“স্থানীয় কল্যাণৰ বাবে গোলকীয় সহযোগিতা হৈছে আমাৰ আহ্বান”
“আইন প্ৰৱৰ্তনকৰোতাসকলে আমাৰ যি নাই সেয়া আহৰণ কৰাত, আমাৰ যি আছে সেয়া তাৰ সুৰক্ষা দিয়াত, আমি সুৰাক্ষিত কৰাবোৰৰ সংবৰ্দ্ধন কৰাত আৰু আটাইতকৈ অধিক পোৱাৰ বাবে যোগ্যসকলৰ মাজত ইয়াক বিতৰণ কৰাত সহায় কৰে”
“আৰক্ষীবাহিনীয়ে কেৱল জনসাধাৰণকে সুৰক্ষা প্ৰদান নকৰে, বৰং গণতন্ত্ৰৰ প্ৰতিও সেৱা আগবঢ়ায়”
“ভাবুকি যেতিয়া গোলকীয়, তেতিয়া প্ৰতিক্ৰিয়া স্থানীয় হ’ব নোৱাৰে! এনে ভাবুকিক পৰাভূত কৰাৰ বাবে পৃথিৱী একত্ৰিত হোৱাৰ সময় সমাগত হৈছে”
“অপৰাধৰ ‘নিৰাপদ-স্থল’ নিৰ্মূল কৰাৰ বাবে বিশ্ব-সম্প্ৰদায়ে আৰু অধিক তত্পৰতাৰে কাম কৰিব লাগিব”
“যোগাযোগ, জোঁটবন্ধন আৰু সহযোগিতাই অপৰাধ, দুৰ্নীতি আৰু সন্ত্ৰাসবাদক পৰাভূত কৰক”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘প্ৰগতি ময়দান’ত অনুষ্ঠিত ‘ইণ্টাৰপোল’ৰ ‘সাধাৰণ পৰিষদৰ ৯০ সংখ্যক সন্মিলন’ সম্বোধন কৰে।

সমবেতসকলৰ সন্মুখত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে ‘ইণ্টাৰপোল’ৰ সাধাৰণ পৰিষদৰ ৯০ সংখ্যক সন্মিলন’ৰ বাবে নতুন দিল্লীত আহি উপস্থিত হোৱা অভ্যাগতসকলক উষ্ম আদৰণি জনায়। ভাৰতে স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষ উদযাপন কৰি থকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই উদযাপনক জনতা আৰু সংস্কৃতিৰ উদযাপন বুলি অভিহিত কৰে। ২০২৩ চনত ‘ইণ্টাৰপোল’-য়েও ইয়াৰ প্ৰতিস্থাৰ ১০০ সংখ্যক বৰ্ষ উদযাপন কৰিব বুলি তথ্য দাঙি ধৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ এয়া অতীতৰ কাম-কাজৰ পৰ্যালোচনা কৰা আৰু ভৱিষ্যতৰ কাৰ্যপন্থা যুগুতোৱাৰ সময় বুলি মন্তব্য কৰে। শ্ৰী মোদীয়ে আৰু কয় যে এয়া উত্ফুল্লিত আৰু প্ৰতিবিম্বিত কৰাৰ আৰু পূৰ্বৰ বিফলতাসমূহৰ পৰা শিক্ষা লৈ পূৰ্ণ প্ৰত্যাশাৰে ভৱিষ্যতৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰাৰো সময়।

