“NCC highlights the idea of Ek Bharat Shreshtha Bharat”
“75th Republic Day parade on Kartavya Path was dedicated to 'Nari Shakti'”
“The world is watching how India's 'Nari Shakti' are proving their mettle in every field”
“We have opened up opportunities for daughters in sectors where their entry was previously restricted or limited”
“Today, be it start-ups or self-help groups, women are leaving their mark in every field”
“When the country gives equal opportunity to the talent of sons and daughters, its talent pool becomes enormous”
"In the past 10 years, India's digital economy has become a new source of strength for our youth"
“Developed India will fulfill the dreams of our youth”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত এনচিচিৰ বাৰ্ষিক পি এম ৰেলীত ভাষণ আগবঢ়ায়। শ্ৰী মোদীয়ে সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠ কেডেট বঁটা প্ৰদান কৰে। ঝান্সীৰ পৰা দিল্লীলৈ এন চি চি গাৰ্লছ আৰু নাৰী শক্তি বন্দন ৰাণ (এনএছআৰভি)ৰ মেগা চাইক্লথনৰো শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰীয়ে৷

এই উপলক্ষে সমাৱেশত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে নিজে এজন প্ৰাক্তন এন চি চি কেডেট হিচাপে এন চি চি কেডেটৰ মাজত উপস্থিত থাকিলে স্মৃতিবোৰ স্বাভাৱিকতে মনত পৰে। “এনচিচিৰ কেডেটৰ মাজত উপস্থিত থকাটোৱে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাটোক উজ্জ্বল কৰি তোলে”, দেশৰ বিভিন্ন প্ৰান্তৰ কেডেটৰ উপস্থিতি পৰ্যবেক্ষণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়। এন চি চিৰ ক্ষেত্ৰখন অহৰহ বৃদ্ধি পোৱাত তেওঁ সুখ প্ৰকাশ কৰি আজিৰ এই অনুষ্ঠানটোৱে এক নতুন আৰম্ভণি বুলি কয়। ভাইব্ৰেণ্ট ভিলেজ আঁচনিৰ অধীনত চৰকাৰে উন্নয়ন কৰি থকা সীমান্তৱৰ্তী অঞ্চলৰ পৰা ৪০০ৰো অধিক গাঁৱৰ চৰপঞ্চ আৰু সমগ্ৰ দেশৰ আত্মসহায়ক গোটৰ শতাধিক মহিলাৰ উপস্থিতিৰ কথাও তেওঁ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই সমাৱেশে ‘এখন পৃথিৱী, এটা পৰিয়াল, এক ভৱিষ্যত’ৰ মনোভাৱক শক্তিশালী কৰি তুলিছে। তেওঁ কয় যে ২০১৪ চনত এই ৰেলীত ১০খন দেশৰ কেডেট আছিল, আজি এই সংখ্যা ২৪লৈ বৃদ্ধি পাইছে।

ঐতিহাসিক ৭৫সংখ্যক গণৰাজ্য দিৱস নাৰী শক্তিৰ বাবে উচৰ্গা কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতৰ কন্যা সন্তানসকলে জীৱনৰ প্ৰতিটো স্তৰতে অগ্ৰগতি প্ৰদৰ্শন কৰিছে। এই উপলক্ষে বঁটা প্ৰদান কৰা কেডেটসকলক তেওঁ প্ৰশংসা কৰে। বদোদৰা আৰু কাশীৰ চাইকেল গ্ৰুপক স্বীকাৰ কৰি দুয়ো ঠাইৰ পৰা সাংসদ হোৱাৰ কথা উল্লেখ কৰে।

