সন্ত ৰবিদাসৰ প্ৰতিমূৰ্তি উন্মোচন
সন্ত ৰবিদাসৰ জন্ম স্থানৰ আশে-পাশে উন্নয়নমূলক কামৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন
সন্ত ৰবিদাস সংগ্ৰহালয় আৰু উদ্যানৰ সৌন্দৰ্য্যবৰ্ধনৰ আধাৰশিলা স্থাপন
“ভাৰতৰ ইতিহাস অনুসৰিদেশৰ প্ৰয়োজনীয়তাৰ সময়তএকো-একোজন সাধু, ঋষি বা মহান ব্যক্তিত্বৰ জন্ম হয়”
“সন্ত ৰবিদাস জী ভক্তি আন্দোলনৰ এগৰাকী মহান সন্ত আছিল, তেওঁ দুৰ্বল আৰু বিভাজিত ভাৰতক এক নতুন শক্তি প্ৰদান কৰিছিল”
“সন্ত ৰবিদাস জীয়ে সমাজখনক স্বাধীনতাৰ গুৰুত্ব সম্পৰ্কে কৈছিল আৰু লগতে সামাজিক বিভাজন দূৰ কৰিছিল”
“ৰবিদাস জী সকলোৰে আৰু সকলো ৰবিদাস জীৰ”
“চৰকাৰে ‘সবকা সাথ, সবকাবিকাশ’ মন্ত্ৰেৰে সন্ত ৰবিদাস জীৰ শিক্ষা আৰু আদৰ্শক আগুৱাই নিছে”
প্ৰধানমন্ত্ৰী মোদীয়ে জনোৱা মতে, বাবা চাহেব আম্বেদকাৰ গডজে বাবাৰ কৰ্মৰ বিপুল প্ৰশংসক আছিল আৰু গডজে বাবাও বাবা চাহেবৰদ্বাৰা প্ৰভাৱিত হৈছিল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীত সন্ত গুৰু ৰবিদাসৰ ৬৪৭ সংখ্যকজয়ন্তী উদযাপনৰ কাৰ্য্যসূচী সম্বোধন কৰে।প্ৰধানমন্ত্ৰীগৰাকীয়ে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সমীপৰ সীৰ গোৱৰ্ধনপুৰত অৱস্থিত সন্ত গুৰু ৰবিদাস জন্মস্থলী মন্দিৰৰ সংলগ্ন ৰবিদাস উদ্যানত নতুনকৈ স্থাপন কৰা সন্ত ৰবিদাসৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। লগতে, প্ৰায় ৩২ কোটি টকা ব্যয়সাপেক্ষে সন্ত ৰবিদাস জন্মস্থলীৰ আশে-পাশে ভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভৰ লগতে প্ৰায় ৬২ কোটি টকা ব্যয়সাপেক্ষে সন্ত ৰবিদাস সংগ্ৰহালয় আৰু উদ্যানখনৰ সৌন্দৰ্য্যবৰ্ধনৰ আধাৰশিলা স্থাপন কৰে।

 

সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সন্ত ৰবিদাস জীৰ ৬৪৭ সংখ্যক জন্ম বাৰ্ষিকীত জন্মস্থানলৈ সকলোকে আদৰণি জনায়। দেশৰ ভিন্ন প্ৰান্তৰ ভক্তসকলৰ অংশগ্ৰহণ লক্ষ্য কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষকৈ পঞ্জাৱৰপৰা কাশীলৈ অহাসকলৰ মনোভাৱক প্ৰশংসাৰে কয় যে কাশী ক্ষুদ্ৰ পঞ্জাৱত পৰিণত হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে সন্ত ৰবিদাস জীৰ জন্মস্থান পুনৰ পৰিদৰ্শনেৰে তেওঁৰ আদৰ্শ আৰু সংকল্প আগবঢ়াই নিয়াৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

কাশীৰ প্ৰতিনিধি হিচাপে তেখেতে সন্ত ৰবিদাস জীৰ অনুগামীসকলক সেৱাৰ সুযোগ পোৱাত সন্তোষ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে সন্ত ৰবিদাস জীৰ জন্মস্থলী উন্নীতকৰণৰ আঁচনিসমূহৰ কথা উল্লেখ কৰে। তেওঁ মন্দিৰ এলেকাৰ উন্নয়ন, সংযোগী পথ নিৰ্মাণ আৰু সন্ত ৰবিদাস সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি মহান সন্ত আৰু সমাজ সংস্কাৰক গডজে বাবাৰ জয়ন্তীও বুলি উল্লেখেৰে বঞ্চিত আৰু দৰিদ্ৰ লোকৰ উত্থানৰ দিশত তেওঁৰ অৱদান সম্পৰ্কে আলোকপাত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে জনোৱা মতে, বাবা চাহেব আম্বেদকাৰ গডজে বাবাৰ কৰ্মৰ বিপুল প্ৰশংসক আছিল আৰু গডজে বাবাও বাবা চাহেবৰদ্বাৰা প্ৰভাৱিত হৈছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সন্ত ৰবিদাসৰ শিক্ষাই তেখেতক সদায় পথ-প্ৰদৰ্শন কৰি আহিছে। শেহতীয়াকৈ মধ্যপ্ৰদেশত সন্ত ৰবিদাস স্মাৰকৰ আধাৰশিলা স্থাপনৰ কথা উল্লেখ কৰে।

