আজি মস্কোত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ভাৰতীয় সমাজখনৰ সৈতে মত-বিনিময় কৰে। ইয়াত তেখেতক বিশেষ সৌহাদ্য আৰু মৰমেৰে আদৰণি জনায় এই সমাজৰ লোকসকলে।

 

এই কাৰ্য্যসূচী সম্বোধনেৰে প্ৰধানমন্ত্ৰীয়ে প্ৰবাসী ভাৰতীয়সকলক তেখেতক এইদৰে উষ্ম আদৰণি জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপনৰ লগতে ভাৰত-ৰাছিয়াৰ সম্পৰ্কৰ বৰ্ধনৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়োৱা বৰঙণিক প্ৰশংসা কৰে। ১.৪ বিলিয়ন ভাৰতীয়ৰ হৈ তেওঁলোকক সম্ভাষণ জনোৱাৰ সময়ত তেখেতে উল্লেখ কৰে যে সমাজখনৰ সৈতে তেখেতৰ এনে মত-বিনিময় বিশেষ, কিয়নো তেখেতৰ ঐতিহাসিক তৃতীয় কাৰ্য্যকালত প্ৰবাসী ভাৰতীয়সকলৰ আগত তেখেতৰ এয়া প্ৰথম ভাষণ।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত দহ বছৰত ভাৰতত যি লক্ষণীয় পৰিৱৰ্তন ঘটিছে, সেই সম্পৰ্কে কয়। এয়া সকলো ভাৰতীয়ৰ বাবেই অতিশয় গৌৰৱৰ বিষয় বুলি তেখেতে উল্লেখ কৰে। তেখেতে কয় যে তেখেতৰ তৃতীয় কাৰ্য্যকালত চৰকাৰৰ উদ্দেশ্য হৈছে বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হোৱা। তেখেতে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ কথা উল্লেখেৰে কয় যিয়ে বিশ্বৰ বিকাশত ইয়াৰ অংশ যথেষ্ট শতাংশ। ইয়াৰ ডিজিটেল আৰু ফিনটেক সফলতা; ইয়াৰ সেউজ উন্নয়নৰ কৃতিত্ব আৰু ইয়াৰ প্ৰভাৱশালী আৰ্থ-সামাজিক কাৰ্য্যসূচীসমূহে সাধাৰণ লোকক সবলীকৰণ কৰিছে। তেখেতে আঙুলিয়াই দিয়ে যে ভাৰতৰ এই সফলতা হৈছে ১৪ কোটি ভাৰতীয়ৰ নিষ্ঠা, দায়বদ্ধতা আৰু অৱদানৰ ফলশ্ৰুতি, যিসকলৰ প্ৰত্যেকেই আজি ভাৰতক এখনি উন্নত দেশ হিচাপে গঢ়ি তোলাৰ সপোন দেখিছে। তেখেতে উল্লেখ কৰে যে জলবায়ু পৰিৱৰ্তনেৰে মোকাবিলাকৰণৰপৰা আৰম্ভ কৰি বহনক্ষম উন্নয়নৰ লক্ষ্য পূৰণলৈকে ভাৰতে ইয়াৰ অংগীকাৰবদ্ধ প্ৰচেষ্টাৰ জৰিয়তে বিশ্বৰ সমৃদ্ধিত এটি উল্লেখযোগ্য অৱদান আগবঢ়াইছে – বিশ্ববন্ধু হিচাপে, বিশ্বৰ বন্ধু হিচাপে। তেখেতে আৰু উল্লেখ কৰে যে বিশ্বৰ সমস্যা সমাধানৰ বাবে ভাৰতৰ শান্তি, আলোচনা আৰু কূটনীতিৰ আহ্বান সকলোতে অনুৰণিত হৈছে।

 

প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সমাজখনক ৰাছিয়াৰ সৈতে অধিক সুদৃঢ় আৰু গভীৰ অংশীদাৰিত্ব গঢ়ি তোলাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি যাবলৈ উৎসাহিত কৰে। তেখেতে উল্লেখ কৰে যে কাজান আৰু একাটেৰিনবাৰ্গত দুটা নতুন ভাৰতীয় কনছুলেট মুকলিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, যিয়ে জনসাধাৰণৰ সম্পৰ্কক অধিক গভীৰ কৰিব। এই ঘোষণালৈ হাত চাপৰিৰে সমৰ্থন জনাই উপস্থিতসকলে। তেখেতে ভাৰতীয় সাংস্কৃতিক পৰম্পৰাক লালন-পালন আৰু ইয়ালৈ বৰঙণি আগবঢ়োৱা সমাজখনৰ প্ৰচেষ্টাক প্ৰশংসা কৰে তথা ইয়াৰ স্পন্দনশীলতা ৰাছিয়াৰ জনসাধাৰণৰ সৈতে শ্বেয়াৰ কৰে।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
One of the world’s first canal-top solar projects placed a 750-meter solar array above an Indian irrigation canal, generating clean power while saving an estimated 9 million liters of water each year

Media Coverage

One of the world’s first canal-top solar projects placed a 750-meter solar array above an Indian irrigation canal, generating clean power while saving an estimated 9 million liters of water each year
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 জুলাই 2026
July 17, 2026

Green Trains, Private Rockets & Global Partnerships — PM Modi’s New India is Playing to Win