মহামহিম,

মহামহিম,

ভদ্ৰলোকসকল,

 

১৪০ কোটি ভাৰতীয়ৰ হৈ আপোনালোক সকলোকে মোৰ ফালৰপৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ!

 

আজি প্ৰথমে আপোনালোক সকলোকে মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিব খুজিছোঁ।

 

কিয়নো মই উত্থাপন কৰা বিষয়ৰাজি যেনেঃ জলবায়ু ন্যায়, জলবায়ু বিত্ত আৰু গ্ৰীন ক্ৰেডিট সম্পৰ্কে আপোনাসৱে ধাৰাবাহিকভাৱে সমৰ্থন আগবঢ়াই আহিছে।

 

আমাৰ সকলোৰে প্ৰচেষ্টাই এই বিশ্বাস বঢ়াইছে যে বিশ্ব কল্যাণৰ বাবে সকলোৰে স্বাৰ্থ ৰক্ষা কৰাটো প্ৰয়োজনীয়, সকলোৰে অংশগ্ৰহণ প্ৰয়োজনীয়।

 

বন্ধুসকল,

 

আজি ভাৰতে বিশ্বৰ সন্মুখত পৰিবেশ আৰু অৰ্থনীতিৰ নিখুঁত ভাৰসাম্যৰ নিদৰ্শন দাঙি ধৰিছে।

 

বিশ্বৰ জনসংখ্যাৰ ১৭ শতাংশ ভাৰতত থকাৰ পিছতো বিশ্বৰ কাৰ্বন নিৰ্গমনত আমাৰ অংশ ৪ শতাংশৰো কম।

 

এনডিচিৰ লক্ষ্য পূৰণৰ পথত থকা বিশ্বৰ কেইখনমান অৰ্থনীতিৰ ভিতৰত ভাৰত অন্যতম।

 

আমি ইতিমধ্যে এঘাৰ বছৰ পূৰ্বেই নিৰ্গমনৰ তীব্ৰতাৰ সৈতে জড়িত লক্ষ্যত উপনীত হৈছোঁ।

 

আমি নিৰ্ধাৰিত সময়তকৈ ৯ বছৰ পূৰ্বেই অ-জীৱাশ্ম ইন্ধনৰ লক্ষ্যত উপনীত হ’লোঁ।

 

আৰু ভাৰত ইয়াতে থমকি ৰোৱা নাই।

 

আমাৰ লক্ষ্য হৈছে ২০৩০ৰ ভিতৰত নিৰ্গমনৰ তীব্ৰতা ৪৫ শতাংশ হ্ৰাস কৰা।

 

আমি আমি অ-জীৱাশ্ম ইন্ধনৰ অংশ ৫০ শতাংশলৈ বৃদ্ধিৰ সিদ্ধান্ত লৈছোঁ।

 

আৰু, আমিও ২০৭০ৰ ভিতৰত নেট জিৰ’ৰ লক্ষ্যৰ দিশে আগবাঢ়ি যাম।

 

বন্ধুসকল,

 

ভাৰতে জি-২০ৰ অধ্যক্ষতাৰ কালত জলবায়ুৰ বিষয়টোক এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যতৰ মনোভাৱেৰে ধাৰাবাহিকভাৱে গুৰুত্ব প্ৰদান কৰি আহিছে।

 

বহনক্ষম ভৱিষ্যতৰ বাবে আমি একেলগে সেউজ উন্নয়ন চুক্তিত একমত হ’লোঁ।

 

আমি বহনক্ষম উন্নয়নৰ বাবে জীৱনশৈলীৰ নীতি নিৰ্ধাৰণ কৰোঁ।

 

আমি বিশ্বজুৰি নবীকৰণযোগ্য শক্তিক তিনিগুণ বৃদ্ধিৰ অংগীকাৰ কৰিছোঁ।

 

ভাৰতে বিকল্প ইন্ধনৰ বাবে হাইড্ৰজেনৰ ক্ষেত্ৰখনক প্ৰোৎসাহনৰ লগতে গ্ল’বেল বাঅ’ফুৱেলছ এলায়েন্সৰো আৰম্ভণি কৰে।

 

আমি একেলগে এই সিদ্ধান্তত উপনীত হ’লোঁ যে জলবায়ু বিত্তৰ অংগীকাৰ কোটি-কোটিৰপৰা কেইবা ট্ৰিলিয়নলৈ বৃদ্ধি কৰাটো প্ৰয়োজন।

 

বন্ধুসকল,

 

ভাৰতে গ্লাছগ’ত ‘দ্বীপ ৰাজ্য’ৰ বাবে আন্তঃগাঁথনি স্থিতিস্থাপক পদক্ষেপ আৰম্ভ কৰিছিল।

 

ভাৰতে ১৩খন দেশত ইয়াৰ সৈতে জড়িত প্ৰকল্পসমূহ দ্ৰুতগতিত আগবঢ়াই নিছে।

 

গ্লাছগ’তেই মই আপোনালোকৰ সন্মুখত মিছন লাইফ – পৰিবেশৰ বাবে জীৱনশৈলীৰ (Mission LiFE – Lifestyle for Environment) দৃষ্টিভংগী উপস্থাপন কৰিছিলোঁ।

 

আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থাৰ এক অধ্যয়নত কোৱা হৈছে যে এই পদ্ধতিৰদ্বাৰা আমি ২০৩০ৰ ভিতৰত প্ৰতি বছৰে ২ বিলিয়ন টন কাৰ্বন নিৰ্গমন হ্ৰাস কৰিব পাৰিম।

 

আজি মই এই মঞ্চৰপৰা আন এক, গ্ৰহ সমৰ্থক, সক্ৰিয় আৰু ইতিবাচক পদক্ষেপৰ আহ্বান জনাইছো।

 

এয়া গ্ৰীন ক্ৰেডিটৰ পদক্ষেপ।

 

কাৰ্বন ক্ৰেডিটৰ বাণিজ্যিক মানসিকতাৰ বাহিৰলৈ গৈ জনসাধাৰণৰ অংশগ্ৰহণেৰে কাৰ্বন ছিঙ্ক সৃষ্টিৰ বাবে এই অভিযান।

 

আশাকৰোঁ আপোনালোক সকলোৱে ইয়াৰ সৈতে নিশ্চিতভাৱে সংযোগ স্থাপন কৰিব।

 

বন্ধুসকল,

 

যোৱা শতিকাৰ ভুলবোৰ শুধৰাবলৈ আমাৰ হাতত বেছি সময় নাই।

 

মানৱ জাতিৰ এটা সৰু অংশই নিৰ্বিচাৰে প্ৰকৃতিৰ শোষণ কৰিছিল।

 

কিন্তু সামগ্ৰিকভাৱে মানৱতাই ইয়াৰ মূল্য দিছে, বিশেষকৈ গ্ল’বেল চাউথৰ বাসিন্দাসকলে।

 

এই চিন্তা যে কেৱল মোৰ কল্যাণে পৃথিৱীখনক অন্ধকাৰৰ দিশে লৈ যাব।

 

এই হলত বহি থকা প্ৰতিজন ব্যক্তি, প্ৰতিগৰাকী ৰাষ্ট্ৰপতি ইয়ালৈ আহিছে এক বৃহৎ দায়িত্ব লৈ।

 

আমি সকলোৱে নিজৰ দায়িত্ব পালন কৰিব লাগিব।

 

সমগ্ৰ বিশ্বই আজি আমাক চাই আছে, এই পৃথিৱীৰ ভৱিষ্যতে আমাক চাই আছে।

 

আমি সফল হ’ব লাগিব।

 

আমি নিৰ্ণায়ক হ’ব লাগিব:

 

আমি অংগীকাৰ গ্ৰহণ কৰিব লাগিব যে প্ৰতিখন দেশেই নিজৰ বাবে নিৰ্ধাৰণ কৰা জলবায়ুৰ লক্ষ্য পূৰণ কৰাটো আৱশ্যকীয়।

 

আমি ঐক্যৰে কাম কৰিব লাগিব।

 

আমি এই অংগীকাৰো গ্ৰহণ কৰিব লাগিব যে আমি একেলগে কাম কৰিম, সহযোগ কৰিম আৰু পৰস্পৰে-পৰস্পৰক সহায় কৰিম।

 

আমি বিশ্বৰ কাৰ্বন বাজেটত সকলো উন্নয়নশীল দেশকে উচিত অংশ দিব লাগিব।

 

আমি অধিক সন্তুলিত হ’ব লাগিব।

 

আমি অভিলাষী পদক্ষেপ গ্ৰহণ কৰিব লাগিব।

 

আমি সংকল্প ল’ব লাগিব যে শক্তিৰ পৰিৱৰ্তন ন্যায়সংগত, সৰ্বাংগীন আৰু সমতাপূৰ্ণ হ’ব লাগে।

 

আমি উদ্ভাৱনীমূলক হ’ব লাগিব।

 

আমি অবিৰতভাৱে উদ্ভাৱনী প্ৰযুক্তিৰ বিকাশৰ অংগীকাৰ গ্ৰহণ কৰিব লাগিব।

 

নিজৰ স্বাৰ্থ পৰিহাৰেৰে আন দেশলৈ প্ৰযুক্তি হস্তান্তৰ কৰিব লাগিব। স্বচ্ছ শক্তি যোগান শৃংখলক সুদৃঢ় কৰিব লাগিব।

 

বন্ধুসকল,

 

জলবায়ু পৰিৱৰ্তন প্ৰক্ৰিয়াৰ বাবে ৰাষ্ট্ৰসংঘৰ কাঠামোৰ প্ৰতি ভাৰত দায়বদ্ধ।

 

গতিকে আজি এই মঞ্চৰপৰাই ২০২৮ত ভাৰতত চিঅ’পি-৩৩ সন্মিলন আয়োজনৰ প্ৰস্তাৱো আগবঢ়াইছো।

 

মই আশাবাদী যে আগন্তুক ১২ দিনত গ্ল’বেল ষ্টক-টেকিঙৰ পৰ্য্যালোচনাই আমাক এক নিৰাপদ আৰু উজ্জ্বল ভৱিষ্যতলৈ লৈ যাব।

 

কালি লোকচান আৰু ক্ষতি পুঁজি কাৰ্য্যকৰীকৰণৰ সিদ্ধান্তই আমাৰ সকলোৰে আশা অধিক বৃদ্ধি কৰিছে।

 

মই নিশ্চিত যে ইউএইৰদ্বাৰা আয়োজিত এই চিঅ’পি-২৮ সন্মিলন সফলতাৰ নতুন শিখৰত উপনীত হ’ব।

 

মোৰ ভ্ৰাতৃ মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আৰু ৰাষ্ট্ৰসংঘৰ মহাসচিব মহামহিম গুটেৰেছক মোক এই বিশেষ সন্মান প্ৰদানৰ বাবে বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

 

সকলোকে অশেষ ধন্যবাদ জনালোঁ।

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From 17,000 Violent Incidents To Bastar Olympics: How PM Modi Got The Maoists To Turn In

Media Coverage

From 17,000 Violent Incidents To Bastar Olympics: How PM Modi Got The Maoists To Turn In
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister attends Civil Investiture Ceremony-II at Rashtrapati Bhavan
June 23, 2026

The Prime Minister, Shri Narendra Modi today attended the Civil Investiture Ceremony-II at Rashtrapati Bhavan, where the Padma Awards were presented.

The Prime Minister said that the awards celebrate exceptional service and dedication across diverse fields.

Shri Modi noted that each awardee represents the best of the nation’s commitment to society.

The Prime Minister said that the life journeys of the awardees inspire countless citizens and remind everyone of the power of hard work and service.

In a post on X, Shri Modi said;

“Attended the Civil Investiture Ceremony-II at Rashtrapati Bhavan, where the Padma Awards were presented. They celebrate exceptional service and dedication across diverse fields. Each awardee represents the best of our commitment to society. Their life journeys inspire countless citizens and remind everyone of the power of hard work and service.

@PadmaAwards”