 

শিক্ষাৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত স্থানীয় ভাষাত শিক্ষাৰ ব্যৱস্থা কৰা হৈছে। তেওঁ কয় যে ভাষাৰ বাধাৰ বাবে পূৰ্বে পিছ পৰি থকা জনজাতীয় শিশুসকল এতিয়া স্থানীয় ভাষাত শিক্ষা গ্ৰহণৰ জৰিয়তে আগবাঢ়িছে আৰু ৰাষ্ট্ৰৰ উন্নয়নত অধিক সক্ৰিয়ভাৱে অৰিহণা যোগাইছে।

গুজৰাটৰ জনজাতীয় সমাজসমূহৰ চহকী কলাত্মক ঐতিহ্যত আলোকপাতেৰে তেওঁলোকৰ চিত্ৰ আৰু শিল্পকৰ্মসমূহ অনন্য বুলি উল্লেখেৰে শ্ৰী মোদীয়ে এই শিল্পকলাসমূহক আগুৱাই নিয়া শিল্পী পৰেশভাই ৰাথৱাৰ কথা কয়। চৰকাৰে তেওঁক পদ্ম বঁটাৰে সন্মানিত কৰিছে বুলি শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে যিকোনো সমাজৰ প্ৰগতিৰ বাবে গণতন্ত্ৰত অৰ্থপূৰ্ণ অংশগ্ৰহণ কাৰ্য্য অতিশয় প্ৰয়োজনীয়। তেওঁ কয় যে জনজাতীয় সমাজৰ সদস্যসকল যাতে শীৰ্ষ পদবীত অধিষ্ঠিত হৈ ৰাষ্ট্ৰখনক নেতৃত্ব প্ৰদান কৰিব পাৰে, চৰকাৰে সেই লক্ষ্য নিৰ্ধাৰণ কৰিছে। তেওঁ কয় যে আজি ভাৰতৰ ৰাষ্ট্ৰপতি হৈছে এগৰাকী জনজাতীয় মহিলা। তেওঁ লগতে কয় যে তেওঁলোকৰ দল আৰু মিত্ৰজোঁটে জনজাতীয় নেতাসকলক দল আৰু চৰকাৰৰ শীৰ্ষ ভূমিকাত অধিষ্ঠিত কৰিবলৈ ধাৰাবাহিকভাৱে কাম কৰি আহিছে। তেওঁ ছত্তীশগড়ত শ্ৰী বিষ্ণুদেৱ ছাই, ওড়িশাৰ শ্ৰী মোহন চৰণ মাঝি, অৰুণাচল প্ৰদেশৰ শ্ৰী পেমা খাণ্ডু, নাগালেণ্ডৰ শ্ৰী নেফিউ ৰিঅ’কে প্ৰমুখ্য কৰি কেইবাখনো ৰাজ্যত জনজাতীয় নেতাক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি প্ৰদান কৰাৰ কথা উল্লেখ কৰে। তেওঁ আৰু কয় যে দলটোৱে বহু ৰাজ্যিক বিধানসভাত জনজাতীয় অধ্যক্ষ নিযুক্তি দিছে। তেওঁ কয় যে গুজৰাটৰ শ্ৰী মংগুভাই পেটেলে বৰ্তমান মধ্যপ্ৰদেশৰ ৰাজ্যপাল হিচাপে কাৰ্য্যনিৰ্ব্যাহ কৰি আছে। তেওঁ আৰু কয় যে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে এতিয়া তেওঁলোকৰ মন্ত্ৰীসভাত এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্ব্যাহ কৰি আছে। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে ৰাষ্ট্ৰৰ উন্নয়নৰ ক্ষেত্ৰত এই নেতাসকলে আগবঢ়োৱা সেৱা আৰু অৱদান অতুলনীয় আৰু অসাধাৰণ।

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে উল্লেখ কৰে যে ৰাষ্ট্ৰখনে আজি ‘সবকা সাথ, সবকা বিকাশ’ মন্ত্ৰৰ শক্তি আহৰণ কৰিছে। তেওঁ কয় যে এই মন্ত্ৰই বছৰ-বছৰ ধৰি কোটি-কোটি জনতাৰ জীৱনক ৰূপান্তৰিত কৰিছে, ৰাষ্ট্ৰীয় ঐক্যক সুদৃঢ় কৰিছে আৰু দীৰ্ঘদিনে অৱহেলিত জনজাতীয় সমাজসমূহক মূলসুঁতিলৈ আনিছে। ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তীৰ পবিত্ৰ উপলক্ষত প্ৰধানমন্ত্ৰীয়ে সকলোকে এই মন্ত্ৰৰ প্ৰতি দায়বদ্ধতা পুনৰ সুদৃঢ় কৰিবলৈ আহ্বান জনায়। উন্নয়নৰ ক্ষেত্ৰত যাতে কোনো লোক পিছ পৰি থাকিবলগীয়া নহয়, তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে এয়া নিশ্চিতকৰণেই হ’ব ধৰতী আবালৈ প্ৰকৃত শ্ৰদ্ধাঞ্জলি। তেওঁ আত্মবিশ্বাস প্রকাশেৰে কয় যে আমি একেলগে আগবাঢ়ি যাম আৰু উন্নত ভাৰতৰ সপোন পৰিপূৰণ কৰিম। এই সংকল্পৰেই তেওঁ সকলোকে জনজাতীয় গৌৰৱ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।

 

শ্ৰী মোদীয়ে আৰু কয় যে জনজাতীয় গৌৰৱ দিৱসে জনজাতীয় সমাজসমূহে ৰক্ষা কৰি থকা পৰম্পৰাৰ প্ৰকৃত সাৰমৰ্মক উদ্ভাসিত কৰিছে আৰু ভৱিষ্যৎ প্ৰজন্মসমূহৰ আকাংক্ষাৰাজিকো ধাৰণ কৰিছে। সেয়ে তেওঁ কয় যে সমগ্ৰ ভাৰততে ১৫ নৱেম্বৰত ভগৱান বীৰছা মুণ্ডাৰ জন্ম বাৰ্ষিকীক জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰা হৈছে। তেওঁ ভাষণৰ সামৰণিত কয় যে আমি ভাৰতীয়ত্বৰে বদ্ধমূল হৈ নতুন শক্তি আৰু দৃঢ়তাৰে আগবাঢ়িব লাগে আৰু গৌৰৱৰ নতুন শিখৰত উপনীত হ’ব লাগে।

এই কাৰ্য্যসূচীত গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য্য দেৱব্ৰত, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেলকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

পটভূমি

ডেদিয়াপাড়াত অনুষ্ঠিত কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীয়ে জনজাতীয় সমাজসমূহক উন্নীতকৰণ আৰু অঞ্চলটোৰ গ্ৰাম্য তথা দুৰ্গম অঞ্চলসমূহৰ আন্তঃগাঁথনিৰ অগ্ৰগতি সাধনৰ লক্ষ্যৰে একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযান (PM-JANMAN) আৰু ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান (DA-JAGUA)-ৰ অধীনত নিৰ্মিত এক লাখ ঘৰৰ গৃহপ্ৰৱেশ অনুষ্ঠানত অংশগ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১,৯০০ কোটি টকা ব্যয়-সাপেক্ষে স্থাপিত জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে উৎসৰ্গিত ৪২ খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয় (EMRS) উদ্বোধন কৰে; সমাজ-চালিত কাৰ্য্যকলাপৰ কেন্দ্ৰ হিচাপে ২২৮ টা বহু-মুখী কেন্দ্ৰ; ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত দক্ষতা কেন্দ্ৰ আৰু জনজাতীয় সংস্কৃতি তথা ঐতিহ্যৰাজিক সংৰক্ষণৰ বাবে মণিপুৰৰ ইম্ফলত জনজাতীয় গৱেষণা প্ৰতিষ্ঠান (TRI)-ৰ ভৱন উদ্বোধন কৰে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে জনজাতীয় অঞ্চলসমূহৰ যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধনৰ বাবে গুজৰাটৰ ১৪ খন জনজাতীয় জিলালৈ ২৫০ খন বাছৰ ফ্লেগ-অফ কৰে।

প্ৰধানমন্ত্ৰীয়ে জনজাতীয় অঞ্চলসমূহৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ বাবে ৭৪৮ কিমি নতুন পথ আৰু ১৪ টা জনজাতীয় বহু-বিপণন কেন্দ্ৰ (TMMC)-ৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ উপৰিও তেওঁ ২,৩২০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ৫০ খন নতুন একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Sanand 2.0's swift semicon wave accelerates India's chip ambitions

