প্ৰধানমন্ত্ৰীয়ে 'মিছন মৌছম',ৰ শুভাৰম্ভ কৰে, আইএমডি ভিজন-২০৪৭ দস্তাবেজ মুকলি কৰে
প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে এটা স্মাৰক ডাক টিকট আৰু মুদ্ৰা মুকলি কৰে
আইএমডিৰ এই ১৫০ বছৰ কেৱল ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ কোটি কোটি ভাৰতীয়ক সেৱা আগবঢ়োৱাৰ যাত্ৰাই নহয়, বৰং আমাৰ দেশত আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰো চমকপ্ৰদ যাত্ৰা: প্ৰধানমন্ত্ৰী
বৈজ্ঞানিক প্ৰতিষ্ঠানসমূহত গৱেষণা আৰু উদ্ভাৱন নতুন ভাৰতৰ স্বভাৱৰ অংশ, যোৱা ১০ বছৰত আইএমডিৰ আন্তঃগাঁথনি আৰু প্ৰযুক্তিৰ অভূতপূৰ্ব সম্প্ৰসাৰণ হৈছে: প্ৰধানমন্ত্ৰী
'আমি ভাৰতক জলবায়ু সন্দৰ্ভত স্মাৰ্ট ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ ‘মিছন মৌছম’ৰ শুভাৰম্ভ কৰিছোঁ, বহনক্ষম ভৱিষ্যৎ আৰু ভৱিষ্যতৰ প্ৰস্তুতিৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ প্ৰতীক: প্ৰধানমন্ত্ৰী
আমাৰ বতৰ বিজ্ঞানৰ উন্নতিয়ে আমাৰ দুৰ্যোগ ব্যৱস্থাপনা ক্ষমতা গঢ়ি তুলিছে, ইয়াৰ সুফল সমগ্ৰ বিশ্বই লাভ কৰিছে, আমাৰ ফ্লেছ ফ্লাড গাইডেন্স ব্যৱস্থাই নেপাল, ভূটান, বাংলাদেশ আৰু শ্ৰীলংকাকো তথ্য প্ৰদান কৰি আছে: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আইএমডি)ৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত সমাৰোহত অংশগ্ৰহণ কৰে। এই উপলক্ষে সভাত ভাষণ প্ৰদান কৰি তেওঁ কয় যে আইএমডিৰ ১৫০ বছৰে কেৱল বতৰ বিজ্ঞান বিভাগৰ যাত্ৰাকে প্ৰতিফলিত কৰাই নহয়, বৰং ভাৰতত আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ গৌৰৱময় যাত্ৰাকো প্ৰতিফলিত কৰে। তেওঁ কয় যে আইএমডিয়ে এই ডেৰ শতিকাত লাখ লাখ ভাৰতীয়ক সেৱা আগবঢ়াইছে আৰু ই ভাৰতৰ বৈজ্ঞানিক প্ৰগতিৰ প্ৰতীক হৈ পৰিছে। শ্ৰী মোদীয়ে কয় যে আইএমডিৰ কৃতিত্বক সন্মান জনাই আজি এটা স্মাৰক ডাক টিকট আৰু মুদ্ৰাও মুকলি কৰা হৈছে। তেওঁ কয় যে ২০৪৭ চনত আইএমডিৰ ভৱিষ্যতৰ ৰূপৰেখা দাঙি ধৰা এক দৃষ্টিভংগী দস্তাবেজ প্ৰকাশ কৰা হৈছে। ২০৪৭ চনত ভাৰতে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিব। তেওঁ আইএমডিৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ এই গুৰুত্বপূৰ্ণ উপলক্ষে নাগৰিকসকলক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে আইএমডিয়ে ১৫০ বছৰীয়া যাত্ৰাৰ অংশ হিচাপে যুৱক-যুৱতীসকলক জড়িত কৰিবলৈ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান অলিম্পিয়াডৰ আয়োজন কৰিছিল। তেওঁ কয় যে ইয়াত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল, যাৰ ফলত বতৰ বিজ্ঞানৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ আৰু অধিক বৃদ্ধি পাব। শ্ৰী মোদীয়ে কিছুদিনৰ আগতে সভাস্থলীত আয়োজন কৰা প্ৰদৰ্শনীত যুৱক-যুৱতীসকলৰ সৈতে হোৱা আদান-প্ৰদানৰ কথা স্মৰণ কৰে আৰু আজি এই অনুষ্ঠানৰ অংশ হিচাপে থকা সকলো যুৱক-যুৱতীক অভিনন্দন জনায়।

 

শ্ৰী মোদীয়ে আলোকপাত কৰে যে ১৮৭৫ চনৰ ১৫ জানুৱাৰীত মকৰ সংক্ৰান্তিৰ অতি ওচৰত আইএমডি প্ৰতিষ্ঠা কৰা হৈছিল। তেওঁ কয়, "আমি সকলোৱে ভাৰতীয় পৰম্পৰাত মকৰ সংক্ৰান্তিৰ গুৰুত্ব জানো।" প্ৰধানমন্ত্ৰীয়ে কয় যে এজন গুজৰাটী হোৱাৰ বাবে তেওঁৰ প্ৰিয় উৎসৱ আছিল মকৰ সংক্ৰান্তি। শ্ৰী মোদীয়ে আৰু ব্যাখ্যা কৰে যে মকৰ সংক্ৰান্তিয়ে সূৰ্যৰ মকৰ ৰাশিত প্ৰৱেশ আৰু উত্তৰ দিশলৈ যোৱাৰ প্ৰতীক, যাক উত্তৰায়ণ নামেৰে জনা যায়। তেওঁ কয় যে এই সময়ছোৱাত উত্তৰ গোলাৰ্ধত সূৰ্যৰ পোহৰ ক্ৰমান্বয়ে বৃদ্ধি পায় খেতিৰ বাবে মাটি প্ৰস্তুত কৰা হয়। প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ ভাৰততে উত্তৰৰ পৰা দক্ষিণলৈ আৰু পূবৰ পৰা পশ্চিমলৈ বিভিন্ন সাংস্কৃতিক প্ৰকাশভংগীৰে মকৰ সংক্ৰান্তি উদযাপন কৰা হয়। তেওঁ এই উপলক্ষে সকলো নাগৰিককে শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয়, “এখন দেশৰ বৈজ্ঞানিক প্ৰতিষ্ঠানৰ অগ্ৰগতিৰ দ্বাৰা ইয়াৰ বিজ্ঞানৰ প্ৰতি সচেতনতা প্ৰতিফলিত হয়।” তেওঁ কয় যে বৈজ্ঞানিক প্ৰতিষ্ঠানসমূহত গৱেষণা আৰু উদ্ভাৱন নতুন ভাৰতৰ চৰিত্ৰৰ এক অবিচ্ছেদ্য অংগ। তেওঁ আঙুলিয়াই দিয়ে যে যোৱা দশকত আইএমডিৰ আন্তঃগাঁথনি আৰু প্ৰযুক্তিৰ অভূতপূৰ্ব সম্প্ৰসাৰণ ঘটিছে, ডপলাৰ বতৰ ৰাডাৰ, স্বয়ংক্ৰিয় বতৰ ষ্টেচন, ৰাণৱে বতৰ নিৰীক্ষণ ব্যৱস্থা আৰু জিলাভিত্তিক বৰষুণ নিৰীক্ষণ কেন্দ্ৰৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে, যিবোৰ সকলো উন্নীত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে ভাৰতৰ বতৰ বিজ্ঞানে মহাকাশ আৰু ডিজিটেল প্ৰযুক্তিৰ দ্বাৰা বহুখিনি লাভৱান হয়। তেওঁ কয় যে ভাৰতৰ এন্টাৰ্কটিকাত মৈত্ৰী আৰু ভাৰতী নামৰ দুটা বতৰ বিজ্ঞানৰ মানৱ নিৰীক্ষণ কেন্দ্ৰ আছে আৰু যোৱা বছৰ ছুপাৰ কম্পিউটাৰ আৰ্ক আৰু অৰুণিকা প্ৰৱৰ্তন কৰা হৈছিল, যাৰ ফলত আইএমডিৰ নিৰ্ভৰযোগ্যতা বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰীয়ে ‘মিছন মৌছম’ শুভাৰম্ভ কৰাৰ কথা ঘোষণা কৰে, যিয়ে ভাৰতৰ বহনক্ষম ভৱিষ্যৎ আৰু ভৱিষ্যতৰ প্ৰস্তুতিৰ প্ৰতি দায়বদ্ধতাৰ প্ৰতীক আৰু দেশখন যাতে সকলো বতৰৰ পৰিস্থিতিৰ বাবে সাজু হয় আৰু জলবায়ু স্মাৰ্ট অৰ্থনীতি গঢ়ি তোলাটো নিশ্চিত কৰে।

