নেতাজী সুভাষ চন্দ্ৰ বসু দ্বীপত নিৰ্মাণ হ’বলগীয়া নেতাজীলৈ উৎসৰ্গিত ৰাষ্ট্ৰীয় স্মাৰকৰ আৰ্হি উন্মোচন
“ৰচিত ইতিহাসক ভৱিষ্যৎ প্ৰজন্মই কেৱল স্মৰণ; মূল্যায়নেই নহয়, বৰঞ্চ ইয়াৰপৰা অহৰহ প্ৰেৰণাও লাভ কৰে”
“আজাদী কা অমৃত কালৰ এক উল্লেখযোগ্য অধ্যায় হিচাপে ভৱিষ্যৎ প্ৰজন্মই এই দিনটো স্মৰণ কৰিব”
“চেলুলাৰ জেলৰ কোঠাৰ অসীম আবেগৰ লগতে কঠোৰ যন্ত্ৰণা আজিও অনুৰণিত হয়”
“বংগৰপৰা দিল্লী তথা আন্দামানলৈকে দেশৰ প্ৰতিটো প্ৰান্ততে নেতাজীৰ উত্তৰাধিকাৰক প্ৰণাম জনোৱা হয়”
“আমাৰ গণতান্ত্ৰিক প্ৰতিষ্ঠান আৰু কৰ্তব্য পথৰ সন্মুখত নেতাজীৰ বিশাল প্ৰতিমূৰ্তিয়ে আমাক কৰ্তব্যৰ কথা সোঁৱৰাই দিয়ে”
“সাগৰে বিভিন্ন দ্বীপক সংযোগ কৰাৰ দৰে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ ৰ অনুভূতিয়েও ভাৰত মাতৃৰ প্ৰতিজন সন্তানক একত্ৰিত কৰিছে”
“ৰাষ্ট্ৰৰ প্ৰতিৰক্ষাৰ বাবে জীৱন উৎসৰ্গা কৰা জোৱানসকলক বহুলভাৱে স্বীকৃতি জনোৱাটো দেশখনৰ কৰ্তব্য”
“এতিয়া মানুহে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জলৈ ইতিহাস জানিবলৈ আৰু ইয়াৰ বুকুত জীয়াই থাকিবলৈ আহিছে”

পৰাক্ৰম দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ২১ গৰাকী পৰম বীৰ চক্ৰ বঁটাপ্ৰাপকৰ নামেৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ২১ টা বৃহৎ নামহীন দ্বীপক নামকৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইয়াতে প্ৰধানমন্ত্ৰীগৰাকীয়ে নেতাজী সুভাষ চন্দ্ৰ বসু দ্বীপত নিৰ্মাণ হ’বলগীয়া নেতাজীৰ প্ৰতি উৎসৰ্গিত ৰাষ্ট্ৰীয় স্মাৰকৰ আৰ্হিও উন্মোচন কৰে।

সমবেতসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰাক্ৰম দিৱস উপলক্ষে সকলোকে সম্ভাষণ জনাই কয় যে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জয়ন্তী উপলক্ষে এই প্ৰেৰণাদায়ক দিনটো দেশজুৰি পালন কৰা হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ বাবে এক ঐতিহাসিক দিন বুলি উল্লেখ কৰি কয়, “ৰচিত ইতিহাসক ভৱিষ্যৎ প্ৰজন্মই কেৱল স্মৰণ, মূল্যায়নেই নহয়, বৰঞ্চ ইয়াৰপৰা অহৰহ প্ৰেৰণাও লাভ কৰে।” প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ২১ টা দ্বীপৰ নামকৰণ অনুষ্ঠান আজি অনুষ্ঠিত হৈছে আৰু এতিয়া এইসমূহক ২১ গৰাকী পৰম বীৰ চক্ৰ বঁটাপ্ৰাপকৰ নামেৰে স্বীকৃতি জনোৱা হ’ব। তেখেতে আৰু কয় যে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জীৱন গাথাক সন্মান জনোৱাৰ নিমিত্তে তেখেত থকা দ্বীপটোত নতুন স্মৃতিসৌধৰ আধাৰশিলা স্থাপন কৰা হৈছে আৰু এই দিনটোক ভৱিষ্যৎ প্ৰজন্মই আজাদী কা অমৃত কালৰ এক উল্লেখযোগ্য অধ্যায় হিচাপে স্মৰণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই নেতাজী স্মাৰক আৰু নতুনকৈ নামকৰণ কৰা ২১ টা দ্বীপ নৱপ্ৰজন্মৰ বাবে অহৰহ প্ৰেৰণাৰ উৎস হ’ব বুলি উল্লেখ কৰে।