“দেশৰ প্ৰয়োজনীয়তাৰ সময়তএকো-একোজন সাধু, ঋষি বা মহান ব্যক্তিত্বৰ ৰূপত এজন ত্ৰাণকৰ্তাৰ আবিৰ্ভাৱ ঘটে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে আৰু কয় যে সন্ত ৰবিদাস জীয়ে বিভক্ত আৰু খণ্ডিত ভাৰতক পুনৰ সুদৃঢ় কৰিছিল। এয়া ভক্তি আন্দোলনৰ অংশ আছিল। তেখেতে কয় যে ৰবিদাস জীয়ে সমাজত স্বাধীনতাক অৰ্থ প্ৰদানৰ লগতে সামাজিক বিভাজনৰো সেতুবন্ধন কৰিছিল। অস্পৃশ্যতা, শ্ৰেণীবাদ, বৈষম্যৰ বিৰুদ্ধে তেওঁ মাত মাতিছিল। “মতামত আৰু ধৰ্মৰ মতাদৰ্শৰে সন্ত ৰবিদাক বান্ধিব নোৱাৰি”, তেখেতে কয়। তেখেতে আৰু কয়, “ৰবিদাস জী সকলোৰে আৰু সকলো ৰবিদাস জীৰ।” তেখেতেউল্লেখ কৰে যে বৈষ্ণৱ সমাজেও সন্ত ৰবিদাস জীক জগতগুৰু ৰামানন্দৰ শিষ্য হিচাপে নিজৰ গুৰু বুলি গণ্য কৰেআৰু শিখ সমাজেও তেওঁক অতিশয় ভক্তি কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে গংগাৰ ওপৰত বিশ্বাস ৰখা আৰু বাৰাণসীৰ অন্তৰ্গতসকলে সন্ত ৰবিদাস জীৰপৰা প্ৰেৰণা লাভ কৰে। তেখেতে ‘সবকা সাথ, সবকাবিকাশ’ মন্ত্ৰ মানি চলি বৰ্তমান চৰকাৰে সন্ত ৰবিদাস জীৰ শিক্ষা আৰু আদৰ্শক আগবঢ়াই নিয়াত আনন্দ প্ৰকাশ কৰে।

 

