গায়ানাত প্ৰবাসী ভাৰতীয়সকলে বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পেলাইছে আৰু গায়ানাৰ উন্নয়নত অৰিহণা যোগাইছে: প্ৰধানমন্ত্ৰী
আপুনি এজন ভাৰতীয়ক ভাৰতৰ পৰা বাহিৰলৈ নিব পাৰে, কিন্তু আপুনি ভাৰতক এজন ভাৰতীয়ৰ পৰা বাহিৰলৈ লৈ যাব নোৱাৰে: প্ৰধানমন্ত্ৰী
বিশেষকৈ তিনিটা দিশে ভাৰত আৰু গায়ানাৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰে, সংস্কৃতি, ৰন্ধনপ্ৰণালী আৰু ক্ৰিকেট: প্ৰধানমন্ত্ৰী
ভাৰতৰ বিকাশ কেৱল অনুপ্ৰেৰণাদায়কেই নহয়, ইয়াৰ লগতে সামগ্ৰিকো : প্ৰধানমন্ত্ৰী
মই আমাৰ প্ৰবাসীসকলক সদায় ৰাষ্ট্ৰদূত বুলি অভিহিত কৰো, তেওঁলোক হৈছে ভাৰতীয় সংস্কৃতি আৰু মূল্যবোধৰ ৰাষ্ট্ৰদূত: প্ৰধানমন্ত্ৰী
এই মুহূৰ্তক আৱেগিক বুলি অভিহি কৰি শ্ৰীমোদীয়ে কয় যে এয়া তেওঁৰ বাবে চিৰস্মৰণীয় হৈ ৰব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গায়ানাৰ জৰ্জটাউনত আয়োজিত এটা অনুষ্ঠানত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে। অনুষ্ঠানত গায়ানাৰ ৰাষ্ট্ৰপতি ড০ ইৰফান আলী, প্ৰধানমন্ত্ৰী মাৰ্ক ফিলিপছ, উপ-ৰাষ্ট্ৰপতি ভৰত জগদেও, প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ৰামোটাও উপস্থিত আছিল। সমবেত লোকসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীক ধন্যবাদ জ্ঞাপন কৰে আৰু দেশখনত উপস্থিত হোৱাৰ সময়ত তেওঁক বিশেষভাৱে আদৰণি জনোৱাৰ বাবে আনন্দ প্ৰকাশ কৰে। "আতিথ্যৰ মনোভাৱ আমাৰ সংস্কৃতিৰ কেন্দ্ৰবিন্দু" বুলি শ্ৰীমোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভাৰত চৰকাৰৰ এজোপা গছ মাৰ নামত উদ্যমৰ অংশ হিচাপে তেওঁ ৰাষ্ট্ৰপতি আৰু আইতাকৰ সৈতে গছ ৰোপণ কৰে। এই মুহূৰ্তক আৱেগিক বুলি অভিহি কৰি শ্ৰীমোদীয়ে কয় যে এয়া তেওঁৰ বাবে চিৰস্মৰণীয় হৈ ৰব।

প্ৰধানমন্ত্ৰীয়ে কয় যে গায়ানাৰ সৰ্বোচ্চ সন্মান - অৰ্ডাৰ অব এক্সেলেন্স উৎকৃষ্টতাৰ বাবে তেওঁ অত্যন্ত সন্মানিতবোধ কৰিছে। ইয়াৰ বাবে তেওঁ গায়ানাৰ লোকসকলক ধন্যবাদ জনায়। শ্ৰী মোদীয়ে এই বঁটা ১.৪ বিলিয়ন ভাৰতীয় আৰু ৩ লাখ ভাৰত-গায়ানী সম্প্ৰদায়ৰ সন্মানাৰ্থে আৰু গায়ানাৰ উন্নয়নত তেওঁলোকৰ অৱদানৰ প্ৰতি উৎসৰ্গা কৰে।

দুটা দশক পূৰ্বে এজন কৌতূহলী ভ্ৰমণকাৰী হিচাপে তেওঁৰ গায়ানা ভ্ৰমণৰ সুন্দৰ স্মৃতিৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে কয় যে এতিয়া তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে বহুতো নদীৰ দেশখনলৈ উভতি আহিছে। সেই সময়ৰ পৰা এতিয়ালৈকে ব্যাপক পৰিৱৰ্তনৰ হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে গায়ানাৰ লোকসকলৰ মৰম আৰু ভালপোৱা একে ধৰণেই আছে। "আপোনালোকে এজন ভাৰতীয়ক ভাৰতৰ পৰা বাহিৰলৈ নিব পাৰে, কিন্তু এজন ভাৰতীয়ৰ পৰা ভাৰতক বাহিৰলৈ লৈ যাব নোৱাৰে" বুলি শ্ৰীমোদীয়ে কয়।  

