প্রধানমন্ত্রীয়ে ‘মোৰ সপোনৰ ভাৰত’ আৰু ‘স্বাধীনতা আন্দোলনৰ অকথিত বীৰসকল’ শীৰ্ষক বিষয়ত নির্বাচিত ৰচনা প্রকাশ
এমএছএমই প্রযুক্তি কেন্দ্র আৰু অ’পেন এয়াৰ থিয়েটাৰৰ ব্যৱস্থাসম্পন্ন প্রেক্ষাগৃহ পেৰুনথালাইভাৰ কামৰাজাৰ মনিমণ্ডপম্‌ৰ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
“ভাৰতৰ জনসংখ্যাৰ অধিকাংশইই যুৱক, ভাৰতৰ মানসিকতা যুৱমনস্ক। ভাৰতৰ যুৱসম্প্রদায়ৰ সম্ভাবনা প্রচুৰ আৰু তেওঁলোকে সপোন দেখে। ভাৱনাচিন্তা আৰু চেতনাৰ দিশত ভাৰত তাৰুণ্যৰে ভৰপুৰ”
“ভাৰতৰ জনসংখ্যাৰ সিংহভাগ তৰুণ হোৱাত উন্নয়নমূলক কামত ইয়াৰ সুফল পাইছে”
“ভাৰতৰ যুৱসম্প্রদায় কঠোৰ পৰিশ্রমী আৰু ভৱিষ্যতৰ বিষয়ত তেওঁলোকৰ ধাৰণা স্পষ্ট। আজি ভাৰত যি কয় সমগ্ৰ বিশ্বই সেয়া ভৱিষ্যত দিনৰ ভাৱনা বুলি বিবেচনা কৰে”
“পুৰণি ধ্যানধাৰণাৰ কাৰণে যুৱসম্প্রদায়ৰ দক্ষতা প্ৰভাৱিত নহয়, বৰঞ্চ যুৱসম্প্রদায়ে নিজেই পৰিস্থিতিৰ পৰিৱর্তন ঘটাই নতুন নতুন প্ৰত্যাহ্বানৰ মোকাবিলা কৰে”
“আজিৰ যুৱসম্প্রদায়ে ‘কৰিব পাৰি’ ভাৱনাৰে আগুৱাই যায়, যি প্রত্যেক প্রজন্মৰ অনুপ্রেৰণাৰ উৎস”
“ভাৰতীয় যুৱসম্প্রদায়ে বিশ্বক সমৃদ্ধিৰ পথ দেখুৱাব”
“নতুন ভাৰতৰ মন্ত্র হ’ল-প্রতিযোগিতা কৰক আৰু জয়ী হওক৷ জড়
“পুৰণি ধ্যানধাৰণাৰ কাৰণে যুৱসম্প্রদায়ৰ দক্ষতা প্ৰভাৱিত নহয়, বৰঞ্চ যুৱসম্প্রদায়ে নিজেই পৰিস্থিতিৰ পৰিৱর্তন ঘটাই নতুন নতুন প্ৰত্যাহ্বানৰ মোকাবিলা কৰে”

