পিএম-কিষাণৰ২০,০০০ কোটি টকাৰো অধিক পৰিমাণৰ ১৭-সংখ্যক কিস্তি মুকলি
আত্ম-সহায়ক গোটসমূহৰ ৩০,০০০ ৰো অধিক মহিলাক কৃষি সখী হিচাপে প্ৰমাণ-পত্ৰ প্ৰদান
“কাশীবাসীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে তেওঁলোকৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিতকৰণেৰে মোক আশীৰ্বাদ দিছে”
“বিশ্বৰ গণতান্ত্ৰিক দেশসমূহত একেৰাহে তৃতীয় কাৰ্য্যকালৰ বাবে নিৰ্বাচিত চৰকাৰ খুব কমেইহে দেখা যায়”
“২১ শতিকাত ভাৰতক বিশ্বৰ তৃতীয়-সৰ্ববৃহৎ অৰ্থনৈতিক শক্তি হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত সমগ্ৰ কৃষি ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে”
“পিএম কিষাণ সন্মান নিধিয়েবিশ্বৰ সৰ্ববৃহৎ প্ৰত্যক্ষ লাভ হস্তান্তৰ আঁচনি হিচাপে আত্মপ্ৰকাশ কৰিছে”
“এতিয়া আনকি মা গংগায়ো মোক তুলি লোৱা যেন লাগে আৰু মই কাশীৰ হৈ পৰিছোঁ”, কৃতজ্ঞতা প্ৰকাশেৰে প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে কয়।
“বাৰাণসীৰ জনসাধাৰণে কেৱল এগৰাকী সাংসদকে নহয়, বৰঞ্চ প্ৰধানমন্ত্ৰীকো নিৰ্বাচিত কৰিছে”, প্ৰধানমন্ত্ৰী মোদীয়ে কৃতজ্ঞতা প্ৰকাশ কৰি এইদৰে কয়।
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৩ কোটি অতিৰিক্ত গৃহস্থী বা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ কিস্তি সন্দৰ্ভত এই সিদ্ধান্তৰাজিয়েকোটি-কোটি লোকক সহায় কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
তেখেতে আৰু কয় যে সুগমতা বৃদ্ধিৰ বাবে নিয়ম-নীতিসমূহ সৰল কৰা হৈছে। “উদ্দেশ্য আৰু বিশ্বাস সঠিক হ’লেকৃষকৰ কল্যাণৰেসম্পৰ্কীয় কামসমূহক্ষীপ্ৰ হৈ পৰে”, শ্ৰী মোদীয়ে লগতে কয়।
তেখেতে লগতে কয় যে কিষাণ সমৃদ্ধি কেন্দ্ৰসমূহৰ জৰিয়তে বাজৰা, বনৌষধি সামগ্ৰী আৰু প্ৰাকৃতিক কৃষি-কাৰ্য্যত সহায়ৰ বাবে এক বিশাল নেটৱৰ্ক গঢ়ি তোলা হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত কিষাণ সন্মান সন্মিলনৰ কাৰ্য্যসূচী সম্বোধনেৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-KISAN)ৰ ১৭-সংখ্যক কিস্তি হিচাপে প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে প্ৰায় ৯.২৬ কোটি হিতাধিকাৰী কৃষকলৈ ২০,০০০ কোটিৰো অধিক টকা মুকলি কৰে। এই কাৰ্য্যসূচীতে তেখেতে আত্ম-সহায়ক গোটসমূহৰ (SHG) ৩০,০০০ ৰো অধিক মহিলাক কৃষি-সখী হিচাপে প্ৰমাণ-পত্ৰও প্ৰদান কৰে। এই অনুষ্ঠানত দেশৰ ভিন্ন প্ৰান্তৰ কৃষকসকলে প্ৰযুক্তিৰ মাধ্যমেৰেঅংশগ্ৰহণ কৰে।

সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰপৰা সংসদীয় নিৰ্বাচনত জয়লাভৰ পিছত আজি ইয়ালৈ প্ৰথম ভ্ৰমণ উপলক্ষে কাশীবাসীক সম্ভাষণ জনায়। একেৰাহে তৃতীয়বাৰৰ বাবে তেখেতক নিৰ্বাচিত কৰাৰ বাবে তেওঁলোকক ধন্যবাদ জনায়। “এতিয়া আনকি মা গংগায়ো মোক তুলি লোৱা যেন লাগে আৰু মই কাশীৰ হৈ পৰিছোঁ”, কৃতজ্ঞতা প্ৰকাশেৰে প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে কয়।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সদ্য-সমাপ্ত ১৮ সংখ্যক লোকসভা নিৰ্বাচন ভাৰতৰ গণতন্ত্ৰৰ বিশালতা, সামৰ্থ্য, ব্যাপকতা আৰু বদ্ধমূল পৰম্পৰাৰ প্ৰতীক আৰু এয়া সমগ্ৰ বিশ্বইপ্ৰত্যক্ষ কৰিছে। এই নিৰ্বাচনত ৬৪ কোটিৰো অধিক ভোটাৰে ভোটদান কৰা বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এনে বিশাল পৰিসৰৰ নিৰ্বাচন আন ক’তো অনুষ্ঠিত হোৱা নাই য’ত নেকিগৰিষ্ঠ সংখ্যক নাগৰিকে অংশগ্ৰহণ কৰিছে। শেহতীয়াকৈ ইটালীত অনুষ্ঠিত জি-৭ সন্মিলনত ভাগ ল’বলৈ দেশখন ভ্ৰমণৰ কথা স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভাৰতত ভোটাৰৰ সংখ্যা জি-৭ৰ সকলো দেশৰ ভোটাৰৰ পৰিসংখ্যাৰ তুলনাত ডেৰগুণ বেছি।একদৰে,ইউৰোপিয়ানইউনিয়নৰ সকলো সদস্য দেশৰ ভোটাৰৰ সংখ্যাতকৈডেৰ-দুগুণৰো অধিক। গত সাধাৰণ নিৰ্বাচনত ৩১ কোটিৰো অধিক মহিলা ভোটাৰৰ ব্যাপক অংশগ্ৰহণৰ ওপৰত আলোকপাতেৰেপ্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কোনো এখনৰাষ্ট্ৰৰ ক্ষেত্ৰত এই পৰিসংখ্যা বিশ্বৰ ভিতৰতে সৰ্বাধিক। তেখেতে লগতে কয় যে এয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ জনসংখ্যাৰ ওচৰা-ওচৰি। “ভাৰতৰ গণতন্ত্ৰৰ শক্তি আৰু সৌন্দৰ্য্যই সমগ্ৰ বিশ্বকে আকৰ্ষিত কৰাই নহয়, বৰঞ্চ প্ৰভাৱিতও কৰে”, শ্ৰী মোদীয়ে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সুযোগতে বাৰাণসীবাসীক হৈ যোৱা গণতন্ত্ৰৰ উৎসৱত অংশগ্ৰহণেৰে ইয়াক সাফল্যমণ্ডিত কৰি তোলাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। “বাৰাণসীৰ জনসাধাৰণে কেৱল এগৰাকী সাংসদকে নহয়, বৰঞ্চ প্ৰধানমন্ত্ৰীকো নিৰ্বাচিত কৰিছে”, প্ৰধানমন্ত্ৰী মোদীয়ে কৃতজ্ঞতা প্ৰকাশ কৰি এইদৰে কয়।

একেৰাহে তৃতীয়বাৰলৈ চৰকাৰ এখনক নিৰ্বাচিতকৰণৰজনাদেশক ‘অভূতপূৰ্ব’ বুলি অভিহিতকৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বৰ গণতান্ত্ৰিক ৰাষ্ট্ৰসমূহৰ মাজত এয়া এক বিৰল কৃতিত্ব। “৬০ বছৰৰো অধিক পূৰ্বে ভাৰতত এনে ধৰণৰ হেট্ৰিক হৈছিল”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে আৰু কয়, “ভাৰতৰ দৰে দেশ এখনত যুৱক-যুৱতীসকলৰ আকাংক্ষা ইমানেই বেছি যে ১০ বছৰৰ শাসনৰ অন্তত চৰকাৰ এখন পুনৰ ক্ষমতাত অধিষ্ঠিত হোৱা কাৰ্য্য এক বৃহৎ জয় আৰু এয়া বিপুল আস্থাৰ ভোটৰ প্ৰতিফলন। আৰু, আপোনাসৱৰ এই আস্থাই হৈছে মোৰ পৰম মূলধন আৰু এই মূলধনে দেশখনক নতুন শিখৰত উপনীত কৰাবলৈ মোক শক্তিশালী কৰি ৰাখিছে।”