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ইতিহাসৰ ওপৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে ইয়াত প্ৰথমবাৰৰ বাবে ত্ৰিৰংগা উত্তোলন কৰা হৈছে আৰু ভাৰতৰ প্ৰথমখন স্বতন্ত্ৰ চৰকাৰ গঠন কৰা হৈছে। তেখেতে আৰু লগতে কয় যে বীৰ সাৱৰকাৰ আৰু তেওঁৰ দৰে আন-আন বীৰে এই ভূমিতে দেশখনৰ বাবে তপস্যা আৰু ত্যাগেৰে শিখৰ স্পৰ্শ কৰিছিল। তেখেতে কয়, “চেলুলাৰ জেলৰ কোঠাৰ অসীম আবেগৰ লগতে কঠোৰ যন্ত্ৰণা আজিও অনুৰণিত হয়।” স্বাধীনতা সংগ্ৰামৰ স্মৃতিৰ পৰিৱৰ্তে আন্দামানৰ পৰিচয় দাসত্বৰ আবেষ্টনীত আছিল বুলি আক্ষেপ প্ৰকাশেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “আমাৰ দ্বীপসমূহৰ নামতো দাসত্বৰ প্ৰভাৱ আছিল।” প্ৰধানমন্ত্ৰীগৰাকীয়ে চাৰি-পাঁচ বছৰ পূৰ্বে প’ৰ্ট ব্লেয়াৰ ভ্ৰমণৰ কথা স্মৰণ কৰি প্ৰধান দ্বীপ তিনিটাৰ নাম সলনি কৰা সন্দৰ্ভত কয়, “আজি ৰছ দ্বীপক নেতাজী সুভাষ চন্দ্ৰ বসু দ্বীপ, হেভলক আৰু নীল দ্বীপ স্বৰাজ আৰু শ্বহীদ দ্বীপত পৰিণত হৈছে।” তেখেতে উল্লেখ কৰে যে স্বৰাজ আৰু শ্বহীদ নাম নেতাজীয়ে নিজেই দিছিল যদিও স্বাধীনতাৰ পিছতো কোনো গুৰুত্ব লাভ কৰা নাছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “আজাদ হিন্দ ফৌজ চৰকাৰে ৭৫ বছৰ সম্পূৰ্ণ কৰাত, আমাৰ চৰকাৰে এই নামসমূহ পুনৰ প্ৰৱৰ্তন কৰিলে।”

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ একবিংশ শতিকাত ভাৰতৰ স্বাধীনতাৰ পিছত ইতিহাসৰ পৃষ্ঠাত হেৰাই যোৱা একেজন নেতাজীক স্মৰণ কৰে। আন্দামানত নেতাজীয়ে প্ৰথমবাৰৰ বাবে ত্ৰিৰংগা উত্তোলন কৰা স্থানতে আজি উত্তোলন কৰা বিশাল ভাৰতীয় পতাকাখনিৰ ওপৰত আলোকপাতেৰে এই স্থানলৈ অহা সকলো দেশবাসীৰ অন্তৰ দেশপ্ৰেমেৰে ভৰি পৰে বুলি কয়। তেখেতে উল্লেখ কৰে যে তেওঁৰ স্মৃতিত নিৰ্মাণ হ’বলগীয়া নতুন সংগ্ৰহালয় আৰু স্মৃতিসৌধে আন্দামান ভ্ৰমণক অধিক স্মৰণীয় কৰি তুলিব। ২০১৯ ত দিল্লীৰ লালকিল্লাত উদ্বোধন হোৱা নেতাজী সংগ্ৰহালয়ৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই স্থান ৰাইজৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে। তেওঁৰ ১২৫ সংখ্যক জন্ম বাৰ্ষিকীত বংগত অনুষ্ঠিত হোৱা বিশেষ অনুষ্ঠান আৰু পৰক্ৰম দিৱস হিচাপে ঘোষণাৰ দিনটোৰ কথাও তেখেতে উল্লেখ কৰে। “বংগৰপৰা দিল্লী তথা আন্দামানলৈকে দেশৰ প্ৰতিটো প্ৰান্ততে নেতাজীৰ উত্তৰাধিকাৰক প্ৰণাম জনোৱা হয়”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