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি পুডুচেৰীত ভিডিঅ’ কনফাৰেন্সযোগে ২৫সংখ্যক ৰাষ্ট্ৰীয় যুৱ উৎসৱ উদ্বোধন কৰে৷ স্বামী বিবেকানন্দৰ জন্মদিনটো ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়। প্রধানমন্ত্রীয়ে ‘মোৰ সপোনৰ ভাৰত’ আৰু ‘ভাৰতৰ স্বাধীনতা আন্দোলনৰ অকথিত বীৰ’ বিষয়ৰ ওপৰত নির্বাচিত ৰচনা প্রকাশ কৰে৷ লক্ষাধিক যুৱক-যুৱতীয়ে এই দুটা বিষয়ৰ ওপৰত ৰচনা লিখে৷ তাৰে নির্বাচিত অংশ আজি প্রকাশ কৰা হ’ল। শ্রী মোদী এমএছএমই প্রযুক্তি কেন্দ্র আৰু অ’পেন এয়াৰ থিয়েটাৰৰ ব্যৱস্থাসম্পন্ন প্রেক্ষাগৃহ পেৰুনথালাইভাৰ কামৰাজাৰ মনিমণ্ডপমো উদ্বোধন কৰে৷ এমএছএমই প্রযুক্তি কেন্দ্র নির্মাণত ১২২ কোটি টকা ব্যয় হৈছে। পুডুচেৰী চৰকাৰ প্রেক্ষাগৃহটো নির্মাণত ব্যয় হৈছে ২৩ কোটি টকা। কেন্দ্রীয় মন্ত্রী শ্রী অনুৰাগ সিং ঠাকুৰ, শ্রী নাৰায়ণ ৰাণে, শ্রী ভানুপ্রতাপ সিং ভার্মা আৰু শ্রী নিশীথ প্রামাণিক আৰু পুডুচেৰীৰ উপ-ৰাজ্যপাল ডঃ তামিলিচাই সৌন্দৰাজন, মুখ্যমন্ত্রী শ্রী এন ৰংগস্বামী, পুডুচেৰীৰ মন্ত্ৰীসভাৰ সদস্যসকল আৰু সাংসদসকল অনুষ্ঠানত উপস্থিত থাকে৷

প্রধানমন্ত্রীয়ে তেওঁৰ ভাষণত দেশবাসীক ৰাষ্ট্ৰীয় যুৱ দিৱসৰ অভিনন্দন জনায়৷ স্বামী বিবেকানন্দৰ প্রতি শ্রদ্ধা নিবেদন কৰি তেওঁ কয় যে আজাদি কা অমৃত মহোৎসৱে স্বামীজীৰ জন্মদিনত নতুন উৎসাহ-উদ্দীপনা সৃষ্টি কৰিছে। এই বছৰ শ্রী অৰৱিন্দৰ ১৫০সংখ্যক জন্মবার্ষিকী আৰু মহাকবি সুব্রমনিয়ান ভাৰতীৰ শততম মৃত্যু বার্ষিকী। প্রধানমন্ত্রীয়ে কয়, “পুডুচেৰীৰ সৈতে এই দুই সন্ন্যাসীৰ এক বিশেষ যোগাযোগ আছে। তেওঁলোকে দুয়োজনেই সাহিত্যৰ অংশীদাৰ আৰু আধ্যাত্মিক চিন্তাভাৱনাৰ প্ৰতীক”।

প্রাচীন ভাৰতৰ যুৱ ভাৱনাৰ প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে আজিও সমগ্ৰ বিশ্ব ভাৰতৰ প্রতি আশাবাদী আৰু আস্থাশীল। ভাৰতৰ জনসংখ্যাৰ সিংহভাগেই তৰুণ আৰু ভাৰতৰ ভাৱনা আৰু চেতনা যুৱমনস্ক। দেশৰ চিন্তন আৰু দর্শন সদায়েই পৰিৱর্তনক গ্রহণ কৰে। ভাৰতৰ প্রাচীনত্বৰ মাজত আধুনিকতাৰ ছাঁ আছে। প্রয়োজনত দেশৰ যুৱসম্প্রদায়ে নেতৃত্ব দিবলৈ আগুৱাই আহে। যেতিয়াই ৰাষ্ট্ৰীয় চেতনা বিভক্ত হয়, তেতিয়াই শংকৰৰ দৰে তৰুণপ্ৰজন্মও আবিৰ্ভাৱ হয়৷ তেওঁলোকে আদি শংকৰাচার্য হিচাপে দেশক ঐক্যবদ্ধ কৰে৷ অত্যাচাৰৰ সময়ত গুৰুগোৱিন্দ সিংজীৰ চাহিবজাদাসকলে আত্মবলিদান দিবলৈ পিছ হুহকি যোৱা নাই–এই মানসিকতাই আজিও আমাক পথ দেখুৱায়। স্বাধীনতাৰ আন্দোলনত যেতিয়া আত্মবলিদানৰ প্রয়োজন হৈছিল, সেই সময়ত ভগৎ সিং, চন্দ্রশেখৰ আজাদ আৰু নেতাজী সুভাষ চন্দ্র বসুৰ দৰে তৰুণ বিপ্লৱীসকল আগুৱাই আহে আৰু দেশৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰে৷ যেতিয়া দেশৰ আধ্যাত্মিক পুনৰ জাগৰণৰ প্রয়োজন হয়, তেতিয়া ঋষি অৰৱিন্দ আৰু সুব্রমনিয়ান ভাৰতীৰ দৰে সন্ন্যাসীসকলৰ আবিৰ্ভাৱ হৈছিল৷