Media Coverage

Sanand 2.0's swift semicon wave accelerates India's chip ambitions
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
The government places great emphasis on bringing a 'technology culture' to agriculture: PM Modi
March 06, 2026
This year’s Union Budget gives a strong push to agriculture and rural transformation : PM
Government has continuously strengthened the agriculture sector ,major efforts have reduced the risks for farmers and provided them with basic economic security: PM
If we scale high-value agriculture together, it will transform agriculture into a globally competitive sector: PM
As export-oriented production increases, employment will be created in rural areas through processing and value addition: PM
Fisheries can become a major platform for export growth, a high-value, high-impact sector of rural prosperity: PM
The government is developing digital public infrastructure for agriculture through AgriStack: PM
Technology delivers results when systems adopt it, institutions integrate it, and entrepreneurs build innovations on it: PM

नमस्कार !

बजट वेबिनार सीरीज के तीसरे वेबिनार में, मैं आप सभी का अभिनंदन करता हूं। इससे पहले, टेक्नोलॉजी, रिफॉर्म्स और इकोनॉमिक ग्रोथ जैसे अहम विषयों पर दो वेबिनार हो चुके हैं। आज, Rural Economy और Agriculture जैसे अहम सेक्टर पर चर्चा हो रही है। आप सभी ने बजट निर्माण में अपने मूल्यवान सुझावों से बहुत सहयोग दिया, और आपने देखा होगा बजट में आप सबके सुझाव रिफ्लेक्ट हो रहे हैं, बहुत काम आए हैं। लेकिन अब बजट आ चुका है, अब बजट के बाद उसके full potential का लाभ देश को मिले, इस दिशा में भी आपका अनुभव, आपके सुझाव और सरल तरीके से बजट का सर्वाधिक लोगों को लाभ हो। बजट का पाई-पाई पैसा जिस हेतु से दिया गया है, उसको परिपूर्ण कैसे करें? जल्द से जल्द कैसे करें? आपके सुझाव ये वेबिनार के लिए बहुत अहम है।

साथियों,

आप सभी जानते हैं, कृषि, एग्रीकल्चर, विश्वकर्मा, ये सब हमारी अर्थव्यवस्था का मुख्य आधार है। एग्रीकल्चर, भारत की लॉन्ग टर्म डेवलपमेंट जर्नी का Strategic Pillar भी है, और इसी सोच के साथ हमारी सरकार ने कृषि सेक्टर को लगातार मजबूत किया है। करीब 10 करोड़ किसानों को 4 लाख करोड़ रुपए से अधिक की पीएम किसान सम्मान निधि मिली है। MSP में हुए Reforms से अब किसानों को डेढ़ गुना तक रिटर्न मिल रहा है। इंस्टिट्यूशनल क्रेडिट कवरेज 75 प्रतिशत से अधिक हो चुका है। पीएम फसल बीमा योजना के तहत लगभग 2 लाख करोड़ रुपए के क्लेम सेटल किए गए हैं। ऐसे अनेक प्रयासों से किसानों का रिस्क बहुत कम हुआ है, और उन्हें एक बेसिक इकोनॉमिक सिक्योरिटी मिली है। इससे कृषि क्षेत्र का आत्मविश्वास भी बढ़ा है। आज खाद्यान्न और दालों से लेकर तिलहन तक देश रिकॉर्ड उत्पादन कर रहा है। लेकिन अब, जब 21वीं सदी का दूसरा क्वार्टर शुरू हो चुका है, 25 साल बीत चुके हैं, तब कृषि क्षेत्र को नई ऊर्जा से भरना भी उतना ही आवश्यक है। इस साल के बजट में इस दिशा में नए प्रयास हुए हैं। मुझे विश्वास है, इस वेबिनार में आप सभी के बीच हुई चर्चा, इससे निकले सुझाव, बजट प्रावधानों को जल्द से जल्द जमीन पर उतारने में मदद करेंगे।

