ভাৰত আৰু ব্ৰিটেইনে মুক্ত বাণিজ্য চুক্তিক সফলতাৰে চূড়ান্ত ৰূপ দিছে: প্ৰধানমন্ত্ৰী
ভাৰত ব্যৱসায় আৰু বাণিজ্যৰ এক সজীৱ কেন্দ্ৰলৈ পৰিণত হৈছে: প্ৰধানমন্ত্ৰী
ৰাষ্ট্ৰ প্ৰথম - যোৱা এটা দশক ধৰি ভাৰতে ধাৰাবাহিকভাৱে এই নীতি পালন কৰিছে: প্ৰধানমন্ত্ৰী
আজি যেতিয়া কোনোৱে ভাৰতলৈ চায়, তেতিয়া তেওঁ নিশ্চিত হয় যে গণতন্ত্ৰই যিকোনো কাম কৰিব পাৰে: প্ৰধানমন্ত্ৰী
ভাৰতে জিডিপিকেন্দ্ৰিক দৃষ্টিভংগীৰে গ্ৰছ পিপল এম্পাৱাৰমেণ্ট (জিইপি)-কেন্দ্ৰিক অগ্ৰগতিৰ দিশত আগবাঢ়িছে: প্ৰধানমন্ত্ৰী
ভাৰতে বিশ্বক দেখুৱাইছে যে পৰম্পৰা আৰু প্ৰযুক্তি কেনেকৈ একেলগে জাতিষ্কাৰ হ’ব পাৰে: প্ৰধানমন্ত্ৰী
আত্মনিৰ্ভৰশীলতা সদায় আমাৰ অৰ্থনৈতিক ডিএনএৰ অংশ হৈ আহিছে: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা ABP Network India@2047 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। উপস্থিত ৰাইজক সম্বোধন কৰি তেওঁ কয় যে ভাৰত মণ্ডপমত আজি পুৱাৰে পৰা কাৰ্যসূচীৰ হুলস্থুলীয়া পৰিৱেশ। তেওঁ আয়োজক দলৰ সৈতে হোৱা আদান-প্ৰদানৰ কথা উল্লেখ কৰে আৰু শীৰ্ষ সন্মিলনৰ চহকী বৈচিত্ৰ্যৰ ওপৰত আলোকপাত কৰে। তেওঁ বহু বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে, যিসকলে এই অনুষ্ঠানটোৰ গতিশীলতাত অৰিহণা যোগায়। প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে উপস্থিত সকলোৰে অভিজ্ঞতা অত্যন্ত ইতিবাচক। সন্মিলনত যুৱক-যুৱতী আৰু মহিলাৰ বৃহৎ উপস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ বিশেষভাৱে ড্ৰ’ন দিদি আৰু লাখপতি দিদিসকলৰ দ্বাৰা ভাগ-বতৰা কৰা প্ৰেৰণাদায়ক অভিজ্ঞতাসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে তেওঁলোকৰ কাহিনীবোৰ প্ৰেৰণাৰ উৎস।

এই সন্মিলনখনক প্ৰতিটো খণ্ডতে নিজক প্ৰতিষ্ঠা কৰি থকা পৰিৱৰ্তনশীল ভাৰতৰ প্ৰতিফলন বুলি অভিহিত কৰি, শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে যে দেশখনৰ আটাইতকৈ ডাঙৰ আকাংক্ষা হৈছে ২০৪৭ চনৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰ হোৱা। ভাৰতৰ শক্তি, সম্পদ আৰু দৃঢ়তাৰ ওপৰত আলোকপাত কৰি, তেওঁ স্বামী বিবেকানন্দৰ কথাৰ উদ্ধৃতি দি মানুহক নিজৰ লক্ষ্যত উপনীত নোহোৱালৈকে উঠিবলৈ, জাগ্ৰত হ’বলৈ আৰু অধ্যৱসায় কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে এই অখণ্ড অনুভূতি আজি প্ৰতিজন নাগৰিকৰ মাজত দেখা গৈছে। শ্ৰী মোদীয়ে উন্নত ভাৰতৰ সন্ধানত এনে সন্মিলনৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে। তেওঁ উৎকৃষ্ট সন্মিলন আয়োজন কৰাৰ বাবে আয়োজকসকলৰ শলাগ লয় আৰু শ্ৰী আতিদেৱ সৰকাৰ, শ্ৰী ৰজনীশ আৰু এবিপি নেটৱৰ্কৰ সমগ্ৰ দলটোক তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে অভিনন্দন জনায়।

 

আজি ভাৰতৰ বাবে এক ঐতিহাসিক মুহূৰ্ত বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতি ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি চূড়ান্ত হোৱাত সুখ প্ৰকাশ কৰে। তেওঁ জোৰ দি কয় যে দুখন প্ৰধান মুক্ত বজাৰ অৰ্থনীতিৰ মাজত হোৱা এই চুক্তিয়ে বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ এক নতুন অধ্যায় মুকলি কৰিব, যাৰ ফলত দুয়োখন দেশৰ উন্নয়ন বৃদ্ধি পাব। তেওঁ কয় যে ভাৰতৰ যুৱ প্ৰজন্মৰ বাবে এয়া অতি ভাল খবৰ, কিয়নো ইয়াৰ দ্বাৰা অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি পাব আৰু ভাৰতীয় ব্যৱসায়ী আৰু এমএছএমইৰ বাবে নতুন সুযোগ মুকলি হ’ব। প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে ভাৰতে শেহতীয়াকৈ ইউএই, অষ্ট্ৰেলিয়া আৰু মৰিচাছৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিছে। তেওঁ জোৰ দি কয় যে ভাৰতে কেৱল সংস্কাৰ ৰূপায়ণ কৰাই নহয়, ব্যৱসায় আৰু বাণিজ্যৰ এক সজীৱ কেন্দ্ৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ বিশ্বৰ সৈতেও সক্ৰিয়ভাৱে জড়িত হৈ আছে।

