“মই এনচিচিত লাভ কৰা প্ৰশিক্ষণ আৰু শিক্ষাই মোক দেশখনৰ প্ৰতি মোৰ দায়িত্ব পালনত যথেষ্ট শক্তি প্ৰদান কৰিছে"
“দেশখনৰ সীমান্ত অঞ্চলত ১ লাখ নতুন কেডেটক সাজু কৰা হৈছে"
“আমি অধিকসংখ্যক ছোৱালীক এনচিচিত অন্তৰ্ভুক্তকৰণৰ অৰ্থে প্ৰচেষ্টা গ্ৰহণ কৰা উচিত"
“যুৱপ্ৰজন্ম ৰাষ্ট্ৰ প্ৰথমৰ পুনৰ প্ৰেমৰে আগবাঢ়ি যোৱা দেশখনক বিশ্বখনৰ কোনো শক্তিয়ে বাধা দিব নোৱাৰে"
“এনচিচিৰ কেডেটসকলে সু ডিজিটেল অভ্যাসত মুখ্য ভূমিকা পালন আৰু ভুল তথ্য আৰু উৰাবাতৰিৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰিব পাৰে"
“এনচিচি/এনএছএছে চৌহদসমূহ ড্ৰাগ-মুক্ত কৰি ৰখাত সহায় কৰিব লাগে"

Prime Minister Shri Narendra Modi addressed the National Cadet Corps Rally at Cariappa Ground. The Prime Minister inspected the Guard of Honour, reviewed March Past by NCC 

ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰিয়াপ্পা গ্ৰাউণ্ডত ৰাষ্ট্ৰীয় কেডেট কৰ্পছ ৰেলী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে গাৰ্ড অৱ অনাৰ পৰিদৰ্শন, এনচিচি বাহিনীৰদ্বাৰা মাৰ্চ পাষ্ট আৰু লগতে এনচিচিৰ কেডেটসকলে প্ৰদৰ্শন কৰা সেনাৰ কাৰ্য্যকলাপ, স্লিটাৰিং, মাইক্ৰ'লাইট ফ্লায়িং, পেৰাছেইলিং তথা সাংস্কৃতিক কাৰ্য্যসূচী প্ৰত্যক্ষ কৰে। শ্ৰেষ্ঠ কেডেটসকলে প্ৰধানমন্ত্ৰীগৰাকীৰপৰা পদক আৰু বেটনো লাভ কৰে।

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখনে আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ সময়তে উদ্ভৱ হোৱা ভিন্ন ধৰণৰ উৎসাহৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ এনচিচি সংযোগক গৌৰৱেৰে স্মৰণ কৰে আৰু তেখেতক এনচিচি কেডেট হিচাপে ৰাষ্ট্ৰখনৰ প্ৰতি দায়িত্ব পালনত শক্তি প্ৰদানৰ বাবে প্ৰশিক্ষণক কৃতিত্ব প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লালা লাজপত ৰায় আৰু ফিল্ড মাৰ্শ্বাল কাৰিয়াপ্পালৈ ৰাষ্ট্ৰ নিৰ্মাণত আগবঢ়োৱা তেওঁলোকৰ অৱদানৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আজি হৈছে ভাৰতৰ দুয়োজন বীৰ পুত্ৰৰ জয়ন্তী।

প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখনে নতুন সংকল্পৰে আগবাঢ়ি থকাৰ সময়তে দেশত এনচিচিক শক্তিশালীকৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰাজি সম্পৰ্কে কয়। ইয়াৰ বাবে, দেশখনত এক উচ্চ-স্তৰীয় পৰ্য্যালোচনা কমিটি গঠন কৰা হৈছে। যোৱা দুবছৰত দেশখনৰ সীমান্ত অঞ্চলসমূহত ১ লাখ নতুন কেডেট সাজু কৰা হৈছে বুলি তেখেতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কন্যা আৰু মহিলাসকলৰ বাবে প্ৰতিৰক্ষা প্ৰতিষ্ঠানসমূহৰ দুৱাৰ মুকলিৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰাজি সম্পৰ্কে কয়। তেখেতে বৃহৎ সংখ্যক ছোৱালী কেডেটৰ উপস্থিতিৰ কথা উল্লেখ আৰু ইয়াক ৰাষ্ট্ৰখনৰ পৰিৱৰ্তনশীল মনোভাৱৰ প্ৰতীক বুলি অভিহিত কৰে। "দেশক আপোনাসৱৰ অৱদানৰ প্ৰয়োজন আৰু তাৰ বাবে পৰ্য্যাপ্ত সুযোগ আছে", তেখেতে ছোৱালী কেডেটসকলক এইদৰে কয়। তেখেতে কয়, এতিয়া দেশখনৰ কন্যাসকলে সৈনিক বিদ্যালয়সমূহত নামভৰ্তি কৰি আছে আৰু মহিলাসকলে সেনাবাহিনীত গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিছে। দেশখনৰ কন্যাসকলে বায়ু সেনাত যুঁজাৰু বিমান উৰুৱাই আছে। "এনে পৰিস্থিতিত, আমি অধিকসংখ্যক ছোৱালীক এনচিচিত অন্তৰ্ভুক্তকৰণৰ অৰ্থে প্ৰচেষ্টা গ্ৰহণ কৰা উচিত", তেখেতে লগতে কয়।