 

দিনটোৰ আৰম্ভণিতে দেশখনলৈ ভাৰতীয়সকলৰ আগমনৰ স্মাৰকলৈ তেওঁৰ ভ্ৰমণৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই স্মাৰকে প্ৰায় দুই শতিকাৰ পূৰ্বে ভাৰত-গায়ানী লোকসকলৰ পূৰ্বপুৰুষসকলৰ দীঘলীয়া আৰু কষ্টকৰ যাত্ৰাক জীৱন্ত কৰি তুলিছিল। দেশখনলৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণৰ আগমন ঘটিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে তেওঁলোকে নিজৰ সৈতে সংস্কৃতি, ভাষা আৰু পৰম্পৰাৰ বৈচিত্ৰ্য কঢ়িয়াই আনিছে আৰু সময়ৰ লগে লগে গায়ানাক তেওঁলোকৰ ঘৰ হিচাপে গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে এই ভাষা, কাহিনী আৰু পৰম্পৰাসমূহ আজি গায়ানাৰ সংস্কৃতিৰ এক সমৃদ্ধ অংশ। তেওঁ স্বাধীনতা আৰু গণতন্ত্ৰৰ বাবে যুঁজ দিয়া ভাৰত-গায়ানী সম্প্ৰদায়ৰ লোকসকলৰ প্ৰশংসা কৰে। তেওঁ কয় যে তেওঁলোকে গায়ানাক দ্ৰুতগতিত বিকশিত অৰ্থনীতিসমূহৰ ভিতৰৰ এটা হিচাপে গঢ়ি তোলাৰ বাবে কাম কৰিছে, যাৰ ফলত ইয়াৰ অৰ্থনীতি শীৰ্ষলৈ গতি কৰিছে।

শ্ৰী চেদী জগনৰ প্ৰচেষ্টাৰ শলাগ লৈ শ্ৰীমোদীয়ে কয় যে শ্ৰমিক পৰিয়ালৰ সাধাৰণ পৰিবেশৰ পৰাই শ্ৰী জগন বিশ্বৰ নেতা হিচাপে পৰিণত হৈছে। তেওঁ লগতে কয় যে ৰাষ্ট্ৰপতি ইৰফান আলী, উপ-ৰাষ্ট্ৰপতি ভৰত জগদেও, প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ৰামোটা আদি সকলো ভাৰত-গায়ানী সম্প্ৰদায়ৰ ৰাষ্ট্ৰদূত আছিল।

আমাৰ সাদৃশ্যই ভাৰত-গায়ানা বন্ধুত্বক এক শক্তিশালী ভেটি প্ৰদান কৰিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে সংস্কৃতি, ৰন্ধনপ্ৰণালী আৰু ক্ৰিকেট হৈছে তিনিটা গুৰুত্বপূৰ্ণ দিশ যিয়ে ভাৰতক গায়ানাৰ সৈতে সংযুক্ত কৰে। তেওঁ লগতে কয় যে এই বছৰৰ দেৱালী বিশেষ আছিল কিয়নো শ্ৰী ৰাম লাল্লা ৫০০ বছৰৰ পিছত অযোধ্যালৈ উভতি আহিছে। তেওঁ লগতে কয় যে ভাৰতৰ জনসাধাৰণেও মনত ৰাখিছে যে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে গায়ানাৰ পৰা পবিত্ৰ পানী আৰু শিলাও প্ৰেৰণ কৰা হৈছিল। মহাসাগৰৰ পৰা পৃথক হৈ থকা স্বত্বেও ভাৰত মাতৃৰ সৈতে তেওঁলোকৰ সাংস্কৃতিক সম্পৰ্ক শক্তিশালী আছিল আৰু দিনটোৰ আৰম্ভণিতে আৰ্য সমাজ স্মাৰক আৰু সৰস্বতী বিদ্যা নিকেতন বিদ্যালয় পৰিদৰ্শন কৰাৰ সময়তেই তেওঁ এই কথা অনুভৱ কৰিছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ভাৰত আৰু গায়ানা দুয়োখন দেশ আমাৰ সমৃদ্ধ আৰু বৈচিত্ৰ্যময় সংস্কৃতিৰ বাবে গৌৰৱান্বিত আৰু বৈচিত্ৰ্যক কেৱল স্থান দিয়াই নহয়, উদযাপন কৰিবলগীয়া বুলিও তেওঁ অভিহিত কৰে।