 

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে বিজ্ঞানৰ প্ৰাসংগিকতা কেৱল নতুন উচ্চতা স্পৰ্শ কৰাই নহয়, সাধাৰণ মানুহৰ জীৱন সহজ কৰি তোলাতো নিহিত হৈ আছে। তেওঁ কয় যে আই এমডিয়ে বতৰৰ সঠিক তথ্য সকলোৰে বাবে উপলব্ধ কৰি এই মাপকাঠী আগুৱাই লৈ গৈছে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে ‘সকলোৰে বাবে আগতীয়া সতৰ্কবাণী’ পদক্ষেপে এতিয়া ৯০ শতাংশতকৈ অধিক লোকৰ কাষ চাপিছে। তেওঁ কয় যে যিকোনো ব্যক্তিয়ে যিকোনো সময়তে বিগত আৰু আগন্তুক ১০ দিনৰ বতৰৰ তথ্য লাভ কৰিব পাৰে, আনকি পূৰ্বাভাসো হোৱাটছএপত উপলব্ধ। তেওঁ কয় যে ‘মেঘদূত মোবাইল এপ’ই সকলো স্থানীয় ভাষাতে বতৰৰ তথ্য প্ৰদান কৰে। মোদীয়ে আঙুলিয়াই দিয়ে যে ১০ বছৰৰ আগতে মাত্ৰ ১০ শতাংশ কৃষক আৰু পশুপালকেহে বতৰৰ পৰামৰ্শ ব্যৱহাৰ কৰিছিল যদিও আজি এই সংখ্যা ৫০ শতাংশতকৈও অধিক হৈছে। তেওঁ কয় যে এতিয়া মোবাইল ফোনত বজ্ৰপাতৰ সতৰ্কবাণী পোৱা সম্ভৱ হৈছে। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে আগতে লাখ লাখ মাছমৰীয়াৰ পৰিয়াল সাগৰলৈ গ’লে চিন্তিত হৈ পৰিছিল যদিও এতিয়া আইএমডিৰ সহায়ত মাছমৰীয়াসকলে সময়মতে সতৰ্কবাণী লাভ কৰে। তেওঁ কয় যে বাস্তৱ সময়ৰ সতৰ্কবাণীয়ে নিৰাপত্তা বৃদ্ধি কৰাৰ লগতে কৃষি আৰু নীলা অৰ্থনীতিৰ দৰে খণ্ডসমূহ শক্তিশালী কৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, “কোনো এখন দেশৰ দুৰ্যোগ ব্যৱস্থাপনা সামৰ্থ্যৰ বাবে বতৰ বিজ্ঞান গুৰুত্বপূৰ্ণ। তেওঁ কয় যে প্ৰাকৃতিক দুৰ্যোগৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ বতৰ বিজ্ঞানৰ কাৰ্যক্ষমতা সৰ্বাধিক কৰিব লাগে।” শ্ৰী মোদীয়ে আলোকপাত কৰে যে ভাৰতে ধাৰাবাহিকভাৱে এই গুৰুত্ব বুজি পাইছে আৰু এতিয়া সেই দুৰ্যোগৰ প্ৰভাৱ লাঘৱ কৰিবলৈ সক্ষম হৈছে। ১৯৯৮ চনত কচ্ছত কণ্ডলা ঘূৰ্ণীবতাহ আৰু ১৯৯৯ চনত ওড়িশাত হোৱা ছুপাৰ চাইক্ল’নৰ ফলত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱা বিধ্বংসী পৰিস্থিতিৰ কথা স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় যে শেহতীয়া বছৰবোৰত কেইবাটাও বৃহৎ ঘূৰ্ণীবতাহ আৰু দুৰ্যোগৰ মাজতো ভাৰতে বেছিভাগ ক্ষেত্ৰতে জীৱন আৰু সম্পত্তিৰ ক্ষতি সফলভাৱে হ্ৰাস বা নিৰ্মূল কৰিছে। এই সফলতাসমূহৰ বাবে তেওঁ বতৰ বিজ্ঞান বিভাগৰ গুৰুত্বপূৰ্ণ ভূমিকাক কৃতিত্ব দিয়ে। তেওঁ কয় যে বিজ্ঞান আৰু প্ৰস্তুতিৰ বাবে কোটি কোটি টকাৰ অৰ্থনৈতিক লোকচানো হ্ৰাস পাইছে, যাৰ ফলত অৰ্থনীতি শক্তিশালী হৈছে আৰু বিনিয়োগকাৰীৰ আস্থাও বৃদ্ধি পাইছে।