প্রধানমন্ত্রীয়ে কয় যে ভাৰতৰ যুৱসম্প্রদায় গণতান্ত্রিক মূল্যবোধত বিশ্বাসী। ভাৰতৰ জনসংখ্যাৰ অধিকাংশই হ’ল যুৱক। সেয়েহে ইয়াৰ সুফল আজি আমি পাইছো। ভাৰতৰ মানসিকতা যুৱমনস্ক। সেয়েহে, উন্নয়নমূলক কামত ইয়াৰ সুফল অনুভূত হয়৷ প্রধানমন্ত্রীয়ে দৃঢ়তাৰে কয় যে ভাৰতৰ যুৱসম্প্রদায়ে প্রযুক্তিক গ্রহণ কৰিবলৈ প্রস্তুত। একেদৰে তেওঁলোকৰ চেতনাত আছে গণতন্ত্র। বৰ্তমানৰ ভাৰতৰ যুৱসম্প্রদায় কঠোৰ পৰিশ্রমী। ভৱিষ্যৎ সম্পর্কে তেওঁলোকৰ স্পষ্ট ধাৰণা আছে। সেয়েহে, ভাৰতে আজি যি কয়, সমগ্ৰ বিশ্বই তাক অনাগত দিনৰ ভাৱনা বুলি বিবেচনা কৰে।

প্রধানমন্ত্রীয়ে কয় যে স্বাধীনতা আন্দোলনৰ সময়ত যুৱসম্প্রদায়ে দেশৰ বাবে সৰ্বস্ব ত্যাগ কৰিবলৈ দ্বিধাবোধ কৰা নাছিল৷ আজি আমি স্বাধীনতা সংগ্রামীসকলৰ সপোন পূৰণ কৰিব লাগিব৷ আৰু সেইকাম কৰিব আমাৰ যুৱসম্প্রদায়ে। তেওঁ কয় যে পুৰণি ধ্যানধাৰণাৰ বাবে যুৱসম্প্রদায়ৰ দক্ষতা প্ৰভাৱিত নহয়, বৰঞ্চ যুৱসম্প্রদায় নিজেই পৰিস্থিতিৰ পৰিৱর্তন ঘটাই নতুন নতুন প্ৰত্যাহ্বনৰ মোকাবিলা কৰে। তেওঁলোকে নতুন নতুন চাহিদা সৃষ্টি কৰে৷ আজিৰ যুৱসম্প্রদায়ৰ মাজত ‘কৰিব পাৰি’ মানসিকতা আছে, যি প্রতিটো প্রজন্মৰ কামত অনুপ্রেৰণাৰ উৎস।

