উৰিষ্যাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী মোহন চৰণ মাঝিক অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী কনক বৰ্ধন সিং দেও আৰু শ্ৰীমতী প্ৰভাতী পৰিদাকো অভিনন্দন প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উৰিষ্যাৰ নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী মোহন চৰণ মাঝীক ​​অভিনন্দন জ্ঞাপন কৰে। ইফালে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী কনক বৰ্ধন সিং দেও আৰু প্ৰভাতী পৰিদালৈও শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত এক্স হেণ্ডেলত লিখিছে -

উৰিষ্যাৰ বাবে আজিৰ দিনটো এটা ঐতিহাসিক দিন! উৰিষ্যাৰ মোৰ ভাই-ভনীসকলৰ আশীৰ্বাদত বিজেপিয়ে ৰাজ্যত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰিছে।

 

আজি ভুৱনেশ্বৰত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰোঁ। মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী মোহন চৰণ মাঝি আৰু উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী কনক বৰ্ধন সিং দেওৰ লগতে শ্ৰীমতী প্ৰভাতী পৰিদাকো শুভেচ্ছা জ্ঞাপন কৰো। লগতে মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা আনসকলকো অভিনন্দন জনাইছোঁ।

মহাপ্ৰভু জগন্নাথৰ আশীৰ্বাদত এই মন্ত্ৰীসভাখনে উৰিষ্যাত উন্নয়ণৰ অভিলেখ সৃষ্টি কৰিব আৰু অগণন লোকৰ জীৱনৰ মান উন্নত কৰিব বুলি মই নিশ্চিত।

 

 

“ଓଡ଼ିଶାରେ ଏକ ଐତିହାସିକ ଦିନ! ଓଡ଼ିଶାର ଭାଇ ଓ ଭଉଣୀଙ୍କ ଆଶୀର୍ବାଦରୁ @BJP4Odisha ରାଜ୍ୟରେ ପ୍ରଥମ ଥର ପାଇଁ ସରକାର ଗଠନ କରୁଛି ।

ମୁଁ ଭୁବନେଶ୍ୱରରେ ଶପଥ ଗ୍ରହଣ ସମାରୋହରେ ଅଂଶଗ୍ରହଣ କଲି। ମୁଖ୍ୟମନ୍ତ୍ରୀ ଭାବେ ଶପଥ ନେଇଥିବା ଶ୍ରୀ ମୋହନ ଚରଣ ମାଝୀ ଏବଂ ଉପମୁଖ୍ୟମନ୍ତ୍ରୀ ଭାବେ ଶପଥ ଗ୍ରହଣ କରିଥିବା ଶ୍ରୀ କନକ ବର୍ଦ୍ଧନ ସିଂହଦେଓ ଏବଂ ଶ୍ରୀମତୀ ପ୍ରଭାତୀ ପରିଡ଼ାଙ୍କୁ ଅଭିନନ୍ଦନ ।
ମନ୍ତ୍ରୀ ଭାବରେ ଶପଥ ନେଇଥିବା ଅନ୍ୟମାନଙ୍କୁ ମଧ୍ୟ ଶୁଭେଚ୍ଛା।

ମହାପ୍ରଭୁ ଜଗନ୍ନାଥଙ୍କ ଆଶୀର୍ବାଦରୁ ଏହି ଦଳ ରାଜ୍ୟରେ ବିକାଶର ନୂଆ ରେକର୍ଡ କରିବ ଏବଂ ଅଗଣିତ ଜନସାଧାରଣଙ୍କ ଜୀବନରେ ସୁଧାର ଆଣିବ ବୋଲି ମୋର ବିଶ୍ୱାସ ରହିଛି ।”

 

ইফালে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে লিখিছে -

“প্ৰধানমন্ত্ৰী @narendramodi য়ে আজি নতুন উৰিষ্যা চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে। তেওঁ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা @mohanmajhi_BJP ক অভিনন্দন জ্ঞাপন কৰে। লগতে আজি শপত গ্ৰহণ কৰা আন আন মন্ত্ৰীসকলকো শুভেচ্ছা জ্ঞাপন কৰে।”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity

Media Coverage

From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 জুন 2026
June 28, 2026

From Digital India to Defence, PM Modi’s Vision for a Viksit Bharat Powering India’s Progress