সমাজত নাৰীৰ ভূমিকা সাংস্কৃতিক ব্যৱস্থা আৰু সংগঠনৰ মাজতে সীমাবদ্ধ হৈ থকা সময়ৰ কথা সোঁৱৰাই প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ কন্যাসকলে স্থল, সাগৰ, আকাশ বা মহাকাশ যিয়েই নহওক, প্ৰতিটো ক্ষেত্ৰতে নিজৰ যোগ্যতা প্ৰমাণ কৰা আজি বিশ্বই প্ৰত্যক্ষ কৰিছে। তেওঁ গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰা মহিলাসকলৰ দৃঢ়তাৰ ওপৰত আলোকপাত কৰি কয় যে এয়া একে নিশাতে লাভ কৰা সফলতা নহয় বৰঞ্চ বিগত ১০ বছৰৰ নিষ্ঠাবান প্ৰচেষ্টাৰ ফল। “ভাৰতীয় পৰম্পৰাত নাৰীক সদায় শক্তি হিচাপে গণ্য কৰা হৈছে”, ব্ৰিটিছক তচনচ কৰা ৰাণী লক্ষ্মী বাই, ৰাণী চেন্নম্মা আৰু ৰাণী ভেলু নাচিয়াৰৰ দৰে বীৰ যোদ্ধাৰ কথা উল্লেখ কৰি এইদৰে কয় প্ৰধানমন্ত্ৰী মোদীয়ে। বিগত ১০ বছৰত প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে দেশত নাৰী শক্তিৰ এই শক্তিক অহৰহ শক্তিশালী কৰি আহিছে। তেওঁ এসময়ত নিষিদ্ধ বা সীমিত খণ্ডত মহিলাৰ প্ৰৱেশৰ সকলো বাধা আঁতৰোৱাৰ কথা উল্লেখ কৰি তিনিওটা প্ৰতিৰক্ষা বাহিনীৰ সন্মুখৰ লাইন মুকলি কৰা, প্ৰতিৰক্ষাত মহিলাৰ বাবে স্থায়ী আয়োগ আৰু কমাণ্ডৰ ভূমিকা আৰু যুদ্ধৰ স্থান মুকলি কৰাৰ উদাহৰণ দাঙি ধৰে। “অগ্নিবীৰেই হওক বা যুঁজাৰু পাইলটেই হওক, মহিলাৰ অংশগ্ৰহণ সকলোত বৃদ্ধি পাইছে”, প্ৰধানমন্ত্ৰীয়ে কয়। সৈনিক বিদ্যালয়ত কন্যা ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি মুকলি কৰাৰ কথাও উল্লেখ কৰে। শ্ৰী মোদীয়ে জনায় যে বিগত ১০ বছৰত কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীত মহিলাৰ সংখ্যা দুগুণতকৈও অধিক বৃদ্ধি পাইছে, আনহাতে ৰাজ্যসমূহক ৰাজ্যৰ আৰক্ষী বাহিনীত অধিক মহিলাক নিযুক্তি দিবলৈ উৎসাহিত কৰা হৈছে।

সমাজৰ মানসিকতাৰ ওপৰত এই পদক্ষেপসমূহৰ প্ৰভাৱৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে অন্যান্য খণ্ডতো মহিলাৰ অংশগ্ৰহণ বৃদ্ধি পাইছে। তেওঁ গ্ৰামাঞ্চলত বেংকিং আৰু বীমা নিশ্চিত কৰাৰ ক্ষেত্ৰত বৃহৎ সংখ্যক মহিলা জড়িত থকাৰ কথা আঙুলিয়াই দিয়ে। “ষ্টাৰ্টআপ বা আত্মসহায়ক গোটৰ দৰে খণ্ডত কাহিনী একেই”, তেওঁ লগতে কয়।

 