साथियों,

आज दुनिया के बाजार खुल रहे हैं, ग्लोबल डिमांड बदल रही है। इस वेबिनार में अपनी खेती को एक्सपोर्ट ओरिएंटेड बनाने पर भी ज्यादा से ज्यादा चर्चा आवश्य़क है। हमारे पास Diverse Climate है, हमें इसका पूरा फायदा उठाना है। एग्रो क्लाइमेटिक जोन, उस विषय में हम बहुत समृद्ध है। इस साल का बजट इन सब बातों के लिए अनगिनत नए अवसर देने वाला बजट है। प्रोडक्टिविटी बढ़ाने की दिशा तय करता है, और एक्सपोर्ट स्ट्रेंथ को बढ़ावा देता है। बजट में हमने high value agriculture पर फोकस किया है। नारियल, काजू, कोको, चंदन, ऐसे उत्पादों के regional-specific promotion की बात कही है, और आपको मालूम है, दक्षिण के हमारे जो राज्य हैं खासकर केरल है, तमिलनाडु है, नारियल की पैदावार बहुत करते हैं। लेकिन अब वो क्रॉप, वो सारे पेड़ इतने पुराने हो चुके हैं कि उसकी वो क्षमता नहीं रही है। केरल के किसानों को अतिरिक्त लाभ हो, तमिलनाडु के किसानों को अतिरिक्त लाभ हो। इसलिए इस बार कोकोनट पर एक विशेष बल दिया गया है, जिसका फायदा आने वाले दिनों में हमारे इन किसानों को मिलेगा।

साथियों,

नॉर्थ ईस्ट की तरफ देखें, अगरवुड बहुत कम लोगों को मालूम है, जो ये अगरबत्ती शब्द है ना, वो अगरवुड से आया हुआ है। अब हिमालयन राज्यों में टेम्परेट नट क्रॉप्स, और इन्हें बढ़ावा देने का प्रस्ताव बजट में रखा गया है। जब एक्सपोर्ट ओरिएंटेड प्रोडक्शन बढ़ेगा, तो ग्रामीण क्षेत्रों में प्रोसेसिंग और वैल्यू एडिशन के जरिए रोजगार सृजन होगा। इस दिशा में एक coordinated action कैसे हो, आप सभी स्टेकहोल्डर्स मिलकर जरूर मंथन करें। अगर हम मिलकर High Value Agriculture को स्केल करते हैं, तो ये एग्रीकल्चर को ग्लोबली कंपेटिटिव सेक्टर में बदल सकता है। एग्री experts, इंडस्ट्री और किसान एक साथ कैसे आएं, किसानों को ग्लोबल मार्केट से जोड़ने के लिए किस तरह से गोल्स सेट किए जाएं, क्वालिटी, ब्रांडिंग और स्टैंडर्ड्स, ऐसे हर पहलू, इन सबको कैसे प्रमोट किया जाए, इन सारे विषयों पर चर्चा, इस वेबिनार को, इसके महत्व को बढ़ाएंगे। मैं एक और बात आपसे कहना चाहूंगा। आज दुनिया हेल्थ के संबंध में ज्यादा कॉनशियस है। होलिस्टिक हेल्थ केयर और उसमें ऑर्गेनिक डाइट, ऑर्गेनिक फूड, इस पर बहुत रुचि है। भारत में हमें केमिकल फ्री खेती पर बल देना ही होगा, हमें नेचुरल फार्मिंग पर बल देना होगा। नेचुरल फार्मिंग से, केमिकल फ्री प्रोडक्ट से दुनिया के बाजार तक पहुंचने में हमारे लिए एक राजमार्ग बन जाता है। उसके लिए सर्टिफिकेशन, लेबोरेटरी ये सारी व्यवस्थाएं सरकार सोच रही है। लेकिन आप लोग इसमें भी जरूर अपने विचार रखिए।

साथियों,

एक्सपोर्ट बढ़ाने में एक बहुत बड़ा फैक्टर फिशरीज सेक्टर का पोटेंशियल भी है। भारत दुनिया का दूसरा सबसे बड़ा मछली उत्पादक देश भी है। आज हमारे अलग-अलग तरह के जलाशय, तालाब, ये सब मिलाकर लगभग 4 लाख टन मछली उत्पादन होता है। जबकि इसमें 20 लाख टन अतिरिक्त उत्पादन की संभावना मौजूद है। अब विचार कीजिए आप, 4 लाख टन से हम अतिरिक्त 20 लाख टन जोड़ दें, तो हमारे गरीब मछुआरे भाई-बहन हैं, उनकी जिंदगी कैसी बदल जाएगी। हमारे पास Rural Income को डायवर्सिफाई करने का अवसर है। फिशरीज एक्सपोर्ट ग्रोथ का बड़ा प्लेटफॉर्म बन सकता है, दुनिया में इसकी मांग है। इस वेबिनार से अगर बहुत ही प्रैक्टिकल सुझाव निकलते हैं, तो कैसे रिज़रवॉयर, उसकी पोटेंशियल की सटीक मैपिंग की जाए, कैसे क्लस्टर प्लानिंग की जाए, कैसे फिशरीज डिपार्टमेंट और लोकल कम्युनिटी के बीच मजबूत कोऑर्डिनेशन हो, तो बहुत ही उत्तम होगा। हैचरी, फीड, प्रोसेसिंग, ब्रांडिंग, एक्सपोर्ट, उसके लिए आवश्यक लॉजिस्टिक्स, हर स्तर पर हमें नए बिजनेस मॉडल विकसित करने ही होंगे। ये Rural Prosperity, ग्रामीण समृद्धि के लिए, वहां की हाई वैल्यू, हाई इम्पैक्ट सेक्टर के रूप में परिवर्तित करने का एक अवसर है हमारे लिए, और इस दिशा में भी हम सबको मिलकर काम करना है, और आप आज जो मंथन करेंगे, उसके लिए, उस कार्य के लिए रास्ता बनेगा।

साथियों,

पशुपालन सेक्टर, ग्रामीण इकोनॉमी का हाई ग्रोथ पिलर है। भारत आज दुनिया का सबसे बड़ा मिल्क प्रोड्यूसर है, Egg प्रोडक्शन में हम दूसरे स्थान पर है। हमें इसे और आगे ले जाने के लिए ब्रीडिंग क्वालिटी, डिजीज प्रिवेंशन और साइंटिफिक मैनेजमेंट पर फोकस करना होगा। एक और अहम विषय पशुधन के स्वास्थ्य का भी है। मैं जब One Earth One Health की बात करता हूं, तो उसमें पौधा हो या पशु, सबके स्वास्थ्य की बात शामिल है। भारत अब वैक्सीन उत्पादन में आत्मनिर्भर है। फुट एंड माउथ डिजीज, उससे पशुओं को बचाने के लिए सवा सौ करोड़ से अधिक डोज पशुओं को लगाई जा चुकी है। राष्ट्रीय गोकुल मिशन के तहत टेक्नोलॉजी का विस्तार किया जा रहा है। हमारी सरकार में अब पशुपालन क्षेत्र के किसानों को किसान क्रेडिट कार्ड का भी लाभ मिल रहा है। निजी निवेश को प्रोत्साहित करने के लिए एनिमल हसबेंड्री इंफ्रास्ट्रक्चर डेवलपमेंट फंड की शुरुआत भी की गई है, और आपको ये पता है हम लोगों ने गोबरधन योजना लागू की है। गांव के पशुओं के निकलने वाला मलमूत्र है, गांव का जो वेस्ट है, कूड़ा-कचरा है। हम गोबरधन योजना में इसका उपयोग करके गांव भी स्वच्छ रख सकते हैं, दूध से आय होती है, तो गोबर से भी आय हो सकती है, और एनर्जी सिक्योरिटी की दिशा में गैस सप्लाई में भी ये गोबरधन बहुत बड़ा योगदान दे सकता है। ये मल्टीपर्पज बेनिफिट वाला काम है, और गांव के लिए बहुत उपयोगी है। मैं चाहूंगा कि सभी राज्य सरकारें इसको प्राथमिकता दें, इसको आगे बढ़ाएं।

साथियों,

हमने पिछले अनुभवों से समझा है कि केवल एक ही फसल पर टिके रहना किसान के लिए जोखिम भरा है। इससे आय के विकल्प भी सीमित हो जाते हैं। इसलिए, हम crop diversification पर फोकस कर रहे हैं। इसके अलावा, National Mission on Edible Oils And Pulses, National Mission on Natural Farming, ये सभी एग्रीकल्चर सेक्टर की ताकत बढ़ा रहे हैं।