ৰাষ্ট্ৰৰ স্বাৰ্থক প্ৰথম স্থান দিয়া আৰু সাহসী সিদ্ধান্ত গ্ৰহণ আৰু লক্ষ্যত উপনীত হোৱাৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰখাটো অতি প্ৰয়োজনীয় বুলি জোৰ দি শ্ৰী মোদীয়ে কয় যে দুৰ্ভাগ্যজনকভাৱে দশক দশক ধৰি ভাৰতবৰ্ষ এক পৰস্পৰ বিৰোধী দৃষ্টিভংগীত আবদ্ধ হৈ আছে, যাৰ ফলত প্ৰগতিত বাধা আহি পৰিছে। তেওঁ আলোকপাত কৰে যে বিশ্বৰ মতামত, নিৰ্বাচনী মূল্যায়ন আৰু ৰাজনৈতিক অস্তিত্বৰ উদ্বেগৰ বাবে বিগত সময়ত ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱাত কিদৰে পলম হৈছিল। তেওঁ কয় যে প্ৰায়ে প্ৰয়োজনীয় সংস্কাৰতকৈ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়া হয়, যাৰ ফলত দেশৰ ক্ষতি হয়। তেওঁ জোৰ দি কয় যে যিকোনো ৰাষ্ট্ৰ তেতিয়ালৈকে আগবাঢ়িব নোৱাৰে যেতিয়ালৈকে নিজৰ সিদ্ধান্তসমূহ হ্ৰস্বম্যাদী ৰাজনৈতিক বিবেচনাৰ দ্বাৰা নিৰ্ধাৰিত নহয়। তেওঁ দৃঢ়তাৰে কয় যে প্ৰকৃত অগ্ৰগতি তেতিয়াই হয় যেতিয়া সিদ্ধান্ত গ্ৰহণৰ একমাত্ৰ মাপকাঠী হ'ল "ৰাষ্ট্ৰ প্ৰথম"। তেওঁ কয় যে ভাৰতে বিগত দশকত এই নীতি অনুসৰণ কৰি আহিছে আৰু দেশে এতিয়া এই দৃষ্টিকোণৰ পৰিণাম দেখিবলৈ পাইছে।

বেংকিং খণ্ডক মূল উদাহৰণ হিচাপে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “যোৱা ১০-১১ বছৰত আমাৰ চৰকাৰে দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে কেইবাটাও নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰিছে, যিবোৰ পূৰ্বতে ৰাজনৈতিক ইচ্ছাশক্তিৰ অভাৱ আছিল আৰু দশক দশক ধৰি অমীমাংসিত হৈ আছিল।” তেওঁ বেংকিং অৰ্থনীতিৰ মেৰুদণ্ড বুলি জোৰ দিয়ে। তেওঁ সোঁৱৰাই দিয়ে যে ২০১৪ চনৰ আগতে ভাৰতীয় বেংকসমূহ পতনৰ পথত আছিল আৰু প্ৰতিটো বিত্তীয় সন্মিলনত বেংকিং ঘাটিৰ বিষয়ে অনিবাৰ্যভাৱে আলোচনা কৰা হৈছিল। অৱশ্যে তেওঁ কয় যে আজি ভাৰতৰ বেংকিং খণ্ড বিশ্বৰ ভিতৰতে শক্তিশালী, বেংকসমূহে অভিলেখ লাভ কৰিছে আৰু জমাকাৰীসকল এই সংস্কাৰৰ দ্বাৰা লাভৱান হৈছে। প্ৰধানমন্ত্ৰীয়ে এই সাফল্যসমূহৰ কাৰণে বেংকিং খণ্ডত তেওঁৰ চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাক শ্ৰেয় দিয়ে, আৰু লগতে, মূল সংস্কাৰ, ৰাষ্ট্ৰীয় স্বাৰ্থত ক্ষুদ্ৰ বেংকৰ একত্ৰীকৰণ আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহ শক্তিশালী কৰাৰ ব্যৱস্থাসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ এয়াৰ ইণ্ডিয়াৰ পূৰ্বৰ পৰিস্থিতিৰ কথাও উল্লেখ কৰি কয় যে বিমান সংস্থাটো ডুব যোৱাৰ ফলত দেশৰ হাজাৰ হাজাৰ কোটি টকাৰ লোকচান হোৱাৰ বিপৰীতে পূৰ্বৰ চৰকাৰসমূহে সংশোধনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ কৰিছিল। তেওঁ জোৰ দি কয় যে তেওঁৰ চৰকাৰে অধিক ক্ষতি ৰোধ কৰিবলৈ প্ৰয়োজনীয় সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁ পুনৰ কয়, “আমাৰ চৰকাৰৰ বাবে ৰাষ্ট্ৰীয় স্বাৰ্থ সৰ্বোপৰি।”

 