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে এখনি উন্নত ভাৰতৰ স্তম্ভ হিচাপে কৃষক, নাৰীশক্তি, যুৱক-যুৱতী আৰু দৰিদ্ৰ জনতাক গুৰুত্ব প্ৰদানৰ কথা পুনৰবাৰ উল্লেখেৰে চৰকাৰ গঠনৰ পিছত প্ৰথমটো সিদ্ধান্ত কৃষক আৰু দৰিদ্ৰ পৰিয়ালসমূহক কেন্দ্ৰ কৰিগ্ৰহণ কৰাৰ কথাটো উল্লেখ কৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৩ কোটি অতিৰিক্ত গৃহস্থী বা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ কিস্তি সন্দৰ্ভত এই সিদ্ধান্তৰাজিয়েকোটি-কোটি লোকক সহায় কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে সভাস্থলীত উপস্থিত কৃষকসকলকে প্ৰমুখ্য কৰি প্ৰযুক্তিৰ জৰিয়তে অনুষ্ঠানটোৰ সৈতে সংযোগ স্থাপন কৰা কৃষকসকলকো সম্ভাষণ জনায়। তেখেতে উল্লেখ কৰে যে আজি ২০,০০০ কোটি টকা কৃষকৰাইজৰ একাউন্টত জমা হৈছে। তেখেতে ৩ কোটি ‘লাখপতি বাইদেউ’ গঢ়ি তোলাৰ দিশত এক শক্তিশালী পদক্ষেপ হিচাপে কৃষি সখী পদক্ষেপৰ কথাও কয়। এই পদক্ষেপে হিতাধিকাৰী মহিলাসকলৰ মৰ্য্যাদা আৰু আয়ৰ উৎসৰ নিশ্চয়তা সুনিশ্চিত কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

“পিএম কিষাণ সন্মান নিধিয়ে বিশ্বৰ সৰ্ববৃহৎ প্ৰত্যক্ষ লাভ হস্তান্তৰ আঁচনি হিচাপে আত্মপ্ৰকাশ কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে উল্লেখেৰে কয় যে এতিয়ালৈকে কোটি-কোটি কৃষকৰ বেংক একাউন্টলৈ ৩.২৫ লাখ কোটিৰো অধিক টকা হস্তান্তৰ কৰা হৈছে।ইয়াৰেকেৱল বাৰাণসীৰ পৰিয়ালসমূহলৈ৭০০ কোটি টকা হস্তান্তৰ কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে যোগ্য হিতাধিকাৰীসকলে সুবিধাসমূহ লাভ কৰাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰক প্ৰশংসাৰ লগতে বিকশিত ভাৰত সংকল্প যাত্ৰাকো কৃতিত্ব প্ৰদান কৰে, যি অভিযানৰ জৰিয়তে ১ কোটিৰো অধিক কৃষকে পিএম-কিষাণ আঁচনিৰ অধীনত পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছিল। তেখেতে আৰু কয় যে সুগমতা বৃদ্ধিৰ বাবে নিয়ম-নীতিসমূহ সৰল কৰা হৈছে। “উদ্দেশ্য আৰু বিশ্বাস সঠিক হ’লেকৃষকৰ কল্যাণৰেসম্পৰ্কীয় কামসমূহক্ষীপ্ৰ হৈ পৰে”, শ্ৰী মোদীয়ে লগতে কয়।

