বিষ্ণু মহাযজ্ঞত মন্দিৰ দৰ্শন, পৰিক্ৰমা আৰু পূৰ্ণহুতি কৰে
দেশৰ নিৰন্তৰ উন্নয়ন আৰু দুখীয়াৰ কল্যাণৰ বাবে ভগৱান শ্ৰী দেৱনাৰায়ণ জীৰ পৰা আশীৰ্বাদ বিচাৰে
“ভৌগোলিক, সাংস্কৃতিক, সামাজিক আৰু মতাদৰ্শগতভাৱে ভাৰতক বিভাজিত কৰিবলৈ বহু প্ৰচেষ্টা চলোৱাৰ পিছতো কোনো শক্তিয়ে ভাৰতক শেষ কৰিব নোৱাৰিলে”
“ভাৰতীয় সমাজৰ শক্তি আৰু প্ৰেৰণাই জাতিটোৰ অমৰত্ব ৰক্ষা কৰে”
“ভগৱান দেৱনাৰায়ণে দেখুওৱা পথটো ‘সবকা সাথ’ৰ মাজেৰে ‘সবকা বিকাশ’ৰ আৰু দেশখনেও আজি একে পথেই অনুসৰণ কৰিছে”
“দেশে বঞ্চিত আৰু অৱহেলিত হৈ থকা প্ৰতিটো দিশক শক্তিশালী কৰাৰ চেষ্টা কৰিছে”
জাতীয় প্ৰতিৰক্ষাই হওক বা সংস্কৃতিৰ সংৰক্ষণে হওক, প্ৰতিটো সময়তে গুৰজাৰ সম্প্ৰদায়ে ৰক্ষকৰ ভূমিকা পালন কৰি আহিছে”
“নিউ ইণ্ডিয়াই বিগত দশকবোৰৰ ভুলবোৰ শুধৰণি কৰি দেশৰ অখ্যাত বীৰসকলক সন্মান জনাইছে”

আজি ৰাজস্থানৰ ভিলৱাৰাত ভগৱান শ্ৰী দেৱনাৰায়ণ জীৰ ১১১১ সংখ্যক ‘অৱতৰণ মহোৎসৱ’ৰ স্মৃতিচাৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে মন্দিৰ দৰ্শন আৰু পৰিক্ৰমা কৰাৰ লগতে নিম পুলিও ৰোপণ কৰে। যজ্ঞশালাত চলি থকা বিষ্ণু মহাযজ্ঞতো তেওঁ পূৰ্ণাহুতি পালন কৰে। ভগৱান শ্ৰী দেৱনাৰায়ণ জীক ৰাজস্থানৰ জনসাধাৰণে পূজা-অৰ্চনা কৰে, আৰু তেওঁৰ অনুগামীসকল দেশৰ চৌদিশে বিয়পি আছে। বিশেষকৈ জনসেৱাৰ দিশত কৰা কামৰ বাবে তেওঁক শ্ৰদ্ধা কৰা হয়।

সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে এই শুভ অনুষ্ঠানত উপস্থিত থকাৰ সুযোগ পাই সুখ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে তেওঁ ইয়ালৈ প্ৰধানমন্ত্ৰী হিচাপে নহয় বৰঞ্চ ভগৱান শ্ৰী দেৱনাৰায়ণ জীৰ আশীৰ্বাদ বিচাৰি তীৰ্থযাত্ৰী হিচাপে আহিছে। যজ্ঞশালাত চলি থকা বিষ্ণু মহাযজ্ঞত ‘পূৰ্ণাহুতি’ সম্পাদন কৰিবলৈ সক্ষম হোৱাৰ বাবেও তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে। “দেৱনাৰায়ণ জী আৰু ‘জনতা জনাৰ্দন’ দুয়োৰে ‘দৰ্শন’ লাভ কৰি মই নিজকে ধন্য অনুভৱ কৰিছো”, প্ৰধানমন্ত্ৰীয়ে কয়। “ইয়াত থকা আন প্ৰতিজন তীৰ্থযাত্ৰীৰ দৰে মইও দেশৰ অহৰহ উন্নয়ন আৰু দুখীয়াৰ কল্যাণৰ বাবে ভগৱান শ্ৰী দেৱনাৰায়ণ জীৰ পৰা আশীৰ্বাদ বিচাৰো”, প্ৰধানমন্ত্ৰীয়ে আৰু মন্তব্য কৰে।

ভগৱান শ্ৰী দেৱনাৰায়ণৰ ১১১১ সংখ্যক অৱতৰণ দিৱসৰ ভৱিষ্যৎ উপলক্ষে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে বিগত এসপ্তাহ ধৰি ইয়াত চলি থকা সাংস্কৃতিক কাৰ্যসূচী আৰু গুৰাজাৰ সম্প্ৰদায়ৰ সক্ৰিয় অংশগ্ৰহণৰ বিষয়ে উল্লেখ কৰে। তেওঁ সমাজৰ প্ৰতিজন ব্যক্তিৰ প্ৰচেষ্টাৰ শলাগ লয় আৰু এই উপলক্ষে তেওঁলোকক অভিনন্দন জ্ঞাপন কৰে।