শাসন ব্যৱস্থাৰ এক উল্লেখযোগ্য পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে এজন প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ স্বীকাৰোক্তি স্মৰণ কৰে যে দৰিদ্ৰসকলৰ বাবে নিৰ্ধাৰিত চৰকাৰী ধনৰ মাত্ৰ ১৫%হে প্ৰকৃততে তেওঁলোকৰ ওচৰলৈ যায়। শ্ৰী মোদীয়ে কয় যে বছৰ বছৰ ধৰি চৰকাৰ সলনি হোৱাৰ পিছতো হিতাধিকাৰীসকলক প্ৰত্যক্ষ আৰ্থিক সাহায্য নিশ্চিত কৰাৰ বাবে কোনো সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰা হোৱা নাছিল। তেওঁ কয় যে তেওঁৰ চৰকাৰে দৰিদ্ৰ লোকৰ বাবে নিৰ্ধাৰিত প্ৰতিটো টকা যাতে কোনো ধৰণৰ লিকেজ নোহোৱাকৈ তেওঁলোকৰ ওচৰলৈ যায় তাৰ বাবে ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ (ডিবিটি) ব্যৱস্থা প্ৰৱৰ্তন কৰে। তেওঁ জোৰ দি কয় যে এই সংস্কাৰে চৰকাৰী আঁচনিৰ অদক্ষতা দূৰ কৰি পোনপটীয়াকৈ উদ্দেশ্যপ্ৰণোদিত গ্ৰাহকক আৰ্থিক সুবিধা প্ৰদান কৰিছে। তেওঁ প্ৰকাশ কৰে যে ইয়াৰ পূৰ্বে চৰকাৰী অভিলেখত ১০ কোটি ভুৱা হিতাধিকাৰী আছিল, যিসকলৰ কেতিয়াও অস্তিত্ব নাছিল যদিও সুবিধা লাভ কৰি আছিল। পূৰ্বৰ চৰকাৰসমূহে সৃষ্টি কৰা ব্যৱস্থাটোত এই নামসমূহ সন্নিৱিষ্ট হৈছিল। শ্ৰী মোদীয়ে জোৰ দি কয় যে তেওঁৰ চৰকাৰে চৰকাৰী ৰেকৰ্ডৰ পৰা এই ১০ কোটি ভুৱা প্ৰৱেশ আঁতৰাই পেলাইছে আৰু ডিবিটিৰ জৰিয়তে সঠিক হিতাধিকাৰীৰ বেংক একাউণ্টলৈ ধন পোনপটীয়াকৈ স্থানান্তৰ কৰাটো নিশ্চিত কৰিছে। এই সংস্কাৰৰ ফলত ৩.৫ লাখ কোটিতকৈ অধিক টকা ভুল হাতলৈ যাব পৰা নাই বুলি তেওঁ আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীয়ে ৱান ৰেংক ৱান পেঞ্চন (OROP) আঁচনি ৰূপায়ণত দশক দশক ধৰি পলম হোৱাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে পূৰ্বৰ চৰকাৰসমূহে আৰ্থিক বোজাৰ কথা উল্লেখ কৰি এই প্ৰস্তাৱ নাকচ কৰিছিল যদিও তেওঁৰ চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰাসকলৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিলে। তেওঁ কয় যে অ’আৰঅ’পিয়ে লাখ লাখ সৈন্যৰ পৰিয়ালক উপকৃত কৰিছে। তেওঁ জোৰ দি কয় যে তেওঁৰ চৰকাৰে এই আঁচনিৰ অধীনত প্ৰাক্তন সেনাবাহিনীক ১.২৫ লাখ কোটি টকাৰো অধিক ধন প্ৰদান কৰিছে, যাৰ ফলত তেওঁলোকৰ উচিত অধিকাৰ সুনিশ্চিত হৈছে। আৰ্থিকভাৱে বঞ্চিত পৰিয়ালসমূহৰ বাবে সংৰক্ষণৰ বিষয়টোকো সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বছৰ বছৰ ধৰি চলি থকা আলোচনা সত্ত্বেও কোনো সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰা হোৱা নাছিল। তেওঁ দৃঢ়তাৰে কয় যে তেওঁৰ চৰকাৰে এই নীতি ৰূপায়ণৰ বাবে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰে। লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ বাবে ৩৩% সংৰক্ষণৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে ইয়াৰ অগ্ৰগতিত বাধাৰ সৃষ্টি কৰা বিগত ৰাজনৈতিক বাধাসমূহৰ কথা মনত পেলাই দিয়ে। তেওঁ জোৰ দি কয় যে ন্যস্ত স্বাৰ্থই এই গুৰুত্বপূৰ্ণ সংস্কাৰত বিলম্ব ঘটাইছিল, কিন্তু তেওঁৰ চৰকাৰে ৰাজনৈতিক প্ৰতিনিধিত্বৰ জৰিয়তে নাৰীক সবলীকৰণৰ বাবে আইন প্ৰণয়ন কৰি ৰাষ্ট্ৰীয় স্বাৰ্থৰ নীতি ৰক্ষা কৰিলে।