২১ শতিকাত ভাৰতক বিশ্বৰ তৃতীয়-সৰ্ববৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত কৃষি খণ্ডৰ ভূমিকাত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰী মোদীয়ে বৈশ্বিক দৃষ্টিভংগী তথা দাইল আৰু তৈলবীজৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেখেতেএক প্ৰধান কৃষি ৰপ্তানিকাৰী হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেখেতে উল্লেখ কৰে যে অঞ্চলটোৰ স্থানীয় সামগ্ৰীয়ে বিশ্ব বজাৰ পাইছে আৰু প্ৰতিখন জিলাতে “এক জিলা এক সামগ্ৰী” আঁচনি তথা ৰপ্তানি কেন্দ্ৰৰ জৰিয়তে ৰপ্তানিয়ে উদ্দীপনা লাভ কৰিছে। “বিশ্বৰ প্ৰতিখন ডাইনিং টেবুলতে ভাৰতৰ খাদ্য শস্য বা খাদ্য সামগ্ৰী থকাটো মোৰ সপোন” বুলি উল্লেখেৰে তেখেতেকৃষিক্ষেত্ৰতো জিৰ’ ডিফেক্ট-জিৰ’ ইফেক্ট মন্ত্ৰৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেখেতে লগতে কয় যে কিষাণ সমৃদ্ধি কেন্দ্ৰসমূহৰ জৰিয়তে বাজৰা, বনৌষধি সামগ্ৰী আৰু প্ৰাকৃতিক কৃষি-কাৰ্য্যত সহায়ৰ বাবে এক বিশাল নেটৱৰ্ক গঢ়ি তোলা হৈছে।

 

আজিৰ কাৰ্য্যসূচীত বিশাল সংখ্যক মহিলাৰ উপস্থিতিৰ কথা লক্ষ্য কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃষিক্ষেত্ৰত তেওঁলোকৰ গুৰুত্ব আৰু সমৰ্থনত আলোকপাতেৰে তেওঁলোকৰ এনে বৰঙণি বৃদ্ধিৰ বাবে কৃষিৰ পৰিসৰ বৃদ্ধিৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে যে কৃষি সখী কাৰ্য্যসূচী হৈছে ড্ৰোন দিদি কাৰ্য্যসূচীৰ দৰেই এই দিশত এক পদক্ষেপ। আশাকৰ্মী আৰু বেংক সখী হিচাপে মহিলাসকলৰ অৱদান সম্পৰ্কে আলোকপাত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কৃষি সখী হিচাপে তেওঁলোকৰ সামৰ্থ্যক এতিয়া ৰাষ্ট্ৰখনে প্ৰত্যক্ষ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে আত্ম-সহায়ক গোটসমূহক কৃষি সখী হিচাপে ৩০,০০০ ৰো অধিক প্ৰমাণ-পত্ৰ প্ৰদানৰ কথা উল্লেখেৰে কয় যে বৰ্তমান ১১খন ৰাজ্যত ৰূপায়ণহোৱা এই আঁচনিখনে দেশৰ ভিন্ন প্ৰান্তৰ হাজাৰ-হাজাৰ আত্ম-সহায়ক গোটক সংযোগ কৰিব আৰু লগতে ৩ কোটি লাখপতি দিদি গঢ়ি তোলাৰ ক্ষেত্ৰতো এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কাশী আৰু পূৰ্বাঞ্চলৰ কৃষকসকলৰ প্ৰতি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ নিষ্ঠাৰ ওপৰত আলোকপাতেৰে বানাছ ডেইৰী সংকুল, পেৰিছেবল কাৰ্গ’ চেন্টাৰ আৰু সংহত পেকেজিং হাউছৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “বানাছডেইৰীয়ে বাৰাণসী আৰু ইয়াৰ আশে-পাশে থকা কৃষক আৰু গো-পালকসকলৰ ভাগ্য সলনি কৰিছে। আজি এই দুগ্ধ প্ৰতিষ্ঠানটোৱে প্ৰতিদিনে প্ৰায় ৩ লাখ লিটাৰ গাখীৰ সংগ্ৰহ কৰে। কেৱল বাৰাণসীৰে ১৪ হাজাৰৰো অধিক গো-পালক পৰিয়াল ইয়াৰ পঞ্জীয়নভুক্ত। এতিয়া বানাছ ডেইৰীয়ে আগন্তুক ডেৰ বছৰত কাশীৰ আৰু ১৬ হাজাৰ গো-পালকক সংযুক্ত কৰিবলৈ আগবাঢ়িছে। বানাছ ডেইৰী প্ৰতিষ্ঠাৰ পাছত বাৰাণসীৰএকাধিকদুগ্ধ উৎপাদকৰ আয় ৫ লাখ টকা পৰ্য্যন্ত বৃদ্ধি পাইছে।”