তেওঁ কয় যে মহিলাৰ অংশগ্ৰহণৰ বাবে প্ৰতিভাৰ পুল বৃদ্ধি কৰাটো এটা বিকশিত ভাৰত গঢ়াৰ চিন স্বৰূপ। ভাৰতৰ পাছপ’ৰ্টৰ ক্ৰমৱৰ্ধমান শক্তিৰ কথা আঙুলিয়াই দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘গোটেই বিশ্বই ভাৰতৰ প্ৰতি “বিশ্ব মিত্ৰ” হিচাপে চাইছে। ‘ভাৰতৰ যুৱক-যুৱতীসকলৰ প্ৰতিভা আৰু দক্ষতাত বহু দেশে এক সুযোগ দেখিছে’।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে তেওঁৰ দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰি অহা ২৫ বছৰত দেশৰ ভৱিষ্যত গঢ় দিয়াত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকাত গুৰুত্ব আৰোপ কৰে। তত্বগধূৰ ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰে, "এয়া পৰিৱৰ্তনশীল যুগ৷ আগন্তুক ২৫ বছৰে কেৱল উন্নত ভাৰতৰ গঢ়াৰ সাক্ষী হোৱাই নহয়, মূলতঃ মোদীক নহয়, যুৱক-যুৱতীসকলকহে উপকৃত কৰিব।" ভাৰতৰ উন্নয়ন যাত্ৰাৰ প্ৰাথমিক হিতাধিকাৰী হিচাপে যুৱক-যুৱতীসকলক আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে, "এই যুগৰ আটাইতকৈ ডাঙৰ হিতাধিকাৰী হৈছে আপোনাৰ দৰে যুৱ ব্যক্তি।" তেওঁ নিৰন্তৰ কঠোৰ পৰিশ্ৰমৰ তাৎপৰ্য্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, "আপোনালোক সকলোৱে ধাৰাবাহিকভাৱে উৎকৃষ্টতাৰ বাবে চেষ্টা কৰাটো অতি প্ৰয়োজনীয়।"

বিগত দশকত বিভিন্ন খণ্ডত লাভ কৰা অগ্ৰগতিৰ বিষয়ে চিন্তা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে, “যোৱা ১০ বছৰত প্ৰতিটো খণ্ডতে বৃহৎ পৰিসৰত দক্ষতা বিকাশ, নিয়োগ আৰু উদ্যোগীকৰণৰ দিশত উল্লেখযোগ্য প্ৰচেষ্টা চলোৱা হৈছে।” ভাৰতৰ অগ্ৰগতি আগুৱাই নিয়াৰ ক্ষেত্ৰত সৰ্বাধিক প্ৰভাৱৰ বাবে যুৱক-যুৱতীসকলৰ প্ৰতিভা আৰু দক্ষতাক ব্যৱহাৰ কৰাত গুৰুত্ব আৰোপ কৰে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে দেশজুৰি হাজাৰ হাজাৰ বিদ্যালয়ক আধুনিকীকৰণৰ লক্ষ্যৰে পিএম শ্ৰীৰ অধীনত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু স্মাৰ্ট স্কুল অভিযানৰ দৰে পদক্ষেপৰ জৰিয়তে যুৱক-যুৱতীসকলক সবলীকৰণৰ বাবে চৰকাৰৰ দায়বদ্ধতাক আলোকপাত কৰে। তেওঁ বিগত দশকত পেছাদাৰী শিক্ষাৰ সৈতে জড়িত কলেজ, বিশ্ববিদ্যালয়, প্ৰতিষ্ঠানসমূহৰ অভূতপূৰ্ব বৃদ্ধিৰ কথাও উল্লেখ কৰে।

ভাৰতৰ শৈক্ষিক পৰিৱেশৰ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “যোৱা ১০ বছৰত ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ বিশ্ব ৰেংকিঙৰ যথেষ্ট উন্নতি হৈছে।” কেইবাখনো ৰাজ্যত নতুন আই আই টি আৰু এইমছ স্থাপনৰ সমান্তৰালকৈ চিকিৎসা মহাবিদ্যালয় আৰু আসনৰ সংখ্যা অভিলেখ বৃদ্ধিৰ কথাও উনুকিয়ায়৷

প্ৰধানমন্ত্ৰী মোদীয়ে গৱেষণাৰ প্ৰচেষ্টাক উন্নীত কৰিবলৈ নতুন আইন প্ৰৱৰ্তন কৰাৰ লগতে যুৱ প্ৰতিভাৰ বাবে প্ৰতিৰক্ষা, মহাকাশ আৰু মেপিঙৰ দৰে খণ্ড মুকলি কৰাৰ বাবে চৰকাৰৰ নিষ্ঠাক দৃঢ়তাৰে কয়। তেওঁ পুনৰ কয়, "এই সকলোবোৰ পদক্ষেপ আপোনালোকৰ সুবিধাৰ্থে, ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে গ্ৰহণ কৰা হৈছে।"

অৰ্থনৈতিক সবলীকৰণৰ দিশত গিয়েৰ সলনি কৰি প্ৰধানমন্ত্ৰী মোদীয়ে "মেক ইন ইণ্ডিয়া" আৰু "আত্মনিৰ্ভৰ ভাৰত" অভিযানৰ উল্লেখ কৰি ভাৰতৰ যুৱক-যুৱতীসকলৰ আকাংক্ষাৰ সৈতে ইয়াৰ মিলনত গুৰুত্ব আৰোপ কৰে। তেওঁ সজোৰে কয়, "এই অভিযানসমূহ আপোনাৰ দৰে যুৱ ব্যক্তিৰ বাবেও, নতুন নিয়োগৰ সুযোগ প্ৰদান কৰে।"

ভাৰতৰ ডিজিটেল বিপ্লৱৰ প্ৰমাণ হিচাপে প্ৰধানমন্ত্ৰী মোদীয়ে ডিজিটেল অৰ্থনীতিৰ উল্লেখযোগ্য বৃদ্ধি আৰু যুৱ প্ৰজন্মৰ ওপৰত ইয়াৰ গভীৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় "যোৱা ১০ বছৰত ভাৰতৰ ডিজিটেল অৰ্থনীতি আমাৰ যুৱক-যুৱতীসকলৰ বাবে এক নতুন শক্তিৰ উৎসত পৰিণত হৈছে।"

 

বিশ্বজুৰি ভাৰতৰ তৃতীয় বৃহত্তম ষ্টাৰ্টআপ ইক’চিষ্টেম হিচাপে আত্মপ্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে যুৱক-যুৱতীসকলৰ মাজত উদ্যোগীকৰণৰ মনোভাৱক প্ৰশংসা কৰি কয়, “আজি ভাৰতত ১.২৫ লাখৰো অধিক পঞ্জীয়নভুক্ত ষ্টাৰ্টআপ আৰু এশৰো অধিক ইউনিকৰ্ণ আছে।” প্ৰধানমন্ত্ৰীয়ে ভাৰতত মোবাইল উৎপাদন আৰু সুলভ মূল্যৰ তথ্য আৰু প্ৰতিখন গাঁৱলৈ অপটিকেল ফাইবাৰ সংযোগৰ বৃদ্ধিৰ কথাও উল্লেখ কৰে৷

ই-কমাৰ্চ, ই-শ্বপিং, হোম ডেলিভাৰী, অনলাইন শিক্ষা আৰু দূৰৱৰ্তী স্বাস্থ্যসেৱাৰ সম্প্ৰসাৰণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ডিজিটেল কণ্টেণ্ট সৃষ্টিৰ প্ৰসাৰ আৰু পাঁচটাতকৈও অধিক প্ৰতিষ্ঠা কৰা বুলি কয়৷ ডিজিটেল ইণ্ডিয়াই উপস্থাপন কৰা সুযোগসমূহৰ লাভ উঠাবলৈ যুৱক-যুৱতীসকলক আহ্বান জনায় লাখ লাখ কমন চাৰ্ভিচ চেণ্টাৰ গ্ৰামাঞ্চলত, অসংখ্য যুৱ ব্যক্তিক নিয়োগ কৰাৰ কথাও উনুকিয়ায় প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে ভৱিষ্যদৰ্শী নীতি নিৰ্ধাৰণ আৰু স্পষ্ট অগ্ৰাধিকাৰৰ ওপৰত আলোকপাত কৰে। সীমান্ত গাঁওখনক শেষ গাঁও বুলি কোৱাৰ মানসিকতাৰ পৰিৱৰ্তনৰ কথা ক’লে। এতিয়া এই গাঁওবোৰেই হৈছে ‘প্ৰথম গাঁও’ ‘ভাইব্ৰেণ্ট গাঁও’। অনাগত দিনত এই গাঁওসমূহ বৃহৎ পৰ্যটন কেন্দ্ৰলৈ পৰিণত হ’ব বুলিও তেওঁ কয়।

যুৱক-যুৱতীসকলক পোনপটীয়াকৈ সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁলোকৰ ভাৰতৰ ভৱিষ্যত গঢ় দিয়াৰ ক্ষমতাৰ ওপৰত আস্থা প্ৰকাশ কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰচেষ্টাত সক্ৰিয় অংশগ্ৰহণৰ আহ্বান জনায়। তেওঁ তেওঁলোকক "মাই ভাৰত সংস্থা"ত পঞ্জীয়ন কৰি এখন সমৃদ্ধিশালী ভাৰতৰ বিকাশৰ বাবে ধাৰণা অৱদান আগবঢ়াবলৈ আহ্বান জনায়।

 

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰী মোদীয়ে সকলো অংশগ্ৰহণকাৰীলৈ অভিনন্দন জ্ঞাপন কৰি ভৱিষ্যতৰ বাবে সফলতা কামনা কৰে। তেওঁ যুৱক-যুৱতীসকলৰ ওপৰত নিজৰ আস্থা পুনৰ দৃঢ় কৰি ঘোষণা কৰে যে "আপুনি এজন বিকশিত ভাৰতৰ স্থপতি।"

এই উপলক্ষে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং, এনচিচিৰ সঞ্চালক প্ৰধান, লেফটেনেণ্ট জেনেৰেল গুৰবীৰপাল সিং, কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী শ্ৰী অজয় ভাট, প্ৰতিৰক্ষা মুৰব্বী, লেফটেনেণ্ট জেনেৰেল অনিল চৌহান, সেনা মুৰব্বী, জেনেৰেল মনোজ পাণ্ডে, চিফ অফ এয়াৰ ষ্টাফ এয়াৰ চীফ মাৰ্শ্বাল ভি আৰ চৌধাৰী, চীফ অৱ নেভেল ষ্টাফ, এডমাইৰেল আৰ হৰি কুমাৰ আৰু প্ৰতিৰক্ষা সচিব শ্ৰী গিৰিধৰ আৰামনেকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

পটভূমি

এই অনুষ্ঠানত ‘অমৃত পীড়িৰ অৱদান আৰু সৱলীকৰণ’ক প্ৰদৰ্শন কৰা 'অমৃত কাল কী এনচিচি' শীৰ্ষক এক সাংস্কৃতিক কাৰ্যসূচী অন্তৰ্ভুক্ত থাকিব। ‘বসুধৈৱ কুটুম্বকম’ৰ প্ৰকৃত ভাৰতীয় চেতনাৰে উদ্বুদ্ধ ২,২০০তকৈয়ো অধিক ‘এনচিচি কেডেট’ৰ লগতে ২৪ খন দেশৰ যুৱ কেডেট এই বছৰৰ ৰেলীৰ অংশ হ'য়।

 

অনুষ্ঠানত বিশেষ অতিথি হিচাপে ‘ভাইব্ৰেণ্ট ভিলেজ’ৰ ৪০০ৰো অধিক ‘চৰপঞ্চ’ আৰু দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ‘আত্ম-সহায়ক গোট’ৰ ১০০ৰো অধিক মহিলাই ‘এনচিচি পিএম ৰেলী’ত অংশগ্ৰহণ কৰে৷

 

 

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian scientists break a century-old limit on turning heat into electricity

Media Coverage

Indian scientists break a century-old limit on turning heat into electricity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Italian PM Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history
September 04, 2026

Prime Minister Shri Narendra Modi today congratulated Italian Prime Minister Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history.

The Prime Minister stated that this milestone is a reflection of the trust and confidence of the Italian people in her leadership. He further noted that her friendship has been instrumental in strengthening the India-Italy Special Strategic Partnership, adding that he looks forward to continuing their close cooperation to build a prosperous future for the people of both countries. He extended his best wishes for her continued success in the years ahead.

In a post on X, the Prime Minister shared:

"Congratulations to my friend Prime Minister Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history. This milestone is a reflection of the trust and confidence of the Italian people in her leadership.

Her friendship has also been instrumental in strengthening the India-Italy Special Strategic
Partnership and I look forward to continuing our close cooperation to build a prosperous future for the people of our countries.

My best wishes for her continued success in the years ahead.

@GiorgiaMeloni"