দেশবাসীক একত্ৰিত কৰাৰ দিশত চৰ্দাৰ পেটেলৰ অমূল্য অৱদানক সন্মান জনাই ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন, ই আজি আমাৰ সমাজত ঐক্যৰ বান্ধোন মজবুত কৰক: প্ৰধানমন্ত্ৰী
ভাৰত তেওঁৰ দৃষ্টিভংগী আৰু আমাৰ দেশৰ প্ৰতি অটল দায়বদ্ধতাৰ দ্বাৰা গভীৰভাৱে অনুপ্ৰাণিত, তেওঁৰ প্ৰচেষ্টাই আমাক শক্তিশালী দেশ গঠনৰ দিশত কাম কৰিবলৈ অনুপ্ৰাণিত কৰি আহিছেঃ প্ৰধানমন্ত্ৰী
চৰ্দাৰ পেটেলৰ ১৫০সংখ্যক জয়ন্তী বৰ্ষ আজিৰ পৰা আৰম্ভ কৰি আগন্তুক ২ বছৰলৈ সমগ্ৰ দেশতে উৎসৱ হিচাপে পালন কৰা হ'ব, ইয়াৰ দ্বাৰা আমাৰ ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ সংকল্প আৰু অধিক শক্তিশালী হ'ব: প্ৰধানমন্ত্ৰী
মহাৰাষ্ট্ৰৰ ঐতিহাসিক ৰায়গড় দুৰ্গৰ প্ৰতিচ্ছবি কেৱাড়িয়াৰ একতা নগৰতো দেখা যায়, যিটো প্ৰথমে সামাজিক ন্যায়, দেশপ্ৰেম আৰু দেশবাসীৰ মূল্যবোধৰ পবিত্ৰ ভূমি হৈ আহিছেঃ প্ৰধানমন্ত্ৰী
এজন প্ৰকৃত ভাৰতীয় হোৱাৰ বাবে দেশৰ ঐক্যৰ বাবে সকলো প্ৰচেষ্টা উৎসাহ আৰু উদ্যমেৰে পূৰণ কৰাটো আমাৰ সকলো দেশবাসীৰ কৰ্তব্য: প্ৰধানমন্ত্ৰী
যোৱা ১০ বছৰত দেশত সুশাসনৰ নতুন আৰ্হিয়ে বৈষম্যৰ প্ৰতিটো পৰিসৰ আঁতৰাই পেলাইছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ কেৱাড়িয়াস্থিত ষ্টেছ্যু অৱ ইউনিটীত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকীত তেওঁৰ প্ৰতিমূৰ্তিত পূষ্পাঞ্জলি অৰ্পণ কৰে। শ্ৰী মোদীয়ে একতা দিৱসৰ প্ৰতিজ্ঞাও পালন কৰাৰ লগতে চৰ্দাৰ বল্লভভাই পেটেলৰ জয়ন্তী উপলক্ষে প্ৰতি বছৰে ৩১ অক্টোবৰত উদযাপন কৰা ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে একতা দিৱস পেৰেডৰ সাক্ষী হয়।

 

প্ৰধানমন্ত্ৰীয়ে কয়, “চৰ্দাৰ চাহাবৰ শক্তিশালী কণ্ঠ...একতাৰ প্ৰতিমূৰ্তিৰ কাষৰ এই কাৰ্যসূচী...একতা নগৰৰ এই মনোৰম দৃশ্য...ইয়াত প্ৰদৰ্শিত প্ৰদৰ্শনী...মিনি ইণ্ডিয়াৰ এই আভাস...সকলো অতি অদ্ভূত...ই প্ৰেৰণাদায়ক।” ৰাষ্ট্ৰীয় ঐক্য দিৱসত সমগ্ৰ দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ১৫ আগষ্ট আৰু ২৬ জানুৱাৰীৰ দৰেই ৩১ অক্টোবৰৰ এই অনুষ্ঠানে সমগ্ৰ দেশকে নতুন শক্তিৰে ভৰাই তোলে।

দীপাৱলী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে দেশ আৰু বিশ্বত বসবাস কৰা সকলো ভাৰতীয়লৈ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ উল্লেখ কৰে যে এইবাৰ ৰাষ্ট্ৰীয় একতা দিৱসত দীপাৱলী উৎসৱৰ লগতে এই ঐক্যৰ উৎসৱ উদযাপনৰ এক আচৰিত কাকতলীয়া অনুষ্ঠান হিচাপে পৰিগণিত হৈছে। “দীপাৱালীৰ বন্তিৰ মাধ্যমেৰে সমগ্ৰ দেশক সংযোগ কৰে, সমগ্ৰ দেশক আলোকিত কৰে। আৰু এতিয়া দীপাৱলী উৎসৱেও ভাৰতক বিশ্বৰ সৈতে সংযোগ কৰিছে”, তেওঁ লগতে কয়।