স্বাধীনতাৰ লগে-লগে কৰিবলগীয়া নেতাজী সুভাষ চন্দ্ৰ বসুৰ সৈতে জড়িত কামসমূহৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত ৮-৯ বছৰত এইসমূহ সম্পন্ন হোৱা বুলি অৱগত কৰে। তেখেতে আলোকপাত কৰি কয় যে ১৯৪৩ ত দেশৰ এই অংশত স্বাধীন ভাৰতৰ প্ৰথমখন চৰকাৰ গঠন হৈছিল আৰু দেশে ইয়াক অধিক গৌৰৱেৰে স্মৰণ কৰে। তেখেতে উল্লেখ কৰে যে আজাদ হিন্দ চৰকাৰ গঠনৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ লগে-লগে দেশে লালকিল্লাত পতাকা উত্তোলনেৰে নেতাজীলৈ শ্ৰদ্ধাঞ্জলি জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে নেতাজীৰ জীৱনৰ সৈতে জড়িত ফাইলসমূহ দশক-দশক ধৰি গোপনীয়তামুক্ত কৰাৰ দাবীত গুৰুত্ব আৰোপেৰে এই কাম সম্পূৰ্ণ নিষ্ঠা সহকাৰে কৰা বুলি উল্লেখ কৰে। “আমাৰ গণতান্ত্ৰিক প্ৰতিষ্ঠান আৰু কৰ্তব্য পথৰ সন্মুখত নেতাজীৰ বিশাল প্ৰতিমূৰ্তিয়ে আমাক আমাৰ কৰ্তব্যৰ কথা সোঁৱৰাই দিয়ে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

দেশে-দেশে নিজ-নিজ বিশিষ্ট ব্যক্তিত্ব আৰু স্বাধীনতা সংগ্ৰামীসকলক উপযুক্ত সময়ত জনসাধাৰণৰ সৈতে সংযোগ কৰি অহাৰ কথা উল্লেখ কৰি সেইসমূহ দেশেই উন্নয়ন আৰু ৰাষ্ট্ৰ-নিৰ্মাণৰ যাত্ৰাত বহু আগবাঢ়ি যোৱা বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। ভাৰতে আজাদী কা অমৃত কালত একেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেখেতে উল্লেখ কৰে।

এই ২১ দ্বীপৰ নামকৰণৰ আঁৰত থকা ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ ৰ অনন্য বাৰ্তাত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ জৰিয়তে ভাৰতীয় সেনাই দেশখনৰ বাবে কৰা ত্যাগ আৰু তেওঁলোকৰ বীৰত্বক প্ৰণাম জনোৱা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ২১ গৰাকী পৰমবীৰ চক্ৰ প্ৰাপকে ভাৰত মাতৃক ৰক্ষা কৰিবলৈ সকলো ত্যাগ কৰা বুলি উল্লেখেৰে ভাৰতীয় সেনাৰ সাহসী জোৱানসকল বিভিন্ন ৰাজ্যৰ, বিভিন্ন ভাষা আৰু উপভাষা কোৱা আৰু ভিন্ন জীৱনশৈলীৰ আছিল যদিও তেওঁলোকৰ মা ভাৰতীৰ প্ৰতি সেৱা আৰু ভক্তি একক আছিল। “সাগৰে বিভিন্ন দ্বীপক সংযোগ কৰাৰ দৰে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ ৰ অনুভূতিয়েও ভাৰত মাতৃৰ প্ৰতিজন সন্তানক একত্ৰিত কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। “মেজৰ সোমনাথ শৰ্মা, পিৰু সিং, মেজৰ চৈতন সিঙৰপৰা আৰম্ভ কৰি কেপ্তেইন মনোজ পাণ্ডে, সুবেদাৰ যোগিন্দৰ সিং আৰু লেন্স নায়ক এলবাৰ্ট এক্কা, বীৰ আব্দুল হামিদ আৰু মেজৰ ৰামাস্বামী পৰমেশ্বৰণলৈকে ২১ জন পৰমবীৰৰ এটাই সংকল্প আছিল - ৰাষ্ট্ৰ প্ৰথম! ভাৰত প্ৰথম! এই সংকল্প এতিয়া এই দ্বীপসমূহৰ নামত চিৰদিনৰ বাবে অমৰ হৈ পৰিছে। কাৰ্গিলৰ যুদ্ধৰ কেপ্তেইন বিক্ৰম বাত্ৰাৰ নামতো আন্দামানৰ এটা পাহাৰ উৎসৰ্গা কৰা হৈছে”, তেখেতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে আন্দামান আৰু নিকোবৰৰ দ্বীপসমূহৰ নামকৰণ কেৱল পৰমবীৰ চক্ৰ বঁটা প্ৰাপকসকলৰ বাবেই নহয়, বৰঞ্চ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বাবেও উৎসৰ্গিত বুলি উল্লেখ কৰে। স্বাধীনতাৰ সময়ৰপৰাই আমাৰ সেনাই যুদ্ধৰ সন্মুখীন হ’বলগীয়া হৈছিল বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ সশস্ত্ৰ বাহিনীয়ে সকলো ফ্ৰন্টতে নিজৰ বীৰত্ব প্ৰমাণ কৰিছে। “এই ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা অভিযানত নিজকে উৎসৰ্গা কৰা জোৱানসকলক বিপুলভাৱে স্বীকৃতি জনোৱাটো দেশখনৰ কৰ্তব্য”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে আৰু কয়, “আজি দেশখনে সেই দায়িত্ব পালনেৰে সৈনিকসকলৰ নামেৰে স্বীকৃতি জনোৱাৰ প্ৰয়াস কৰিছে।”

