"গণতন্ত্ৰ ভাৰতৰ বাবে কেৱল এটা ব্যৱস্থাই নহয়, গণতন্ত্ৰ আমাৰ স্বভাৱত নিহিত আৰু ভাৰতত জীৱনৰ অংশ"
"সকলো ৰাজ্যৰ ভূমিকা ভাৰতৰ সংঘীয় ব্যৱস্থাত 'সবকা প্ৰয়াস'ৰ ডাঙৰ আধাৰ"
"কৰোণা মহামাৰীৰ বিৰুদ্ধে যুঁজ 'সবকা প্ৰয়াস'ৰ এটা ভাল উদাহৰণ"
"আমি বছৰত ৩-৪ দিন সদনত সেই জনপ্ৰতিনিধিসকলৰ বাবে সংৰক্ষিত কৰিব পাৰোনে, যি সমাজৰ বাবে কিবা বিশেষ কাম কৰি আছে, দেশক তেওঁলোকৰ সামাজিক জীৱনৰ এই পদক্ষেপৰ বিষয়ে কৈ আছে"
সদনত মানদণ্ডপূৰ্ণ বিতৰ্কৰ বাবে সুস্থ সময়, সুস্থ দিনৰ প্ৰস্তাৱ
সংসদীয় প্ৰণালীক আৱশ্যকীয় কাৰিকৰী উদগণি দিয়া আৰু দেশৰ সকলো গণতান্ত্ৰিক গোটক একত্ৰিত কৰিবলৈ 'এক ৰাষ্ট্ৰ এক বিধায়িনী মঞ্চ'ৰ প্ৰস্তাৱ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইয়াত ৮২তম অল ইণ্ডিয়া প্ৰিজাইডিং অফিচাৰৰ উদ্ঘাটন বৈঠকত ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ভাষণ দিয়ে। এই উপলক্ষে লোকসভাৰ অধ্যক্ষ, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যসভাৰ উপ-সভাপতিও উপস্থিত আছিল।

উপস্থিত লোকক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ বাবে গণতন্ত্ৰ কেৱল এটা ব্যৱস্থা নহয়। গণতন্ত্ৰ তো ভাৰতৰ স্বভাৱ, ভাৰতৰ সহজ প্ৰকৃতি। তেওঁ জোৰ দি কয়, "আমি অনাগত বছৰবিলাকত, দেশক নতুন উচ্চতালৈ লৈ যাব লাগিব। এই সংকল্প 'সবকা প্ৰয়াস'ৰেহে সম্পূৰ্ণ হ'ব।" আৰু গণতন্ত্ৰত ভাৰতৰ সংঘীয় ব্যৱস্থাত যেতিয়া আমি 'সবকা প্ৰয়াস'ৰ কথা কওঁ, তেতিয়া সকলো ৰাজ্যৰ ভূমিকা তাৰ ডাঙৰ আধাৰ হয়। প্রধানমন্ত্রীয়ে কয় যে লাগে পূৰ্বোত্তৰৰ কেইবাদশক পুৰণি সমস্যাৰ সমাধানেই হওক, কেইবাদশক ধৰি স্থবিৰ হৈ থকা বিকাশৰ বিভিন্ন বৃহৎ পৰিকল্পনা সম্পূৰ্ণ কৰাই হওক, এনেকুৱা কিমান কাম আছে যি দেশে যোৱা বছৰবিলাকত কৰিছে, সকলোৰে প্ৰয়াসতে কৰিছে। তেওঁ কৰোণা মহামাৰীৰ বিৰুদ্ধে যুঁজক 'সবকা প্ৰয়াস'ৰ বৃহৎ উদাহৰণ স্বৰূপে দাঙি ধৰে।

প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে আমাৰ সদনৰ পৰম্পৰা আৰু ব্যৱস্থাৱলী স্বভাৱত ভাৰতীয় হওক। তেওঁ আহ্বান জনায় যে আমাৰ নীতিবিলাক আৰু আমাৰ কানুনে ভাৰতীয়তাৰ ভাবক, 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ সংকল্পক শক্তিশালী কৰক। তেওঁ কয়, "সকলোতকৈ গুৰুত্বপূৰ্ণ, সদনত আমাৰ নিজৰেই আচাৰ-ব্যৱহাৰ ভাৰতীয় মূল্যবোধৰ হিচাপে হওক, এয়া আমাৰ সকলোৰে দায়িত্ব।"

প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ দেশ বিবিধতাৰে ভৰা। তেওঁ কয়, "নিজৰ হাজাৰ হাজাৰ বছৰৰ বিকাশ যাত্ৰাত আমি এই কথা প্ৰতিপন্ন কৰিছো যে বিবিধতাৰ মাজতো একতাৰ ভব্য আৰু দিব্য অখণ্ড ধাৰা বয়। একতাৰ এই অখণ্ড ধাৰাই আমাৰ বিবিধতাক সংযুক্ত কৰে, তাৰ সংৰক্ষণ কৰে।"

প্ৰধানমন্ত্ৰীয়ে প্ৰস্তাৱ কৰে যে আমি বছৰত ৩-৪ দিন সদনত এনেদৰে ৰাখিব নোৱাৰোনে, য'ত সমাজৰ বাবে কিবা বিশেষ কাম কৰি থকা জন প্ৰতিনিধিয়ে নিজৰ অভিজ্ঞতাৰ বিষয়ে ক'ব। নিজৰ সামাজিক জীৱনৰ এই পক্ষৰ বিষয়ে দেশক ক'ব। তেওঁ কয় যে ইয়াৰ ফলত অন্য প্ৰতিনিধিৰ লগতে সমাজৰ অন্য লোকেও বহুত কিবা শিকিব পাৰিব।

প্ৰধানমন্ত্ৰীয়ে এই প্ৰস্তাৱো ৰাখে যে আমি ভাল চৰ্চাৰ বাবে সুকীয়াকৈ সময় নিৰ্ধাৰিত কৰিব পাৰোনেকি? তেওঁ কয় যে এনেকুৱা চৰ্চা, য'ত মৰ্যাদাৰ, গম্ভীৰতাৰ সম্পূৰ্ণৰূপে পালন হ'ব, কোনেও কাৰো ওপৰত ৰাজনৈতিক কটাক্ষ নকৰিব। তেওঁ কয় যে এক প্ৰকাৰে সেয়া সদনৰ সবাতোকৈ 'সুস্থ সময়' হ'ব, 'সুস্থ দিৱস' হ'ব।"

প্ৰধানমন্ত্ৰীয়ে 'এক ৰাষ্ট্ৰ, এক বিধায়িনী মঞ্চ'ৰ ধাৰণা দাঙি ধৰে। তেওঁ কয়, "এনেকুৱা এটা পৰ্টেল হওক, যি কেৱল আমাৰ সংসদীয় ব্যৱস্থাক আৱশ্যকীয় কাৰিকৰী গতি দিয়াই নহয়, বৰং দেশৰ সকলো গণতান্ত্ৰিক গোটকো একত্ৰিত কৰাৰ কাম কৰক।"

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে অহা ২৫ বছৰ ভাৰতৰ বাবে বহুত মহত্বপূৰ্ণ। তেওঁ সাংসদসকলক আহ্বান জনায় যে তেওঁলোকে এটাই মন্ত্ৰ জীৱনত মানি চলক- কৰ্তব্য, কৰ্তব্য, কৰ্তব্য।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India poised to be global hub for small satellites, in-orbit manufacturing

Media Coverage

India poised to be global hub for small satellites, in-orbit manufacturing
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tribute to Dr. Bhupen Hazarika on his 100th birth anniversary
September 08, 2026

The Prime Minister, Shri Narendra Modi, paid tribute to legendary Dr. Bhupen Hazarika on his 100th birth anniversary.

The Prime Minister said that Dr. Bhupen Hazarika’s voice carried the soul of Assam and the spirit of the Northeast to the entire nation. He noted that through his music, Dr. Hazarika beautifully gave expression to the thoughts and spirit of countless people and brought people closer.

Shri Modi warmly recalled attending the beginning of Dr. Hazarika’s birth centenary celebrations in Guwahati last year.

The Prime Minister said that Bhupen Da’s life and work will continue to inspire generations.

The Prime Minister wrote on X;

“On his 100th birth anniversary, remembering the legendary Dr. Bhupen Hazarika Ji.

His voice carried the soul of Assam and the spirit of the Northeast to the entire nation.

Through his music he beautifully gave expression to the thoughts and spirit of countless people. His songs brought people closer.

I warmly recall attending the start of his birth centenary celebrations in Guwahati last year. Bhupen Da’s life and work will continue to inspire generations.”