আজি শিক্ষক দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী স্কুলছ ফৰ ৰাইজিং ইণ্ডিয়া (PM-SHRI) যোজনাৰ অধীনত দেশজুৰি ১৪,৫০০খন বিদ্যালয়ৰ উন্নয়ন আৰু উন্নীতকৰণৰ কথা ঘোষণা কৰিছে।

পি এম-এছ এইচ আৰ আই আঁচনিৰ বিদ্যালয়সমূহত শিক্ষা প্ৰদানৰ এক আধুনিক, পৰিৱৰ্তনশীল আৰু সামগ্ৰিক পদ্ধতি থাকিব। শ্ৰী মোদীয়ে কয় যে তেওঁ নিশ্চিত যে PM-SHRI বিদ্যালয়সমূহে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ মনোভাৱেৰে সমগ্ৰ ভাৰতৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীক আৰু অধিক উপকৃত কৰিব।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"আজি শিক্ষক দিৱসত মই এক নতুন পদক্ষেপ ঘোষণা কৰি আনন্দিত হৈছো। প্ৰধানমন্ত্ৰী স্কুল ফৰ ৰাইজিং ইণ্ডিয়া (PM-SHRI) যোজনাৰ অধীনত সমগ্ৰ ভাৰততে ১৪,৫০০ খন বিদ্যালয়ৰ উন্নয়ন আৰু উন্নীতকৰণ কৰা হ’ব। এইবোৰ আদৰ্শ বিদ্যালয় হৈ পৰিব যিয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ পূৰ্ণ মনোভাৱক সামৰি ল'ব।"

"প্ৰধানমন্ত্ৰী স্কুল ফৰ ৰাইজিং ইণ্ডিয়া(PM-SHRI)বিদ্যালয়সমূহত শিক্ষা প্ৰদানৰ এক আধুনিক, ৰূপান্তৰকাৰী আৰু সামগ্ৰিক পদ্ধতি থাকিব। ইয়াত আৱিষ্কাৰমুখী, শিক্ষণকেন্দ্ৰিক পাঠদান পদ্ধতিৰ ওপৰত গুৰুত্ব দিয়া হ'ব। শেহতীয়া প্ৰযুক্তি, স্মাৰ্ট শ্ৰেণীকোঠা, ক্ৰীড়া আদিকে ধৰি আধুনিক আন্তঃগাঁথনিৰ ওপৰতো গুৰুত্ব দিয়া হ'ব।"

"ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে শেহতীয়া বছৰবোৰত শিক্ষা খণ্ডক ৰূপান্তৰিত কৰিছে। মই নিশ্চিত যে প্ৰধানমন্ত্ৰী স্কুল ফৰ ৰাইজিং ইণ্ডিয়া(PM-SHRI)বিদ্যালয়সমূহেৰাষ্ট্ৰীয় শিক্ষা নীতিৰ মনোভাৱেৰে সমগ্ৰ ভাৰতৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীক অধিক উপকৃত কৰিব।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
The entrepreneurs building a self-reliant India

Media Coverage

The entrepreneurs building a self-reliant India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 জুলাই 2026
July 21, 2026

Self-Reliance Is No Longer a Slogan — It’s Happening Across Engines, UPI, Vaccines & FDI Under the Leadership of PM Modi