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ সম্ভাৱনাৰ ওপৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এয়া জল, প্ৰকৃতি, পৰিবেশ, প্ৰচেষ্টা, সাহস, পৰম্পৰা, পৰ্যটন, জ্ঞান, আৰু প্ৰেৰণাৰ দেশ আৰু সেয়েহে ইয়াৰ সম্ভাৱনাৰাজিৰ চিনাক্তকৰণ প্ৰয়োজনীয় আৰু একেদৰে সুযোগৰাজিকো স্বীকৃতি জনাব লাগে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত ৮ বছৰত কৰা কামৰ আলোকপাত কৰি ২০১৪ ৰ তুলনাত ২০২২ ত আন্দামান ভ্ৰমণলৈ অহা পৰ্যটকৰ সংখ্যা দুগুণ হোৱা বুলি অৱগত কৰে। পৰ্যটনৰ সৈতে জড়িত কৰ্মসংস্থাপন আৰু আয় বৃদ্ধিৰ কথাও উল্লেখ কৰে। আন্দামানৰ সৈতে জড়িত স্বাধীনতাৰ ইতিহাসৰ প্ৰতিও কৌতূহল বৃদ্ধি পোৱাৰ লগে-লগে ঠাইখনৰ পৰিচয়ো বৈচিত্ৰ্যময় হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। “এতিয়া মানুহে ইয়ালৈ আহিছে ইতিহাস জানিবলৈ আৰু ইয়াৰ বুকুত জীয়াই থাকিবলৈ”, তেখেতে কয়। তেখেতে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ বৰ্ণাঢ্য জনজাতীয় পৰম্পৰাৰ কথা উল্লেখ কৰি কয় যে নেতাজী সুভাষ চন্দ্ৰ বসুৰ সৈতে জড়িত আৰু সেনাৰ বীৰত্বক সন্মান জনাবলৈ স্মৃতিসৌধে ভাৰতীয়সকলৰ মাজত ভ্ৰমণৰ বাবে এক নতুন আগ্ৰহৰ সৃষ্টি কৰিব।