ভোট বেংকৰ ৰাজনৈতিক উদ্বেগৰ বাবে বিগত সময়ছোৱাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় ইচ্ছাকৃতভাৱে পৰিহাৰ কৰাৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে ট্ৰিপল তালাকৰ উদাহৰণ উল্লেখ কৰে, যাৰ ফলত অগণন মুছলমান মহিলাৰ বাবে বিধ্বংসী পৰিণতি হৈছিল, তথাপিও পূৰ্বৰ চৰকাৰসমূহে তেওঁলোকৰ দুৰ্দশাৰ প্ৰতি উদাসীন হৈ আছিল। তেওঁ কয় যে তেওঁৰ চৰকাৰে মহিলাৰ অধিকাৰ আৰু মুছলমান পৰিয়ালৰ মংগলৰ বাবে অগ্ৰাধিকাৰ দিয়ে, ট্ৰিপল তালাকৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰি ন্যায় আৰু সৱলীকৰণ নিশ্চিত কৰে। লগতে ৱাকফ অধিনিয়মত সংস্কাৰৰ দীৰ্ঘদিনীয়া প্ৰয়োজনীয়তাৰ ওপৰত ভাষণ দি তেওঁ কয় যে ৰাজনৈতিক কাৰণত প্ৰয়োজনীয় সংশোধনীৰ কাম দশক দশক ধৰি পলম হৈছিল। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে তেওঁৰ চৰকাৰে এতিয়া এনে উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰিছে যিয়ে মুছলমান মাতৃ, ভগ্নী আৰু সমাজৰ অৰ্থনৈতিকভাৱে বঞ্চিত শ্ৰেণীক সঁচা অৰ্থত উপকৃত কৰিব।

তেওঁৰ চৰকাৰে গ্ৰহণ কৰা এক গুৰুত্বপূৰ্ণ “নদী সংযোগ” পদক্ষেপৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জলবিবাদে দশক দশক ধৰি আলোচনাত আধিপত্য বিস্তাৰ কৰি আহিছে যদিও তেওঁৰ প্ৰশাসনে ৰাজ্য চৰকাৰসমূহৰ সহযোগত নদীসমূহ সংযোগ কৰাৰ এক বৃহৎ অভিযান আৰম্ভ কৰিছে। কেন-বেতৱা লিংক প্ৰজেক্ট আৰু পাৰ্বতী-কালিসন্ধ-চম্বল লিংক প্ৰজেক্টৰ দৰে বৃহৎ প্ৰকল্পৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে এই পদক্ষেপসমূহে পানীৰ সুবিধা নিশ্চিত কৰি লাখ লাখ কৃষকক উপকৃত কৰিব। জলসম্পদক লৈ সংবাদ মাধ্যমত চলি থকা বিতৰ্কৰ কথা উল্লেখ কৰি তেওঁ পূৰ্বৰ পৰিস্থিতিৰ ওপৰত আলোকপাত কৰে, যেতিয়া ভাৰতৰ পানীৰ উচিত অংশ ইয়াৰ সীমাৰ বাহিৰত বৈ আছিল। তেওঁ কয় যে ভাৰতৰ পানী দেশৰ ভিতৰতে থাকিব আৰু দেশৰ উন্নয়নৰ বাবে ইয়াৰ উচিত উদ্দেশ্য পূৰণ কৰিব।

 

শ্ৰী মোদীয়ে আলোকপাত কৰে যে নতুন সংসদ ভৱন নিৰ্মাণৰ বিষয়ে বহুলভাৱে চৰ্চিত হৈ থকাৰ সময়তে, প্ৰায়ে উপেক্ষা কৰা এটা গুৰুত্বপূৰ্ণ কৃতিত্ব হ’ল দিল্লীত ড° আম্বেদকাৰ ৰাষ্ট্ৰীয় স্মাৰক স্থাপন। তেওঁ কয় যে এই পদক্ষেপ প্ৰথমে অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনত আৰম্ভ কৰা হৈছিল যদিও নিৰ্মাণ কাৰ্য এদশক ধৰি স্তব্ধ হৈ আছিল। তেওঁ জোৰ দি কয় যে তেওঁৰ চৰকাৰে কেৱল স্মৃতিসৌধৰ নিৰ্মাণ সম্পূৰ্ণ কৰাই নহয়, বাবা চাহেব আম্বেদকাৰৰ সৈতে জড়িত প্ৰধান স্থানসমূহো পঞ্চতীৰ্থ হিচাপে গঢ়ি তুলিছে, যাৰ ফলত তেওঁৰ উত্তৰাধিকাৰে বিশ্বব্যাপী স্বীকৃতি পাব পাৰে।