মীনপালকসকলৰ আয় বৃদ্ধিৰ অৰ্থে চৰকাৰে কৰা কাম সন্দৰ্ভত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা আৰু কিষাণ ক্ৰেডিট কাৰ্ডৰ উপকাৰিতাৰ কথা উল্লেখ কৰে। বাৰাণসীত মৎস্য পালনৰ লগত জড়িতসকলক সহায়ৰ বাবে প্ৰায় ৭০ কোটি টকা ব্যয় সাপেক্ষে চণ্ডাউলীত এখন আধুনিক মীন বজাৰ স্থাপনৰ বিষয়েও অৱগত কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰাণসীত প্ৰধানমন্ত্ৰী সূৰ্য্যঘৰ মুফ্ট বিজুলী যোজনা সফল হোৱাত সন্তোষ প্ৰকাশ কৰে। ইয়াৰ প্ৰায় ৪০ হাজাৰ স্থানীয় লোকে আঁচনিখনত পঞ্জীয়ন কৰিছে আৰু ইতিমধ্যে ২,৫০০ ঘৰত সৌৰ পেনেল সংস্থাপন কৰা হৈছে আৰু ৩,০০০ ঘৰত ইয়াৰ কাম অব্যাহত আছে বুলি তেখেতে জনায়। ইয়াৰ জৰিয়তে হিতাধিকাৰী পৰিয়ালসমূহৰ বিদ্যুতৰ বিল শূন্য হৈছে আৰু অতিৰিক্ত আয় সৃষ্টি হৈছে।

বাৰাণসী আৰু ওচৰৰ গাঁৱসমূহৰ যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধনৰ বাবে যোৱা ১০ বছৰত কৰা কামৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰাণসীত দেশৰ প্ৰথমটো চিটি ৰ’পৱে প্ৰকল্প চূড়ান্ত পৰ্য্যায়ত উপনীত হোৱাৰ কথা উল্লেখ কৰে।তেখেতে গাজীপুৰ, আজমগড় আৰু জৌনপুৰ চহৰক সংযোগ কৰা ৰিং ৰোড, ফুলৱাৰিয়া আৰু চৌকাঘাটত উৰণ সেতু, কাশী, বাৰাণসী আৰু কেন্ট ৰেলৱে ষ্টেচনৰ নতুন ৰূপ, বাবাটপুৰ বিমানবন্দৰে বিমান পৰিবহণ আৰু ব্যৱসায়ক সহজ কৰি তোলা, গংগা ঘাটৰ উন্নয়ন, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত নতুন সুবিধা, চহৰৰ সংস্কাৰ-সাধিত কুণ্ডআৰু বাৰাণসীৰ ভিন্ন ঠাইতবিকশিত কৰা নতুন ব্যৱস্থাৰাজিৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে কাশীৰ ক্ৰীড়া আন্তঃগাঁথনিৰ উন্নয়ন আৰু নতুন ষ্টেডিয়ামে যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিছে।

 