বিকৃত মতাদৰ্শগত ৰাজনীতিৰ বাবে দশক-দশক ধৰি হীনমন্যতা আৰু আত্মবিশ্বাসহীনতাৰ পৰিণতিত দেশখনৰ সম্ভাৱনাৰাজিক স্বীকৃতি জনোৱাৰ ক্ষেত্ৰত পূৰ্বৰ চৰকাৰসমূহৰ প্ৰচেষ্টা শূন্যতাক লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে দুখ প্ৰকাশ কৰে। “আমাৰ হিমালয়ৰ পাদদেশীয় ৰাজ্যসমূহ, উত্তৰ-পূব অথবা আন্দামান আৰু নিকোবৰৰ দৰে সাগৰীয় দ্বীপ অঞ্চলসমূহৰ উন্নয়ন দশক-দশক ধৰি অৱহেলিত হৈ আছিল কাৰণ এই অঞ্চলসমূহক দুৰ্গম আৰু অপ্রাসংগিক অঞ্চল বুলি গণ্য কৰা হৈছিল”, প্রধানমন্ত্রীগৰাকীয়ে কয়। ভাৰতৰ দ্বীপ আৰু দ্বীপপুঞ্জৰ সংখ্যাৰ হিচাপ ৰখা হোৱা নাছিল বুলিও তেখেতে কয়। ছিংগাপুৰ, মালদ্বীপৰ দৰে উন্নত দ্বীপ ৰাষ্ট্ৰসমূহৰ উদাহৰণ দাঙি ধৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই ৰাষ্ট্ৰসমূহৰ ভৌগোলিক এলেকা আন্দামান আৰু নিকোবৰতকৈ কম যদিও সম্পদৰ সঠিক ব্যৱহাৰেৰে নতুন শিখৰত উপনীত হৈছে। তেখেতে উল্লেখ কৰে যে ভাৰতৰ দ্বীপসমূহৰো একেধৰণৰ সম্ভাৱনা আছে আৰু দেশখনে এই লক্ষ্যৰে অগ্ৰসৰ হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘চাবমেৰিন অপটিকেল ফাইবাৰ’ ৰ জৰিয়তে আন্দামানক দ্ৰুত ইন্টাৰনেটৰ সৈতে সংযোগ কৰাৰ কথা উল্লেখেৰে এই সেৱাই ডিজিটেল পেমেন্ট আৰু অন্যান্য গুৰুত্বপূৰ্ণ সেৱাৰ সূচনা কৰিছে আৰু পৰ্যটকসকলো উপকৃত হৈছে বুলি কয়। “এতিয়া দেশখনত প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰে উন্নয়নক আগুৱাই নিয়া হৈছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰে স্বাধীনতা সংগ্ৰামৰ এক নতুন দিশৰ উন্মেষ ঘটাই প্ৰধানমন্ত্ৰীগৰাকীয়ে সামৰণিত কয় যে এই অঞ্চলে ভৱিষ্যতে দেশৰ উন্নয়নতো এক নতুন গতি প্ৰদান কৰিব। “আমি এখনি সক্ষম আৰু আধুনিক উন্নয়নৰ শিখৰত আৰোহন কৰা ভাৰত গঢ়িব পাৰিম বুলি মই বিশ্বাসী”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

এই কাৰ্য্যসূচীত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰী শ্ৰী অমিত শ্বাহ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ লেফটেনেন্ট গৱৰ্ণৰ এডমিৰেল ডি কে যোশী, প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহানকে প্ৰমুখ্য কৰি বিশিষ্ট লোকসকল উপস্থিত থাকে।

পৃষ্ঠপট

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ঐতিহাসিক তাৎপৰ্য্যৰ কথা হৃদয়ংগম আৰু নেতাজী সুভাষ চন্দ্ৰ বসুক সন্মান জনাবলৈ ২০১৮ ত প্ৰধানমন্ত্ৰীগৰাকীয়ে দ্বীপটো ভ্ৰমণৰ সময়ত ৰছ দ্বীপপুঞ্জৰ নাম সলনিৰে নেতাজী সুভাষ চন্দ্ৰ বসু দ্বীপ নামেৰে নামকৰণ কৰিছিল। নীল দ্বীপ আৰু হেভলক দ্বীপৰ নামো শ্বহীদ দ্বীপ আৰু স্বৰাজ দ্বীপ নামেৰে নামকৰণ কৰা হৈছিল।

দেশখনৰ বীৰসকলক যথাযথ সন্মান প্ৰদানত প্ৰধানমন্ত্ৰীগৰাকীয়ে সদায়েই সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। এই মনোভাৱেৰে এতিয়া দ্বীপ গোটটোৰ ২১ টা বৃহৎ নামহীন দ্বীপক ২১ গৰাকী পৰম বীৰ চক্ৰ বঁটাপ্ৰাপকৰ নামেৰে নামকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সৰ্ববৃহৎ নাম নথকা দ্বীপটোৰ নাম প্ৰথমগৰাকী পৰম বীৰ চক্ৰ বঁটাপ্ৰাপকৰ নামেৰে, দ্বিতীয় বৃহৎ নাম নথকা দ্বীপটোৰ নাম দ্বিতীয়গৰাকী পৰম বীৰ চক্ৰ বঁটাপ্ৰাপকৰ নামেৰে নামকৰণ কৰা হৈছে। এই পদক্ষেপ আমাৰ বীৰসকলৰ প্ৰতি এক বিনম্ৰ শ্ৰদ্ধাঞ্জলি হিচাপে পৰিগণিত হ’ব। অনন্ত কাললৈ ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ বাবে চূড়ান্ত ত্যাগৰ গাথা অক্ষত হৈ ৰ’ব।