তেওঁ ভাৰতীয় সংস্কৃতিৰ সৈতে থকা ‘ইণ্টাৰপোল’ৰ দৰ্শনৰ সংযোগৰ প্ৰসংগ উল্লেখ কৰাৰ লগতে ‘ইণ্টাৰপোল’ৰ আদৰ্শ বাক্য “কানেক্টিং পুলিচ উইথ এ ছেফাৰ ৱৰ্ল্ড”-ৰ বেদৰ এটি উদ্ধৃতি “আনো ভদ্ৰা কৰ্তৱো য়ন্তু বিশ্বতঃ” অৰ্থাত্ ‘সজ চিন্তা সকলো দিশৰ পৰাই আহক’ৰ সৈতে থকা সামঞ্জস্য বিশ্লেষণ কৰি ‘পৃথিৱীখনক এক অধিক নিৰাপদ স্থান হিচাপে গঢ়ি তোলাৰ বাবে বিশ্বজনীন সহযোগিতাৰ এয়া আহ্বান’ বুলি অভিহিত কৰে। ভাৰতে পোষণ কৰি অহা অনন্য বিশ্বমুখী দৃষ্টিভংগী সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ অভিযানলৈ সাহসী পুৰুষ আৰু মহিলা প্ৰেৰণ কৰোতাসকলৰ শীৰ্ষত থকা দেশসমূহৰ অন্যতম হৈছে ভাৰত। শ্ৰী মোদীয়ে কয়, পৃথিৱীখনক এখন নিৰাপদ স্থলী হিচাপে গঢ়ি তোলাৰ বাবে আমি আনকি ভাৰতে স্বাধীনতা লাভ কৰাৰ আগৰে পৰাই বহুখিনি ত্যাগ কৰি আহিছো। বিশ্ব যুদ্ধকেইখনতো বহু সহস্ৰ ভাৰতীয়ই তেওঁলোকৰ জীৱন উত্সৰ্গা কৰিছিল বুলিও তেওঁ মন্তব্য কৰে। ক’ভিডৰ প্ৰতিষেধক আৰু জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত গ্ৰহণ কৰা লক্ষ্যসমূহৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে যিকোনো সংকটৰ সময়ত সদায়ে নেতৃত্ব প্ৰদানৰ ইচ্ছা প্ৰকট কৰি আহিছে। যি সময়ত দেশ আৰু সমাজসমূহে নিজৰ কথাই ভাবিবলগীয়া হৈছিল, তেতিয়াও কিন্তু ভাৰতে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ আহ্বান জনাইছিল বুলি মন্তব্য কৰে।

সমগ্ৰ পৃথিৱীৰে আৰক্ষীবাহিনীসমূহে কেৱল জনসাধাৰণকে নিৰাপত্তা প্ৰদান কৰি অহা নাই, বৰং তেওঁলোকে সামাজিক কল্যাণো সাধন কৰিছে। যিকোনো সংকটৰ সন্মুখীন হোৱাৰ সময়ত তেওঁলোকে সদায়ে সন্মুখত থাকি কাৰ্যনিৰ্বাহ কৰোতাৰ ভূমিকা পালন কৰি আহিছে। ক’ভিড-সংকটৰ উদাহৰণ দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জনসাধাৰণক সহায় কৰিবলৈ গৈ আৰক্ষীৰ লোকসকলে আনকি জীৱন পাতো কৰিবলগীয়া হৈছিল। জনতাৰ সেৱাত তেওঁলোকৰ বহুতেই সৰ্বোচ্চ ত্যাগ কৰিবলগীয়া হৈছিল।

ভাৰতৰ ভৌগলিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যতাৰ প্ৰসংগ উল্লেখ কৰা প্ৰধানমন্ত্ৰীয়ে ইয়াৰ আকাৰ আৰু বিশালতাৰ বৰ্ণনা কৰে। তেওঁ কয়, “ভাৰতীয় আৰক্ষীয়ে যুক্তৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত ৯০০ৰো অধিক ৰাষ্ট্ৰীয় আৰু প্ৰায় দহহাজাৰ ৰাজ্যিক আইনৰ ৰূপায়ণত সহযোগিতা আগবঢ়ায়। আমাৰ আৰক্ষীবাহিনীসমূহে জনসাধাৰণৰ বৈচিত্ৰ্যতা আৰু অধিকাৰসমূহৰ প্ৰতি সংবিধানে প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি কাৰ্যনিৰ্বাহ কৰে”। “তেওঁলোকে কেৱল জনসাধাৰণকে সুৰক্ষা নিদিয়ে, বৰং গণতন্ত্ৰৰ প্ৰতিও সেৱা আগবঢ়ায়” বুলি তেওঁ উল্লেখ কৰে। ‘ইণ্টাৰপোল’ৰ সাফল্যসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পৃথিৱীৰ ১৯৫খন দেশৰ আৰক্ষীবাহিনীৰ সৈতে সংযোগ স্থাপন কৰি বিগত ৯৯টা বছৰে কাৰ্যনিৰ্বাহ কৰি অহা সংস্থাটোৰ এই সাফল্যৰ চিন স্বৰূপে ভাৰতে এটা স্মাৰক ডাক টিকট আৰু এটা মুদ্ৰা মুকলি কৰিছে।