প্ৰজ্ঞাৰ ৰাজধানী হিচাপে কাশীৰ গৰিমাৰ কথা স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰাচীন চহৰখনক প্ৰশংসা কৰে আৰু কয় যে সমগ্ৰ বিশ্বক কাশীয়ে এই ঐতিহ্যমণ্ডিত চহৰখনেও নগৰ উন্নয়নৰ এক নতুন অধ্যায় লিখিব পাৰে বুলি দেখুৱাইছে। “ঐতিহ্যৰ লগতেউন্নয়নৰ মন্ত্ৰ কাশীৰ সকলোতে বিদ্যমান। আৰু এই উন্নয়নে কেৱল কাশীকেই লাভান্বিত কৰা নাই, বৰঞ্চ সমগ্ৰ পূৰ্বাঞ্চলৰ যিসমূহ পৰিয়াল নিজৰ কাম আৰু প্ৰয়োজনৰ বাবে কাশীলৈ আহিছে, তেওঁলোককো লাভান্বিত কৰিছে”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়। “বাবা বিশ্বনাথৰ আশীৰ্বাদত কাশীৰ বিকাশৰ এই নতুন কাহিনী নিৰৱচ্ছিন্নভাৱে অব্যাহত থাকিব” বুলি উল্লেখেৰেশ্ৰী মোদীয়ে তেখেতৰ ভাষণৰ সামৰণি মাৰে।

এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেন পেটেল, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ভগীৰথ চৌধাৰী, উত্তৰ প্ৰদেশৰউপ-মুখ্যমন্ত্ৰীদ্বয় শ্ৰী কেশৱ প্ৰসাদ মৌৰ্য্য আৰু শ্ৰী ব্ৰজেশ পাঠক তথা উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰীসকলকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

পটভূমি

৩য় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে কৃষক কল্যাণৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰি প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ ১৭ সংখ্যক কিস্তি মুকলিত অনুমোদন জনোৱা ফাইলত প্ৰথমটো স্বাক্ষৰ কৰিছিল। সেই অনুসৰি, আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-KISAN)ৰ অধীনত প্ৰায় ৯.২৬ কোটি হিতাধিকাৰী কৃষকলৈ প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে ২০,০০০ কোটি টকাৰো অধিক ধনৰ ১৭-সংখ্যক কিস্তি মুকলি কৰে। এই পৰ্য্যন্ত ১১ কোটিৰো অধিক যোগ্য কৃষক পৰিয়ালে পিএম-কিষাণৰ অধীনত ৩.০৪ লাখ কোটিৰো অধিক টকাৰ আৰ্থিক সুবিধা লাভ কৰিছে।

 

লগতে, প্ৰধানমন্ত্ৰীগৰাকীয়ে আত্ম-সহায়ক গোটসমূহৰ ৩০,০০০ ৰো অধিক মহিলাক কৃষি সখী হিচাপে প্ৰমাণ-পত্ৰ প্ৰদান কৰে। কৃষি সখী অভিসৰণ কাৰ্য্যসূচী (KSCP)ৰ লক্ষ্য হৈছে গ্ৰামাঞ্চলৰ মহিলাসকলক কৃষি সখী হিচাপে সবলীকৰণৰ জৰিয়তে, তেওঁলোকক পেৰা-এক্সটেনচন কৰ্মী হিচাপে প্ৰশিক্ষণ আৰু প্ৰমাণ-পত্ৰ প্ৰদান কৰি ভাৰতৰ গ্ৰামাঞ্চলৰ ৰূপান্তৰ সাধন কৰা। এই চাৰ্টিফিকেট পাঠ্যক্ৰম ‘লাখপতি দিদি’ কাৰ্য্যক্ৰমৰ উদ্দেশ্যৰাজিৰেওসংগতিপূৰ্ণ।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era

Media Coverage

India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives in building collapse at Satya Niketan in Delhi
September 06, 2026

Prime Minister Shri Narendra Modi today expressed deep distress over the collapse of a building at Satya Niketan in Delhi.

The Prime Minister extended his condolences to the families of those who lost their loved ones and prayed for the speedy recovery of the injured. He further noted that authorities are actively working at the site and providing assistance to all those affected by the incident.

In a post on X, the Prime Minister's Office shared:

"The collapse of a building at Satya Niketan, Delhi is distressing. Condolences to those who lost their loved ones. Praying for the speedy recovery of the injured. Authorities are working at the site and assisting those affected in the mishap: PM @narendramodi"