আজি শ্ৰী সোমনাথ ট্ৰাষ্টৰ বৈঠকত অংশ গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে সভাখন অনুষ্ঠিত হৈছিল। ন্যাসৰক্ষীসকলে ট্ৰাষ্টৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত শ্ৰী কেশুভাই পেটেলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

 

ন্যাসৰক্ষীসকলে অনাগত সময়ত ট্ৰাষ্ট পৰিচালনাত সহযোগিতা আগবঢ়াবলৈ সৰ্বসন্মতিক্ৰমে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ট্ৰাষ্টৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে বাছনি কৰে । প্ৰধানমন্ত্ৰীয়ে এই দায়িত্ব গ্ৰহণ কৰে আৰু সোমনাথ মন্দিৰৰ ট্ৰাষ্টৰ সদস্যসকলৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে। তেওঁ আশা প্ৰকাশ কৰে যে ট্ৰাষ্টৰ সকলোৱে একেলগে মিলি এতিয়া আন্তঃগাঁথনি, বাসস্থানৰ ব্যৱস্থা, বিশ্ৰামৰ ব্যৱস্থাৰ আন্তগাঁথনিৰ উন্নয়ন সাধন কৰিব যাৰ জৰিয়তে আমাৰ এই মহান ঐতিহ্যৰ সৈতে তীৰ্থযাত্ৰীসকলৰ শক্তিশালী সংযোগ স্থাপন কৰাত সহায় কৰিব পৰা যাব। বৈঠকত চলি থকা কাৰ্যকলাপ আৰু প্ৰকল্পবোৰৰ এক পৰ্যালোচনাও কৰা হয়।

 

যিসকল বিশিষ্ট ব্যক্তি ট্ৰাষ্টৰ পূৰ্বৰ অধ্যক্ষ আছিল তেওঁলোকৰ  ভিতৰত আছে সন্মানীয় জামচাহেব দিগবিজয় সিং জী, শ্ৰী কানাইয়ালাল মুঞ্চি, ভাৰতৰ পাৰক্তন প্ৰধানমন্ত্ৰী শ্ৰী মোৰাৰজী দেশাই, শ্ৰী জয় কৃষ্ণ হৰি বল্লভ, শ্ৰী দীনেশভাই শ্বাহ, শ্ৰী প্ৰসনবদন মেহতা আৰু শ্ৰী কেশুভাই পেটেল।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s healthcare sector seeing a fundamental digital transformation: Report

Media Coverage

India’s healthcare sector seeing a fundamental digital transformation: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11ফেব্ৰুৱাৰী 2026
February 11, 2026

Empowering India: PM Modi's Policies Fueling Innovation, Jobs, and Sustainability