প্ৰধানমন্ত্ৰীয়ে বিগত সময়ছোৱাত পৃথিৱীৰ প্ৰতি অহা বহুবোৰ অনিষ্টকাৰী ভাবুকি যেনে সন্ত্ৰাসবাদ, দুৰ্নীতি, নিচাযুক্ত দ্ৰব্যৰ অবৈধ বেহা, বন্য-প্ৰাণীৰ হত্যা আৰু অন্যন্য সংগঠিত অপৰাধসমূহৰ দৰে কথাবোৰ সোঁৱৰাই দিয়ে। এইবোৰ কথা-কাণ্ডৰ গতি আগৰ তুলনাত অধিক বেগত চলিবলৈ লৈছে। তেওঁ কয়, “ভাবুকি যেতিয়া গোলকীয়, ইয়াৰ প্ৰতিক্ৰিয়া কেতিয়াও স্থানীয় হ’ব নোৱাৰে। এনেবোৰ ভাবুকি প্ৰতিহত কৰাৰ বাবে পৃথিৱী সংঘবদ্ধ হোৱাৰ সময় সমাগত হৈছে”।

আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাবাসবাদৰ ভয়াবহতাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে “আনকি, পৃথিৱীয়ে ইয়াক চিনাক্ত কৰাৰ আগতেই বিগত বহু দশক ধৰি ভাৰতে ইয়াৰ বিৰুদ্ধে যুঁজি আহিছে। আমি সুৰক্ষা আৰু নিৰাপত্তাৰ মূল্য বুজি পাইছিলো। এইখন যুদ্ধত আমাৰ সহস্ৰজনে জীৱন ত্যাগ কৰিবলগীয়া হৈছিল”। “সন্ত্ৰাসবাদ এতিয়া আৰু কেৱল অৱয়াবয়িক ক্ষেত্ৰতে যুঁজিব পৰা হৈ থকা নাই, বৰঞ্চ অনলাইন মৌলবাদ আৰু চাইবাৰ ভাবুকি মাধ্যমেৰে দ্ৰুতগতিত বিস্তাৰিত হ’বলৈ ধৰিছে”। তেওঁ কয় যে কোনো এটা আক্ৰমণ সম্পাদিত কৰিব পৰা যায় অথবা বুটামৰ এটা টিপাতে কোনো ব্যৱস্থাৰে সিহঁতক নিৰস্ত্ৰ কৰিব পৰা যায়। আন্তঃৰাষ্ট্ৰীয় ৰণ-কৌশল যুগুতোৱাৰ অধিক প্ৰয়োজনীয়তা দোহাৰি প্ৰধানমন্ত্ৰীয়ে কয় “প্ৰতিখন দেশেই সিহঁতৰ বিৰুদ্ধে ৰণ-কৌশল যুগুতাই আছে। পিচে আমাৰ সীমান্তৰ মাজতে সীমাবদ্ধ ৰাখি আমি কামবোৰ কৰি থাকিলেই পৰ্যাপ্ত নহ’ব”। তেওঁ আগতীয়া চিনাক্তকৰণ আৰু সতৰ্কীকৰণ ব্যৱস্থা স্থপন, পৰিবহণ সেৱাক সুৰক্ষা প্ৰদান, যোগাযোগ ব্যৱস্থাৰ সুৰক্ষা নিশ্চিতকৰণ, গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিসমূহৰ সুৰক্ষা নিশ্চিতকৰণ, কাৰিকৰী আৰু প্ৰযুক্তিগত সহোযোগিতা, তথ্যৰ বিনিময়কে বহুবোৰ কথা নতুন মাত্ৰাত চিন্তা কৰাতো গুৰুত্ব আৰোপ কৰে।

ভাষণ প্ৰসংগত তেওঁ কয় যে দুৰ্নীতি, সন্ত্ৰাসবাদ, নিচাযুক্ত দ্ৰব্যৰ অবৈধ বেহা, বন্য-প্ৰাণী নিধনকাৰী অথবা সংগঠিত অপৰাধ সংঘটিত কৰা অপৰাধীৰ বাবে কেতিয়াও নিৰাপদ-স্থল থাকিব নোৱাৰে। এনেবোৰ অপৰাধ যি স্থানতেই সংঘটিত নহওক কিয় সি পৃথিৱীৰ সমগ্ৰ মানৱজাতিৰ বিৰুদ্ধে সংঘটিত অপৰাধ হিচাপেই চিহ্নিত হ’ব। এনে প্ৰেক্ষাপটতে অপৰাধৰ “নিৰাপদ-স্থল’ নিৰ্মূল কৰাৰ বাবে বিশ্ব-সম্প্ৰদায়ে আৰু অধিক তত্পৰতাৰে কাম কৰিব লাগিব” বুলি তত্পৰ্যপূৰ্ণ মন্তব্য কৰে।

তেওঁ “যোগাযোগ, জোঁটবন্ধন আৰু সহযোগিতাৰে অপৰাধ, দুৰ্নীতি আৰু সন্ত্ৰাসবাদক পৰাভূত কৰা”ৰো আহ্বান জনায়।

সন্মিলনত উপস্থিত হোৱাৰ পিচতে ‘ইণ্টাৰপোল’ৰ অধ্যক্ষই প্ৰধানমন্ত্ৰীক সন্মিলনৰ কাৰ্যকৰী সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে পৰিচয় কৰাই দিয়ে। ‘আইটিবিপি’ৰ তৰফৰ পৰা অনুষ্ঠিত কৰা এক মাৰ্চপাষ্টো প্ৰত্যক্ষ কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীয়ে ‘ইণ্টাৰপোল’ৰ সাধাৰণ পৰিষদৰ ৯০ সংখ্যক সন্মিলন উপলক্ষে যুগুতাই উলিওৱা এটা স্মাৰক ডাক টিকট আৰু এটা  ১০০ টকীয়া মুদ্ৰাও উন্মোচন কৰে।

অনুষ্ঠানত কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহ, ‘ইণ্টাৰপোল’ৰ অধ্যক্ষ আহমেদ নাছেৰ অল ৰইছ, ‘ইণ্টাৰপোল’ৰ সচিব-প্ৰধান জাৰ্গন ষ্টক আৰু চিবিআই-ৰ সঞ্চালক শ্ৰী সুবোধ কুমাৰ জয়ছোৱালৰ সৈতে বহু সংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাবাসবাদৰ ভয়াবহতাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে “আনকি, পৃথিৱীয়ে ইয়াক চিনাক্ত কৰাৰ আগতেই বিগত বহু দশক ধৰি ভাৰতে ইয়াৰ বিৰুদ্ধে যুঁজি আহিছে। আমি সুৰক্ষা আৰু নিৰাপত্তাৰ মূল্য বুজি পাইছিলো। এইখন যুদ্ধত আমাৰ সহস্ৰজনে জীৱন ত্যাগ কৰিবলগীয়া হৈছিল”। “সন্ত্ৰাসবাদ এতিয়া আৰু কেৱল অৱয়াবয়িক ক্ষেত্ৰতে যুঁজিব পৰা হৈ থকা নাই, বৰঞ্চ অনলাইন মৌলবাদ আৰু চাইবাৰ ভাবুকি মাধ্যমেৰে দ্ৰুতগতিত বিস্তাৰিত হ’বলৈ ধৰিছে”। তেওঁ কয় যে কোনো এটা আক্ৰমণ সম্পাদিত কৰিব পৰা যায় অথবা বুটামৰ এটা টিপাতে কোনো ব্যৱস্থাৰে সিহঁতক নিৰস্ত্ৰ কৰিব পৰা যায়। আন্তঃৰাষ্ট্ৰীয় ৰণ-কৌশল যুগুতোৱাৰ অধিক প্ৰয়োজনীয়তা দোহাৰি প্ৰধানমন্ত্ৰীয়ে কয় “প্ৰতিখন দেশেই সিহঁতৰ বিৰুদ্ধে ৰণ-কৌশল যুগুতাই আছে। পিচে আমাৰ সীমান্তৰ মাজতে সীমাবদ্ধ ৰাখি আমি কামবোৰ কৰি থাকিলেই পৰ্যাপ্ত নহ’ব”। তেওঁ আগতীয়া চিনাক্তকৰণ আৰু সতৰ্কীকৰণ ব্যৱস্থা স্থপন, পৰিবহণ সেৱাক সুৰক্ষা প্ৰদান, যোগাযোগ ব্যৱস্থাৰ সুৰক্ষা নিশ্চিতকৰণ, গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিসমূহৰ সুৰক্ষা নিশ্চিতকৰণ, কাৰিকৰী আৰু প্ৰযুক্তিগত সহোযোগিতা, তথ্যৰ বিনিময়কে বহুবোৰ কথা নতুন মাত্ৰাত চিন্তা কৰাতো গুৰুত্ব আৰোপ কৰে।