সমতা আৰু সংহতি সম্পৰ্কে সন্ত ৰবিদাসৰ শিক্ষাৰ বিষয়ে বিশদভাৱে উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে বঞ্চিত আৰু পিছপৰা শ্ৰেণীসমূহক অগ্ৰাধিকাৰ প্ৰদানৰ লগে-লগে সমতা স্থাপন হয় বুলি কয়। বিশ্বৰ সৰ্ববৃহৎ কল্যাণমূলক আঁচনিৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৮০ কোটি ভাৰতীয়ৰ বাবে বিনামূলীয়া ৰেচন আগবঢ়োৱাৰ কথা কয়। “এনে আঁচনি বিশ্বৰ কোনো দেশতে নাই”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে কয় যে স্বচ্ছ ভাৰত অভিযানৰ অধীনত শৌচাগাৰ নিৰ্মাণৰ ফলত দলিত, পিছপৰা আৰু অনুসূচিত জাতি/অনুসূচিত জনজাতিৰ মহিলাসকল সৰ্বাধিক উপকৃত হৈছে। একেদৰে জল জীৱন অভিযানে ৫ বছৰ নৌহওঁতেই ১১ কোটিৰো অধিক পৰিয়ালক পাইপেৰে পানী যোগান ধৰিছে আৰু দৰিদ্ৰ লোকসকলে আয়ুষ্মান কাৰ্ডৰ জৰিয়তে নিৰাপত্তাৰ অনুভূতি অনুভৱ কৰিছে। জন ধন একাউন্টৰ জৰিয়তে ব্যাপক আৰ্থিক অন্তৰ্ভুক্তিৰ কথাও তেখেতেউল্লেখ কৰে। প্ৰত্যক্ষ লাভ হস্তান্তৰৰ ফলত বৃহৎ সুবিধা লাভ হৈছে। ফচল বীমা যোজনায়ো সহায় কৰিছে বুলি তেখেতে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে জনোৱা মতে, ২০১৪ৰপৰা দলিত যুৱক-যুৱতীয়ে বৃত্তি লাভৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দলিত পৰিয়ালে কোটি-কোটি টকাৰ সাহায্য লাভ কৰিছে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে দলিত, বঞ্চিত আৰু দৰিদ্ৰ লোকৰ উত্থানৰ দিশত চৰকাৰৰ উদ্দেশ্য স্পষ্ট আৰু আজি বিশ্বত ভাৰতৰ অগ্ৰগতিৰ আঁৰৰ কাৰণ এয়াই। তেখেতে কয় যে সন্তসকলৰ কথাই প্ৰতিটো যুগত পথ আলোকিতকৰণৰ লগতে আমাক সতৰ্ক কৰি দিয়ে। ৰবিদাস জীৰ উদ্ধৃতিৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্যাখ্যা কৰে যে অধিকাংশ লোকেই জাতি আৰু ধৰ্মৰ পাৰ্থক্যত জড়িত হৈ থাকে আৰু জাতিবাদৰ এই ৰোগে মানৱতাৰ ক্ষতি কৰে। তেখেতে আৰু কয় যে কোনোবাই যদি জাতিৰ নামত কাৰোবাক উচটনি দিয়ে, তেন্তে ইয়াৰ ফলত মানৱতাৰো ক্ষতি হয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে দলিতসকলৰ কল্যাণৰ বিৰোধী শক্তিসমূহক সকীয়নি প্ৰদান কৰে। তেখেতে কয় যে এনে লোকে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰে। “আমি জাতিবাদৰ নেতিবাচক মানসিকতা পৰিহাৰেৰে ৰবিদাস জীৰ ইতিবাচক শিক্ষা অনুসৰণ কৰিব লাগিব”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

 

ৰবিদাস জীৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কৰ্ম এটা ধৰ্ম আৰু আমি কামবোৰ নিস্বাৰ্থভাৱে কৰিব লাগে। তেখেতে কয় যে সন্ত ৰবিদাস জীৰ এই শিক্ষা আজি সমগ্ৰ দেশৰ বাবেই উপযোগী। ভাৰতে আজাদী কা অমৃত কালৰ মাজেৰে পাৰ হৈ গৈছে য’ত এখনি বিকশিত ভাৰত নিৰ্মাণৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আগন্তুক ৫ বছৰত এখনি বিকশিতভাৰতৰ ভেটি সুদৃঢ়কৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেখেতে আলোকপাত কৰে যে দৰিদ্ৰ আৰু বঞ্চিতসকলৰ সেৱাৰ বাবে অভিযানৰ পৰিসৰ বৃদ্ধি কৰাটো ১৪০ কোটি দেশবাসীৰ অংশগ্ৰহণেৰেহে হ’ব পাৰে। “আমি দেশৰ কথা ভাবিব লাগিব। আমি বিভাজনকাৰী চিন্তাধাৰাৰপৰা আঁতৰি থাকি দেশৰ ঐক্য শক্তিশালী কৰিব লাগিব”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে সন্ত ৰবিদাস জীৰ কৃপাত নাগৰিকৰ সপোন বাস্তৱায়িত হ’ব বুলিও আস্থা প্ৰকাশেৰে ভাষণৰ সামৰণি মাৰে।

এই কাৰ্য্যসূচীত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ আৰু সন্ত গুৰু ৰবিদাস জন্মস্থান মন্দিৰ ট্ৰাষ্টৰ অধ্যক্ষ সন্ত নিৰঞ্জন দাসকে প্ৰমুখ্য কৰি বিশিষ্ট লোকসকল উপস্থিত থাকে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How India, Australia clinched Uranium deal

Media Coverage

How India, Australia clinched Uranium deal
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over loss of lives due to boat capsizing in South 24 Parganas district of West Bengal
July 13, 2026
Prime Minister announces ex-gratia

The Prime Minister, Shri Narendra Modi has expressed deep grief over the loss of lives due to the capsizing of a boat in the South 24 Parganas district of West Bengal.

The Prime Minister conveyed his thoughts to the bereaved families in this hour of grief and prayed for the speedy recovery of the injured.

The Prime Minister announced that an ex-gratia of Rs. 2 lakh from the Prime Minister’s National Relief Fund (PMNRF) would be given to the next of kin of each deceased. The injured would be given Rs. 50,000.

The Prime Minister’s Office posted on X;

“The loss of lives due to the capsizing of a boat in the South 24 Parganas district of West Bengal is deeply painful. My thoughts are with the bereaved families in this hour of grief. May the injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi”