বিদ্যালয়ত বহুমুখী ক্ৰীড়া চৌহদৰ আধাৰশিলা স্থাপন
দ্য সিন্ধিয়া স্কুলৰ ১২৫ বছৰীয়া জয়ন্তীৰ স্মাৰক ডাক টিকট মুকলি
বিশিষ্ট প্ৰাক্তন ছাত্ৰ আৰু শীৰ্ষ কৃতিত্বপ্ৰাপ্তসকলক বিদ্যালয়ৰ বাৰ্ষিক বঁটা প্ৰদান
“মহাৰাজা মাধো ৰাও সিন্ধিয়া-আই জী আছিল এগৰাকী দূৰদৰ্শী ব্যক্তি, যাৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে এক উজ্জ্বল ভৱিষ্যত গঢ়াৰ সপোন আছিল”
“যোৱা এটা দশকত দেশৰ অভূতপূৰ্ব দীৰ্ঘম্যাদী পৰিকল্পনাৰ ফলত যুগান্তকাৰী সিদ্ধান্ত লোৱা হৈছে”
এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এক স্মাৰক ডাক টিকটো মুকলি কৰে।
প্ৰধানমন্ত্ৰীয়ে শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া গুজৰাটৰ জোঁৱাই বুলিও উল্লেখ কৰাৰ লগতে গুজৰাটৰ জন্মস্থানত গাইকোৱাদ পৰিয়ালৰ অৱদানৰ কথাও উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ দৃষ্টিভংগীয়ে আমাক দীৰ্ঘম্যাদী কাম কৰিবলৈ আৰু জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে শ্বৰ্টকাট এৰাই চলিবলৈ শিকায়।
লগতে তেওঁ তেজছ আৰু আইএনএছ বিক্ৰান্তৰ নাম উল্লেখ কৰি কয় “ভাৰতৰ বাবে একোৱেই অসম্ভৱ নহয়”।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ গোৱালিয়ৰত ‘দ্য সিন্ধিয়া স্কুল’ৰ ১২৫সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ কাৰ্যসূচীত ভাষণ আগবঢ়ায়। কার্যসূচীৰ সময়ত প্রধানমন্ত্রীয়ে বিদ্যালয়খনত ‘বহুমূখী ক্ৰীড়া চৌহদ’ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিশিষ্ট প্রাক্তন ছাত্র-ছাত্রী আৰু কৃতিত্বতে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক বিদ্যালয়খনৰ বার্ষিক বঁটা প্রদান কৰে৷ ১৮৯৭ চনত প্ৰতিষ্ঠা হোৱা সিন্ধিয়া বিদ্যালয়খন ঐতিহাসিক গোৱালিয়ৰ দুৰ্গৰ ওপৰত অৱস্থিত। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এক স্মাৰক ডাক টিকটো মুকলি কৰে।

প্ৰধানমন্ত্ৰীয়ে শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তিতো পুষ্পাঞ্জলি অৰ্পণ কৰে। এই উপলক্ষে প্ৰদৰ্শিত প্ৰদৰ্শনীও পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰীয়ে।

 

দ্য সিন্ধিয়া স্কুলৰ ১২৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে সকলোকে অভিনন্দন জ্ঞাপন কৰে। লগতে আজাদ হিন্দ চৰকাৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে নাগৰিকসকলক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে দ্য সিন্ধিয়া স্কুল আৰু গোৱালিয়ৰ চহৰৰ গৌৰৱোজ্জল ইতিহাস উদযাপনৰ অংশ হোৱাৰ সুযোগ পোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ ঋষি গোৱালিপা, সংগীতৰ শিক্ষয়িত্ৰী তানচেন, মহদ জী সিন্ধিয়া, ৰাজমাতা বিজয়া ৰাজে, অটল বিহাৰী বাজপেয়ী আৰু ওস্তাদ আমজাদ আলী খানৰ কথা উল্লেখ কৰি কয় যে গোৱালিয়ৰৰ ভূমিত সদায় আনৰ বাবে অনুপ্ৰেৰণা হৈ পৰা লোকৰ জন্ম হয়। “এয়া নাৰী শক্তি আৰু শৌৰ্য্যৰ ভূমি৷”, এই ভূমিতে মহাৰাণী গংগাবায়ে স্বৰাজ হিন্দ ফৌজৰ পুঁজিৰ বাবে নিজৰ গহনা বিক্ৰী কৰিছিল বুলি উল্লেখ কৰি কয় প্ৰধানমন্ত্ৰীয়ে। “গোৱালিয়ৰলৈ অহাটো সদায় এক আনন্দদায়ক অভিজ্ঞতা”, প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু বাৰাণসীৰ সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত সিন্ধিয়া পৰিয়ালৰ অৱদানৰ কথাও উল্লেখ কৰে। তেওঁ কাশীত পৰিয়ালটোৱে নিৰ্মাণ কৰা কেইবাটাও ঘাট আৰু বিএইচইউলৈ আগবঢ়োৱা অৱদানৰ কথা স্মৰণ কৰে। তেওঁ কয় যে কাশীৰ বৰ্তমানৰ উন্নয়নমূলক প্ৰকল্পসমূহ পৰিয়ালৰ আলোকসজ্জাৰ বাবে সন্তুষ্টিৰ বিষয় হ’ব লাগিব। প্ৰধানমন্ত্ৰীয়ে শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া গুজৰাটৰ জোঁৱাই বুলিও উল্লেখ কৰাৰ লগতে গুজৰাটৰ জন্মস্থানত গাইকোৱাদ পৰিয়ালৰ অৱদানৰ কথাও উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে এগৰাকী কৰ্তব্যপৰায়ণ ব্যক্তিয়ে ক্ষণিক লাভৰ পৰিৱৰ্তে আগন্তুক প্ৰজন্মৰ কল্যাণৰ বাবে কাম কৰে। শিক্ষানুষ্ঠান স্থাপনৰ দীৰ্ঘম্যাদী লাভৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে মহাৰাজা মাধো ৰাও প্ৰথমলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। শ্ৰী মোদীয়ে এক অজানা তথ্যও উল্লেখ কৰে যে মহাৰাজে ৰাজহুৱা পৰিবহণ ব্যৱস্থা স্থাপন কৰিছিল যিটো এতিয়াও দিল্লীত ডিটিচি হিচাপে কাম কৰি আছে। প্ৰধানমন্ত্ৰী মোদীয়ে জল সংৰক্ষণ আৰু জলসিঞ্চনৰ ক্ষেত্ৰতো তেওঁৰ পদক্ষেপৰ কথা উল্লেখ কৰি কয় যে ১৫০ বছৰৰ পাছতো হৰ্ছি বান্ধ এছিয়াৰ আটাইতকৈ ডাঙৰ বোকা বান্ধ হিচাপে পৰিগণিত হৈ আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ দৃষ্টিভংগীয়ে আমাক দীৰ্ঘম্যাদী কাম কৰিবলৈ আৰু জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে শ্বৰ্টকাট এৰাই চলিবলৈ শিকায়।

 

প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ সময়ত তাৎক্ষণিক ফলাফলৰ বাবে কাম কৰা বা দীৰ্ঘম্যাদী পন্থা গ্ৰহণৰ বিকল্প দুটাৰ ওপৰত আলোকপাত কৰে। ৮, ১০, ১৫ আৰু ২০ বছৰ আৰু এতিয়া চৰকাৰে ১০ বছৰ সম্পূৰ্ণ কৰাৰ ওচৰ চাপিছে, দীৰ্ঘম্যাদী পদ্ধতিৰে একাধিক বাকী থকা সিদ্ধান্ত লোৱা হৈছে। শ্ৰী মোদীয়ে তেওঁ চৰকাৰৰ কৃতিত্বৰ তালিকা উল্লেখ কৰে৷ সেইবোৰৰ ভিতৰত ছয় দশক ধৰি দাবী কৰি অহা জম্মু-কাশ্মীৰৰ ৩৭০ অনুচ্ছেদ বাতিল কৰা, চাৰি দশক পুৰণি সেনাবাহিনীৰ প্ৰাক্তন সৈনিকসকলক এক পদ এক পেঞ্চন প্ৰদান, চাৰি দশক পুৰণি জিএছটি আৰু তিনি তালাক আইন প্ৰণয়ণৰ কথা কয়। শেহতীয়াকৈ সংসদত গৃহীত হোৱা নাৰী শক্তি বন্দন অধিনিয়মৰ কথাও তেওঁ উল্লেখ কৰে। শ্ৰী মোদীয়ে কয় যে এই বাকী থকা সিদ্ধান্তসমূহ পৰৱৰ্তী প্ৰজন্মলৈ আগবঢ়াই নিয়াৰ বাবে বৰ্তমানৰ চৰকাৰখনে নৱ প্ৰজন্মৰ বাবে সুযোগৰ অভাৱ নোহোৱাকৈ এক ইতিবাচক পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। “ড্ৰিম বিগ এণ্ড এছিভ বিগ”, বুলি প্ৰধানমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক কয় যেতিয়া তেওঁ লক্ষ্য কৰে যে ভাৰতে স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ কৰিলে দ্য সিন্ধিয়া স্কুলেও ১৫০ বছৰ সম্পূৰ্ণ কৰিব। প্ৰধানমন্ত্ৰীয়ে আত্মবিশ্বাসেৰে কয় যে আগন্তুক ২৫ বছৰত যুৱ প্ৰজন্মই ভাৰতক এখন উন্নত ৰাষ্ট্ৰ কৰি তুলিব। “মই যুৱক-যুৱতী আৰু তেওঁলোকৰ সামৰ্থ্যক বিশ্বাস কৰোঁ”, প্ৰধানমন্ত্ৰীয়ে কয় আৰু দেশে লোৱা সংকল্প যুৱক-যুৱতীসকলে সম্পন্ন কৰিব বুলি বিশ্বাস প্ৰকাশ কৰে। তেওঁ পুনৰ কয় যে অহা ২৫ বছৰ ছাত্ৰ-ছাত্ৰীৰ বাবে যিমান তাৎপৰ্যপূৰ্ণ, ভাৰতৰ বাবেও সিমানেই তাৎপৰ্যপূৰ্ণ। “পেছাদাৰী জগততেই হওক বা আন যিকোনো ঠাইতেই হওক, সিন্ধিয়া বিদ্যালয়ৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে ভাৰতক বিকশিত ভাৰত হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰা উচিত”, তেওঁ সজোৰে কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে সিন্ধিয়া বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সৈতে তেওঁৰ মত বিনিময়ে তেওঁলোকৰ বিকশিত ভাৰতৰ ভাগ্য পূৰণৰ ক্ষমতাৰ ওপৰত তেওঁৰ বিশ্বাস অধিক শক্তিশালী কৰিছে। তেওঁ কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং, ৰেডিঅ’ৰ কিংবদন্তি আমিন ছায়ানী, প্ৰধানমন্ত্ৰীৰ গৰ্বা গীত সুৰ আৰু সংগীতেৰে সজাই তোলো মীট ব্ৰাডাৰ, ছলমান খান, গায়ক নীতিন মুকেশৰ কথা উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ক্ৰমবৰ্ধমান বৈশ্বিক সফলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ তেওঁ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ আৰু জি-২০ৰ সফল আয়োজনৰ কথা উল্লেখ কৰে। তেওঁ ভাৰতক আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ বুলি কয়৷ ফিনটেক, ৰিয়েল টাইম ডিজিটেল লেনদেন আৰু স্মাৰ্টফোনৰ ডাটা ব্যৱহাৰৰ হাৰত ভাৰত প্ৰথম স্থানত আছে। তেওঁ অৱগত কৰে যে ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা আৰু মোবাইল নিৰ্মাণৰ ক্ষেত্ৰত ভাৰত দ্বিতীয় স্থানত আছে। ভাৰতত তৃতীয় বৃহত্তম ষ্টাৰ্টআপ ইক’চিষ্টেম আৰু বিশ্বৰ তৃতীয় বৃহত্তম শক্তি গ্ৰাহক। তেওঁ মহাকাশ কেন্দ্ৰৰ বাবে ভাৰতৰ প্ৰস্তুতি আৰু আজি নিজেই কৰা গগনযান সম্পৰ্কীয় সফল পৰীক্ষাৰ কথা উল্লেখ কৰে। লগতে তেওঁ তেজছ আৰু আইএনএছ বিক্ৰান্তৰ নাম উল্লেখ কৰি কয় “ভাৰতৰ বাবে একোৱেই অসম্ভৱ নহয়”।