প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে যে ২০১৪ চনত যেতিয়া তেওঁৰ চৰকাৰ গঠন হৈছিল, তেতিয়া শাসন ব্যৱস্থাৰ প্ৰতি মানুহৰ আস্থা বেয়াকৈ ভাগি পৰিছিল, সেই পৰিস্থিতিৰ কথা স্মৰণ কৰি তেওঁ কয় যে একাংশ লোকে তো এই প্ৰশ্নও উত্থাপন কৰিবলৈ আৰম্ভ কৰিছিল যে গণতন্ত্ৰ আৰু উন্নয়ন একেলগে থাকিব পাৰিবনে। তেওঁ জোৰ দি কয়, "আজিৰ ভাৰত গণতন্ত্ৰৰ শক্তিৰ সাক্ষ্য, গৌৰৱেৰে প্ৰমাণ কৰিছে যে গণতন্ত্ৰই যিকোনো কাম কৰিব পাৰে।" প্ৰধানমন্ত্ৰীয়ে বিগত দশকত ২৫ কোটি লোকক দৰিদ্ৰতাৰ পৰা উলিয়াই অনাৰ কথা আলোকপাত কৰি কয় যে গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ ফলপ্ৰসূতাৰ বিষয়ে বিশ্ববাসীলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁ কয় যে মুদ্ৰা আঁচনিৰ অধীনত ঋণ লাভ কৰা লাখ লাখ ক্ষুদ্ৰ উদ্যোগীয়ে গণতন্ত্ৰৰ ইতিবাচক প্ৰভাৱ প্ৰত্যক্ষভাৱে অনুভৱ কৰিছে। ইয়াৰ উপৰিও, এসময়ত পিছপৰা বুলি গণ্য কৰা বহু জিলাই এতিয়া আকাংক্ষিত জিলালৈ ৰূপান্তৰিত হৈছে, মূল উন্নয়নমূলক পৰিমাপসমূহত পাৰদৰ্শিতা দেখুৱাই, গণতন্ত্ৰই যে সুনিৰ্দিষ্ট ফলাফল দিব পাৰে, সেই কথাটো আৰু অধিক শক্তিশালী কৰি তুলিছে। প্ৰধানমন্ত্ৰীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে ভাৰতৰ জনজাতীয় জনগোষ্ঠীসমূহৰ লগতে কিছুমান অতি প্ৰান্তীয় গোটকে ধৰি ঐতিহাসিকভাৱে উন্নয়নৰ পৰা বঞ্চিত হৈ আহিছে। প্ৰধানমন্ত্ৰী জনমন যোজনা ৰূপায়ণৰ লগে লগে এই জনগোষ্ঠীসমূহে এতিয়া চৰকাৰী সেৱা লাভ কৰিছে, গণতন্ত্ৰৰ উত্থানশীল সম্ভাৱনাৰ প্ৰতি তেওঁলোকৰ বিশ্বাস দৃঢ় কৰি তুলিছে। তেওঁ কয় যে প্ৰকৃত গণতন্ত্ৰই উন্নয়ন আৰু ৰাষ্ট্ৰীয় সম্পদ কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ অন্তিম নাগৰিকৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰে আৰু তেওঁৰ চৰকাৰ এই মৌলিক উদ্দেশ্যৰ প্ৰতি দায়বদ্ধ।

ভাৰতে দ্ৰুতগতিত বৃদ্ধিৰ দ্বাৰা নিৰ্ধাৰিত, প্ৰগতিশীল চিন্তা, দৃঢ় সংকল্প আৰু গভীৰ কৰুণাৰে সমৃদ্ধ ভৱিষ্যৎ গঢ়ি তুলিছে বুলি গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে মানৱকেন্দ্ৰিক বিশ্বায়নৰ দিশত পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰে, য’ত বৃদ্ধি কেৱল বজাৰৰ দ্বাৰাহে পৰিচালিত নহয়, বৰঞ্চ জনসাধাৰণৰ মৰ্যাদা আৰু আকাংক্ষা পূৰণ নিশ্চিত কৰা হয়। তেওঁ কয়, “আমাৰ চৰকাৰে জিডিপিকেন্দ্ৰিক দৃষ্টিভংগীৰ বাহিৰলৈ গৈ জিইপিকেন্দ্ৰিক প্ৰগতি - জনসাধাৰণৰ সামগ্ৰিক সৱলীকৰণ - সমাজৰ সামূহিক উত্থানৰ ওপৰত মনোযোগ কেন্দ্ৰীভূত কৰি আছে।” এই দৃষ্টিভংগীক প্ৰতিফলিত কৰা মূল ব্যৱস্থাসমূহৰ ৰূপৰেখা দাঙি ধৰি তেওঁ কয় যে যেতিয়া এটা দুখীয়া পৰিয়ালে পকা ঘৰ পায়, তেতিয়া ই তেওঁলোকৰ সৱলীকৰণ আৰু আত্মসন্মান বৃদ্ধি কৰে। অনাময় ব্যৱস্থা সৃষ্টি হ’লে মুকলিকৈ শৌচ কৰাৰ অপমানজনক পৰিস্থিতিৰ পৰা মুক্ত হয়। আয়ুষ্মান ভাৰতৰ হিতাধিকাৰীয়ে যেতিয়া ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া স্বাস্থ্যসেৱা পায়, তেতিয়া তেওঁলোকৰ আটাইতকৈ ডাঙৰ আৰ্থিক চিন্তা নাইকিয়া হয়। তেওঁ জোৰ দি কয় যে এনে বহু পদক্ষেপে সমাৱেশী আৰু সংবেদনশীল উন্নয়নৰ পথ শক্তিশালী কৰি তুলিছে, প্ৰতিজন নাগৰিকক শক্তিশালী কৰাটো নিশ্চিত কৰিছে।

 