প্রধানমন্ত্রীয়ে যুৱসম্প্রদায়ৰ উদ্যোগৰ প্রশংসা কৰি কয় যে আজি ভাৰতীয় যুৱসম্প্রদায়ে বিশ্বক সমৃদ্ধিৰ পথ দেখুৱাব। তেওঁলোকে সমগ্ৰ বিশ্বক ইউনিকর্ন ব্যৱস্থাপনাত নেতৃত্ব দিছে৷ ভাৰতত ৫০হাজাৰ নতুন উদ্যোগ গঢ় লৈ উঠিছে। ইয়াৰ ভিতৰত মহামাৰীৰ সময়ত ১০ হাজাৰৰো অধিক নতুন উদ্যোগ গঢ় লৈ উঠিছে৷ প্রধানমন্ত্রীয়ে নতুন ভাৰতক এক মন্ত্র দিয়ে– প্রতিযোগিতাত অংশ লৈ জয়লাভ কৰিব লাগিব৷ ঐক্যবদ্ধতাৰে যুঁজত জয়ী হ’ব লাগিব৷ তেওঁ অলিম্পিক আৰু পেৰালিম্পিকৰ ক্রীড়াবিদসকলৰ সাফল্যৰ কথা উল্লেখ কৰে৷ একেদৰে টিকাকৰণ অভিযানত যুৱসম্প্রদায়ৰ অংশগ্রহণক নিজৰ দায়বদ্ধতাৰ প্রতিফলন বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷

প্রধানমন্ত্রীয়ে কয় যে চৰকাৰে ল’ৰা-ছোৱালীক সমদৃষ্টিৰে চায়৷ তাৰ প্ৰতি লক্ষ্য ৰাখি ছোৱালীৰ যাতে আৰু অধিক কল্যাণ হয়, তাৰ বাবে বিবাহৰ বয়স বৃদ্ধি কৰি ২১ বছৰ কৰাৰ পৰিকল্পনা কৰা হৈছে৷ ইয়াৰ ফলত ছোৱালীসকলে তেওঁলোকৰ কেৰিয়াৰ গঢ় দিবলৈতে বহু সময় পাব৷ সেয়েহে বিয়াৰ বয়স বৃদ্ধিৰ এই গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱা হৈছে।

প্রধানমন্ত্রীয়ে কয় যে আমাৰ বহু স্বাধীনতা সংগ্রামীয়ে প্রাপ্য স্বীকৃতি পোৱা নাই৷ আমাৰ যুৱসম্প্রদায়ে তেওঁলোকৰ বিষয়ে গৱেষণা কৰিব লাগিব, তেওঁলোকৰ সম্পর্কে লিখিব লাগিব। সেইদৰে ভৱিষ্যত প্রজন্মক আৰু অধিক সজাগ কৰি তুলিব লাগিব। তেওঁ স্বচ্ছতা অভিযানত যুৱসম্প্রদায়ক আৰু অধিক অংশগ্রহণৰ আহ্বান জনায়৷

ভাৰতীয় যুৱসম্প্রদায়ৰ মানসিক গঠনক শক্তিশালী কৰা আৰু ঐক্যবদ্ধভাৱে দেশ গঠনৰ কামত তেওঁলোকক চামিল কৰাই ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ উদ্দেশ্য। এয়া সামাজিক, আধ্যাত্মিক আৰু সাংস্কৃতিক মিলাপ্ৰীতিৰ এক বৃহত্তম প্রয়াস। ভাৰতৰ বিভিন্ন সংস্কৃতিক ঐক্যবদ্ধ কৰি ‘এক ভাৰত, শ্রেষ্ঠ ভাৰত’ৰ ভাৱনাক সঞ্চাৰিত কৰাই এই উৎসৱৰ অন্যতম লক্ষ্য।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches ORV Sagar Manthan, boosting ocean research fleet

Media Coverage

India launches ORV Sagar Manthan, boosting ocean research fleet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over loss of lives in mishap in Nanded
September 11, 2026
Prime Minister announces ex-gratia from PMNRF

The Prime Minister, Shri Narendra Modi has expressed grief over the loss of lives due to a mishap in Nanded, Maharashtra.

The Prime Minister conveyed his thoughts to the bereaved families in this hour of grief and prayed for the speedy recovery of the injured.

Shri Modi announced that an ex-gratia of Rs. 2 lakh from the Prime Minister’s National Relief Fund (PMNRF) would be given to the next of kin of each deceased. The injured would be given Rs. 50,000.

In a post on X, the Prime Minister’s Office said;

“Saddened by the loss of lives due to a mishap in Nanded, Maharashtra. My thoughts are with the bereaved families in this hour of grief. Praying for the speedy recovery of the injured.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi”