নতুন দিল্লীত অনুষ্ঠিত মুখ্য সচিবসকলৰ সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে। শ্ৰী মোদীয়ে কয় যে গুৰুত্বপূৰ্ণ নীতি সম্পৰ্কীয় বিষয়সমূহৰ সন্দৰ্ভত মত বিনিময় কৰাৰ লগতে ভাৰতক নতুন শিখৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত দলগত মনোভাৱ শক্তিশালী কৰি তোলাৰ বাবে এইখন হৈছে এক আশ্চৰ্যকৰ মঞ্চ।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"মুখ্য সচিবসকলৰ সন্মিলনত অংশগ্ৰহণ কৰিছো। গুৰুত্বপূৰ্ণ নীতি সম্পৰ্কীয় বিষয়সমূহৰ সন্দৰ্ভত মত বিনিময় কৰা আৰু ভাৰতক নতুন শিখৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত দলগত মনোভাৱ শক্তিশালী কৰাৰ বাবে এইখন হৈছে এক আশ্চৰ্যকৰ মঞ্চ।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation

Media Coverage

Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
ভাৰত ত্যাগ আন্দোলনৰ সাহসী অংশগ্ৰহণকাৰীসকলক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
August 09, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা সকলো কৰ্মীকে স্মৰণ কৰি ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ সাহস আৰু দৃঢ়তাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে মহাত্মা গান্ধীৰ নেতৃত্বত অনুপ্ৰাণিত হৈ ভাৰত ত্যাগ আন্দোলনৰ সুদৃঢ় আহ্বানে স্বাধীনতা সংগ্ৰামত নতুন শক্তিৰ সঞ্চাৰ ঘটাইছিল আৰু ভাৰতৰ জনসাধাৰণৰ ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লাভৰ অদম্য সংকল্পক প্ৰতিফলিত কৰিছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত পোষ্ট কৰিছে :

ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা সকলো কৰ্মীকে স্মৰণ কৰিছো। তেওঁলোকৰ সাহস প্ৰতিজন ভাৰতীয়ৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব। মহাত্মা গান্ধীজীৰ নেতৃত্বত অনুপ্ৰাণিত হৈ ভাৰত ত্যাগ কৰাৰ সুদৃঢ় আহ্বানে আমাৰ স্বাধীনতা সংগ্ৰামত নতুন শক্তিৰ সঞ্চাৰ ঘটাইছিল আৰু আমাৰ জনসাধাৰণৰ ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লাভৰ অদম্য সংকল্পক প্ৰতিফলিত কৰিছিল।