চৰকাৰৰ মূল দৰ্শন ‘নাগৰিক দেৱো ভৱ’ৰ পুনৰাবৃত্তি কৰি জনসাধাৰণৰ সেৱাৰ প্ৰতি দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ প্ৰশাসনে পুৰণি “মাই-বাপ” সংস্কৃতি অনুসৰণ কৰাৰ পৰিৱৰ্তে নাগৰিকক শাসনৰ কেন্দ্ৰ হিচাপে চায়। তেওঁ সেৱাকেন্দ্ৰিক পদ্ধতিৰ দিশলৈ পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰে, য’ত চৰকাৰে নাগৰিকসকলৰ বাবে প্ৰৱেশ নিশ্চিত কৰাৰ বাবে সক্ৰিয়ভাৱে কাম কৰে। তেওঁ কয় যে আগতে মানুহে নিজৰ নথি-পত্ৰ পৰীক্ষা কৰিবলৈ বাৰে বাৰে চৰকাৰী কাৰ্যালয়লৈ যাবলগীয়া হৈছিল, আনহাতে এতিয়া আত্ম-পৰীক্ষাৰ ফলত এই প্ৰক্ৰিয়াটো অধিক সুবিধাজনক হৈ পৰিছে। তেওঁ অনুষ্ঠানত বহু যুৱ ব্যক্তিৰ উপস্থিতিৰ কথা উল্লেখ কৰি ডিজিটেল উন্নতিয়ে প্ৰশাসনিক প্ৰক্ৰিয়াসমূহ কেনেদৰে সুশৃংখলিত কৰিছে, ৰাজহুৱা সেৱাসমূহ অধিক কাৰ্যক্ষম আৰু নাগৰিক-অনুকূল কৰি তুলিছে, সেই বিষয়ে গুৰুত্ব আৰোপ কৰে।

শ্ৰী মোদীয়ে চৰকাৰী প্ৰক্ৰিয়াসমূহৰ পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰে যিয়ে ইয়াক অধিক সুলভ আৰু নাগৰিক-অনুকূল কৰি তুলিছে। তেওঁ জ্যেষ্ঠ নাগৰিকসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ কথা স্মৰণ কৰে যিসকলে পূৰ্বে প্ৰতি বছৰে কাৰ্যালয় বা বেংকলৈ গৈ নিজৰ জীয়াই থকাৰ প্ৰমাণ দিব লগা হৈছিল। তেওঁ জোৰ দি কয় যে তেওঁৰ চৰকাৰে ডিজিটেল ব্যৱস্থা প্ৰৱৰ্তন কৰিছে যাৰ জৰিয়তে জ্যেষ্ঠ নাগৰিকে দূৰৈৰ পৰা জীৱন প্ৰমাণ পত্ৰ জমা দিব পাৰিব। তেওঁ বুজাই দিলে যে বিদ্যুৎ সংযোগ লোৱা, পানীৰ টেপ লগোৱা, বিল পৰিশোধ কৰা, গেছ চিলিণ্ডাৰ বুকিং কৰা আৰু ডেলিভাৰী লোৱা আদি নিয়মীয়া কামবোৰত কেনেকৈ একাধিকবাৰ ভ্ৰমণৰ প্ৰয়োজন হয়, আনকি কৰ্মস্থলীৰ পৰাও ছুটী লোৱাৰ প্ৰয়োজন হয়। তেওঁ কয় যে আজি এনে বহু সেৱা অনলাইন প্লেটফৰ্মৰ জৰিয়তে সুশৃংখলিত কৰা হৈছে, যাৰ ফলত নাগৰিকৰ অসুবিধা হ্ৰাস পাইছে। শ্ৰী মোদীয়ে পাছপ’ৰ্ট, কৰ ঘূৰাই দিয়া বা অন্যান্য সেৱাৰ বাবে চৰকাৰ-নাগৰিকৰ মাজত সকলো কথা সৰল, দ্ৰুত আৰু পাৰদৰ্শী কৰি তোলাৰ বাবে তেওঁৰ চৰকাৰৰ দায়বদ্ধতাৰ বিষয়ে পুনৰ উল্লেখ কৰে। তেওঁ কয় যে এই দৃষ্টিকোণ ‘নাগৰিক দেৱো ভৱ’ৰ নীতিৰ লগত সামঞ্জস্যপূৰ্ণ যি ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰতৰ ভেটি মজবুত কৰে।

পৰম্পৰা আৰু প্ৰগতি দুয়োটাকে একেলগে আগবঢ়োৱাৰ ভাৰতৰ অনন্য দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰি, “উন্নয়নো, ঐতিহ্যও”ৰ প্ৰতি ৰাষ্ট্ৰৰ দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি, প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে ভাৰতে পৰম্পৰা আৰু প্ৰযুক্তি কেনেকৈ একেলগে জাতিষ্কাৰ হৈ উঠিব পাৰে সেই কথা প্ৰদৰ্শন কৰি আছে। তেওঁ কয় যে ডিজিটেল লেনদেনৰ ক্ষেত্ৰত দেশখন বিশ্বৰ আগশাৰীৰ দেশসমূহৰ ভিতৰত আছে, লগতে যোগ আৰু আয়ুৰ্বেদকো বিশ্বৰ মঞ্চলৈ লৈ গৈছে। তেওঁ কয় যে বিগত দশকত অভিলেখসংখ্যক প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ প্ৰবাহৰ সৈতে ভাৰত বিনিয়োগৰ বাবে এক অত্যন্ত আকৰ্ষণীয় গন্তব্যস্থানত পৰিণত হৈছে। ভাৰতৰ ক্ৰমবৰ্ধমান বিশ্বব্যাপী উচ্চতাক প্ৰতিফলিত কৰা অভূতপূৰ্ব সংখ্যক চুৰি কলাকৃতি আৰু ঐতিহ্যমণ্ডিত বস্তু ঘূৰাই অনাৰ ওপৰতো তেওঁ আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম মোবাইল ফোন নিৰ্মাতা আৰু বাজৰাৰ দৰে ছুপাৰফুডৰ আগশাৰীৰ উৎপাদনকাৰী দেশ। ইয়াৰ উপৰিও তেওঁ সৌৰশক্তিৰ ক্ষেত্ৰত দেশখনৰ কৃতিত্বৰ ওপৰত আলোকপাত কৰে, যিয়ে ১০০ গিগাৱাট উৎপাদন ক্ষমতা অতিক্ৰম কৰিছে। ইয়াৰ দ্বাৰা নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্ব শক্তিশালী হোৱা দেখা যায়।