 

আজিৰ পৰা চৰ্দাৰ পেটেলৰ ১৫০সংখ্যক জয়ন্তী বৰ্ষ আৰম্ভ হোৱাৰ বাবে এইবাৰৰ একতা দিৱস অধিক বিশেষ বুলি প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে। আগন্তুক ২ বছৰলৈ দেশত চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উদযাপন কৰা হ'ব। ভাৰতৰ প্ৰতি তেওঁৰ অসাধাৰণ অৱদানৰ প্ৰতি এয়া দেশৰ শ্ৰদ্ধাঞ্জলি। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে দুবছৰৰ এই উদযাপনে আমাৰ এক ভাৰত, মহান ভাৰতৰ সংকল্পক অধিক শক্তিশালী কৰিব। তেওঁ লগতে কয় যে এই অনুষ্ঠানে আমাক শিকাব যে অসম্ভৱ যেন লগা কামকো সম্ভৱ কৰি তুলিব পাৰি।

শ্ৰী মোদীয়ে কেনেকৈ ছত্ৰপতি শিৱাজী মহাৰাজে সকলোকে একত্ৰিত কৰি আক্ৰমণকাৰীক খেদি পঠিয়াইছিল সেই বিষয়ে বিৱৰি কয়। মহাৰাষ্ট্ৰৰ ৰায়গড় গড়ে আজিও সেই কাহিনী কয়। ৰায়গড় দুৰ্গ প্ৰথমে সামাজিক ন্যায়, দেশপ্ৰেম আৰু দেশৰ মূল্যবোধৰ পবিত্ৰ ভূমি হৈ আহিছে বুলিও তেওঁ লগতে কয়। “ছত্ৰপতি শিৱাজী মহাৰাজে ৰায়গড় দুৰ্গত এটা উদ্দেশ্যৰ বাবে দেশৰ বিভিন্ন ধাৰণাক একত্ৰিত কৰিছিল। আজি ইয়াত একতা নগৰত আমি সেই ঐতিহাসিক ৰায়গড়ৰ প্ৰতিচ্ছবি দেখিবলৈ পাইছো.... আজি এই পটভূমিত আমি ইয়াত এক উন্নত ভাৰতৰ সংকল্প সাধনৰ বাবে একত্ৰিত হৈছো”, প্ৰধানমন্ত্ৰীয়ে কয়।

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ বিগত দশকত ভাৰতে কেনেকৈ ঐক্য আৰু অখণ্ডতা শক্তিশালী কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য কৃতিত্ব দেখিছে সেই বিষয়ে কয়। এই দায়বদ্ধতা চৰকাৰী বিভিন্ন পদক্ষেপত স্পষ্ট হৈ পৰে, যাৰ উদাহৰণ একতা নগৰ আৰু ষ্টেছ্যু অৱ ইউনিটী। এই স্মৃতিসৌধটো কেৱল নামতে নহয় ইয়াৰ নিৰ্মাণৰ ক্ষেত্ৰতো ঐক্যৰ প্ৰতীক কাৰণ ইয়াক দেশজুৰি গাঁৱৰ পৰা সংগ্ৰহ কৰা লোহা আৰু মাটিৰে নিৰ্মাণ কৰা হৈছে। একতা নগৰত একতা নাৰ্চাৰী, প্ৰতিখন মহাদেশৰ উদ্ভিদৰ সৈতে বিশ্ব বন, সমগ্ৰ ভাৰতৰ পৰা অহা স্বাস্থ্যসন্মত খাদ্যৰ প্ৰচাৰ কৰা চিলড্ৰেন নিউট্ৰিচন পাৰ্ক, বিভিন্ন অঞ্চলৰ আয়ুৰ্বেদক আলোকপাত কৰা আৰোগ্য বন আৰু দেশৰ বিভিন্ন প্ৰান্তৰ হস্তশিল্প একেলগে প্ৰদৰ্শন কৰা একতা মল আদিৰ কথা আলোকপাত কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে উপদেশ দিয়ে যে এজন প্ৰকৃত ভাৰতীয় হোৱাৰ বাবে দেশৰ ঐক্যৰ দিশত প্ৰতিটো প্ৰচেষ্টাক উদযাপন কৰাটো আমাৰ সকলোৰে কৰ্তব্য। মাৰাঠী, বাংলা, অসমীয়া, পালি আৰু প্ৰাকৃতক ধ্ৰুপদী মৰ্যাদা প্ৰদানকে ধৰি নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত ভাৰতীয় ভাষাৰ ওপৰত গুৰুত্ব দিয়াটোৱে উষ্ম আদৰণি জনোৱাৰ লগতে জাতীয় ঐক্যক অধিক শক্তিশালী কৰি তুলিছে বুলি তেওঁ আলোকপাত কৰে। ভাষাৰ সমান্তৰালভাৱে জম্মু-কাশ্মীৰ আৰু উত্তৰ-পূৰ্বাঞ্চললৈ ৰে’ল নেটৱৰ্ক সম্প্ৰসাৰণ, লাক্ষাদ্বীপ আৰু আন্দামান-নিকোবৰলৈ দ্ৰুতবেগী ইণ্টাৰনেটৰ ব্যৱহাৰ, পাহাৰীয়া অঞ্চলত মোবাইল নেটৱৰ্ক আদি সংযোগ প্ৰকল্পই গ্ৰাম্য আৰু নগৰীয়া বিভাজনৰ সেতুবন্ধন কৰিছে। এই আধুনিক আন্তঃগাঁথনিয়ে নিশ্চিত কৰে যে কোনো অঞ্চলেই যাতে পিছ পৰি ৰোৱা অনুভৱ নহয়, সমগ্ৰ ভাৰততে এক শক্তিশালী ভাৱনা গঢ়ি তোলে।