ছাত্ৰ-ছাত্ৰীসকলক পৃথিৱীখন তেওঁলোকৰ অয়ষ্টাৰ বুলি কৈ প্ৰধানমন্ত্ৰীয়ে মহাকাশ আৰু প্ৰতিৰক্ষা খণ্ডকে ধৰি তেওঁলোকৰ বাবে মুকলি কৰা নতুন পথৰ বিষয়ে কয়। প্রধানমন্ত্রীয়ে ছাত্র-ছাত্রীসকলক নিৰ্দিষ্ট গণ্ডীৰ বাহিৰত চিন্তা কৰিবলৈ কয়৷ প্রাক্তন ৰে’ল মন্ত্রী শ্রীমাধৱ ৰাৱে শতাব্দী ৰে’ল আৰম্ভ কৰাৰ দৰে পদক্ষেপসমূহ কেনেদৰে তিনি দশকলৈকে পুনৰাবৃত্তি নহ’ল বুলি উল্লেখ কৰি এতিয়া দেশত দেখা গৈছে বন্দে ভাৰত আৰু নমো ভাৰত ৰে’ল প্ৰৱৰ্তন কৰা বুলি কয়৷

 

প্ৰধানমন্ত্ৰীয়ে স্বৰাজৰ সংকল্পৰ আধাৰত দ্য সিন্ধিয়া স্কুলত থকা গৃহসমূহৰ নাম আলোকপাত কৰি কয় যে ই এক বৃহৎ প্ৰেৰণাৰ উৎস। শিৱাজী হাউচ, মহদ জী হাউচ, ৰানো জি হাউচ, দত্ত জী হাউচ, কানাৰখেড় হাউচ, নিমাজী হাউচ আৰু মাধৱ হাউচৰ কথা উল্লেখ কৰি তেওঁ ইয়াক সপ্ত ঋষিৰ শক্তিৰ দৰে বুলি কয়। শ্ৰী মোদীয়ে ছাত্ৰ-ছাত্ৰীসকলক ৯টা কাম কৰিবলৈ কয়৷ সেয়া হৈছে জল সুৰক্ষাৰ বাবে সজাগতা অভিযান, ডিজিটেল পেমেণ্টৰ বিষয়ে সজাগতা সৃষ্টি কৰা, গোৱালিয়ৰক ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে গঢ়ি তোলাৰ চেষ্টা কৰা, মেড ইন ইণ্ডিয়াৰ সামগ্ৰীৰ প্ৰচাৰ আৰু ভোকেল ফৰ লোকেলৰ পন্থা গ্ৰহণ, ভাৰতক অন্বেষণ কৰা আৰু বিদেশী ৰাষ্ট্ৰলৈ যোৱাৰ আগতে দেশৰ বিভিন্ন ঠাই ভ্ৰমণ কৰা, আঞ্চলিক কৃষকৰ মাজত প্ৰাকৃতিক কৃষিৰ বিষয়ে সজাগতা সৃষ্টি কৰা, দৈনন্দিন খাদ্য হিচাপে বাজৰাৰ খেতি কৰা, ক্ৰীড়া, যোগ বা যিকোনো ধৰণৰ ফিটনেছক জীৱনশৈলীৰ অবিচ্ছেদ্য অংশ হিচাপে গঢ়ি তোলা, আৰু শেষত অন্ততঃ এটা দুখীয়া পৰিয়ালৰ আগুৱাই নিয়া৷ তেওঁ উল্লেখ কৰে যে বিগত পাঁচ বছৰত ১৩ কোটি লোক এই পথ অনুসৰণ কৰি দৰিদ্ৰতাৰ পৰা ওলাই আহিছে আৰু “আজি ভাৰতে যি কৰিছে, বিশাল পৰিসৰত কৰিছে”, প্ৰধানমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ সপোন আৰু সংকল্পৰ বিষয়ে ডাঙৰ চিন্তা কৰিবলৈ আহ্বান জনায়। “আপোনালোকৰ সপোন মোৰ সংকল্প”, বুলি তেওঁ ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ চিন্তা আৰু ধাৰণা নামো এপৰ জৰিয়তে শ্বেয়াৰ কৰিবলৈ বা হোৱাটছএপত তেওঁৰ সৈতে সংযোগ স্থাপন কৰিবলৈ পৰামৰ্শ দিয়ে।

 

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে কয়, “সিন্ধিয়া বিদ্যালয় কেৱল এটা প্ৰতিষ্ঠান নহয় বৰঞ্চ এক উত্তৰাধিকাৰ।” তেওঁ কয় যে বিদ্যালয়খনে স্বাধীনতাৰ পূৰ্বে আৰু ইয়াৰ পিছতো মহাৰাজ মাধো ৰাও জীৰ সংকল্পসমূহ ধাৰাবাহিকভাৱে আগবঢ়াই লৈ গৈছে। কিছু সময়ৰ পূৰ্বে বঁটা লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক পুনৰবাৰ শুভেচ্ছা জনাই শ্ৰী মোদীয়ে সিন্ধিয়া বিদ্যালয়লৈ উজ্জ্বল ভৱিষ্যত কামনা কৰে।

এই উপলক্ষে অনুষ্ঠানত মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী মংগুভাই পেটেল, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, নৰেন্দ্ৰ সিং টোমাৰ আৰু জিতেন্দ্ৰ সিঙৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India steps up semiconductor push, seeks to turn ‘Make In India’ into ‘Engineer in India’

Media Coverage

India steps up semiconductor push, seeks to turn ‘Make In India’ into ‘Engineer in India’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
The inauguration of Swaminarayan Temple is a new milestone in the cultural relations between India and France: PM Modi
September 06, 2026
It is a matter of great joy that BAPS Swaminarayan Hindu Mandir is being inaugurated in Paris: PM
This temple will surely enrich the diversity of France and energize our cultural relations: PM
India-France Strategic Partnership is special as it rests on the strong foundation of old cultural and political bonds: PM

पूज्य महंत स्वामी, फ्रांस सरकार के सम्मानित प्रतिनिधिगण, उपस्थित अतिथिगण, इंडियन कम्युनिटी के मेरे साथी, देश दुनिया से जुड़े सभी हरि भक्त, देवियों और सज्जनों, जय स्वामीनारायण!

आज फ्रांस की राजधानी पेरिस में भव्य स्वामीनारायण मंदिर का लोकार्पण हो रहा है। यह लोकार्पण भारत और फ्रांस के सांस्कृतिक संबंधों का नया युग स्तंभ है। पूज्य संत जनों और सनातन परंपरा के श्रेष्ठ जनों के आशीर्वाद के साथ आज इस लोकार्पण का मंच ‘वसुधैव कुटुम्बकम’ के भाव का मंच बन गया है। भगवान स्वामीनारायण की कृपा और हमारे संतों का स्नेह, संतों का आशीर्वाद, मेरा सौभाग्य है कि मुझे ऐसे पुण्य अवसरों से जुड़ने का अवसर हमेशा मिलता रहता है। आज भी मैं भले ही पेरिस में आप सबके बीच उपस्थित नहीं हूं, लेकिन मन से और हृदय से, मैं स्वयं को आपके बीच ही अनुभव कर रहा हूं।

साथियों,

आज इस अवसर पर मैं परम पूज्य प्रमुख स्वामी जी महाराज का भी श्रद्धापूर्वक स्मरण करता हूं। प्राचीन काल में भारत का जो सांस्कृतिक आध्यात्मिक वैभव था, उन्होंने उसके पुनर्जागरण का एक अभियान शुरू किया था। आज उसका प्रकाश यूरोप समेत पूरी दुनिया में फैल रहा है। 2024 में अबू धाबी में भव्य मंदिर का लोकार्पण हुआ था। आज वहां हजारों लोग दर्शन करने जाते हैं और अब यहां पेरिस में स्वामीनारायण मंदिर का निर्माण सृजन की यह निरंतरता, यह संतों की संकल्प शक्ति का ही प्रमाण है। मैं पुनीत कार्य के लिए पूज्य महंत स्वामी का आभार प्रकट करता हूं, मैं उनके चरणों में प्रणाम करता हूं। मैं BAPS स्वामीनारायण संस्था को और करोड़ों हरि भक्तों को इस अवसर पर हृदय की गहराई से बधाई देता हूं।

साथियों,

BAPS के माध्यम से जब अलग-अलग देश में मंदिरों की प्राण प्रतिष्ठा होती है, तो वहां भारत के प्राचीन विचार और मानवीय मूल्य भी साथ-साथ ही जाते हैं और भारत का विचार कहता है ‘समानं मनः सह चित्तमेषाम्’ अर्थात हमारे मन समान हो, हमारे हृदय साथ जुड़े। इसलिए आज जब फ्रांस में इतना भव्य मंदिर बनकर तैयार हुआ है, यह फ्रांस की विविधता को तो समृद्ध करेगा ही, इससे भारत और फ्रांस के सांस्कृतिक संबंधों को भी ऊर्जा मिलेगी।