 

প্ৰধানমন্ত্ৰীয়ে কয়, “বিজ্ঞানৰ অগ্ৰগতি আৰু ইয়াৰ সম্পূৰ্ণ ব্যৱহাৰ এখন দেশৰ বিশ্বব্যাপী ভাবমূৰ্তিৰ বাবে গুৰুত্বপূৰ্ণ।” তেওঁ জোৰ দি কয় যে ভাৰতৰ বতৰ বিজ্ঞানৰ উন্নতিয়ে ইয়াৰ দুৰ্যোগ ব্যৱস্থাপনা ক্ষমতা শক্তিশালী কৰিছে, যিয়ে সমগ্ৰ বিশ্বক উপকৃত কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ ফ্লেছ ফ্লাড গাইডেন্স প্ৰণালীয়ে নেপাল, ভূটান, বাংলাদেশ আৰু শ্ৰীলংকাক তথ্য প্ৰদান কৰে। তেওঁ কয় যে ভাৰতে ‘বিশ্ব বন্ধু’ হিচাপে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত আন দেশক সহায় কৰাৰ ক্ষেত্ৰত সদায় আগৰণুৱা হৈ আহিছে। তেওঁ আৰু কয় যে ইয়াৰ ফলত ভাৰতৰ বিশ্বব্যাপী ভাবমূর্তি বৃদ্ধি পাইছে৷ শ্ৰী মোদীয়ে আইএমডিৰ বিজ্ঞানীসকলক এই সাফল্যত উল্লেখযোগ্য অৱদানৰ বাবে প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে আইএমডিৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে ভাৰতৰ বতৰ বিজ্ঞানৰ চহকী ইতিহাসৰ ওপৰত আলোকপাত কৰি কয় যে বতৰ মানৱ বিকাশক প্ৰভাৱিত কৰা এটা প্ৰাথমিক কাৰক হৈ আহিছে, আৰু সমগ্ৰ ইতিহাসত সমগ্ৰ বিশ্বৰ মানুহে বতৰ আৰু পৰিৱেশৰ বিষয়ে অন্বেষণ কৰি আহিছে। ভাৰতৰ বতৰ বিজ্ঞানৰ বিশেষজ্ঞতাৰ চহকী ইতিহাসৰ বিষয়ে আলোচনা কৰি প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে পৰম্পৰাগত জ্ঞান বেদ, সংহিতা আৰু সূৰ্য্য সিদ্ধান্ত আদি প্ৰাচীন গ্ৰন্থত নথিভুক্ত, পৰিশোধন আৰু ব্যাপকভাৱে অধ্যয়ন কৰা হৈছে। তেওঁ কয় যে তামিলনাডুৰ সংগম সাহিত্য আৰু উত্তৰৰ ঘাঘ ভদ্দাৰীৰ লোক সাহিত্যত বতৰ বিজ্ঞানৰ বিস্তৃত তথ্য সন্নিবিষ্ট কৰা হৈছে। তেওঁ কয় যে বতৰ বিজ্ঞানক অধ্যয়নৰ এক সুকীয়া শাখা বুলি গণ্য কৰা নহয় বৰঞ্চ জ্যোতিৰ্বিজ্ঞানৰ হিচাপ, জলবায়ু অধ্যয়ন, প্ৰাণীৰ আচৰণ আৰু সামাজিক অভিজ্ঞতাৰ সৈতে সংযুক্ত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কৃষি পৰাশৰ আৰু বৃহদ সংহিতাৰ দৰে গুৰুত্বপূৰ্ণ গ্ৰন্থৰ কথা উল্লেখ কৰে, য’ত ডাৱৰৰ গঠন আৰু ইয়াৰ প্ৰকাৰৰ বিষয়ে অধ্যয়ন কৰা আৰু গ্ৰহৰ অৱস্থানৰ ওপৰত গাণিতিক কাম কৰা হয়। কৃষি পৰাশৰৰ উদ্ধৃতি দি শ্ৰী মোদীয়ে কয় যে উচ্চ বা নিম্ন বায়ুমণ্ডলীয় চাপ আৰু উষ্ণতাই ডাৱৰৰ বৈশিষ্ট্য আৰু বৰষুণৰ ওপৰত প্ৰভাৱ পেলায়। তেওঁ আধুনিক যন্ত্ৰপাতি অবিহনে প্ৰাচীন পণ্ডিতসকলে কৰা বিস্তৃত গৱেষণাৰ ওপৰত মন্তব্য কৰি তেওঁলোকৰ গভীৰ জ্ঞান আৰু নিষ্ঠাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে সিদ্ধ পৰম্পৰাগত জ্ঞানক আধুনিক বিজ্ঞানৰ সৈতে একত্ৰিত কৰাৰ গুৰুত্বৰ ওপৰত জোৰ দি এই দিশত অধিক গৱেষণাৰ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে “Pre-Modern Kutchi Navigation Techniques and Voyages” নামৰ এখন গ্ৰন্থৰ কথা উল্লেখ কৰে, য’ত গুজৰাটৰ নাৱিকসকলৰ শতিকা পুৰণি সামুদ্ৰিক জ্ঞানৰ নথিভুক্ত কৰা হৈছে। এই গ্ৰন্থখন কেইবছৰমান আগতে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিছিল। তেওঁ ভাৰতৰ জনজাতীয় সম্প্ৰদায়ৰ ভিতৰত থকা চহকী জ্ঞান ঐতিহ্যকো স্বীকাৰ কৰে, য’ত প্ৰকৃতি আৰু প্ৰাণীৰ আচৰণৰ গভীৰ বুজাবুজি অন্তৰ্ভুক্ত। তেওঁ এই জ্ঞানৰ অধিক অন্বেষণ আৰু সমসাময়িক বৈজ্ঞানিক পদ্ধতিৰ সৈতে একত্ৰীকৰণৰ আহ্বান জনায়।

 

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে আইএমডিৰ বতৰৰ পূৰ্বাভাস যিমানেই সঠিক হ’ব সিমানেই ইয়াৰ গুৰুত্ব বৃদ্ধি পাব। তেওঁ কয় যে বিভিন্ন খণ্ড, উদ্যোগ আৰু আনকি দৈনন্দিন জীৱনতো আইএমডিৰ তথ্যৰ চাহিদা বৃদ্ধি পাব। প্ৰধানমন্ত্ৰীয়ে ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সতৰ্কবাণী ব্যৱস্থা গঢ়ি তোলাকে ধৰি ভৱিষ্যতৰ প্ৰয়োজনীয়তাক মনত ৰাখি কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ বিজ্ঞানী, গৱেষক আৰু আইএমডিৰ দৰে প্ৰতিষ্ঠানক নতুন অগ্ৰগতিৰ দিশত কাম কৰিবলৈ উৎসাহিত কৰে। ভাষণৰ সামৰণিত মোদীয়ে আস্থা প্ৰকাশ কৰে যে ভাৰতে বিশ্ব সেৱা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ আইএমডি আৰু বতৰ বিজ্ঞানৰ সৈতে জড়িত সকলোকে তেওঁলোকৰ ১৫০ বছৰীয়া যাত্ৰাৰ বাবে অভিনন্দন জনায়।