 

‘পূজ্য বাপুৱে আগতে কৈছিল যে বৈচিত্ৰ্যত ঐক্যৰে জীয়াই থকাৰ আমাৰ ক্ষমতা অহৰহ পৰীক্ষা কৰা হ’ব। আৰু আমি যিকোনো মূল্যতে এই পৰীক্ষাত উত্তীৰ্ণ হৈ থাকিব লাগিব”, প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয়। শ্ৰী মোদীয়ে কয় যে বিগত ১০ বছৰত ভাৰতে বৈচিত্ৰ্যতাৰ মাজত ঐক্যৰে জীয়াই থকাৰ সকলো প্ৰচেষ্টাত সফল হৈছে। চৰকাৰে নীতি আৰু সিদ্ধান্তত এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ মনোভাৱ অহৰহ শক্তিশালী কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে আধাৰৰ জৰিয়তে “এক দেশ, এক পৰিচয়”কে ধৰি অন্যান্য চৰকাৰী পদক্ষেপৰ লগতে জিএছটি আৰু ৰাষ্ট্ৰীয় ৰেচন কাৰ্ডৰ দৰে “এক দেশ” আৰ্হি স্থাপনৰ অতিৰিক্ত প্ৰচেষ্টাক প্ৰশংসা কৰে, যাৰ ফলত সকলো ৰাজ্যকে একক কাঠামোৰ অধীনত সংযোগ কৰা অধিক সংহত ব্যৱস্থাৰ সৃষ্টি হয়। ঐক্যৰ বাবে আমাৰ প্ৰচেষ্টাৰ অংশ হিচাপে আমি এতিয়া এক দেশ, এক নিৰ্বাচন, এক দেশ, এক নাগৰিক সংহিতা অৰ্থাৎ ধৰ্মনিৰপেক্ষ নাগৰিক সংহিতাৰ ওপৰত কাম কৰি আছো”, প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

 

দহ বছৰীয়া শাসন ব্যৱস্থাৰ কথা চিন্তা কৰি প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ আঁতৰোৱাক এক মাইলৰ খুঁটি হিচাপে উদযাপন কৰে। “প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীয়ে ভাৰতীয় সংবিধানৰ অধীনত শপত গ্ৰহণ কৰিলে,” বুলি উল্লেখ কৰি তেওঁ ইয়াক ভাৰতৰ ঐক্যৰ বাবে এক ডাঙৰ মাইলৰ খুঁটি বুলি আখ্যা দিয়ে। বিচ্ছিন্নতাবাদ আৰু সন্ত্ৰাসবাদক নাকচ কৰা আৰু ভাৰতৰ সংবিধান আৰু গণতন্ত্ৰৰ কাষত থিয় দিয়াৰ বাবে জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ দেশপ্ৰেমমূলক মনোভাৱক তেওঁ প্ৰশংসা কৰে।

 

উত্তৰ-পূবৰ দীৰ্ঘদিনীয়া সংঘাত সমাধানৰ ক্ষেত্ৰত অগ্ৰগতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু সামাজিক সম্প্ৰীতিৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা অন্যান্য পদক্ষেপসমূহৰ বিশদ বিৱৰণ দাঙি ধৰে। বড়ো চুক্তিয়ে কেনেদৰে অসমৰ ৫০ বছৰীয়া সংঘাতৰ অন্ত পেলাইছে আৰু ব্ৰু-ৰিয়াং চুক্তিৰ জৰিয়তে হাজাৰ হাজাৰ বিতাৰিত ব্যক্তিক ঘৰলৈ উভতি যাবলৈ অনুমতি দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁ নক্সালবাদৰ প্ৰভাৱ হ্ৰাস কৰাৰ সফলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যিটোক তেওঁ “ভাৰতৰ ঐক্য আৰু অখণ্ডতাৰ প্ৰতি এক উল্লেখযোগ্য প্ৰত্যাহ্বান বুলি অভিহিত কৰি কয় যে অহৰহ প্ৰচেষ্টাৰ বাবে এতিয়া নক্সালবাদৰ অন্ত পেলোৱাৰ পথত অগ্ৰসৰ হৈছো।

 

প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে আজিৰ ভাৰতৰ দৃষ্টিশক্তি, দিশ আৰু দৃঢ়তা আছে। এনে এখন ভাৰত যি শক্তিশালী হোৱাৰ লগতে সৰ্বাংগীন। যি সংবেদনশীল হোৱাৰ লগতে সতৰ্ক। যি নম্ৰ হোৱাৰ লগতে উন্নয়নৰ পথত ধাৱমান। যি শক্তি আৰু শান্তি দুয়োটাৰে গুৰুত্ব বুজি পায়। প্ৰধানমন্ত্ৰীয়ে বিশ্ব অশান্তিৰ মাজত ভাৰতৰ দ্ৰুত বিকাশৰ প্ৰশংসা কৰে, শক্তি বজাই ৰাখি ভাৰতক শান্তিৰ ৰেখা হিচাপে স্থান দিয়ে। বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘাতৰ মাজতে তেওঁ কয়, “ভাৰত বিশ্বৰ বন্ধু হিচাপে আত্মপ্ৰকাশ কৰে।” তেওঁ ঐক্য আৰু সতৰ্কতাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰি কয় যে ভাৰতৰ অগ্ৰগতিৰ বাবে একাংশ শক্তিয়ে অশান্তিত ভুগিছে আৰু ভাৰতৰ অৰ্থনৈতিক স্বাৰ্থৰ ক্ষতি আৰু বিভাজন বীজ সিঁচাৰ লক্ষ্য ৰাখিছে। তেওঁ ভাৰতীয়সকলক এই বিভাজনকাৰী উপাদানসমূহক স্বীকৃতি দি ৰাষ্ট্ৰীয় ঐক্য ৰক্ষা কৰিবলৈ আহ্বান জনায়।

 

প্ৰধানমন্ত্ৰীয়ে ভাষণৰ সামৰণিত চৰ্দাৰ পেটেলৰ উদ্ধৃতি দি দেশবাসীক ঐক্যৰ প্ৰতি দায়বদ্ধ হৈ থাকিবলৈ আহ্বান জনায়। ‘আমি মনত ৰাখিব লাগিব যে ভাৰত বৈচিত্ৰ্যৰ দেশ। বৈচিত্ৰ্যক উদযাপন কৰিলেহে ঐক্য শক্তিশালী হ’ব পাৰে।” ‘‘অহা ২৫ বছৰ ঐক্যৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। গতিকে আমি এই একতাৰ মন্ত্ৰ দুৰ্বল হ’বলৈ দিয়া উচিত নহয়। দ্ৰুত অৰ্থনৈতিক বিকাশৰ বাবে ই প্ৰয়োজনীয়। সামাজিক সম্প্ৰীতিৰ বাবে ই প্ৰয়োজনীয়। প্ৰকৃত সামাজিক ন্যায়ৰ বাবে, চাকৰিৰ বাবে, বিনিয়োগৰ বাবে ই প্ৰয়োজনীয়।’ প্ৰধানমন্ত্ৰীয়ে প্ৰতিজন নাগৰিকক ভাৰতৰ সামাজিক সম্প্ৰীতি, অৰ্থনৈতিক বিকাশ, আৰু ঐক্যৰ প্ৰতি দায়বদ্ধতা শক্তিশালী কৰাৰ ক্ষেত্ৰত যোগদান কৰিবলৈ আহ্বান জনায়।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
84% of women entrepreneurs use digital payment tools; 38% access credit platforms: Report

Media Coverage

84% of women entrepreneurs use digital payment tools; 38% access credit platforms: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Abelardo de la Espriella on his victory in the Colombian presidential elections
June 26, 2026

Prime Minister Shri Narendra Modi congratulated Abelardo de la Espriella on his victory in the Colombian presidential elections.

The Prime Minister noted that India deeply values its close friendship with Colombia which continues to grow in all areas. “I convey my best wishes for a successful tenure and look forward to working together to further deepen our bilateral relations in the years ahead”, Shri Modi added.

Shri Modi posted on X;

Heartiest congratulations, Abelardo de la Espriella, on your victory in the Colombian presidential elections.

India values its close friendship with Colombia which continues to grow in all areas. I convey my best wishes for a successful tenure and look forward to working together to further deepen our bilateral relations in the years ahead.

@ABDELAESPRIELLA