साथियों,

बीते वर्षों में भारत और फ्रांस के संबंध नई ऊंचाइयों तक पहुंचे हैं। मेरे मित्र, प्रेसिडेंट मैक्रों के साथ मिलकर दोनों देश एक Special Global Strategic Partnership बना रहे हैं। Technology, AI और Defence से लेकर Space और Climate Action तक हम एक नई गति और नई ऊर्जा के साथ मिलकर के आगे बढ़ रहे हैं। हम 2026 को India-France Year of Innovation के रूप में भी सेलिब्रेट कर रहे हैं। भारत-फ्रांस की ये Strategic Partnership इसलिए भी खास है, क्योंकि ये हमारे पुराने सांस्कृतिक-राजनैतिक सम्बन्धों की मजबूत बुनियाद पर टिकी है। इतिहास गवाह है, फ्रांस में भारतीय सैनिकों के बलिदान का इतिहास आज भी मन-मंदिर में जीवित है। भाषा से जुड़े विषयों में रुचि रखने वाले लोग यह भी जानते हैं कि फ्रेंच स्कॉलर्स ने संस्कृत को लोकप्रिय बनाने में कितनी अहम भूमिका निभाई है। रामकृष्ण परमहंस और स्वामी विवेकानंद पर रोमाँ रोलाँ की की लेखनी हमारी सोसाइटीज़ को और करीब लाई है। पेरिस से पुडुचेरी के अरबिंदो आश्रम तक 'The mother' की spiritual journey, उसने कितने ही भारतीय और फ्रेंच साधकों को inspire किया है।

साथियों,

दशकों पहले श्रील प्रभुपाद स्वामी भी फ्रांस आए थे। इस्कॉन के जरिए भारत फ्रांस के बीच आध्यात्मिक सम्बन्धों का नया अध्याय उन्होंने शुरू किया था। आज योग भी भारत-फ्रांस के people to people कनेक्ट का एक माध्यम बन चुका है। 'इंटरनेशनल योगा डे' पर एफिल टॉवर के सामने से आने वाली तस्वीरें फ्रांस में योग की लोकप्रियता का उदाहरण बनती हैं और अब BAPS के इस भव्य मंदिर के जरिए, हमारे उन सांस्कृतिक सम्बन्धों में एक नया अध्याय जुड़ रहा है।

साथियों,

इन दिनों, भारत फ्रांस Joint Ventures की संभावनाओं पर बातें होती हैं। स्वामीनारायण मंदिर ने इस संभावना में भी एक नया आयाम जोड़ा है। यह मंदिर 'मेड इन इंडिया' है और 'बिल्ट इन फ्रांस' है। इसके काफी पत्थरों को भारत में तराशा गया है। भारत की प्राचीन प्रतिभा यहाँ फ्रांस में आधुनिक इंजीनियरिंग से आकर जुड़ चुकी है। पेरिस में इस भव्य मंदिर ने आकार लिया है। इसलिए, मैं आशा करता हूँ, यह मंदिर सदियों तक भारत और फ्रांस के बीच सहयोग और संभावनाओं का भी प्रतीक बनकर उभरेगा।

साथियों,

स्वामीनारायण मंदिर हमेशा से भक्ति के साथ-साथ सेवा का माध्यम भी रहे हैं। मुझे बताया गया है, यह मंदिर भी सेवा प्रकल्पों का वैसा ही केंद्र बनेगा। मुझे विश्वास है कि यहाँ से भारतीय संस्कृति के जो स्वर निकलेंगे, उनका लाभ पूरे यूरोप में लोगों को मिलेगा। भविष्य में मुझे जब भी समय मिलेगा, मैं इस मंदिर में दर्शन करने का प्रयास अवश्य करूंगा। इन्हीं शब्दों के साथ, एक बार फिर आज के इस लोकार्पण समारोह में सम्मिलित सभी अतिथिगणों को, सभी परिवारों को, सभी हरि भक्तों को और पूरी Indian Diaspora को मेरी ओर से इस शुभारंभ पर्व की ढेरों शुभकामनाएं!

बहुत-बहुत धन्यवाद!

मर्सी बोकू!

जय स्वामीनारायण!