এই দ্বীপসমূহৰ নামকৰণ কৰা হৈছে ২১ গৰাকী পৰম বীৰ চক্ৰ বঁটা প্ৰাপকৰ নামেৰে। মেজৰ সোমনাথ শৰ্মা; চুবেদাৰ আৰু হনি কেপ্তেইন (তেতিয়াৰ লেন্স নায়ক) কৰম সিং, এম এম; ২য় লেফটেনেন্ট ৰামা ৰাঘৱা ৰানে; নায়ক যদুনাথ সিং; কোম্পানী হাবিলদাৰ মেজৰ পিৰু সিং; কেপ্তেইন জি এছ ছালাৰিয়া; লেফটেনেন্ট কৰ্ণেল (তেতিয়াৰ মেজৰ) ধন সিং থাপা; সুবেদাৰ যোগিন্দৰ সিং; মেজৰ চৈতন সিং; চিকিউএমএইচ। আব্দুল হামিদ; লেফটেনেন্ট কৰ্ণেল আৰ্দেশ্বিৰ বুৰ্জোৰজী তাৰাপুৰ; লেন্স নায়ক এলবাৰ্ট এক্কা; মেজৰ হোছিয়াৰ সিং; ২য় লেফটেনেন্ট অৰুণ খেতৰাপাল; ফ্লায়িং বিষয়া নিৰ্মলজিৎ সিং ছেখোন; মেজৰ ৰামাস্বামী পৰমেশ্বৰণ; নাইব সুবেদাৰ বানা সিং; অধিনায়ক বিক্ৰম বাত্ৰা; লেফটেনেন্ট মনোজ কুমাৰ পাণ্ডে; সুবেদাৰ মেজৰ (তেতিয়াৰ ৰাইফলমেন) সঞ্জয় কুমাৰ আৰু চুবেদাৰ মেজৰ অৱসৰপ্ৰাপ্ত (হনি কেপ্তেইন) গ্ৰেনেডিয়াৰ যোগেন্দ্ৰ সিং যাদৱ।

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity

Media Coverage

From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
State Visit of Prime Minister to Seychelles
June 28, 2026

As part of Prime Minister Shri Narendra Modi’s State Visit to Seychelles from 27-29 June 2026, Prime Minister and the President of Seychelles, H.E. Dr. Patrick Herminie today held official talks at the State House in Victoria, Mahe.

The talks covered the full spectrum of bilateral relations, with the leaders agreeing to further strengthen cooperation in health, education, capacity building, digital transformation, sustainable development, social infrastructure, renewable energy, maritime security and defence. They also exchanged views on regional and global developments, including challenges in the Indian Ocean region, such as illegal fishing, drug trafficking and piracy. Both leaders expressed satisfaction at the progress made in the implementation of projects and initiatives under the Special Economic Package announced by India. Prime Minister reaffirmed India’s commitment to supporting the development priorities of Seychelles and to further deepen the close and enduring partnership between the two countries.

Following the official talks, both leaders released a joint commemorative logo marking 50 years of the establishment of diplomatic relations between the two countries. Several MoUs/agreements in the fields of Capacity Building, UPI, Health, Agriculture, Shipping, Space, Extradition and Line of Credit were exchanged thereafter. The amount of the Line of Credit stands at INR 1250 crores. The full list of MoUs/agreements may be seen here [link]. In addition, several announcements in the fields of food security, infrastructure, health, vocational training, maritime security and defence were made in support of the development needs of Seychelles. The details of these announcements may be seen here [link]. Seychelles also announced that it is joining the Coalition for Disaster Resilient Infrastructure [CDRI].

Later in the day, Prime Minister addressed an Extraordinary Sitting of the National Assembly of Seychelles, becoming the first Indian Prime Minister to do so. In his address, he highlighted the historical bonds of friendship between India and Seychelles and underscored the shared values of democracy, rule of law and people-centric governance that guide the two countries. He noted that mutual trust and close cooperation have shaped a robust partnership spanning development cooperation, maritime security, technology, innovation, health and capacity building. Prime Minister also called for enhanced parliamentary exchanges between the two democracies. The full address of Prime Minister may be seen here [link]

The Leader of Opposition of Seychelles, H.E. Mr. Bernard Georges, also called on Prime Minister. The two leaders discussed India-Seychelles bilateral ties and conveyed their strong support to further build the special friendship between the two countries.