 

ৰন্ধনপ্ৰণালীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰত-গায়ানী সম্প্ৰদায়ৰ এক অনন্য খাদ্য পৰম্পৰাও আছে য'ত ভাৰতীয় আৰু গায়ানী উভয়ৰে উপাদান আছে।

ক্ৰিকেটৰ প্ৰতি থকা প্ৰেমৰ বিষয়ে আলোচনা কৰি শ্ৰী মোদীয়ে কয় যে ই কেৱল এবিধ খেলেই নহয়, আমাৰ জীৱনশৈলীৰ সৈতে গভীৰভাৱে জড়িত হৈ থকা এক ৰাষ্ট্ৰীয় পৰিচয়। তেওঁ লগতে কয় যে গায়ানাৰ প্ৰভিডেন্স নেচনেল ক্ৰিকেট ষ্টেডিয়াম আমাৰ বন্ধুত্বৰ প্ৰতীক হিচাপে থিয় হৈ আছে। যিদৰে কানহাই, কালিচৰণ, চন্দ্ৰপল আদি ভাৰতত সুপৰিচিত, তেনেদৰেই ক্লীভ লইড আৰু তেওঁৰ দল বহু প্ৰজন্মৰ বাবে প্ৰিয় হৈ আছে। তেওঁ লগতে কয় যে ভাৰততো গায়ানাৰ যুৱ খেলুৱৈসকলৰ বহুত অনুৰাগী আছিল। বছৰটোৰ আৰম্ভণিতে তাত আয়োজিত টি-২০ বিশ্বকাপ বহু ভাৰতীয়ই উপভোগ কৰিছিল বুলি তেওঁ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে দিনটোৰ আৰম্ভণিতে তেওঁ গায়ানীজ সংসদক সম্বোধন কৰাৰ সুযোগ লাভ কৰিছে। তেওঁ লগতে কয় যে গণতন্ত্ৰৰ মাতৃৰ পৰা আহি তেওঁ কেৰিবিয়ান অঞ্চলৰ অন্যতম সজীৱ গণতন্ত্ৰৰ সৈতে আধ্যাত্মিক সম্পৰ্ক অনুভৱ কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে উমৈহতীয়া সংগ্ৰাম, গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি প্ৰেম আৰু বৈচিত্ৰ্যৰ প্ৰতি সন্মান আদিৰ দৰে ভাৰত আৰু গায়ানাৰ এক অংশীদাৰী ইতিহাস আছে যি আমাক একেলগে বান্ধি ৰাখিছে।

 

গায়ানাৰ জনসাধাৰণ ভাৰতৰ শুভাকাংক্ষী বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে "বিগত দশকত ভাৰতৰ যাত্ৰা গতি আৰু স্থিৰতাৰ সৈতে আগবাঢ়িছে।" তেওঁ লগতে কয় যে মাত্ৰ ১০ বছৰৰ ভিতৰত ভাৰত দশম সৰ্ববৃহৎ অৰ্থনীতিৰ পৰা পঞ্চম সৰ্ববৃহৎ অৰ্থনীতিলৈ উন্নীত হৈছে আৰু অতি শীঘ্ৰেই ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতিলৈ উন্নীত হ'ব। যুৱপ্ৰজন্মৰ প্ৰশংসা কৰি তেওঁ কয় যে তেওঁলোকে আমাক বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্ট-আপ পৰিস্থিতিতন্ত্ৰ হিচাপে গঢ়ি তুলিছে। শ্ৰী মোদীয়ে লগতে উল্লেখ কৰে যে ই-কমাৰ্চ, এআই, ফিনটেক, কৃষি, প্ৰযুক্তি আৰু বহুতো ক্ষেত্ৰত বিশ্বৰ কেন্দ্ৰবিন্দু হিচাপে বিবেচিত হৈছে। মঙল গ্ৰহ আৰু চন্দ্ৰলৈ ভাৰতৰ মহাকাশ অভিযান সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ঘাইপথৰ পৰা জলপথ, বায়ুপথৰ পৰা ৰে'লপথলৈ আমি অত্যাধুনিক আন্তঃগাঁথনি নিৰ্মাণ কৰি আছো। ভাৰতৰ এক শক্তিশালী সেৱা খণ্ড আছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে উৎপাদন ক্ষেত্ৰত এতিয়া ভাৰতো শক্তিশালী হৈ উঠিছে আৰু বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ মোবাইল নিৰ্মাতা হৈ পৰিছে।

 

"ভাৰতৰ বিকাশ কেৱল অনুপ্ৰেৰণাদায়কেই নহয়, বৰং সামগ্ৰিকো বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিয়ে দৰিদ্ৰ লোকসকলৰ সবলীকৰণ সম্ভৱ কৰি তুলিছে আৰু চৰকাৰে জনসাধাৰণৰ বাবে ৫০০ মিলিয়নতকৈও অধিক বেংক একাউণ্ট মুকলি কৰিছে আৰু এই বেংক একাউণ্টসমূহক ডিজিটেল পৰিচয় আৰু মোবাইলৰ সৈতে সংযোগ কৰা হৈছে। তেওঁ কয় যে ই লোকসকলক তেওঁলোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ অৰ্থসাহায্য লাভ কৰাত সহায় কৰিছে। শ্ৰী মোদীয়ে লগতে কয় যে আয়ুষ্মান ভাৰত হৈছে বিশ্বৰ সৰ্ববৃহৎ বিনামূলীয়া স্বাস্থ্য বীমা আঁচনি, যাৰ জৰিয়তে ৫০০ নিযুতৰো অধিক লোক উপকৃত হৈছে। তেওঁ লগতে কয় যে চৰকাৰে প্ৰয়োজনীয় লোকসকলৰ বাবে ৩০ মিলিয়নতকৈও অধিক বাসগৃহ নিৰ্মাণ কৰিছে। "মাত্ৰ এটা দশকত আমি ২৫০ নিযুত লোকক দৰিদ্ৰতাৰ পৰা উলিয়াই আনিবলৈ সক্ষম হৈছো বুলি শ্ৰী মোদীয়ে কয়। তেওঁ লগতে কয় যে এই পদক্ষেপে মহিলাসকলক আটাইতকৈ বেছি লাভান্বিত কৰিছে আৰু লাখ লাখ মহিলা তৃণমূল পৰ্যায়ৰ উদ্যোগী হৈ পৰিছে, যাৰ ফলত নিয়োগ আৰু সুযোগ সৃষ্টি হৈছে।

 

এই সকলোবোৰ বিকাশ হৈ থকাৰ সময়ত ভাৰতেও স্থিৰতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে মাত্ৰ এটা দশকত ভাৰতৰ সৌৰ শক্তিৰ ক্ষমতা ৩০ গুণ বৃদ্ধি পাইছে আৰু সেউজ গতিৰ দিশে আগবাঢ়িছে, পেট্ৰ'লত ২০ শতাংশ ইথানল মিহলি হৈছে। তেওঁ লগতে কয় যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ভাৰতে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা, গোলকীয় জৈৱ ইন্ধন মিত্ৰজোঁট, দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁটৰ দৰে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ বহুতো পদক্ষেপত মুখ্য ভূমিকা পালন কৰিছে আৰু গ্লোবেল চাউথক শক্তিশালী কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে।

ভাৰতে যোৱা বছৰ প্ৰৱাসী ভাৰতীয় দিৱসত ৰাষ্ট্ৰপতি ইৰফান আলীক মুখ্য অতিথি হিচাপে আতিথ্য প্ৰদান কৰাৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে কয় যে ভাৰতে প্ৰধানমন্ত্ৰী মাৰ্ক ফিলিপছ আৰু উপ-ৰাষ্ট্ৰপতি ভৰত জগদেওকো আদৰণি জনায়। তেওঁ লগতে কয় যে তেওঁলোকে একেলগে বহু ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ বাবে কাম কৰিছে। শ্ৰী মোদীয়ে কয় যে আজি দুয়োখন দেশে শক্তিৰ পৰা উদ্যোগ, আয়ুৰ্বেদৰ পৰা কৃষি, আন্তঃগাঁথনিৰ পৰা উদ্ভাৱন, স্বাস্থ্যসেৱাৰ পৰা মানৱ সম্পদ আৰু তথ্যৰ পৰা উন্নয়নলৈ সহযোগিতাৰ পৰিসৰ বৃদ্ধি কৰিবলৈ সন্মত হৈছে আৰু এই অংশীদাৰীত্বই বিস্তৃত অঞ্চলটোৰ বাবেও গুৰুত্বপূৰ্ণ মূল্য বহন কৰে। তেওঁ লগতে কয় যে কালি অনুষ্ঠিত দ্বিতীয় ভাৰত-কেৰিকম সন্মিলনেই ইয়াৰ প্ৰমাণ। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ৰাষ্ট্ৰসংঘৰ সদস্য হিচাপে দুয়োখন দেশে সংস্কাৰিত বহুপাক্ষিকতা আৰু উন্নয়নশীল দেশ হিচাপে বিশ্বাস কৰে, তেওঁলোকে গ্লোবেল চাউথৰ শক্তি বুজি পাইছে। তেওঁ লগতে কয় যে তেওঁলোকে সামগ্ৰিক বিকাশৰ বাবে কৌশলগত স্বায়ত্তশাসন আৰু সমৰ্থন বিচাৰিছে। শ্ৰীমোদীয়ে কয় যে দুয়োখন দেশে বহনক্ষম উন্নয়ন আৰু জলবায়ু ন্যায়ক প্ৰাথমিকতা প্ৰদান কৰে আৰু গোলকীয় সমস্যাসমূহ সমাধানৰ বাবে আলোচনা আৰু কূটনীতিৰ ওপৰত বিশ্বাস কৰে।