শ্ৰী মোদীয়ে জোৰ দি কয় যে প্ৰগতিৰ বাবে নিজৰ সাংস্কৃতিক শিপা পৰিত্যাগ কৰাটো প্ৰয়োজনীয় নহয়। তেওঁ কয় যে ভাৰত যিমানেই গভীৰভাৱে নিজৰ ঐতিহ্যৰ সৈতে সংযুক্ত হৈ থাকিব, আধুনিক প্ৰগতিৰ সৈতে ইয়াৰ একত্ৰীকৰণ সিমানেই শক্তিশালী হ’ব। তেওঁ আলোকপাত কৰে যে ভাৰতে যাতে ভৱিষ্যতৰ বাবে শক্তিৰ উৎস হৈ থাকে তাৰ বাবে নিজৰ প্ৰাচীন ঐতিহ্য সংৰক্ষণ কৰি আছে। তেওঁ জোৰ দি কয় যে ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰতৰ দিশে যাত্ৰাত প্ৰতিটো পদক্ষেপৰ গুৰুত্ব অতিশয় বেছি। তেওঁ কয় যে প্ৰায়ে মানুহে চৰকাৰী সিদ্ধান্তৰ বহুগুণক প্ৰভাৱ বুজিবলৈ ব্যৰ্থ হয়। সংবাদ মাধ্যম আৰু কণ্টেণ্ট ক্ৰিয়েচন খণ্ডৰ উদাহৰণ দি তেওঁ সোঁৱৰাই দিয়ে যে এদশক পূৰ্বে যেতিয়া তেওঁ ডিজিটেল ইণ্ডিয়াৰ কথা কৈছিল, তেতিয়া বহুতে সন্দেহ প্ৰকাশ কৰিছিল। তেওঁ কয় যে আজি ডিজিটেল ইণ্ডিয়াই মানুহৰ দৈনন্দিন জীৱনত নিজৰ স্থান দখল কৰিছে। ডিজিটেল স্থানত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ শ্ৰী মোদীয়ে সুলভ মূল্যৰ তথ্য আৰু ঘৰুৱাভাৱে নিৰ্মিত স্মাৰ্টফোনক কৃতিত্ব দিয়ে। ডিজিটেল ইণ্ডিয়াই জীৱন সহজ কৰি তুলিছে যদিও কণ্টেণ্ট আৰু সৃষ্টিশীলতাৰ ওপৰত ইয়াৰ প্ৰভাৱৰ কথাও উল্লেখ কৰে, যিটো প্ৰায়ে অৱজ্ঞা কৰা হয়। ডিজিটেল প্লেটফৰ্মে মানুহক কেনেদৰে শক্তিশালী কৰিছে তাৰ উদাহৰণো তেওঁ শ্বেয়াৰ কৰে। তেওঁ এগৰাকী গ্ৰাম্য মহিলাৰ উদাহৰণ দিয়ে যি লাখ লাখ ছাবস্ক্ৰাইবাৰসহ সফলতা অৰ্জন কৰিছে, এজন জনজাতীয় যুৱকে বিশ্বব্যাপী দৰ্শকৰ সন্মুখত পৰম্পৰাগত শিল্প প্ৰদৰ্শন কৰিছে আৰু এজন ছাত্ৰই অভিনৱ পদ্ধতিৰে প্ৰযুক্তিৰ ব্যাখ্যা কৰিছে। শেহতীয়াকৈ মুম্বাইত অনুষ্ঠিত হোৱা ৱেভছ ছামিটৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে বিগত তিনি বছৰত কেৱল ইউটিউবেই ভাৰতীয় কণ্টেণ্ট ক্ৰিয়েটৰসকলক ২১ হাজাৰ কোটি টকা আগবঢ়াইছে, যিয়ে প্ৰমাণ কৰিছে যে স্মাৰ্টফোনসমূহ যোগাযোগৰ আহিলা হোৱাৰ বাহিৰেও সৃষ্টিশীলতা আৰু আয় সৃষ্টিৰ বাবে এক শক্তিশালী আহিলা হিচাপে পৰিগণিত হৈছে। ৱেভছ ছামিটত সংবাদ মাধ্যম, মনোৰঞ্জন আৰু সৃষ্টিশীল উদ্যোগৰ বিশ্বব্যাপী নেতাসকল সমবেত হৈছিল।

 