साथियों,

आप भी जानते हैं एग्रीकल्चर स्टेट सब्जेक्ट है, राज्यों का भी एक बड़ा एग्रीकल्चर बजट होता है, हमें राज्यों को भी निरंतर प्रेरित करना है कि वो अपना दायित्व निभाने में, हम उनको कैसे मदद दें, हमारे सुझाव उनको कैसे काम आएं। राज्य का भी एक-एक पैसा जो गांव के लिए, किसान के लिए तय हुआ है, वो सही उपयोग हो। हमें बजट प्रावधानों को जिला स्तर तक मजबूत करना होगा। तभी नई पॉलिसीज का ज्यादा से ज्यादा फायदा उठाया जा सकता है।

साथियों,

ये टेक्नोलॉजी की सदी है और सरकार का बहुत जोर एग्रीकल्चर में टेक्नोलॉजी कल्चर लाने पर भी है। आज e-NAM के माध्यम से मार्केट एक्सेस का डेमोक्रेटाइजेशन हुआ है। सरकार एग्रीस्टैक के जरिए, एग्रीकल्चर के लिए डिजिटल पब्लिक इंफ्रास्ट्रक्चर विकसित कर रही है। इसके तहत डिजिटल पहचान, यानी किसान आईडी बनाई जा रही है। अब तक लगभग 9 करोड़ किसानों की किसान आईडी बन चुकी है, और लगभग 30 करोड़ भूमि पार्सलों का डिजिटल सर्वे किया गया है। भारत-विस्तार जैसे AI आधारित प्लेटफॉर्म, रिसर्च इंस्टीट्यूशंस और किसानों के बीच की दूरी कम कर रहे हैं।

लेकिन साथियों,

टेक्नोलॉजी तभी परिणाम देती है, जब सिस्टम उसे अपनाएं, संस्थाएं उसे इंटीग्रेट करें और एंटरप्रेन्योर्स उस पर इनोवेशन खड़ा करें। इस वेबिनार में आपको इससे जुड़े सुझावों को मजबूती से सामने लाना होगा। हम टेक्नोलॉजी को कैसे सही तरीके से इंटीग्रेट करें, इस दिशा में इस वेबिनार से निकले सुझावों की बहुत बड़ी भूमिका होगी।

साथियों,

हमारी सरकार ग्रामीण समृद्धि के निर्माण के लिए प्रतिबद्ध है। प्रधानमंत्री आवास योजना, स्वामित्व योजना, पीएम ग्रामीण सड़क योजना, स्वयं सहायता समूहों को आर्थिक मदद, इसने रूरल इकोनॉमी को निरंतर मजबूत किया है। लखपति दीदी अभियान की सफलता को भी हमें नई ऊंचाई देनी है। अभी तक गांव की 3 करोड़ महिलाओं को लखपति दीदी बनाने में हम सफल हो चुके हैं। अब 2029 तक, 2029 तक 3 करोड़ में और 3 करोड़ जोड़ना है, और 3 करोड़ और लखपति दीदियां बनाने का लक्ष्य तय किया गया है। ये लक्ष्य और तेजी से कैसे प्राप्त किया जाए, इसे लेकर भी आपके सुझाव महत्वपूर्ण होंगे।

साथियों,

देश में स्टोरेज का बहुत बड़ा अभियान चल रहा है। लाखों गोदाम बनाए जा रहे हैं। स्टोरेज के अलावा एग्री एंटरप्रेन्योर्स प्रोसेसिंग, सप्लाई चैन, एग्री-टेक, एग्री-फिनटेक, एक्सपोर्ट, इन सब में इनोवेशन और निवेश बढ़ाना आज समय की मांग है। मुझे विश्वास है आज जो आप मंथन करेंगे, उससे निकले अमृत से ग्रामीण अर्थव्यवस्था को नई ऊर्जा मिलेगी। आप सबको इस वेबिनार के लिए मेरी बहुत-बहुत शुभकामनाएं हैं, और मुझे पूरा विश्वास है कि जमीन से जुड़े हुए विचार, जड़ों से जुड़े हुए विचार, इस बजट को सफल बनाने के लिए, गांव-गांव तक पहुंचाने के लिए बहुत काम आएंगे। आपको बहुत-बहुत शुभकामनाएं।

बहुत-बहुत धन्यवाद। नमस्कार।