ভাৰতৰ ভৌগলিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যতাৰ প্ৰসংগ উল্লেখ কৰা প্ৰধানমন্ত্ৰীয়ে ইয়াৰ আকাৰ আৰু বিশালতাৰ বৰ্ণনা কৰে। তেওঁ কয়, “ভাৰতীয় আৰক্ষীয়ে যুক্তৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত ৯০০ৰো অধিক ৰাষ্ট্ৰীয় আৰু প্ৰায় দহহাজাৰ ৰাজ্যিক আইনৰ ৰূপায়ণত সহযোগিতা আগবঢ়ায়। আমাৰ আৰক্ষীবাহিনীসমূহে জনসাধাৰণৰ বৈচিত্ৰ্যতা আৰু অধিকাৰসমূহৰ প্ৰতি সংবিধানে প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি কাৰ্যনিৰ্বাহ কৰে”। “তেওঁলোকে কেৱল জনসাধাৰণকে সুৰক্ষা নিদিয়ে, বৰং গণতন্ত্ৰৰ প্ৰতিও সেৱা আগবঢ়ায়” বুলি তেওঁ উল্লেখ কৰে। ‘ইণ্টাৰপোল’ৰ সাফল্যসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পৃথিৱীৰ ১৯৫খন দেশৰ আৰক্ষীবাহিনীৰ সৈতে সংযোগ স্থাপন কৰি বিগত ৯৯টা বছৰে কাৰ্যনিৰ্বাহ কৰি অহা সংস্থাটোৰ এই সাফল্যৰ চিন স্বৰূপে ভাৰতে এটা স্মাৰক ডাক টিকট আৰু এটা মুদ্ৰা মুকলি কৰিছে।

প্ৰধানমন্ত্ৰীয়ে বিগত সময়ছোৱাত পৃথিৱীৰ প্ৰতি অহা বহুবোৰ অনিষ্টকাৰী ভাবুকি যেনে সন্ত্ৰাসবাদ, দুৰ্নীতি, নিচাযুক্ত দ্ৰব্যৰ অবৈধ বেহা, বন্য-প্ৰাণীৰ হত্যা আৰু অন্যন্য সংগঠিত অপৰাধসমূহৰ দৰে কথাবোৰ সোঁৱৰাই দিয়ে। এইবোৰ কথা-কাণ্ডৰ গতি আগৰ তুলনাত অধিক বেগত চলিবলৈ লৈছে। তেওঁ কয়, “ভাবুকি যেতিয়া গোলকীয়, ইয়াৰ প্ৰতিক্ৰিয়া কেতিয়াও স্থানীয় হ’ব নোৱাৰে। এনেবোৰ ভাবুকি প্ৰতিহত কৰাৰ বাবে পৃথিৱী সংঘবদ্ধ হোৱাৰ সময় সমাগত হৈছে”।

সন্মিলনত উপস্থিত হোৱাৰ পিচতে ‘ইণ্টাৰপোল’ৰ অধ্যক্ষই প্ৰধানমন্ত্ৰীক সন্মিলনৰ কাৰ্যকৰী সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে পৰিচয় কৰাই দিয়ে। ‘আইটিবিপি’ৰ তৰফৰ পৰা অনুষ্ঠিত কৰা এক মাৰ্চপাষ্টো প্ৰত্যক্ষ কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীয়ে ‘ইণ্টাৰপোল’ৰ সাধাৰণ পৰিষদৰ ৯০ সংখ্যক সন্মিলন উপলক্ষে যুগুতাই উলিওৱা এটা স্মাৰক ডাক টিকট আৰু এটা  ১০০ টকীয়া মুদ্ৰাও উন্মোচন কৰে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways clears ₹755-crore project to build third line between Champa and Korba

Media Coverage

Indian Railways clears ₹755-crore project to build third line between Champa and Korba
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister hails India-UK Comprehensive Economic and Trade Agreement as a historic milestone for bilateral relations
June 17, 2026

The Prime Minister, Shri Narendra Modi, has expressed delight that the India-UK Comprehensive Economic and Trade Agreement will enter into force on 15 July 2026.

The Prime Minister said that the agreement will significantly boost bilateral trade and investment.

Shri Modi stated that the agreement will unlock numerous opportunities for Indian farmers, workers, MSMEs, startups and innovators and contribute meaningfully to the realisation of Viksit Bharat 2047.

The Prime Minister noted that both he and UK Prime Minister Keir Starmer, who are in Evian for the G7 Summit, are very happy with the significant momentum being added to India-UK economic ties.

The Prime Minister wrote on X;

“A historic milestone for India-UK relations.

Delighted to note that the India-UK Comprehensive Economic and Trade Agreement will enter into force on 15th July 2026.

This agreement will significantly boost our bilateral trade and investment.

It will also unlock numerous opportunities for Indian farmers, workers, MSMEs, startups and innovators and contribute meaningfully to the realisation of Viksit Bharat 2047.

Both PM Starmer and I, who are in Evian for the G7 Summit, are naturally very happy with the significant momentum being added to our economic ties.

@Keir_Starmer”