এই অনুষ্ঠানত কেন্দ্ৰীয় পৃথিৱী বিজ্ঞানৰ ৰাজ্যিক মন্ত্ৰী (স্বাধীন চাৰ্জ) ড° জিতেন্দ্ৰ সিং, বিশ্ব বতৰ বিজ্ঞান সংস্থা (ডব্লিউএমঅ’)ৰ সচিব প্ৰধান, অধ্যাপক চেলেষ্টে ছাউলোকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

পৃষ্ঠভূমি

প্ৰধানমন্ত্ৰীয়ে নিজৰ দেশক ‘বতৰ-প্ৰস্তুত আৰু জলবায়ু-স্মাৰ্ট’ দেশ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ‘মিছন মৌছম’ আৰম্ভ কৰে। এই অভিযানৰ লক্ষ্য হৈছে অত্যাধুনিক বতৰ নিৰীক্ষণ প্ৰযুক্তি আৰু ব্যৱস্থা বিকশিত কৰি আৰু উচ্চ ৰেজোলিউচনৰ বায়ুমণ্ডলীয় পৰ্যবেক্ষণ, পৰৱৰ্তী প্ৰজন্মৰ ৰাডাৰ আৰু উপগ্ৰহ, আৰু উচ্চ কাৰ্যক্ষম কম্পিউটাৰ ৰূপায়ণ কৰি দেশখনক জলবায়ু সন্দৰ্ভত স্মাৰ্ট ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা। ইয়াৰ উপৰিও, বতৰ আৰু জলবায়ু প্ৰক্ৰিয়াৰ বুজাবুজি উন্নত কৰাত গুৰুত্ব দিব আৰু বায়ুৰ গুণাগুণৰ তথ্য প্ৰদান কৰিব যিয়ে দীৰ্ঘম্যাদীভাৱে বতৰ ব্যৱস্থাপনা আৰু কাৰ্যসূচী কৌশল প্ৰণয়নত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে বতৰ সজাগতা আৰু জলবায়ু পৰিৱৰ্তনৰ লগত খাপ খোৱাৰ বাবে আইএমডি ভিজন-২০৪৭ দস্তাবেজো প্ৰকাশ কৰে। ইয়াৰ ভিতৰত বতৰ পূৰ্বাভাস, বতৰ ব্যৱস্থাপনা আৰু জলবায়ু পৰিৱৰ্তন প্ৰশমনৰ পৰিকল্পনা অন্তৰ্ভুক্ত।

 

আইএমডিৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে, বিগত ১৫০ বছৰৰ ভিতৰত আইএমডিৰ সাফল্য, ভাৰতৰ জলবায়ু স্থিতিস্থাপক কৰি তোলাত ইয়াৰ ভূমিকা, আৰু বিভিন্ন বতৰ আৰু জলবায়ু সেৱা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰী প্ৰতিষ্ঠানসমূহে গ্ৰহণ কৰা ভূমিকা প্ৰদৰ্শন কৰিবলৈ ধাৰাবাহিক অনুষ্ঠান, কাৰ্যকলাপ আৰু কৰ্মশালাৰ আয়োজন কৰা হৈছে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways renews 54,600 km of tracks since 2014, boosting speed potential and safety

Media Coverage

Indian Railways renews 54,600 km of tracks since 2014, boosting speed potential and safety
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Shri Narendra Modi speaks with the President of Iran
March 12, 2026
President Pezeshkian shares his perspective on the situation in Iran and the region.
PM reiterates India’s consistent position on resolving all issues through dialogue and diplomacy.
PM highlights India’s priority regarding safety and well-being of Indian nationals and unhindered transit of energy and goods.

Prime Minister Shri Narendra Modi had a telephone conversation today with the President of the Islamic Republic of Iran, H.E. Dr. Masoud Pezeshkian.

President Pezeshkian briefed the Prime Minister on the current situation in Iran and shared his perspective on recent developments in the region.

The Prime Minister expressed deep concern about the evolving security situation in the region and reiterated India’s consistent position that all issues must be resolved through dialogue and diplomacy.

The Prime Minister highlighted India’s priority regarding the safety and well-being of Indian nationals in the region, including in Iran, as also the importance of unhindered transit of energy and goods.

The two leaders agreed to remain in touch.