২০৪৭ চনৰ ভিতৰত উন্নত ভাৰতৰ দৃষ্টিভংগী আত্মনিৰ্ভৰ ভাৰতৰ পদক্ষেপৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত বুলি জোৰ দি প্ৰধানমন্ত্ৰীয়ে কয়, “আত্মনিৰ্ভৰশীলতা সদায় ভাৰতৰ অৰ্থনৈতিক ডিএনএৰ এক মৌলিক অংগ হৈ আহিছে”। তথাপিও বছৰ বছৰ ধৰি দেশখনক উৎপাদক হিচাপে নহয়, কেৱল বজাৰ হিচাপেহে দেখা গৈছিল বুলিও তেওঁ কয়। তেওঁ এই কাহিনী এতিয়া সলনি হৈ আছে বুলি জোৰ দি কয় আৰু ১০০ খনতকৈও অধিক দেশলৈ প্ৰতিৰক্ষা সামগ্ৰী যোগান ধৰাৰ লগতে ভাৰতৰ আগশাৰীৰ প্ৰতিৰক্ষা নিৰ্মাতা আৰু ৰপ্তানিকাৰক হিচাপে উত্থানৰ ওপৰত আলোকপাত কৰে। তেওঁ প্ৰতিৰক্ষা ৰপ্তানিৰ অবিৰত বৃদ্ধিৰ কথা উল্লেখ কৰে আৰু সম্পূৰ্ণৰূপে ঘৰুৱা সামৰ্থ্যৰ দ্বাৰা নিৰ্মিত আইএনএছ বিক্ৰান্ত, আইএনএছ চুৰাট আৰু আইএনএছ নীলগিৰিকে ধৰি ভাৰতৰ থলুৱা নৌসেনাৰ বহৰৰ শক্তিৰ ওপৰত আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে ভাৰতে ইলেক্ট্ৰনিকছ উৎপাদনৰ দৰে খণ্ডত পাৰদৰ্শিতা দেখুৱাইছে যিবোৰ পূৰ্বতে নিজৰ শক্তিৰ বাহিৰত বুলি বিবেচিত হৈছিল। তেওঁ কয় যে শেহতীয়া বছৰবোৰত দেশখন ইলেক্ট্ৰনিক সামগ্ৰীৰ উল্লেখযোগ্য ৰপ্তানিকাৰক হিচাপে পৰিগণিত হৈছে, স্থানীয় উদ্ভাৱনসমূহে বিশ্বৰ বজাৰত প্ৰৱেশ কৰিছে। শেহতীয়া ৰপ্তানিৰ পৰিসংখ্যাৰ উদ্ধৃতি দি তেওঁ কয় যে ভাৰতৰ মুঠ ৰপ্তানি যোৱা বছৰ অভিলেখ ৮২৫ বিলিয়ন ডলাৰত উপনীত হৈছিল, যিটো এটা দশকত প্ৰায় দুগুণ বৃদ্ধি পাইছে। এই গতিবেগ আৰু অধিক ত্বৰান্বিত কৰিবলৈ তেওঁ শেহতীয়া বাজেটত মিছন মেনুফেকচাৰিং আৰম্ভ কৰাৰ কথা ঘোষণা কৰে, যাৰ লক্ষ্য হৈছে ভাৰতৰ উৎপাদন ক্ষমতাক নতুন উচ্চতালৈ লৈ যোৱা। তেওঁ কয়, “ভাৰতৰ ক্ৰমবৰ্ধমান উৎপাদন ক্ষমতাই বিশ্বৰ মঞ্চত সৃষ্টিকৰ্তা, উদ্ভাৱক আৰু বিঘটনকাৰী হিচাপে নিজৰ জনসাধাৰণৰ পৰিচয় গঢ়ি আছে।”

 

শ্ৰী মোদীয়ে এই কথাৰ ওপৰত জোৰ দিয়ে যে এই দশকটোৱে আগন্তুক শতিকাসমূহৰ বাবে ভাৰতৰ দিশ নিৰ্ধাৰণ কৰিব আৰু তেওঁ ইয়াক দেশৰ ভাগ্য গঢ় দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সময় বুলি কয়। তেওঁ আস্থা প্ৰকাশ কৰে যে সমগ্ৰ দেশৰ প্ৰতিজন নাগৰিক, প্ৰতিষ্ঠান আৰু খণ্ডত পৰিৱৰ্তনৰ মনোভাৱ স্পষ্ট। শীৰ্ষ সন্মিলনত হোৱা আলোচনাই প্ৰগতিৰ এই উমৈহতীয়া দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে শীৰ্ষ সন্মিলনখন সফলতাৰে আয়োজন কৰাৰ বাবে এবিপি নেটৱৰ্কক অভিনন্দন জনাই সামৰণি মাৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Budget 2026 positions India to accelerate from volume-driven production to value-driven global leadership in Healthcare: Experts

Media Coverage

Budget 2026 positions India to accelerate from volume-driven production to value-driven global leadership in Healthcare: Experts
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi calls upon people to watch the special Pariksha Pe Charcha episode
February 03, 2026

The Prime Minister Shri Narendra Modi today invited citizens to watch the special Pariksha Pe Charcha episode on February 6, 2026, to witness these engaging conversations and the collective spirit of India’s youth.

As examination season approaches, Prime Minister once again engaged with young students through Pariksha Pe Charcha. This year, the interactive sessions were held with Exam Warriors in Devmogra, Coimbatore, Raipur, Guwahati, and at 7, Lok Kalyan Marg in Delhi.

The Prime Minister described the experience as refreshing and inspiring, noting the enthusiasm and openness of the students. He emphasized the importance of stress-free exams and shared practical insights on overcoming challenges, maintaining balance, and nurturing confidence.

In a post of X, Shri Modi stated:

"As the Parikshas are approaching, #ParikshaPeCharcha is back too!

This time, the Charcha happened with #ExamWarriors in Devmogra, Coimbatore, Raipur, Guwahati and at 7, LKM in Delhi. As always, it is refreshing to interact with my young friends and discuss stress free exams and several other things.

Do watch the PPC Episode on 6th February!"