ভাৰতীয় চেতনাৰ অবিৰত প্ৰাচীন প্ৰবাহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত কেৱল ভূগৰ্ভ নহয়, বৰঞ্চ ই আমাৰ সভ্যতা, সংস্কৃতি, সম্প্ৰীতি আৰু সম্ভাৱনাৰ প্ৰকাশ। তেওঁ ভাৰতীয় সভ্যতাৰ স্থিতিস্থাপকতাৰ কথা কয়, যিহেতু আন বহু সভ্যতাই পৰিৱৰ্তিত সময়ৰ লগত খাপ খুৱাব নোৱাৰি বিনষ্ট হৈছিল। ভৌগোলিক, সাংস্কৃতিক, সামাজিক আৰু মতাদৰ্শগতভাৱে ভাৰতক বিভাজিত কৰিবলৈ বহু প্ৰচেষ্টা চলোৱাৰ পিছতো কোনো শক্তিয়ে ভাৰতক শেষ কৰিব নোৱাৰিলে বুলি শ্ৰী মোদীয়ে কয়।

"আজিৰ ভাৰতে এক বিশাল ভৱিষ্যতৰ ভেটি স্থাপন কৰিছে", প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ ভাৰতীয় সমাজৰ শক্তি আৰু অনুপ্ৰেৰণাক কৃতিত্ব দিয়ে যিয়ে ৰাষ্ট্ৰৰ অমৰত্ব ৰক্ষা কৰে। ভাৰতৰ হাজাৰ বছৰ পুৰণি যাত্ৰাত সমাজৰ শক্তিৰ অৱদানৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ইতিহাসৰ প্ৰতিটো সময়ত সমাজৰ ভিতৰৰ পৰা উদ্ভৱ হোৱা শক্তিআৰু সকলোৰে বাবে পথপ্ৰদৰ্শক হিচাপে কাম কৰা শক্তিৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভগৱান শ্ৰী দেৱনাৰায়ণে সদায় সেৱা আৰু জনকল্যাণক অগ্ৰাধিকাৰ দিছিল। প্ৰধানমন্ত্ৰীয়ে শ্ৰী দেৱনাৰায়ণৰ জনকল্যাণৰ প্ৰতি থকা নিষ্ঠা আৰু মানৱতাৰ সেৱাৰ বাছনিৰ কথা উল্লেখ কৰে। “ভগৱান দেৱনাৰায়ণে দেখুওৱা পথটো ‘সবকা সাথ’ৰ মাজেৰে ‘সবকা বিকাশ’; আমাৰ দেশখনেও আজি একে পথেই অনুসৰণ কৰিছে”, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়। যোৱা ৮-৯ বছৰ ধৰি দেশে বঞ্চিত আৰু অৱহেলিত হৈ থকা প্ৰতিটো শ্ৰেণীক সবলীকৰণৰ চেষ্টা চলাইছে। ‘বঞ্চিতসকলৰ অগ্ৰাধিকাৰ’ৰ মন্ত্ৰ লৈ আমি আগবাঢ়িছো বুলিও কয় প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে সেই সময়ৰ কথা স্মৰণ কৰে যেতিয়া দৰিদ্ৰ লোকৰ বাবে ৰেচনৰ উপলব্ধতা আৰু গুণগত মানক লৈ চৰম অনিশ্চয়তা আছিল। আজি তেওঁ কয় যে প্ৰতিজন হিতাধিকাৰীয়ে সম্পূৰ্ণ বিনামূলীয়াকৈ ৰেচন লাভ কৰিছে। আয়ুষ্মান ভাৰত আঁচনিখনে চিকিৎসাৰ চিন্তাৰ দূৰ কৰিছে। তেওঁ কয়, “আমি দৰিদ্ৰ শ্ৰেণীৰ গৃহ নিৰ্মাণ, শৌচাগাৰ, গেছ সংযোগ আৰু বিদ্যুতৰ বিষয়ে চিন্তা প্ৰকাশ কৰিছো”, তেওঁ কয়। শেহতীয়া বছৰবোৰত যি আৰ্থিক অন্তৰ্ভুক্তি হৈছে, তাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বেংকৰ দুৱাৰ এতিয়া সকলোৰে বাবে মুকলি হৈছে।