 

প্ৰবাসী সকলক ৰাষ্ট্ৰদূত বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে তেওঁলোক ভাৰতীয় সংস্কৃতি আৰু মূল্যবোধৰ ৰাষ্ট্ৰদূত। তেওঁ লগতে কয় যে ভাৰত-গায়ানী সম্প্ৰদায় দুগুণ আশীৰ্বাদপ্ৰাপ্ত কিয়নো তেওঁলোকৰ মাতৃভূমি হিচাপে গায়ানা আৰু তেওঁলোকৰ পৈতৃক ভূমি হিচাপে ভাৰত মাতা আছে।

প্ৰবাসী ভাৰতীয়সকলক ভাৰত কো জানিয়ে শীৰ্ষক কুইজত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে এই কুইজ হৈছে ভাৰতৰ মূল্যবোধ, সংস্কৃতি আৰু বৈচিত্ৰ্যক উপলব্ধি কৰাৰ এক সুন্দৰ সুযোগ। তেওঁ লোকসকলক তেওঁলোকৰ বন্ধুবৰ্গকো ইয়াত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ কৰিবলৈ আহ্বান জনায়।

 

শ্ৰী মোদীয়ে অহা ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ প্ৰয়াগৰাজত অনুষ্ঠিত হ'বলগীয়া মহাকুম্ভ মেলাত পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে অংশগ্ৰহণ কৰিবলৈ প্ৰবাসী ভাৰতীয়সকলক আমন্ত্ৰণ জনায়। তেওঁ লগতে কয় যে এই সুযোগতে তেওঁলোকে অযোধ্যাৰ ৰাম মন্দিৰো দৰ্শন কৰিব পাৰিব।

ভাষণৰ অন্তত প্ৰধানমন্ত্ৰীয়ে জানুৱাৰীত ভূৱনেশ্বৰত অনুষ্ঠিত হ'বলগীয়া প্ৰৱাসী ভাৰতীয় দিৱসত অংশগ্ৰহণ কৰাৰ লগতে পুৰীৰ মহাপ্ৰভু জগন্নাথৰ আশীৰ্বাদ লবলৈও প্ৰবাসীসকলক আমন্ত্ৰণ জনায়।

 

Click here to read full text speech

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's passenger vehicle sales expected to grow 4-6% in FY27: Report

Media Coverage

India's passenger vehicle sales expected to grow 4-6% in FY27: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the transformative impact of Yoga
June 22, 2026

The Prime Minister, Shri Narendra Modi, said that the remarkable success of the International Day of Yoga is proof that Yoga is not only helping millions of people across the world achieve physical well-being, but is also inspiring them to lead positive lives with confidence.

The Prime Minister shared a Sanskrit Subhashitam-

“चित्तप्रशमनोपायो योग इत्यभिधीयते। प्राणस्पन्दनिरोधो वा द्वेधा योगस्य धारणा॥”

The Subhashitam conveys that yoga is the means of completely calming and quieting the mind. To attain this goal, two principal methods of yoga are prescribed: calming the mind and regulating the flow of the breath.

The Prime Minister wrote on X;

“अंतर्राष्ट्रीय योग दिवस की बड़ी सफलता इस बात का प्रमाण है कि योग न केवल दुनियाभर में करोड़ों लोगों को शारीरिक रूप से स्वस्थ बना रहा है, बल्कि उन्हें आत्मविश्वास के साथ सकारात्मक जीवन जीने के लिए प्रेरित भी कर रहा है।

चित्तप्रशमनोपायो योग इत्यभिधीयते। प्राणस्पन्दनिरोधो वा द्वेधा योगस्य धारणा॥”