এই শতিকাত বেছিভাগেই জন্ম গ্ৰহণ কৰা কেডেটসকলৰ ইয়ং প্ৰফাইলৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখনক ২০৪৭ লৈ লৈ যোৱাত তেওঁলোকৰ ভূমিকাৰ কথা উল্লেখ কৰে। "আপোনালোকৰ প্ৰচেষ্টা আৰু সংকল্প আৰু সেই সংকল্পসমূহৰ পূৰণ ভাৰতৰ সাফল্য আৰু সফলতা হ'ব", তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যুৱপ্ৰজন্ম ৰাষ্ট্ৰ প্ৰথমৰ ভাৱনাৰে আগবাঢ়িবলৈ আৰম্ভ কৰা দেশখনক বিশ্বখনৰ কোনো শক্তিয়ে বাধা দিব নোৱাৰে। খেল পথাৰত ভাৰতৰ সফলতা আৰু ষ্টাৰ্টআপ ইক’স্ফেয়াৰে ইয়াৰ স্পষ্ট উদাহৰণ দাঙি ধৰিছে, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। আজিৰপৰা অহা ২৫ বছৰলৈ অমৃত কালত প্ৰধানমন্ত্ৰীগৰাকীয়ে কেডেটসকলক তেওঁলোকৰ আশা-আকাংক্ষা আৰু কাৰ্য্যকলাপক দেশখনৰ উন্নয়ন আৰু প্ৰত্যাশাৰ সৈতে একত্ৰিত কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজিৰ যুৱক-যুৱতীসকলে 'ভকেল ফৰ লোকেল' অভিযানটোত পালন কৰিবপৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথাও উল্লেখ কৰে। "আজিৰ যুৱপ্ৰজন্মই কেৱল এজন ভাৰতীয়ৰ শ্ৰম আৰু ঘামেৰে সৃষ্ট সামগ্ৰীবোৰহে ব্যৱহাৰৰ সংকল্প গ্ৰহণ কৰা মাত্ৰেকে ভাৰতৰ ভাগ্য সলনি হ'ব পাৰে", বুলি তেখেতে গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে আজি এফালে ডিজিটেল প্ৰযুক্তি আৰু তথ্যৰে সম্পৰ্কীয় সু সম্ভাৱনা আছে, আনহাতে ভুল তথ্যৰ আশংকা আছে। তেখেতে গুৰুত্ব আৰোপ কৰি কয় যে আমাৰ দেশৰ সাধাৰণ জনতা কোনোধৰণৰ উৰাবাতৰিৰ চিকাৰ হোৱাটোও উচিত নহয়। তেখেতে এনচিচি কেডেটসকলে ইয়াৰ বাবে এটা সজাগতা অভিযান চলোৱাৰ প্ৰস্তাৱ জনায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে এনচিচি বা এনএছএছ থকা বিদ্যালয়/মহাবিদ্যালয়সমূহক ড্ৰাগছে স্পৰ্শ কৰিব নালাগে। তেখেতে কেডেটসকলক নিজেকে ড্ৰাগছৰ পৰা মুক্ত কৰিবলৈ আৰু একে সময়তে তেওঁলোকৰ চৌহদসমূহক ড্ৰাগছৰপৰা মুক্ত কৰি ৰাখিবলৈ পৰামৰ্শ আগবঢ়ায়। এনচিচি-এনএছএছত নথকা বন্ধুসকলকো এই বেয়া অভ্যাস ত্যাগ কৰিবলৈ সহায় কৰক বুলি তেওঁ গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কেডেটসকলক দেশখনৰ সামূহিক প্ৰচেষ্টাক নতুন শক্তি প্ৰদানৰ বাবে কাম কৰি অহা চেল্ফ4চচাইটি পৰ্টেলৰে জড়িত হ'বলৈ কয়। উল্লেখ্য যে ৭ হাজাৰোধিক সংগঠন আৰু ২.২৫ লাখ লোক পৰ্টেলটোৰে জড়িত।

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
On Puri’s Grand Road, a devotee’s submission

Media Coverage

On Puri’s Grand Road, a devotee’s submission
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with the Amir of Qatar
July 16, 2026
PM conveys heartfelt condolences on the passing of the Father Amir of Qatar
PM recalls the Father Amir’s visionary leadership and his contribution to strengthening India-Qatar relations
The two leaders reaffirm their resolve to carry forward the Father Amir’s legacy

Prime Minister Shri Narendra Modi had a telephone conversation today with the Amir of the State of Qatar, H.H. Sheikh Tamim bin Hamad Al Thani.

Prime Minister conveyed his heartfelt condolences on the passing of H.H. Sheikh Hamad bin Khalifa Al Thani, the Father Amir of Qatar.

Recalling the Father Amir’s significant contributions as the chief architect of modern Qatar, Prime Minister paid tribute to his visionary leadership, and recalled his pivotal role in strengthening India-Qatar relations over the years as well as his deep affection for India and the Indian community in Qatar.

The Amir of Qatar thanked Prime Minister for his call and conveyed his appreciation for the words of support in this difficult hour.

The two leaders reaffirmed their resolve to carry forward the Father Amir’s legacy and further strengthen the India-Qatar Strategic Partnership and people-to-people ties.

They agreed to remain in close touch.