প্ৰধানমন্ত্ৰীয়ে মত প্ৰকাশ কৰে যে ৰাজস্থানৰ দৰে পানীৰ মূল্য আন কোনেও নাজানে। তেওঁ দুখ প্ৰকাশ কৰি কয় যে স্বাধীনতাৰ বহু দশকৰ পাছতো মাত্ৰ ৩ কোটি পৰিয়ালে তেওঁলোকৰ ঘৰত টেপৰ পানীৰ সংযোগ লাভ কৰিছে আৰু ১৬ কোটিতকৈও অধিক পৰিয়ালে দৈনিক পানীৰ বাবে সংগ্ৰাম কৰিব লগা হৈছে। প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে, যোৱা চাৰে তিনি বছৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাৰ বাবে এতিয়ালৈকে এঘাৰ কোটিৰো অধিক পৰিয়ালে টেপৰ পানীৰ সংযোগ লাভ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভগৱান শ্ৰী দেৱনাৰায়ণে সদায় সেৱা আৰু জনকল্যাণক অগ্ৰাধিকাৰ দিছিল। প্ৰধানমন্ত্ৰীয়ে শ্ৰী দেৱনাৰায়ণৰ জনকল্যাণৰ প্ৰতি থকা নিষ্ঠা আৰু মানৱতাৰ সেৱাৰ বাছনিৰ কথা উল্লেখ কৰে। “ভগৱান দেৱনাৰায়ণে দেখুওৱা পথটো ‘সবকা সাথ’ৰ মাজেৰে ‘সবকা বিকাশ’; আমাৰ দেশখনেও আজি একে পথেই অনুসৰণ কৰিছে”, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়। যোৱা ৮-৯ বছৰ ধৰি দেশে বঞ্চিত আৰু অৱহেলিত হৈ থকা প্ৰতিটো শ্ৰেণীক সবলীকৰণৰ চেষ্টা চলাইছে। ‘বঞ্চিতসকলৰ অগ্ৰাধিকাৰ’ৰ মন্ত্ৰ লৈ আমি আগবাঢ়িছো বুলিও কয় প্ৰধানমন্ত্ৰীয়ে।

‘গো সেৱা’ক সমাজসেৱা আৰু সমাজ সৱলীকৰণৰ মাধ্যম হিচাপে গঢ়ি তোলাৰ বাবে ভগৱান দেৱনাৰায়ণৰ অভিযানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দেশত গো সেৱাৰ ক্ৰমবৰ্ধমান মনোভাৱৰ কথা আঙুলিয়াই দিয়ে। পশু ধনৰ ভৰি আৰু মুখৰ ৰোগৰ প্ৰতিষেধক অভিযান, ৰাষ্ট্ৰীয় কামধেনু আয়োগ আৰু ৰাষ্ট্ৰীয় গোকুল মিছন স্থাপনৰ কথাও তেওঁ উল্লেখ কৰে। “‘পশু ধন’ (গৰু) আমাৰ বিশ্বাস আৰু পৰম্পৰাৰ অবিচ্ছেদ্য অংগ হোৱাৰ উপৰিও আমাৰ গ্ৰাম্য অৰ্থনীতিৰ মূল অংশ, সেইবাবেই প্ৰথমবাৰৰ বাবে কিষাণ ক্ৰেডিট কাৰ্ড পশুপালন খণ্ড আৰু পশুপালকসকললৈ সম্প্ৰসাৰিত কৰা হৈছে'', প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয়। একেদৰে গোবৰ্ধন আঁচনিখনেও আৱৰ্জনাক ধনলৈ ৰূপান্তৰিত কৰিছে।

সামৰণিত প্ৰধানমন্ত্ৰীয়ে এই কাকতলীয়া কথা লক্ষ্য কৰে যে পদুমত আবিৰ্ভাৱ হোৱা ভগৱান দেৱনাৰায়ণজীৰ ১১১১সংখ্যক বৰ্ষপূৰ্তিত ভাৰতে জি-২০ৰ সভাপতিত্ব গ্ৰহণ কৰিছে আৰু ইয়াৰ ল’গ’ত এটা পদুম ফুলে পৃথিৱীখনক কঢ়িয়াই নিয়া দেখা গৈছে। এই উপলক্ষে ভক্তিৰ সামাজিক শক্তি আৰু পৰিৱেশৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁ ভাষণৰ সামৰণি মাৰে।

এই উপলক্ষে কেন্দ্ৰীয় সাংস্কৃতিক ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত অৰ্জুন ৰাম মেঘৱাল, মালাছেৰী ডুগ্ৰীৰ প্ৰধান পুৰোহিত শ্ৰীযুত হেমৰাজ জী গুৰজাৰ আৰু সংসদ সদস্য শ্ৰীযুত সুভাষ চন্দ্ৰ বাহেৰিয়াকে ধৰি অন্যান্যসকল উপস্থিত থাকে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rural commercial vehicle retail sales growth outpaces urban: Fada data

Media Coverage

Rural commercial vehicle retail sales growth outpaces urban: Fada data
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM condoles loss of lives in firecracker factory mishap in Kaushambi
August 31, 2026
PM announces ex-gratia from Prime Minister’s National Relief Fund

The Prime Minister, Shri Narendra Modi has expressed deep sorrow over the loss of lives in a mishap at a firecracker factory in Kaushambi, Uttar Pradesh. Shri Modi conveyed his condolences to the bereaved families and prayed for the speedy recovery of the injured.

Shri Modi also announced an ex-gratia of ₹2 lakh from the Prime Minister’s National Relief Fund (PMNRF) to the next of kin of each deceased and ₹50,000 for the injured.

The Prime Minister posted on X;

Extremely saddened by the loss of lives due to a mishap at a firecracker factory in Kaushambi, Uttar Pradesh. My thoughts are with the bereaved families in this hour of grief. May the injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi